caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Saad ص

৮৮ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৩৮

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ صٓ وَٱلْقُرْءَانِ ذِى ٱلذِّكْرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanচ’দ,[1] শপত উপদেশপূৰ্ণ কোৰআনৰ (নিশ্চয় তুমি সত্যবাদী)!

See all translations of this verse →

بَلِ ٱلَّذِينَ كَفَرُوا۟ فِى عِزَّةٍ وَشِقَاقٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু কাফিৰসকল ঔদ্ধত্য আৰু বিৰোধিতাতহে নিপতিত হৈ আছে।

See all translations of this verse →

كَمْ أَهْلَكْنَا مِن قَبْلِهِم مِّن قَرْنٍ فَنَادَوا۟ وَّلَاتَ حِينَ مَنَاصٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতৰ পূৰ্বে আমি বহুতো জনগোষ্ঠীক ধ্বংস কৰিছোঁ, তেতিয়া সিহঁতে (সহায় বিচাৰি) চিঞৰিছিল। কিন্তু তেতিয়া পৰিত্ৰাণৰ কোনো সময় নাছিল।

See all translations of this verse →

وَعَجِبُوٓا۟ أَن جَآءَهُم مُّنذِرٌ مِّنْهُمْ وَقَالَ ٱلْكَٰفِرُونَ هَٰذَا سَٰحِرٌ كَذَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে বিস্ময় বোধ কৰিছে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী আহিছে আৰু কাফিৰসকলে কয়, ‘এওঁ এজন যাদুকৰ, মিছলীয়া’।

See all translations of this verse →

أَجَعَلَ ٱلْـَٔالِهَةَ إِلَٰهًا وَٰحِدًا إِنَّ هَٰذَا لَشَىْءٌ عُجَابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এওঁ সকলো ইলাহক এৰি কেৱল এজন ইলাহ বনাই লৈছে নেকি? নিশ্চয় এইটো এটা অতি আশ্চৰ্যকৰ বিষয়!’

See all translations of this verse →

وَٱنطَلَقَ ٱلْمَلَأُ مِنْهُمْ أَنِ ٱمْشُوا۟ وَٱصْبِرُوا۟ عَلَىٰٓ ءَالِهَتِكُمْ إِنَّ هَٰذَا لَشَىْءٌ يُرَادُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ’ল যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়’।

See all translations of this verse →

مَا سَمِعْنَا بِهَٰذَا فِى ٱلْمِلَّةِ ٱلْـَٔاخِرَةِ إِنْ هَٰذَآ إِلَّا ٱخْتِلَٰقٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি শেহতীয়া ধৰ্মাদৰ্শত এনেকুৱা কথা কেতিয়াও শুনা নাই, নিশ্চয় এইটো মনেসজা উক্তিৰ বাহিৰে আন একো নহয়।

See all translations of this verse →

أَءُنزِلَ عَلَيْهِ ٱلذِّكْرُ مِنۢ بَيْنِنَا بَلْ هُمْ فِى شَكٍّ مِّن ذِكْرِى بَل لَّمَّا يَذُوقُوا۟ عَذَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘(আমি ইমান লোক থাকোঁতে) আমাৰ মাজৰ পৰা কেৱল তেওঁৰ ওপৰতহে যিকৰ (কোৰআন) অৱতীৰ্ণ কৰা হ’ল নেকি’? প্ৰকৃততে সিহঁতে আমাৰ কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে। বৰং সিহঁতে এতিয়াও মোৰ শাস্তি ভোগ কৰা নাই।

See all translations of this verse →

أَمْ عِندَهُمْ خَزَآئِنُ رَحْمَةِ رَبِّكَ ٱلْعَزِيزِ ٱلْوَهَّابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ ভাণ্ডাৰ আছে নেকি? যিজন মহাপৰাক্ৰমশালী, অসীম দাতা।

See all translations of this verse →

أَمْ لَهُم مُّلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَلْيَرْتَقُوا۟ فِى ٱلْأَسْبَٰبِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুবোৰৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!

