caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qalam القلم

৫২ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ২

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ نٓ وَٱلْقَلَمِ وَمَا يَسْطُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনূন;[1] কলমৰ শপত আৰু তেওঁলোকে (ফিৰিস্তাসকলে) যি লিখে তাৰ শপত!

See all translations of this verse →

مَآ أَنتَ بِنِعْمَةِ رَبِّكَ بِمَجْنُونٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি উন্মাদ নহয়।

See all translations of this verse →

وَإِنَّ لَكَ لَأَجْرًا غَيْرَ مَمْنُونٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তোমাৰ বাবে আছে নিৰৱচ্ছিন্ন পুৰস্কাৰ।

See all translations of this verse →

وَإِنَّكَ لَعَلَىٰ خُلُقٍ عَظِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তুমি মহান চৰিত্ৰৰ উচ্চ শৃঙ্গত অধিষ্ঠিত।

See all translations of this verse →

فَسَتُبْصِرُ وَيُبْصِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে অনতিপলমে তুমি দেখিবলৈ পাবা আৰু সিহঁতেও দেখিবলৈ পাব--

See all translations of this verse →

بِأَييِّكُمُ ٱلْمَفْتُونُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ মাজত কোন বিকাৰগ্ৰস্থ?

See all translations of this verse →

إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকে ভালকৈয়ে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু এই কথাও ভালকৈয়ে জানে কোনসকল লোক হিদায়তপ্ৰাপ্ত।

See all translations of this verse →

فَلَا تُطِعِ ٱلْمُكَذِّبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে তুমি মিথ্যাৰোপকাৰীসকলৰ আনুগত্য নকৰিবা।

See all translations of this verse →

وَدُّوا۟ لَوْ تُدْهِنُ فَيُدْهِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কামনা কৰে যে, তুমি আপোচকামী হোৱা, তেন্তে সিহঁতেও আপোচকামী হ'ব।

See all translations of this verse →

وَلَا تُطِعْ كُلَّ حَلَّافٍ مَّهِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি এনেকুৱা ব্যক্তিৰো আনুগত্য নকৰিবা যিয়ে অধিক শপত খায়, লাঞ্ছিত,

See all translations of this verse →

هَمَّازٍ مَّشَّآءٍۭ بِنَمِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপিঠিৰ আঁৰত নিন্দাকাৰী আৰু যিজনে চোগলখুৰী কৰি ফুৰে (ইজনৰ কথা সিজনক গাই ফুৰে),

See all translations of this verse →

مَّنَّاعٍ لِّلْخَيْرِ مُعْتَدٍ أَثِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকল্যাণৰ কামত বাধা প্ৰদানকাৰী, সীমালংঘনকাৰী, পাপিষ্ঠ,

See all translations of this verse →

عُتُلٍّۭ بَعْدَ ذَٰلِكَ زَنِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanদুষ্ট প্ৰকৃতিৰ, তদুপৰি কুখ্যাত;

See all translations of this verse →

أَن كَانَ ذَا مَالٍ وَبَنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএই কাৰণে যে, সি ধন-সম্পদ আৰু সন্তান-সন্ততিৰ ক্ষেত্ৰত সমৃদ্ধশালী।

See all translations of this verse →

إِذَا تُتْلَىٰ عَلَيْهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلْأَوَّلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱাত কৰা হয় তেতিয়া সি কয়, এইবোৰ হৈছে পূৰ্বৱৰ্তীসকলৰ কল্প-কাহিনী মাত্ৰ।

See all translations of this verse →

سَنَسِمُهُۥ عَلَى ٱلْخُرْطُومِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশীঘ্ৰেই আমি তাৰ শুঁৰত (নাকত) দাগ দিম।

See all translations of this verse →

إِنَّا بَلَوْنَٰهُمْ كَمَا بَلَوْنَآ أَصْحَٰبَ ٱلْجَنَّةِ إِذْ أَقْسَمُوا۟ لَيَصْرِمُنَّهَا مُصْبِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছোঁ, যেনেকৈ পৰীক্ষা কৰিছিলোঁ উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, পুৱাৰভাগতে সিহঁতে বাগানৰ ফল আহৰণ কৰিব।

See all translations of this verse →

وَلَا يَسْتَثْنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতে ‘ইন শ্বা আল্লাহ’ কোৱা নাছিল।

See all translations of this verse →

فَطَافَ عَلَيْهَا طَآئِفٌ مِّن رَّبِّكَ وَهُمْ نَآئِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা প্ৰদক্ষিণকাৰী (বিপৰ্যয়, জুয়ে) বাগানৰ ওপৰত প্ৰদক্ষিণ কৰিলে, সেই সময়ত সিহঁত আছিল টোপনিত।

