ছুৰা As-Saaffaat الصافات
১৮২ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৫৬
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلصَّٰٓفَّٰتِ صَفًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,
See all translations of this verse →
فَٱلزَّٰجِرَٰتِ زَجْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ,
See all translations of this verse →
فَٱلتَّٰلِيَٰتِ ذِكْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ,
See all translations of this verse →
إِنَّ إِلَٰهَكُمْ لَوَٰحِدٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকৰ ইলাহ হৈছে এজন,
See all translations of this verse →
رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَٰرِقِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক।
See all translations of this verse →
إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِزِينَةٍ ٱلْكَوَاكِبِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ,
See all translations of this verse →
وَحِفْظًا مِّن كُلِّ شَيْطَٰنٍ مَّارِدٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (ইয়াক) ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।
See all translations of this verse →
لَّا يَسَّمَّعُونَ إِلَى ٱلْمَلَإِ ٱلْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),
See all translations of this verse →
دُحُورًا وَلَهُمْ عَذَابٌ وَاصِبٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।
See all translations of this verse →
إِلَّا مَنْ خَطِفَ ٱلْخَطْفَةَ فَأَتْبَعَهُۥ شِهَابٌ ثَاقِبٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোঁচা লয়।
See all translations of this verse →
فَٱسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَآ إِنَّا خَلَقْنَٰهُم مِّن طِينٍ لَّازِبٍۭ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতক (অবিশ্বাসীসকলক) সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ।
See all translations of this verse →
بَلْ عَجِبْتَ وَيَسْخَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং তুমি বিস্ময়বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।
See all translations of this verse →
وَإِذَا ذُكِّرُوا۟ لَا يَذْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।
See all translations of this verse →
وَإِذَا رَأَوْا۟ ءَايَةً يَسْتَسْخِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।
See all translations of this verse →
وَقَالُوٓا۟ إِنْ هَٰذَآ إِلَّا سِحْرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।
See all translations of this verse →
أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَٰمًا أَءِنَّا لَمَبْعُوثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?
See all translations of this verse →
أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
See all translations of this verse →
قُلْ نَعَمْ وَأَنتُمْ دَٰخِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’।
See all translations of this verse →
فَإِنَّمَا هِىَ زَجْرَةٌ وَٰحِدَةٌ فَإِذَا هُمْ يَنظُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সেয়া হ’ব কেৱল এটা প্ৰচণ্ড ধমক, ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।
See all translations of this verse →
وَقَالُوا۟ يَٰوَيْلَنَا هَٰذَا يَوْمُ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটোৱে দেখোন প্ৰতিদান দিৱস’।
See all translations of this verse →
هَٰذَا يَوْمُ ٱلْفَصْلِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(সিহঁতক কোৱা হ’ব) এইটোৱেই হৈছে ফয়চালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা।
See all translations of this verse →
ٱحْشُرُوا۟ ٱلَّذِينَ ظَلَمُوا۟ وَأَزْوَٰجَهُمْ وَمَا كَانُوا۟ يَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইসকলকো যিসকলৰ সিহঁতে ইবাদত কৰিছিল,
See all translations of this verse →
مِن دُونِ ٱللَّهِ فَٱهْدُوهُمْ إِلَىٰ صِرَٰطِ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,
See all translations of this verse →
وَقِفُوهُمْ إِنَّهُم مَّسْـُٔولُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।
See all translations of this verse →
مَا لَكُمْ لَا تَنَاصَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘কি হ’ল তোমালোকৰ, তোমালোকে ইজনে সিজনক (এতিয়া) সহায় নকৰা কিয়’?