See all translations of this verse →

جُندٌ مَّا هُنَالِكَ مَهْزُومٌ مِّنَ ٱلْأَحْزَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো হৈছে এটা (সৰু) সেনাদল, নিশ্চয় ইহঁত পৰাজিত হ’ব, পূৰ্বৱৰ্তী (ডাঙৰ) দলসমূহৰ দৰে।

See all translations of this verse →

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو ٱلْأَوْتَادِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনেও,

See all translations of this verse →

وَثَمُودُ وَقَوْمُ لُوطٍ وَأَصْحَٰبُ لْـَٔيْكَةِ أُو۟لَٰٓئِكَ ٱلْأَحْزَابُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ছামূদ, লগতে লূত সম্প্ৰদায় আৰু আইকাৰ অধিবাসীবিলাকেও (অস্বীকাৰ কৰিছিল)। সিহঁত আছিল একো একোটা বিশাল বাহিনী।

See all translations of this verse →

إِن كُلٌّ إِلَّا كَذَّبَ ٱلرُّسُلَ فَحَقَّ عِقَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আমাৰ শাস্তি বাস্তৱায়িত হৈছিল।

See all translations of this verse →

وَمَا يَنظُرُ هَٰٓؤُلَآءِ إِلَّا صَيْحَةً وَٰحِدَةً مَّا لَهَا مِن فَوَاقٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইহঁতে কেৱল এটা বিকট শব্দৰ অপেক্ষা কৰি আছে, যাৰ পিছত কোনো বিৰাম নাথাকিব।

See all translations of this verse →

وَقَالُوا۟ رَبَّنَا عَجِّل لَّنَا قِطَّنَا قَبْلَ يَوْمِ ٱلْحِسَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! হিচাপ দিৱসৰ পূৰ্বেই আমাৰ প্ৰাপ্য আমাক শীঘ্ৰেই প্ৰদান কৰা!’

See all translations of this verse →

ٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱذْكُرْ عَبْدَنَا دَاوُۥدَ ذَا ٱلْأَيْدِ إِنَّهُۥٓ أَوَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা আৰু স্মৰণ কৰা আমাৰ শক্তিশালী বান্দা দাউদৰ কথা, নিশ্চয় তেওঁ আছিল অধিক আল্লাহ অভিমুখী (তাওবাকাৰী)।

See all translations of this verse →

إِنَّا سَخَّرْنَا ٱلْجِبَالَ مَعَهُۥ يُسَبِّحْنَ بِٱلْعَشِىِّ وَٱلْإِشْرَاقِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি পৰ্বতমালাক অনুগত কৰি দিছিলোঁ, যাতে এইবোৰে তেওঁৰ লগত পুৱা-গধূলি মোৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে,

See all translations of this verse →

وَٱلطَّيْرَ مَحْشُورَةً كُلٌّ لَّهُۥٓ أَوَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সমবেত চৰাইবোৰকো (অনুগত কৰি দিছিলোঁ); প্ৰত্যেকেই আছিল অধিক আল্লাহ অভিমুখী।

See all translations of this verse →

وَشَدَدْنَا مُلْكَهُۥ وَءَاتَيْنَٰهُ ٱلْحِكْمَةَ وَفَصْلَ ٱلْخِطَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁৰ ৰাজ্যক সুদৃঢ় কৰিছিলোঁ আৰু তেওঁক প্ৰদান কৰিছিলোঁ হিকমত তথা মীমাংসাকাৰী বাগ্মিতা।

See all translations of this verse →

وَهَلْ أَتَىٰكَ نَبَؤُا۟ ٱلْخَصْمِ إِذْ تَسَوَّرُوا۟ ٱلْمِحْرَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ ওচৰলৈ বিবদমান লোকসকলৰ সংবাদ আহি পাইছেনে? যেতিয়া সিহঁতে প্ৰাচীৰ বগাই ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।

See all translations of this verse →

إِذْ دَخَلُوا۟ عَلَىٰ دَاوُۥدَ فَفَزِعَ مِنْهُمْ قَالُوا۟ لَا تَخَفْ خَصْمَانِ بَغَىٰ بَعْضُنَا عَلَىٰ بَعْضٍ فَٱحْكُم بَيْنَنَا بِٱلْحَقِّ وَلَا تُشْطِطْ وَٱهْدِنَآ إِلَىٰ سَوَآءِ ٱلصِّرَٰطِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁলোকে দাউদৰ ওচৰত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁলোকক দেখি তেওঁ ভয় খাইছিল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, আমি দুটা বিবদমান পক্ষ। আমাৰ ইজনে সিজনৰ ওপৰত সীমালংঘন কৰিছে, এতেকে আপুনি আমাৰ মাজত ন্যায় বিচাৰ কৰি দিয়ক, অবিচাৰ নকৰিব আৰু আমাক সঠিক পথ প্ৰদৰ্শন কৰক।

