ঘৰ › ছুৰাসমূহ › ছুৰা Ash-Shu'araa
ছুৰা Ash-Shu'araa الشعراء
২২৭ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪৭
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ طسٓمٓ
Assamese Translation - Rafiqul Islam Habibur-Rahman ত্ব-ছীম-মীম।[1]
See all translations of this verse →
تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ ٱلْمُبِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।
See all translations of this verse →
لَعَلَّكَ بَٰخِعٌ نَّفْسَكَ أَلَّا يَكُونُوا۟ مُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি দুখতে আত্মঘাতী হৈ পৰিবা।
See all translations of this verse →
إِن نَّشَأْ نُنَزِّلْ عَلَيْهِم مِّنَ ٱلسَّمَآءِ ءَايَةً فَظَلَّتْ أَعْنَٰقُهُمْ لَهَا خَٰضِعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোঁহেঁতেন, যাৰ ফলত সেই নিদৰ্শনৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।
See all translations of this verse →
وَمَا يَأْتِيهِم مِّن ذِكْرٍ مِّنَ ٱلرَّحْمَٰنِ مُحْدَثٍ إِلَّا كَانُوا۟ عَنْهُ مُعْرِضِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যেতিয়াই সিহঁতৰ ওচৰলৈ ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
See all translations of this verse →
فَقَدْ كَذَّبُوا۟ فَسَيَأْتِيهِمْ أَنۢبَٰٓؤُا۟ مَا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে নিশ্চিতভাৱে সিহঁতে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰলৈ শীঘ্ৰেই আহি পৰিব।
See all translations of this verse →
أَوَلَمْ يَرَوْا۟ إِلَى ٱلْأَرْضِ كَمْ أَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍ كَرِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? তাত আমি সকলো প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
وَإِذْ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئْتِ ٱلْقَوْمَ ٱلظَّٰلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,
See all translations of this verse →
قَوْمَ فِرْعَوْنَ أَلَا يَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰলৈ; সিহঁতে তাক্বৱা অৱলম্বন নকৰিবনে’?
See all translations of this verse →
قَالَ رَبِّ إِنِّىٓ أَخَافُ أَن يُكَذِّبُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।
See all translations of this verse →
وَيَضِيقُ صَدْرِى وَلَا يَنطَلِقُ لِسَانِى فَأَرْسِلْ إِلَىٰ هَٰرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।
See all translations of this verse →
وَلَهُمْ عَلَىَّ ذَنۢبٌ فَأَخَافُ أَن يَقْتُلُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘লগতে মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।
See all translations of this verse →
قَالَ كَلَّا فَٱذْهَبَا بِـَٔايَٰتِنَآ إِنَّا مَعَكُم مُّسْتَمِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।
See all translations of this verse →
فَأْتِيَا فِرْعَوْنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,
See all translations of this verse →
أَنْ أَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সেয়ে তুমি বনী ইছৰাঈলক আমাৰ লগত যাবলৈ দিয়া’।
See all translations of this verse →
قَالَ أَلَمْ نُرَبِّكَ فِينَا وَلِيدًا وَلَبِثْتَ فِينَا مِنْ عُمُرِكَ سِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোঁনে? আৰু নিশ্চয় তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতেই অতিবাহিত কৰিছা,
See all translations of this verse →
وَفَعَلْتَ فَعْلَتَكَ ٱلَّتِى فَعَلْتَ وَأَنتَ مِنَ ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া আছিল সেইটো কৰিয়ে পেলাইছা, আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।
See all translations of this verse →
قَالَ فَعَلْتُهَآ إِذًا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘সেইটো মই তেতিয়াহে কৰিছিলোঁ, যেতিয়া মই পথ ভ্ৰান্ত আছিলোঁ’।
See all translations of this verse →
فَفَرَرْتُ مِنكُمْ لَمَّا خِفْتُكُمْ فَوَهَبَ لِى رَبِّى حُكْمًا وَجَعَلَنِى مِنَ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।
See all translations of this verse →
وَتِلْكَ نِعْمَةٌ تَمُنُّهَا عَلَىَّ أَنْ عَبَّدتَّ بَنِىٓ إِسْرَٰٓءِيلَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।
See all translations of this verse →
قَالَ فِرْعَوْنُ وَمَا رَبُّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ প্ৰতিপালক আকৌ কি’?