See all translations of this verse →
بَلْ هُمُ ٱلْيَوْمَ مُسْتَسْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে।
See all translations of this verse →
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব,
See all translations of this verse →
قَالُوٓا۟ إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ ٱلْيَمِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’ব, ‘নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।
See all translations of this verse →
قَالُوا۟ بَل لَّمْ تَكُونُوا۟ مُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,
See all translations of this verse →
وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَٰنٍۭ بَلْ كُنتُمْ قَوْمًا طَٰغِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।
See all translations of this verse →
فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَآ إِنَّا لَذَآئِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে, গতিকে নিশ্চিতভাৱে আমি শাস্তি আস্বাদন কৰিব লাগিব।
See all translations of this verse →
فَأَغْوَيْنَٰكُمْ إِنَّا كُنَّا غَٰوِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেই বিভ্ৰান্ত আছিলোঁ’।
See all translations of this verse →
فَإِنَّهُمْ يَوْمَئِذٍ فِى ٱلْعَذَابِ مُشْتَرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে নিশ্চয় সেইদিনা সিহঁত আটায়ে শাস্তিত অংশীদাৰ হ’ব।
See all translations of this verse →
إِنَّا كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ।
See all translations of this verse →
إِنَّهُمْ كَانُوٓا۟ إِذَا قِيلَ لَهُمْ لَآ إِلَٰهَ إِلَّا ٱللَّهُ يَسْتَكْبِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।
See all translations of this verse →
وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓا۟ ءَالِهَتِنَا لِشَاعِرٍ مَّجْنُونٍۭ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?
See all translations of this verse →
بَلْ جَآءَ بِٱلْحَقِّ وَصَدَّقَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে।
See all translations of this verse →
إِنَّكُمْ لَذَآئِقُوا۟ ٱلْعَذَابِ ٱلْأَلِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা,
See all translations of this verse →
وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা,
See all translations of this verse →
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।
See all translations of this verse →
أُو۟لَٰٓئِكَ لَهُمْ رِزْقٌ مَّعْلُومٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),
See all translations of this verse →
فَوَٰكِهُ وَهُم مُّكْرَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত,
See all translations of this verse →
فِى جَنَّٰتِ ٱلنَّعِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(তেওঁলোকে বসবাস কৰিব) নিয়ামতেৰে ভৰা জান্নাতত,
See all translations of this verse →
عَلَىٰ سُرُرٍ مُّتَقَٰبِلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে মুখামুখি হৈ আসনত বহিব।
See all translations of this verse →
يُطَافُ عَلَيْهِم بِكَأْسٍ مِّن مَّعِينٍۭ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,
See all translations of this verse →
بَيْضَآءَ لَذَّةٍ لِّلشَّٰرِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশুভ্ৰ উজ্জ্বল, যিবোৰ পানকাৰীসকলৰ বাবে হ’ব সোৱাদপূৰ্ণ।
See all translations of this verse →
لَا فِيهَا غَوْلٌ وَلَا هُمْ عَنْهَا يُنزَفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা মাতোৱালো (নিচাগ্ৰস্তও) নহ’ব।
See all translations of this verse →
وَعِندَهُمْ قَٰصِرَٰتُ ٱلطَّرْفِ عِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ লগত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।
See all translations of this verse →
كَأَنَّهُنَّ بَيْضٌ مَّكْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোক যেনিবা আচ্ছাদিত কণী।
See all translations of this verse →
فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব।
See all translations of this verse →
قَالَ قَآئِلٌ مِّنْهُمْ إِنِّى كَانَ لِى قَرِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ মাজৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,
See all translations of this verse →
يَقُولُ أَءِنَّكَ لَمِنَ ٱلْمُصَدِّقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,
See all translations of this verse →
أَءِذَا مِتْنَا وَكُنَّا تُرَابًا وَعِظَٰمًا أَءِنَّا لَمَدِينُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?
See all translations of this verse →
قَالَ هَلْ أَنتُم مُّطَّلِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?
See all translations of this verse →
فَٱطَّلَعَ فَرَءَاهُ فِى سَوَآءِ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;
See all translations of this verse →
قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرْدِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা,
See all translations of this verse →
وَلَوْلَا نِعْمَةُ رَبِّى لَكُنتُ مِنَ ٱلْمُحْضَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে, ময়ো দেখোন (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন।
See all translations of this verse →
أَفَمَا نَحْنُ بِمَيِّتِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(যিকে নহওক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,
See all translations of this verse →
إِلَّا مَوْتَتَنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’
See all translations of this verse →
إِنَّ هَٰذَا لَهُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় এইটোৱেই হৈছে সেই মহা সফলতা।
See all translations of this verse →
لِمِثْلِ هَٰذَا فَلْيَعْمَلِ ٱلْعَٰمِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত,
See all translations of this verse →
أَذَٰلِكَ خَيْرٌ نُّزُلًا أَمْ شَجَرَةُ ٱلزَّقُّومِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?
