ঘৰ › ছুৰাসমূহ › ছুৰা Al-Haaqqa
ছুৰা Al-Haaqqa الحاقة
৫২ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৭৮
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ٱلْحَآقَّةُ
Assamese Translation - Rafiqul Islam Habibur-Rahman সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)
See all translations of this verse →
مَا ٱلْحَآقَّةُ
Assamese Translation - Rafiqul Islam Habibur-Rahman কি সেই অৱশ্যম্ভাৱী ঘটনা?
See all translations of this verse →
وَمَآ أَدْرَىٰكَ مَا ٱلْحَآقَّةُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?
See all translations of this verse →
كَذَّبَتْ ثَمُودُ وَعَادٌۢ بِٱلْقَارِعَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।
See all translations of this verse →
فَأَمَّا ثَمُودُ فَأُهْلِكُوا۟ بِٱلطَّاغِيَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahman সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।
See all translations of this verse →
وَأَمَّا عَادٌ فَأُهْلِكُوا۟ بِرِيحٍ صَرْصَرٍ عَاتِيَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,
See all translations of this verse →
سَخَّرَهَا عَلَيْهِمْ سَبْعَ لَيَالٍ وَثَمَٰنِيَةَ أَيَّامٍ حُسُومًا فَتَرَى ٱلْقَوْمَ فِيهَا صَرْعَىٰ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ خَاوِيَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।
See all translations of this verse →
فَهَلْ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?
See all translations of this verse →
وَجَآءَ فِرْعَوْنُ وَمَن قَبْلَهُۥ وَٱلْمُؤْتَفِكَٰتُ بِٱلْخَاطِئَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।
See all translations of this verse →
فَعَصَوْا۟ رَسُولَ رَبِّهِمْ فَأَخَذَهُمْ أَخْذَةً رَّابِيَةً
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।
See all translations of this verse →
إِنَّا لَمَّا طَغَا ٱلْمَآءُ حَمَلْنَٰكُمْ فِى ٱلْجَارِيَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।
See all translations of this verse →
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَتَعِيَهَآ أُذُنٌ وَٰعِيَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।
See all translations of this verse →
فَإِذَا نُفِخَ فِى ٱلصُّورِ نَفْخَةٌ وَٰحِدَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।
See all translations of this verse →
وَحُمِلَتِ ٱلْأَرْضُ وَٱلْجِبَالُ فَدُكَّتَا دَكَّةً وَٰحِدَةً
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।
See all translations of this verse →
فَيَوْمَئِذٍ وَقَعَتِ ٱلْوَاقِعَةُ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।
See all translations of this verse →
وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِىَ يَوْمَئِذٍ وَاهِيَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।
See all translations of this verse →
وَٱلْمَلَكُ عَلَىٰٓ أَرْجَآئِهَا وَيَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ يَوْمَئِذٍ ثَمَٰنِيَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।
See all translations of this verse →
يَوْمَئِذٍ تُعْرَضُونَ لَا تَخْفَىٰ مِنكُمْ خَافِيَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।
See all translations of this verse →
فَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقْرَءُوا۟ كِتَٰبِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।
See all translations of this verse →
إِنِّى ظَنَنتُ أَنِّى مُلَٰقٍ حِسَابِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।
See all translations of this verse →
فَهُوَ فِى عِيشَةٍ رَّاضِيَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ থাকিব সন্তোষজনক জীৱনত;
See all translations of this verse →
فِى جَنَّةٍ عَالِيَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman সুউচ্চ জান্নাতত,
See all translations of this verse →
قُطُوفُهَا دَانِيَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।
See all translations of this verse →
كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَآ أَسْلَفْتُمْ فِى ٱلْأَيَّامِ ٱلْخَالِيَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahman (কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।
See all translations of this verse →
وَأَمَّا مَنْ أُوتِىَ كِتَٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَٰلَيْتَنِى لَمْ أُوتَ كِتَٰبِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!
See all translations of this verse →
وَلَمْ أَدْرِ مَا حِسَابِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!
See all translations of this verse →
يَٰلَيْتَهَا كَانَتِ ٱلْقَاضِيَةَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!
See all translations of this verse →
مَآ أَغْنَىٰ عَنِّى مَالِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।
See all translations of this verse →
هَلَكَ عَنِّى سُلْطَٰنِيَهْ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।
See all translations of this verse →
خُذُوهُ فَغُلُّوهُ
Assamese Translation - Rafiqul Islam Habibur-Rahman (ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।
See all translations of this verse →
ثُمَّ ٱلْجَحِيمَ صَلُّوهُ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।
See all translations of this verse →
ثُمَّ فِى سِلْسِلَةٍ ذَرْعُهَا سَبْعُونَ ذِرَاعًا فَٱسْلُكُوهُ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।
See all translations of this verse →
إِنَّهُۥ كَانَ لَا يُؤْمِنُ بِٱللَّهِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,
See all translations of this verse →
وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।
See all translations of this verse →
فَلَيْسَ لَهُ ٱلْيَوْمَ هَٰهُنَا حَمِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।
See all translations of this verse →
وَلَا طَعَامٌ إِلَّا مِنْ غِسْلِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,
See all translations of this verse →
لَّا يَأْكُلُهُۥٓ إِلَّا ٱلْخَٰطِـُٔونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।
See all translations of this verse →
فَلَآ أُقْسِمُ بِمَا تُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,
See all translations of this verse →
وَمَا لَا تُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;
See all translations of this verse →
إِنَّهُۥ لَقَوْلُ رَسُولٍ كَرِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।
See all translations of this verse →
وَمَا هُوَ بِقَوْلِ شَاعِرٍ قَلِيلًا مَّا تُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
See all translations of this verse →
وَلَا بِقَوْلِ كَاهِنٍ قَلِيلًا مَّا تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
See all translations of this verse →
تَنزِيلٌ مِّن رَّبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
See all translations of this verse →
وَلَوْ تَقَوَّلَ عَلَيْنَا بَعْضَ ٱلْأَقَاوِيلِ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,
See all translations of this verse →
لَأَخَذْنَا مِنْهُ بِٱلْيَمِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,
See all translations of this verse →
ثُمَّ لَقَطَعْنَا مِنْهُ ٱلْوَتِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,
See all translations of this verse →
فَمَا مِنكُم مِّنْ أَحَدٍ عَنْهُ حَٰجِزِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।
See all translations of this verse →
وَإِنَّهُۥ لَتَذْكِرَةٌ لِّلْمُتَّقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।
See all translations of this verse →
وَإِنَّا لَنَعْلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।
See all translations of this verse →
وَإِنَّهُۥ لَحَسْرَةٌ عَلَى ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।
See all translations of this verse →
وَإِنَّهُۥ لَحَقُّ ٱلْيَقِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।
See all translations of this verse →
فَسَبِّحْ بِٱسْمِ رَبِّكَ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
See all translations of this verse →
← ছুৰা Al-Qalam
ছুৰা Al-Ma'aarij →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.