See all translations of this verse →
قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ إِن كُنتُم مُّوقِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।
See all translations of this verse →
قَالَ لِمَنْ حَوْلَهُۥٓ أَلَا تَسْتَمِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?
See all translations of this verse →
قَالَ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো প্ৰতিপালক’।
See all translations of this verse →
قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِىٓ أُرْسِلَ إِلَيْكُمْ لَمَجْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।
See all translations of this verse →
قَالَ رَبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ وَمَا بَيْنَهُمَآ إِن كُنتُمْ تَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘তেৱেঁই পূৱ আৰু পশ্চিমৰ, লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে বুজি পোৱা’।
See all translations of this verse →
قَالَ لَئِنِ ٱتَّخَذْتَ إِلَٰهًا غَيْرِى لَأَجْعَلَنَّكَ مِنَ ٱلْمَسْجُونِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক নিশ্চয় কাৰাৰুদ্ধ কৰিম’।
See all translations of this verse →
قَالَ أَوَلَوْ جِئْتُكَ بِشَىْءٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰলৈ স্পষ্ট কোনো (নিদৰ্শন) লৈ আহোঁ, তথাপিও (তুমি মোক কাৰৰুদ্ধ কৰিবানে)’?
See all translations of this verse →
قَالَ فَأْتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।
See all translations of this verse →
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِىَ ثُعْبَانٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
See all translations of this verse →
وَنَزَعَ يَدَهُۥ فَإِذَا هِىَ بَيْضَآءُ لِلنَّٰظِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল প্ৰতিভাত হ’ল।
See all translations of this verse →
قَالَ لِلْمَلَإِ حَوْلَهُۥٓ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে তাৰ ওচৰে-পাঁজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।
See all translations of this verse →
يُرِيدُ أَن يُخْرِجَكُم مِّنْ أَرْضِكُم بِسِحْرِهِۦ فَمَاذَا تَأْمُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কাৰ কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?
See all translations of this verse →
قَالُوٓا۟ أَرْجِهْ وَأَخَاهُ وَٱبْعَثْ فِى ٱلْمَدَآئِنِ حَٰشِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,
See all translations of this verse →
يَأْتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।
See all translations of this verse →
فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَٰتِ يَوْمٍ مَّعْلُومٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,
See all translations of this verse →
وَقِيلَ لِلنَّاسِ هَلْ أَنتُم مُّجْتَمِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?
See all translations of this verse →
لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُوا۟ هُمُ ٱلْغَٰلِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।
See all translations of this verse →
فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُوا۟ لِفِرْعَوْنَ أَئِنَّ لَنَا لَأَجْرًا إِن كُنَّا نَحْنُ ٱلْغَٰلِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?