See all translations of this verse →

إِنَّ هَٰذَآ أَخِى لَهُۥ تِسْعٌ وَتِسْعُونَ نَعْجَةً وَلِىَ نَعْجَةٌ وَٰحِدَةٌ فَقَالَ أَكْفِلْنِيهَا وَعَزَّنِى فِى ٱلْخِطَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় এওঁ হৈছে মোৰ ভাতৃ। এওঁৰ নিৰানব্বৈজনী দুম্বা আছে; আৰু মোৰ আছে কেৱল এজনী দুম্বা। তথাপিও তেওঁ কয়, ‘সেইজনী মোক দি দিয়া’, আৰু তৰ্কত তেওঁ মোৰ ওপৰত প্ৰাধান্য বিস্তাৰ কৰিছে’।

See all translations of this verse →

قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ إِلَىٰ نِعَاجِهِۦ وَإِنَّ كَثِيرًا مِّنَ ٱلْخُلَطَآءِ لَيَبْغِى بَعْضُهُمْ عَلَىٰ بَعْضٍ إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَقَلِيلٌ مَّا هُمْ وَظَنَّ دَاوُۥدُ أَنَّمَا فَتَنَّٰهُ فَٱسْتَغْفَرَ رَبَّهُۥ وَخَرَّ رَاكِعًا وَأَنَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanদাউদে ক’লে, ‘তোমাৰ দুম্বাজনীক তেওঁৰ দুম্বাবোৰৰ লগত যুক্ত কৰাৰ দাবী উত্থাপন কৰি তেওঁ তোমাৰ প্ৰতি অন্যায় কৰিছে। নিশ্চয় যৌথ অংশীদাৰবিলাকৰ বহুতেই ইজনে সিজনৰ ওপৰত সীমালংঘন কৰে, কেৱল তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কিন্তু তেওঁলোকে সংখ্যাত অতি তাকৰ’। দাউদে বুজি পালে আমি তেওঁক পৰীক্ষাহে কৰিলোঁ। তাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু নত হৈ ছাজদাহ অৱনত হ’ল, আৰু তেওঁৰ অভিমুখী হ’ল। (ছাজদাহ)

See all translations of this verse →

فَغَفَرْنَا لَهُۥ ذَٰلِكَ وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আমি তেওঁক ক্ষমা কৰি দিলোঁ। নিশ্চয় আমাৰ ওচৰত তেওঁৰ বাবে আছে উচ্চ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।

See all translations of this verse →

يَٰدَاوُۥدُ إِنَّا جَعَلْنَٰكَ خَلِيفَةً فِى ٱلْأَرْضِ فَٱحْكُم بَيْنَ ٱلنَّاسِ بِٱلْحَقِّ وَلَا تَتَّبِعِ ٱلْهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمْ عَذَابٌ شَدِيدٌۢ بِمَا نَسُوا۟ يَوْمَ ٱلْحِسَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে দাউদ! নিশ্চয় আমি তোমাক পৃথিৱীত প্ৰতিনিধি বনাইছোঁ, এতেকে তুমি মানুহৰ মাজত সুবিচাৰ কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, কিয়নো এনে কৰিলে ই তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব’। নিশ্চয় যিসকলে আল্লাহৰ পথৰ পৰা বিচ্যুত হয় সিহঁতৰ বাবে আছে কঠিন শাস্তি, কাৰণ সিহঁতে বিচাৰ দিৱসক পাহৰি গৈছে।

See all translations of this verse →

وَمَا خَلَقْنَا ٱلسَّمَآءَ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا بَٰطِلًا ذَٰلِكَ ظَنُّ ٱلَّذِينَ كَفَرُوا۟ فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِنَ ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি আকাশ, পৃথিৱী লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই অনৰ্থক সৃষ্টি কৰা নাই। এইবোৰক (অনৰ্থক বুলি) কেৱল সেইসকল লোকে ধাৰণা কৰে যিসকলে কুফৰী কৰিছে, এতেকে যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অগ্নিৰ দুৰ্ভোগ।

See all translations of this verse →

أَمْ نَجْعَلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ كَٱلْمُفْسِدِينَ فِى ٱلْأَرْضِ أَمْ نَجْعَلُ ٱلْمُتَّقِينَ كَٱلْفُجَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আমি তেওঁলোকক পৃথিৱীত অশান্তি সৃষ্টিকাৰীসকলৰ দৰে গণ্য কৰিম নেকি? নে আমি মুত্তাক্বীসকলক পাপীষ্টবিলাকৰ দৰে গণ্য কৰিম?