See all translations of this verse →

فَأَصْبَحَتْ كَٱلصَّرِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত বাগানখন (পুৰি) ক’লাবৰ্ণৰ নিচিনা হৈ গ’ল।

See all translations of this verse →

فَتَنَادَوْا۟ مُصْبِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰাতিপুৱাই সিহঁতে ইজনে সিজনক মাতি ক’লে,

See all translations of this verse →

أَنِ ٱغْدُوا۟ عَلَىٰ حَرْثِكُمْ إِن كُنتُمْ صَٰرِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যদি তোমালোকে ফল আহৰণ কৰিব বিচৰা, তেনেহ’লে পুৱতি নিশাই বাগানলৈ বলা’।

See all translations of this verse →

فَٱنطَلَقُوا۟ وَهُمْ يَتَخَٰفَتُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে নিম্নস্বৰে কথা পাতি যাবলৈ ধৰিলে--

See all translations of this verse →

أَن لَّا يَدْخُلَنَّهَا ٱلْيَوْمَ عَلَيْكُم مِّسْكِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযে ‘আজি যাতে তাত তোমালোকৰ ওচৰলৈ কোনো দুখীয়া-অভাৱী প্ৰৱেশ কৰিব নোৱাৰে’।

See all translations of this verse →

وَغَدَوْا۟ عَلَىٰ حَرْدٍ قَٰدِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে (অভাৱীসকলক নিবৃত্ত কৰিবলৈ) সক্ষম বুলি ভাবি পুৱতি নিশাই দৃঢ় ইচ্ছা শক্তিৰে (বাগানলৈ) যাত্ৰা কৰিলে।

See all translations of this verse →

فَلَمَّا رَأَوْهَا قَالُوٓا۟ إِنَّا لَضَآلُّونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে যেতিয়া বাগানখন দেখিবলৈ পালে, তেতিয়া সিহঁতে ক’লে, ‘নিশ্চয় আমি পথ হেৰুৱাইছোঁ’।

See all translations of this verse →

بَلْ نَحْنُ مَحْرُومُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘বৰং আমি বঞ্চিত হৈছোঁ’।

See all translations of this verse →

قَالَ أَوْسَطُهُمْ أَلَمْ أَقُل لَّكُمْ لَوْلَا تُسَبِّحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিজনে ক’লে, ‘মই তোমালোকক কোৱা নাছিলোঁনে যে, তোমালোকে কিয় আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰা’?

See all translations of this verse →

قَالُوا۟ سُبْحَٰنَ رَبِّنَآ إِنَّا كُنَّا ظَٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘পৱিত্ৰ মহান আমাৰ প্ৰতিপালক। নিশ্চয় আমি যালিম আছিলোঁ’।

See all translations of this verse →

فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَلَٰوَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে ইজনে সিজনক দোষাৰোপ কৰিবলৈ ধৰিলে।

See all translations of this verse →

قَالُوا۟ يَٰوَيْلَنَآ إِنَّا كُنَّا طَٰغِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হায়, আমাৰ ধ্বংস! নিশ্চয় আমি সীমালংঘনকাৰী আছিলোঁ’।

See all translations of this verse →

عَسَىٰ رَبُّنَآ أَن يُبْدِلَنَا خَيْرًا مِّنْهَآ إِنَّآ إِلَىٰ رَبِّنَا رَٰغِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি আশা কৰোঁ আমাৰ প্ৰতিপালকে আমাক ইয়াতকৈও উৎকৃষ্ট বিনিময় প্ৰদান কৰিব। নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি আগ্ৰহী।

See all translations of this verse →

كَذَٰلِكَ ٱلْعَذَابُ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَكْبَرُ لَوْ كَانُوا۟ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰেই হয় শাস্তি, আৰু আখিৰাতৰ শাস্তি ইয়াতকৈও ডাঙৰ, যদি সিহঁতে জানিলেহেঁতেন।

See all translations of this verse →

إِنَّ لِلْمُتَّقِينَ عِندَ رَبِّهِمْ جَنَّٰتِ ٱلنَّعِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে নিয়ামতপূৰ্ণ জান্নাত।

See all translations of this verse →

أَفَنَجْعَلُ ٱلْمُسْلِمِينَ كَٱلْمُجْرِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি মুছলিম (অনুগত)সকলক অপৰাধীসকলৰ দৰে গণ্য কৰিম নেকি?

See all translations of this verse →

مَا لَكُمْ كَيْفَ تَحْكُمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ কি হৈছে, এইটো তোমালোকৰ কেনেকুৱা সিদ্ধান্ত?