See all translations of this verse →
قَالَ نَعَمْ وَإِنَّكُمْ إِذًا لَّمِنَ ٱلْمُقَرَّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
See all translations of this verse →
قَالَ لَهُم مُّوسَىٰٓ أَلْقُوا۟ مَآ أَنتُم مُّلْقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।
See all translations of this verse →
فَأَلْقَوْا۟ حِبَالَهُمْ وَعِصِيَّهُمْ وَقَالُوا۟ بِعِزَّةِ فِرْعَوْنَ إِنَّا لَنَحْنُ ٱلْغَٰلِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।
See all translations of this verse →
فَأَلْقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِىَ تَلْقَفُ مَا يَأْفِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।
See all translations of this verse →
فَأُلْقِىَ ٱلسَّحَرَةُ سَٰجِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।
See all translations of this verse →
قَالُوٓا۟ ءَامَنَّا بِرَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি,
See all translations of this verse →
رَبِّ مُوسَىٰ وَهَٰرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।
See all translations of this verse →
قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ فَلَسَوْفَ تَعْلَمُونَ لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَٰفٍ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়েই হৈছে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে তোমালোকে শীঘ্ৰেই ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
See all translations of this verse →
قَالُوا۟ لَا ضَيْرَ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।
See all translations of this verse →
إِنَّا نَطْمَعُ أَن يَغْفِرَ لَنَا رَبُّنَا خَطَٰيَٰنَآ أَن كُنَّآ أَوَّلَ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।
See all translations of this verse →
وَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِىٓ إِنَّكُم مُّتَّبَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।
See all translations of this verse →
فَأَرْسَلَ فِرْعَوْنُ فِى ٱلْمَدَآئِنِ حَٰشِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,
See all translations of this verse →
إِنَّ هَٰٓؤُلَآءِ لَشِرْذِمَةٌ قَلِيلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘(এই বুলি যে,) নিশ্চয় ইহঁত হৈছে ক্ষুদ্ৰ এটা দল,
See all translations of this verse →
وَإِنَّهُمْ لَنَا لَغَآئِظُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,
See all translations of this verse →
وَإِنَّا لَجَمِيعٌ حَٰذِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু নিশ্চিতভাৱে আমি সকলোৱে সদায় সতৰ্ক’।
See all translations of this verse →
فَأَخْرَجْنَٰهُم مِّن جَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,
See all translations of this verse →
وَكُنُوزٍ وَمَقَامٍ كَرِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।
See all translations of this verse →
كَذَٰلِكَ وَأَوْرَثْنَٰهَا بَنِىٓ إِسْرَٰٓءِيلَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।
See all translations of this verse →
فَأَتْبَعُوهُم مُّشْرِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্ততে তেওঁলোকক চোঁচা ল’লে।
See all translations of this verse →
فَلَمَّا تَرَٰٓءَا ٱلْجَمْعَانِ قَالَ أَصْحَٰبُ مُوسَىٰٓ إِنَّا لَمُدْرَكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’
See all translations of this verse →
قَالَ كَلَّآ إِنَّ مَعِىَ رَبِّى سَيَهْدِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।
See all translations of this verse →
فَأَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضْرِب بِّعَصَاكَ ٱلْبَحْرَ فَٱنفَلَقَ فَكَانَ كُلُّ فِرْقٍ كَٱلطَّوْدِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;
See all translations of this verse →
وَأَزْلَفْنَا ثَمَّ ٱلْـَٔاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,
See all translations of this verse →
وَأَنجَيْنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকলক,
See all translations of this verse →
ثُمَّ أَغْرَقْنَا ٱلْـَٔاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
وَٱتْلُ عَلَيْهِمْ نَبَأَ إِبْرَٰهِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।
See all translations of this verse →
إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَا تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?
See all translations of this verse →
قَالُوا۟ نَعْبُدُ أَصْنَامًا فَنَظَلُّ لَهَا عَٰكِفِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।
See all translations of this verse →
قَالَ هَلْ يَسْمَعُونَكُمْ إِذْ تَدْعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে শুনা পায়নে?
See all translations of this verse →
أَوْ يَنفَعُونَكُمْ أَوْ يَضُرُّونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা অপকাৰ কৰিব পাৰেনে’?
See all translations of this verse →
قَالُوا۟ بَلْ وَجَدْنَآ ءَابَآءَنَا كَذَٰلِكَ يَفْعَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।
See all translations of this verse →
قَالَ أَفَرَءَيْتُم مَّا كُنتُمْ تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰি আছা,
See all translations of this verse →
أَنتُمْ وَءَابَآؤُكُمُ ٱلْأَقْدَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!