See all translations of this verse →

كِتَٰبٌ أَنزَلْنَٰهُ إِلَيْكَ مُبَٰرَكٌ لِّيَدَّبَّرُوٓا۟ ءَايَٰتِهِۦ وَلِيَتَذَكَّرَ أُو۟لُوا۟ ٱلْأَلْبَٰبِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইখন হৈছে বৰকতময় গ্ৰন্থ, যিখন আমি তোমাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ, যাতে মানুহে ইয়াৰ আয়াতসমূহৰ প্ৰতি গভীৰভাৱে চিন্তা-চৰ্চা কৰে আৰু যাতে বোধশক্তিসম্পন্ন ব্যক্তিসকলে উপদেশ গ্ৰহণ কৰে।

See all translations of this verse →

وَوَهَبْنَا لِدَاوُۥدَ سُلَيْمَٰنَ نِعْمَ ٱلْعَبْدُ إِنَّهُۥٓ أَوَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি দাউদক (সন্তান হিচাপে) দান কৰিছিলোঁ ছুলাইমান। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল অতিশয় আল্লাহ অভিমুখী।

See all translations of this verse →

إِذْ عُرِضَ عَلَيْهِ بِٱلْعَشِىِّ ٱلصَّٰفِنَٰتُ ٱلْجِيَادُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, আবেলি যেতিয়া তেওঁৰ সন্মুখত (প্ৰশিক্ষণপ্ৰাপ্ত) দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল,

See all translations of this verse →

فَقَالَ إِنِّىٓ أَحْبَبْتُ حُبَّ ٱلْخَيْرِ عَن ذِكْرِ رَبِّى حَتَّىٰ تَوَارَتْ بِٱلْحِجَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া তেওঁ কৈছিল, ‘মই দেখোন মোৰ প্ৰতিপালকৰ স্মৰণৰ পৰা বিমুখ হৈ ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ, ইপিনে সূৰ্য পৰ্দাৰ আঁৰত গুচি গৈছে,

See all translations of this verse →

رُدُّوهَا عَلَىَّ فَطَفِقَ مَسْحًۢا بِٱلسُّوقِ وَٱلْأَعْنَاقِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এইবোৰক মোৰ ওচৰলৈ ঘূৰাই আনা’। তাৰ পিছত তেওঁ সেইবোৰৰ ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।

See all translations of this verse →

وَلَقَدْ فَتَنَّا سُلَيْمَٰنَ وَأَلْقَيْنَا عَلَىٰ كُرْسِيِّهِۦ جَسَدًا ثُمَّ أَنَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ আসনৰ ওপৰত ৰাখিছিলোঁ এটি দেহ, তাৰ পিছত ছুলাইমান আমাৰ অভিমুখী হ’ল।

See all translations of this verse →

قَالَ رَبِّ ٱغْفِرْ لِى وَهَبْ لِى مُلْكًا لَّا يَنۢبَغِى لِأَحَدٍ مِّنۢ بَعْدِىٓ إِنَّكَ أَنتَ ٱلْوَهَّابُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক ক্ষমা কৰি দিয়া আৰু মোক এনেকুৱা এখন সাম্ৰাজ্য দান কৰা, মোৰ পিছত কোনেও যাতে তেনেকুৱা সাম্ৰাজ্যৰ অধিকাৰী নহয়। নিশ্চয় তুমি পৰম দাতা’।

See all translations of this verse →

فَسَخَّرْنَا لَهُ ٱلرِّيحَ تَجْرِى بِأَمْرِهِۦ رُخَآءً حَيْثُ أَصَابَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া আমি বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ, যিটো তেওঁৰ আদেশত তেওঁ য’ত ইচ্ছা কৰিছিল সেই ঠাইতে মৃদুভাৱে প্ৰবাহিত হৈছিল,