See all translations of this verse →

أَمْ لَكُمْ كِتَٰبٌ فِيهِ تَدْرُسُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ ওচৰত কোনো গ্ৰন্থ আছে নেকি, যিখন তোমালোকে অধ্যয়ন কৰা--

See all translations of this verse →

إِنَّ لَكُمْ فِيهِ لَمَا تَخَيَّرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযে, তোমালোকৰ বাবে তাত এনেকুৱা বস্তু আছে যিবোৰ তোমালোকে পছন্দ কৰা?

See all translations of this verse →

أَمْ لَكُمْ أَيْمَٰنٌ عَلَيْنَا بَٰلِغَةٌ إِلَىٰ يَوْمِ ٱلْقِيَٰمَةِ إِنَّ لَكُمْ لَمَا تَحْكُمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা ক্বিয়ামত পৰ্যন্ত বলৱৎ হ'ব পৰাকৈ তোমালোকৰ সৈতে আমাৰ এনেকুৱা কোনো অঙ্গীকাৰ আছে নেকি যে, তোমালোকে নিজৰ বাবে যিটোৱে ফয়চালা কৰিবা সেইটোৱে পাবা?

See all translations of this verse →

سَلْهُمْ أَيُّهُم بِذَٰلِكَ زَعِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতক সোধা, সিহঁতৰ মাজত এই দাবীৰ দায়িত্বশীল কোন?

See all translations of this verse →

أَمْ لَهُمْ شُرَكَآءُ فَلْيَأْتُوا۟ بِشُرَكَآئِهِمْ إِن كَانُوا۟ صَٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা সিহঁতৰ বাবে (আল্লাহৰ লগত) বহুতো অংশীদাৰ আছে নেকি? আছে যদি তেন্তে সিহঁতে সিহঁতৰ অংশীদাৰসকলক উপস্থিত কৰক—যদি সিহঁত সত্যবাদী হয়।

See all translations of this verse →

يَوْمَ يُكْشَفُ عَن سَاقٍ وَيُدْعَوْنَ إِلَى ٱلسُّجُودِ فَلَا يَسْتَطِيعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(স্মৰণ কৰা) যিদিনা ভৰিৰ কলাফুলি উন্মোচিত কৰা হ’ব, সেইদিনা সিহঁতক মাতা হ’ব ছাজদাহ কৰিবলৈ, কিন্তু সিহঁত সক্ষম নহ’ব;

See all translations of this verse →

خَٰشِعَةً أَبْصَٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ وَقَدْ كَانُوا۟ يُدْعَوْنَ إِلَى ٱلسُّجُودِ وَهُمْ سَٰلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব অথচ যেতিয়া সিহঁত নিৰাপদ (সুস্থ) আছিল তেতিয়া সিহঁতক মাতা হৈছিল ছাজদা কৰিবলৈ (কিন্তু সিহঁতে ছাজদা কৰা নাছিল)।

See all translations of this verse →

فَذَرْنِى وَمَن يُكَذِّبُ بِهَٰذَا ٱلْحَدِيثِ سَنَسْتَدْرِجُهُم مِّنْ حَيْثُ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে মোক আৰু সিহঁতক এৰি দিয়া, যিসকলে এই বাণীক প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।

See all translations of this verse →

وَأُمْلِى لَهُمْ إِنَّ كَيْدِى مَتِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই সিহঁতক অৱকাশ দিওঁ। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।

See all translations of this verse →

أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ কাৰণে ভাৰাক্ৰান্ত হৈ পৰিছে?

See all translations of this verse →

أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতৰ ওচৰত গায়েবৰ জ্ঞান আছে, যিটো সিহঁতে লিখি ৰাখে!

See all translations of this verse →

فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُن كَصَاحِبِ ٱلْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে (অধৈৰ্য্য) নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত মিনতি কৰিছিল।

See all translations of this verse →

لَّوْلَآ أَن تَدَٰرَكَهُۥ نِعْمَةٌ مِّن رَّبِّهِۦ لَنُبِذَ بِٱلْعَرَآءِ وَهُوَ مَذْمُومٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লহেঁতেন।

See all translations of this verse →

فَٱجْتَبَٰهُ رَبُّهُۥ فَجَعَلَهُۥ مِنَ ٱلصَّٰلِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিলে।

See all translations of this verse →

وَإِن يَكَادُ ٱلَّذِينَ كَفَرُوا۟ لَيُزْلِقُونَكَ بِأَبْصَٰرِهِمْ لَمَّا سَمِعُوا۟ ٱلذِّكْرَ وَيَقُولُونَ إِنَّهُۥ لَمَجْنُونٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায়, যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ হৈছে এজন উন্মাদ’।

See all translations of this verse →

وَمَا هُوَ إِلَّا ذِكْرٌ لِّلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথচ এই কোৰআন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70