See all translations of this verse →
إِنَّا جَعَلْنَٰهَا فِتْنَةً لِّلظَّٰلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ,
See all translations of this verse →
إِنَّهَا شَجَرَةٌ تَخْرُجُ فِىٓ أَصْلِ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএই গছজোপা উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,
See all translations of this verse →
طَلْعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَٰطِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,
See all translations of this verse →
فَإِنَّهُمْ لَـَٔاكِلُونَ مِنْهَا فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব।
See all translations of this verse →
ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًا مِّنْ حَمِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।
See all translations of this verse →
ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।
See all translations of this verse →
إِنَّهُمْ أَلْفَوْا۟ ءَابَآءَهُمْ ضَآلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পথভ্ৰষ্ট পাইছিল,
See all translations of this verse →
فَهُمْ عَلَىٰٓ ءَاثَٰرِهِمْ يُهْرَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল।
See all translations of this verse →
وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,
See all translations of this verse →
وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ।
See all translations of this verse →
فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُنذَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!
See all translations of this verse →
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।
See all translations of this verse →
وَلَقَدْ نَادَىٰنَا نُوحٌ فَلَنِعْمَ ٱلْمُجِيبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ!
See all translations of this verse →
وَنَجَّيْنَٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
See all translations of this verse →
وَجَعَلْنَا ذُرِّيَّتَهُۥ هُمُ ٱلْبَاقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁৰ বংশধৰসকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ,
See all translations of this verse →
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
See all translations of this verse →
سَلَٰمٌ عَلَىٰ نُوحٍ فِى ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক।
See all translations of this verse →
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।
See all translations of this verse →
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
See all translations of this verse →
ثُمَّ أَغْرَقْنَا ٱلْـَٔاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত ডুবাই মাৰিছিলোঁ আনটো দলক।
See all translations of this verse →
وَإِنَّ مِن شِيعَتِهِۦ لَإِبْرَٰهِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় ইব্ৰাহীমো আছিল তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত।
See all translations of this verse →
إِذْ جَآءَ رَبَّهُۥ بِقَلْبٍ سَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,
See all translations of this verse →
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَاذَا تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰি আছা?
See all translations of this verse →
أَئِفْكًا ءَالِهَةً دُونَ ٱللَّهِ تُرِيدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?
See all translations of this verse →
فَمَا ظَنُّكُم بِرَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?
See all translations of this verse →
فَنَظَرَ نَظْرَةً فِى ٱلنُّجُومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে।
See all translations of this verse →
فَقَالَ إِنِّى سَقِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।
See all translations of this verse →
فَتَوَلَّوْا۟ عَنْهُ مُدْبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ’ল।
See all translations of this verse →
فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?
See all translations of this verse →
مَا لَكُمْ لَا تَنطِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?
See all translations of this verse →
فَرَاغَ عَلَيْهِمْ ضَرْبًۢا بِٱلْيَمِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।
See all translations of this verse →
فَأَقْبَلُوٓا۟ إِلَيْهِ يَزِفُّونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইপিনে মানুহে (ঘৰলৈ ঘূৰি আহি) তেওঁৰ ফালে ঢাপলি মেলিলে।
See all translations of this verse →
قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?
See all translations of this verse →
وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’।
See all translations of this verse →
قَالُوا۟ ٱبْنُوا۟ لَهُۥ بُنْيَٰنًا فَأَلْقُوهُ فِى ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।
See all translations of this verse →
فَأَرَادُوا۟ بِهِۦ كَيْدًا فَجَعَلْنَٰهُمُ ٱلْأَسْفَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ।
See all translations of this verse →
وَقَالَ إِنِّى ذَاهِبٌ إِلَىٰ رَبِّى سَيَهْدِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,
See all translations of this verse →
رَبِّ هَبْ لِى مِنَ ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।
See all translations of this verse →
فَبَشَّرْنَٰهُ بِغُلَٰمٍ حَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ।
See all translations of this verse →
فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعْىَ قَالَ يَٰبُنَىَّ إِنِّىٓ أَرَىٰ فِى ٱلْمَنَامِ أَنِّىٓ أَذْبَحُكَ فَٱنظُرْ مَاذَا تَرَىٰ قَالَ يَٰٓأَبَتِ ٱفْعَلْ مَا تُؤْمَرُ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক জবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্য্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’।
See all translations of this verse →
فَلَمَّآ أَسْلَمَا وَتَلَّهُۥ لِلْجَبِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,
See all translations of this verse →
وَنَٰدَيْنَٰهُ أَن يَٰٓإِبْرَٰهِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া আমি তেওঁক মাতি ক’লোঁ, ‘হে ইব্ৰাহীম!