See all translations of this verse →

وَٱلشَّيَٰطِينَ كُلَّ بَنَّآءٍ وَغَوَّاصٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (তেওঁৰ অধীন কৰি দিছিলোঁ) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু চয়তানবোৰকো,

See all translations of this verse →

وَءَاخَرِينَ مُقَرَّنِينَ فِى ٱلْأَصْفَادِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে শিকলিৰে আৱদ্ধ আৰু বহুতকে।

See all translations of this verse →

هَٰذَا عَطَآؤُنَا فَٱمْنُنْ أَوْ أَمْسِكْ بِغَيْرِ حِسَابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে আমাৰ অনুগ্ৰহ, এতেকে ইয়াৰ পৰা তুমি আনকো দান কৰিব পাৰা আৰু নিজৰ বাবেও সাঁচি থব পাৰা। ইয়াৰ বাবে কোনো হিচাব দিব নালাগে।

See all translations of this verse →

وَإِنَّ لَهُۥ عِندَنَا لَزُلْفَىٰ وَحُسْنَ مَـَٔابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেওঁৰ বাবে আছে আমাৰ ওচৰত নৈকট্যৰ মৰ্যাদা আৰু উত্তম প্ৰত্যাৱৰ্তনস্থল।

See all translations of this verse →

وَٱذْكُرْ عَبْدَنَآ أَيُّوبَ إِذْ نَادَىٰ رَبَّهُۥٓ أَنِّى مَسَّنِىَ ٱلشَّيْطَٰنُ بِنُصْبٍ وَعَذَابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, আমাৰ বান্দা আইয়্যুবক, যেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় চয়তানে মোক যন্ত্ৰণা আৰু কষ্টত পেলাইছে’,

See all translations of this verse →

ٱرْكُضْ بِرِجْلِكَ هَٰذَا مُغْتَسَلٌۢ بَارِدٌ وَشَرَابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman(মই তেওঁক কৈছিলোঁ,) ‘তুমি নিজৰ ভৰিৰে ভূমিত আঘাত কৰা, এয়া হৈছে গা ধুৱাৰ বাবে সুশীতল পানী, লগতে খোৱা পানী’।

See all translations of this verse →

وَوَهَبْنَا لَهُۥٓ أَهْلَهُۥ وَمِثْلَهُم مَّعَهُمْ رَحْمَةً مِّنَّا وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَٰبِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক দান কৰিছিলোঁ তেওঁৰ পৰিয়ালবৰ্গ আৰু তেওঁলোকৰ দৰে আৰু বহুতো, আমাৰ ফালৰ পৰা অনুগ্ৰহ হিচাপে আৰু বোধশক্তিসম্পন্ন লোকসকলৰ বাবে উপদেশ হিচাপে।

See all translations of this verse →

وَخُذْ بِيَدِكَ ضِغْثًا فَٱضْرِب بِّهِۦ وَلَا تَحْنَثْ إِنَّا وَجَدْنَٰهُ صَابِرًا نِّعْمَ ٱلْعَبْدُ إِنَّهُۥٓ أَوَّابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে (আমি তেওঁক আদেশ কৰিছিলোঁ) ‘তুমি এমুঠি ঘাঁহ লোৱা আৰু সেইটোৰে তুমি কোবোৱা তথাপিও শপত ভংগ নকৰিবা’। নিশ্চয় আমি তেওঁক ধৈৰ্য্যশীল পাইছিলোঁ। কিমান যে উত্তম বান্দা আছিল তেওঁ! নিশ্চয় তেওঁ আছিল আমাৰ অভিমুখী।

See all translations of this verse →

وَٱذْكُرْ عِبَٰدَنَآ إِبْرَٰهِيمَ وَإِسْحَٰقَ وَيَعْقُوبَ أُو۟لِى ٱلْأَيْدِى وَٱلْأَبْصَٰرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, আমাৰ বান্দা ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ কথা, তেওঁলোক আটায়ে আছিল শক্তিশালী আৰু সূক্ষ্মদৰ্শী।

See all translations of this verse →

إِنَّآ أَخْلَصْنَٰهُم بِخَالِصَةٍ ذِكْرَى ٱلدَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তেওঁলোকক এটা বিশেষ গুণৰ অধিকাৰী কৰিছিলোঁ, সেয়া আছিল আখিৰাতৰ স্মৰণ।

See all translations of this verse →

وَإِنَّهُمْ عِندَنَا لَمِنَ ٱلْمُصْطَفَيْنَ ٱلْأَخْيَارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁলোক আছিল আমাৰ মনোনীত উত্তম বান্দাসকলৰ অন্যতম।

See all translations of this verse →

وَٱذْكُرْ إِسْمَٰعِيلَ وَٱلْيَسَعَ وَذَا ٱلْكِفْلِ وَكُلٌّ مِّنَ ٱلْأَخْيَارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, ইছমাঈল, আল-য়াচাআ আৰু জুল-কিফলৰ কথা, এওঁলোক আটায়ে আছিল সজ্জনসকলৰ অন্তৰ্ভুক্ত।

See all translations of this verse →

هَٰذَا ذِكْرٌ وَإِنَّ لِلْمُتَّقِينَ لَحُسْنَ مَـَٔابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এটা স্মৰণ। নিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে উত্তম আবাস,

See all translations of this verse →

جَنَّٰتِ عَدْنٍ مُّفَتَّحَةً لَّهُمُ ٱلْأَبْوَٰبُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanচিৰস্থায়ী জান্নাত, যাৰ দুৱাৰসমূহ তেওঁলোকৰ বাবে উন্মুক্ত থাকিব।

See all translations of this verse →

مُتَّكِـِٔينَ فِيهَا يَدْعُونَ فِيهَا بِفَٰكِهَةٍ كَثِيرَةٍ وَشَرَابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে আউজি বহিব, তাত তেওঁলোকে বহু ধৰণৰ ফলমূল আৰু পানীয় আনিবলৈ ক’ব।

See all translations of this verse →

وَعِندَهُمْ قَٰصِرَٰتُ ٱلطَّرْفِ أَتْرَابٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকৰ ওচৰত থাকিব আনতনয়না সমবয়সীয়া (গাভুৰু ছোৱালীসকল)।

See all translations of this verse →

هَٰذَا مَا تُوعَدُونَ لِيَوْمِ ٱلْحِسَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱে হৈছে হিচাপ দিৱসৰ বাবে তোমালোকক দিয়া প্ৰতিশ্ৰুতি।

See all translations of this verse →

إِنَّ هَٰذَا لَرِزْقُنَا مَا لَهُۥ مِن نَّفَادٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় এইটোৱে হৈছে আমি প্ৰদান কৰা ৰিজিক্ব (জীৱিকা), যিটো কেতিয়াও নিঃশেষ নহ’ব।

See all translations of this verse →

هَٰذَا وَإِنَّ لِلطَّٰغِينَ لَشَرَّ مَـَٔابٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱেই (হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান)। আনহাতে নিশ্চয় সীমালংঘনকাৰীবিলাকৰ বাবে আছে নিকৃষ্টতম প্ৰত্যাৱৰ্তনস্থল,

See all translations of this verse →

جَهَنَّمَ يَصْلَوْنَهَا فَبِئْسَ ٱلْمِهَادُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজাহান্নাম, তাত সিহঁতে অগ্নিদগ্ধ হ’ব, (এয়া) কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!

See all translations of this verse →

هَٰذَا فَلْيَذُوقُوهُ حَمِيمٌ وَغَسَّاقٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱেই (হৈছে অবিশ্বাসীসকলৰ প্ৰতিদান)। এতেকে সিহঁতে উতলা পানী আৰু গেলা-পূঁজৰ সোৱাদ লওক।

See all translations of this verse →

وَءَاخَرُ مِن شَكْلِهِۦٓ أَزْوَٰجٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আছে এই জাতীয় বিভিন্ন ধৰণৰ শাস্তি।

See all translations of this verse →

هَٰذَا فَوْجٌ مُّقْتَحِمٌ مَّعَكُمْ لَا مَرْحَبًۢا بِهِمْ إِنَّهُمْ صَالُوا۟ ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahman(জাহান্নামী নেতাসকলক কোৱা হ’ব) এয়া হৈছে এটা বাহিনী, যিসকল তোমালোকৰ লগতেই প্ৰৱেশ কৰিছে। (সিহঁতে ক’ব) সিহঁতৰ বাবে কোনো অভিনন্দন নাই। নিশ্চয় সিহঁত জুইত জ্বলিব।