See all translations of this verse →
قَدْ صَدَّقْتَ ٱلرُّءْيَآ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’।
See all translations of this verse →
إِنَّ هَٰذَا لَهُوَ ٱلْبَلَٰٓؤُا۟ ٱلْمُبِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।
See all translations of this verse →
وَفَدَيْنَٰهُ بِذِبْحٍ عَظِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত।
See all translations of this verse →
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
See all translations of this verse →
سَلَٰمٌ عَلَىٰٓ إِبْرَٰهِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশান্তি বৰ্ষিত হওক ইব্ৰাহীমৰ ওপৰত।
See all translations of this verse →
كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ।
See all translations of this verse →
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
See all translations of this verse →
وَبَشَّرْنَٰهُ بِإِسْحَٰقَ نَبِيًّا مِّنَ ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।
See all translations of this verse →
وَبَٰرَكْنَا عَلَيْهِ وَعَلَىٰٓ إِسْحَٰقَ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌ وَظَالِمٌ لِّنَفْسِهِۦ مُبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।
See all translations of this verse →
وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَٰرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি,
See all translations of this verse →
وَنَجَّيْنَٰهُمَا وَقَوْمَهُمَا مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা।
See all translations of this verse →
وَنَصَرْنَٰهُمْ فَكَانُوا۟ هُمُ ٱلْغَٰلِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল।
See all translations of this verse →
وَءَاتَيْنَٰهُمَا ٱلْكِتَٰبَ ٱلْمُسْتَبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ।
See all translations of this verse →
وَهَدَيْنَٰهُمَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত।
See all translations of this verse →
وَتَرَكْنَا عَلَيْهِمَا فِى ٱلْـَٔاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ।
See all translations of this verse →
سَلَٰمٌ عَلَىٰ مُوسَىٰ وَهَٰرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)।
See all translations of this verse →
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।
See all translations of this verse →
إِنَّهُمَا مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
وَإِنَّ إِلْيَاسَ لَمِنَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
إِذْ قَالَ لِقَوْمِهِۦٓ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
See all translations of this verse →
أَتَدْعُونَ بَعْلًا وَتَذَرُونَ أَحْسَنَ ٱلْخَٰلِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,
See all translations of this verse →
ٱللَّهَ رَبَّكُمْ وَرَبَّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক’।
See all translations of this verse →
فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব।
See all translations of this verse →
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।
See all translations of this verse →
وَتَرَكْنَا عَلَيْهِ فِى ٱلْـَٔاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।
See all translations of this verse →
سَلَٰمٌ عَلَىٰٓ إِلْ يَاسِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত।
See all translations of this verse →
إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দিওঁ।
See all translations of this verse →
إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।
See all translations of this verse →
وَإِنَّ لُوطًا لَّمِنَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
إِذْ نَجَّيْنَٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ,
See all translations of this verse →
إِلَّا عَجُوزًا فِى ٱلْغَٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
ثُمَّ دَمَّرْنَا ٱلْـَٔاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিছিলোঁ।
See all translations of this verse →
وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,
See all translations of this verse →
وَبِٱلَّيْلِ أَفَلَا تَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?