See all translations of this verse →

قَالُوا۟ بَلْ أَنتُمْ لَا مَرْحَبًۢا بِكُمْ أَنتُمْ قَدَّمْتُمُوهُ لَنَا فَبِئْسَ ٱلْقَرَارُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅনুসাৰীসকলে ক’ব, ‘বৰং তোমালোকেও (জুইত জ্বলিবা), তোমালোকৰ বাবেও কোনো অভিনন্দন নাই। তোমালোকেই আমাৰ বাবে এই বিপদ মাতি আনিছা। এতেকে কিমান যে নিকৃষ্ট এই আবাসস্থল!’

See all translations of this verse →

قَالُوا۟ رَبَّنَا مَن قَدَّمَ لَنَا هَٰذَا فَزِدْهُ عَذَابًا ضِعْفًا فِى ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! যিয়ে আমাৰ বাবে এই বিপদ কঢ়িয়াই আনিছে, জাহান্নামত তাক তুমি দ্বিগুণ শাস্তি দিয়া’।

See all translations of this verse →

وَقَالُوا۟ مَا لَنَا لَا نَرَىٰ رِجَالًا كُنَّا نَعُدُّهُم مِّنَ ٱلْأَشْرَارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আৰু ক’ব যে, ‘কি হ’ল, আমি যিসকল লোকক বেয়া বুলি গণ্য কৰিছিলোঁ সিহঁতক দেখোন (ইয়াত) দেখা পোৱা নাই’।

See all translations of this verse →

أَتَّخَذْنَٰهُمْ سِخْرِيًّا أَمْ زَاغَتْ عَنْهُمُ ٱلْأَبْصَٰرُ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমি সিহঁতক এনেই উপলুঙা কৰিছিলোঁ নেকি, নে সিহঁতৰ বিষয়ে আমাৰ দৃষ্টি বিভ্ৰম ঘটিছে’?

See all translations of this verse →

إِنَّ ذَٰلِكَ لَحَقٌّ تَخَاصُمُ أَهْلِ ٱلنَّارِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজাহান্নামীসকলৰ এই পাৰস্পৰিক বাদ-প্ৰতিবাদ, নিশ্চয় এইটো বাস্তৱ সত্য।

See all translations of this verse →

قُلْ إِنَّمَآ أَنَا۠ مُنذِرٌ وَمَا مِنْ إِلَٰهٍ إِلَّا ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘মই কেৱল এজন সতৰ্ককাৰীহে মাথোন আৰু আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।

See all translations of this verse →

رَبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلْعَزِيزُ ٱلْغَفَّٰرُ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক, প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল’।

See all translations of this verse →

قُلْ هُوَ نَبَؤٌا۟ عَظِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘এইটো এটা মহাসংবাদ,

See all translations of this verse →

أَنتُمْ عَنْهُ مُعْرِضُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিটোৰ পৰা তোমালোকে বিমুখ হৈ আছা।

See all translations of this verse →

مَا كَانَ لِىَ مِنْ عِلْمٍۭ بِٱلْمَلَإِ ٱلْأَعْلَىٰٓ إِذْ يَخْتَصِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘উৰ্দ্ধলোক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিল যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) বাদানুবাদ কৰিছিল।

See all translations of this verse →

إِن يُوحَىٰٓ إِلَىَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘মোলৈ এই অহী আহিছে যে, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাথোন’।

See all translations of this verse →

إِذْ قَالَ رَبُّكَ لِلْمَلَٰٓئِكَةِ إِنِّى خَٰلِقٌۢ بَشَرًا مِّن طِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘মই আলতীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিম,

See all translations of this verse →

فَإِذَا سَوَّيْتُهُۥ وَنَفَخْتُ فِيهِ مِن رُّوحِى فَقَعُوا۟ لَهُۥ سَٰجِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা,

See all translations of this verse →

فَسَجَدَ ٱلْمَلَٰٓئِكَةُ كُلُّهُمْ أَجْمَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া ফিৰিস্তাসকলে আটায়ে একেলগে ছাজদাহ কৰিলে,