See all translations of this verse →
وَإِنَّ يُونُسَ لَمِنَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
إِذْ أَبَقَ إِلَى ٱلْفُلْكِ ٱلْمَشْحُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া তেওঁ ভৰা নৌযানৰ পিনে পলাই গৈছিল,
See all translations of this verse →
فَسَاهَمَ فَكَانَ مِنَ ٱلْمُدْحَضِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিছিল আৰু পৰাভূতসকলৰ অন্তৰ্ভুক্ত হৈছিল।
See all translations of this verse →
فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।
See all translations of this verse →
فَلَوْلَآ أَنَّهُۥ كَانَ مِنَ ٱلْمُسَبِّحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন,
See all translations of this verse →
لَلَبِثَ فِى بَطْنِهِۦٓ إِلَىٰ يَوْمِ يُبْعَثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে তেওঁ পুনৰুত্থান দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন।
See all translations of this verse →
فَنَبَذْنَٰهُ بِٱلْعَرَآءِ وَهُوَ سَقِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰতটত, আৰু তেওঁ আছিল অসুস্থ।
See all translations of this verse →
وَأَنۢبَتْنَا عَلَيْهِ شَجَرَةً مِّن يَقْطِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি (তেওঁক ছাঁ দিবলৈ) তেওঁৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ,
See all translations of this verse →
وَأَرْسَلْنَٰهُ إِلَىٰ مِا۟ئَةِ أَلْفٍ أَوْ يَزِيدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।
See all translations of this verse →
فَـَٔامَنُوا۟ فَمَتَّعْنَٰهُمْ إِلَىٰ حِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিছিলোঁ।
See all translations of this verse →
فَٱسْتَفْتِهِمْ أَلِرَبِّكَ ٱلْبَنَاتُ وَلَهُمُ ٱلْبَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি’?
See all translations of this verse →
أَمْ خَلَقْنَا ٱلْمَلَٰٓئِكَةَ إِنَٰثًا وَهُمْ شَٰهِدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি, সেয়া সিহঁতে দেখিছিলনে?
See all translations of this verse →
أَلَآ إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanজানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,
See all translations of this verse →
وَلَدَ ٱللَّهُ وَإِنَّهُمْ لَكَٰذِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।
See all translations of this verse →
أَصْطَفَى ٱلْبَنَاتِ عَلَى ٱلْبَنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?
See all translations of this verse →
مَا لَكُمْ كَيْفَ تَحْكُمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?
See all translations of this verse →
أَفَلَا تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
See all translations of this verse →
أَمْ لَكُمْ سُلْطَٰنٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে নেকি?
See all translations of this verse →
فَأْتُوا۟ بِكِتَٰبِكُمْ إِن كُنتُمْ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাব লৈ আহা।
See all translations of this verse →
وَجَعَلُوا۟ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًا وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।
See all translations of this verse →
سُبْحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,
See all translations of this verse →
إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।
See all translations of this verse →
فَإِنَّكُمْ وَمَا تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,
See all translations of this verse →
مَآ أَنتُمْ عَلَيْهِ بِفَٰتِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,
See all translations of this verse →
إِلَّا مَنْ هُوَ صَالِ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত ।
See all translations of this verse →
وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٌ مَّعْلُومٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (জিব্ৰীলে ক’ব) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,
See all translations of this verse →
وَإِنَّا لَنَحْنُ ٱلصَّآفُّونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,
See all translations of this verse →
وَإِنَّا لَنَحْنُ ٱلْمُسَبِّحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী,
See all translations of this verse →
وَإِن كَانُوا۟ لَيَقُولُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় সিহঁতে (মক্কাবাসীবিলাকে) কৈছিল,
See all translations of this verse →
لَوْ أَنَّ عِندَنَا ذِكْرًا مِّنَ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন,
See all translations of this verse →
لَكُنَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোঁহেঁতেন’।
See all translations of this verse →
فَكَفَرُوا۟ بِهِۦ فَسَوْفَ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।
See all translations of this verse →
وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,
See all translations of this verse →
إِنَّهُمْ لَهُمُ ٱلْمَنصُورُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।
See all translations of this verse →
وَإِنَّ جُندَنَا لَهُمُ ٱلْغَٰلِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমাৰ সেনাবাহিনীয়েই বিজয়ী হ’ব।
See all translations of this verse →
فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা।
See all translations of this verse →
وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।
See all translations of this verse →
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?
See all translations of this verse →
فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!
See all translations of this verse →
وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা।
See all translations of this verse →
وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।
See all translations of this verse →
سُبْحَٰنَ رَبِّكَ رَبِّ ٱلْعِزَّةِ عَمَّا يَصِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ প্ৰতিপালক পৱিত্ৰ আৰু মহান, তেৱেঁই সকলো ক্ষমতাৰ অধিকাৰী।
See all translations of this verse →
وَسَلَٰمٌ عَلَى ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি।
See all translations of this verse →
وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→