See all translations of this verse →

إِلَّآ إِبْلِيسَ ٱسْتَكْبَرَ وَكَانَ مِنَ ٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল ইবলীছৰ বাহিৰে, সি অহংকাৰ কৰিলে আৰু কাফিৰবিলাকৰ অন্তৰ্ভুক্ত হ’ল।

See all translations of this verse →

قَالَ يَٰٓإِبْلِيسُ مَا مَنَعَكَ أَن تَسْجُدَ لِمَا خَلَقْتُ بِيَدَىَّ أَسْتَكْبَرْتَ أَمْ كُنتَ مِنَ ٱلْعَالِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে ক’লে, ‘হে ইবলীছ! মই যাক মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ, তেওঁৰ প্ৰতি ছাজদাৱনত হ’বলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে? তুমি অহংকাৰ কৰিলা নেকি? নে তুমি অধিক উচ্চ মৰ্যাদাসম্পন্ন’?

See all translations of this verse →

قَالَ أَنَا۠ خَيْرٌ مِّنْهُ خَلَقْتَنِى مِن نَّارٍ وَخَلَقْتَهُۥ مِن طِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘মই তেওঁতকৈ শ্ৰেষ্ঠ। তুমি মোক অগ্নিৰে সৃষ্টি কৰিছা আৰু তেওঁক সৃষ্টি কৰিছা আলতীয়া বোকা মাটিৰে’।

See all translations of this verse →

قَالَ فَٱخْرُجْ مِنْهَا فَإِنَّكَ رَجِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা ওলাই যোৱা, কাৰণ নিশ্চয় তুমি অভিশপ্ত;

See all translations of this verse →

وَإِنَّ عَلَيْكَ لَعْنَتِىٓ إِلَىٰ يَوْمِ ٱلدِّينِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু নিশ্চয় তোমাৰ ওপৰত মোৰ অভিশাপ থাকিব, কৰ্মফল দিৱসলৈকে’।

See all translations of this verse →

قَالَ رَبِّ فَأَنظِرْنِىٓ إِلَىٰ يَوْمِ يُبْعَثُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’।

See all translations of this verse →

قَالَ فَإِنَّكَ مِنَ ٱلْمُنظَرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘যোৱা, নিশ্চয় তোমাক অৱকাশ দিয়া হ’ল,

See all translations of this verse →

إِلَىٰ يَوْمِ ٱلْوَقْتِ ٱلْمَعْلُومِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘সুনিৰ্দিষ্ট সময় অহাৰ দিৱস পৰ্যন্ত’।

See all translations of this verse →

قَالَ فَبِعِزَّتِكَ لَأُغْوِيَنَّهُمْ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘তোমাৰ ক্ষমতা-সন্মানৰ শপত! নিশ্চয় মই সিহঁতৰ আটাইকে পথভ্ৰষ্ট কৰিম,

See all translations of this verse →

إِلَّا عِبَادَكَ مِنْهُمُ ٱلْمُخْلَصِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘কিন্তু সিহঁতৰ মাজত থকা তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’।

See all translations of this verse →

قَالَ فَٱلْحَقُّ وَٱلْحَقَّ أَقُولُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে ক’লে, ‘তেন্তে এইটোৱেই সত্য, আৰু মই সত্যহে কওঁ,

See all translations of this verse →

لَأَمْلَأَنَّ جَهَنَّمَ مِنكَ وَمِمَّن تَبِعَكَ مِنْهُمْ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰ্ণ কৰিম’।

See all translations of this verse →

قُلْ مَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ وَمَآ أَنَا۠ مِنَ ٱلْمُتَكَلِّفِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(হে নবী!) কোৱা, ‘মই ইয়াৰ বাবে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু মই কোনো প্ৰবঞ্চক-ছলনাকাৰীও নহয়’।

See all translations of this verse →

إِنْ هُوَ إِلَّا ذِكْرٌ لِّلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএই (কোৰআন)খন হৈছে কেৱল বিশ্ববাসীৰ বাবে উপদেশ বাণী,

See all translations of this verse →

وَلَتَعْلَمُنَّ نَبَأَهُۥ بَعْدَ حِينٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াত থকা সংবাদৰ সত্যতা তোমালোকে নিশ্চয় জানিব পাৰিবা, কিছুদিন পিছত।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70