See all translations of this verse →
فَإِنَّهُمْ عَدُوٌّ لِّىٓ إِلَّا رَبَّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সিহঁত আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ বাহিৰে।
See all translations of this verse →
ٱلَّذِى خَلَقَنِى فَهُوَ يَهْدِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।
See all translations of this verse →
وَٱلَّذِى هُوَ يُطْعِمُنِى وَيَسْقِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।
See all translations of this verse →
وَإِذَا مَرِضْتُ فَهُوَ يَشْفِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।
See all translations of this verse →
وَٱلَّذِى يُمِيتُنِى ثُمَّ يُحْيِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।
See all translations of this verse →
وَٱلَّذِىٓ أَطْمَعُ أَن يَغْفِرَ لِى خَطِيٓـَٔتِى يَوْمَ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।
See all translations of this verse →
رَبِّ هَبْ لِى حُكْمًا وَأَلْحِقْنِى بِٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে মোৰ প্ৰতিপালক! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।
See all translations of this verse →
وَٱجْعَل لِّى لِسَانَ صِدْقٍ فِى ٱلْـَٔاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,
See all translations of this verse →
وَٱجْعَلْنِى مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোক সুখময় জান্নাতৰ উত্তৰাধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,
See all translations of this verse →
وَٱغْفِرْ لِأَبِىٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।
See all translations of this verse →
وَلَا تُخْزِنِى يَوْمَ يُبْعَثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু (হে মোৰ প্ৰতিপালক!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।
See all translations of this verse →
يَوْمَ لَا يَنفَعُ مَالٌ وَلَا بَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;
See all translations of this verse →
إِلَّا مَنْ أَتَى ٱللَّهَ بِقَلْبٍ سَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।
See all translations of this verse →
وَأُزْلِفَتِ ٱلْجَنَّةُ لِلْمُتَّقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,
See all translations of this verse →
وَبُرِّزَتِ ٱلْجَحِيمُ لِلْغَاوِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;
See all translations of this verse →
وَقِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য (আজি) ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--
See all translations of this verse →
مِن دُونِ ٱللَّهِ هَلْ يَنصُرُونَكُمْ أَوْ يَنتَصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিবনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষমনে?
See all translations of this verse →
فَكُبْكِبُوا۟ فِيهَا هُمْ وَٱلْغَاوُۥنَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,
See all translations of this verse →
وَجُنُودُ إِبْلِيسَ أَجْمَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।
See all translations of this verse →
قَالُوا۟ وَهُمْ فِيهَا يَخْتَصِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,
See all translations of this verse →
تَٱللَّهِ إِن كُنَّا لَفِى ضَلَٰلٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,
See all translations of this verse →
إِذْ نُسَوِّيكُم بِرَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;
See all translations of this verse →
وَمَآ أَضَلَّنَآ إِلَّا ٱلْمُجْرِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,
See all translations of this verse →
فَمَا لَنَا مِن شَٰفِعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে আমাৰ কোনো চুপাৰিছকাৰী নাই’।
See all translations of this verse →
وَلَا صَدِيقٍ حَمِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।
See all translations of this verse →
فَلَوْ أَنَّ لَنَا كَرَّةً فَنَكُونَ مِنَ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোঁহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোঁহেঁতেন!’
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
كَذَّبَتْ قَوْمُ نُوحٍ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
See all translations of this verse →
إِذْ قَالَ لَهُمْ أَخُوهُمْ نُوحٌ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
See all translations of this verse →
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
قَالُوٓا۟ أَنُؤْمِنُ لَكَ وَٱتَّبَعَكَ ٱلْأَرْذَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি, অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ লোকেহে অনুসৰণ কৰিছে’?
See all translations of this verse →
قَالَ وَمَا عِلْمِى بِمَا كَانُوا۟ يَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নূহে ক’লে, ‘সিহঁতে কি কৰে সেই বিষয়ে জনাটো মোৰ কি প্ৰয়োজন?
See all translations of this verse →
إِنْ حِسَابُهُمْ إِلَّا عَلَىٰ رَبِّى لَوْ تَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সিহঁতৰ হিচাপ লোৱাটো হৈছে মোৰ প্ৰতিপালকৰ কাম; যদি তোমালোকে বুজি পালাহেঁতেন!
See all translations of this verse →
وَمَآ أَنَا۠ بِطَارِدِ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মুমিনসকলক খেদি পঠিওৱাটোও মোৰ কাম নহয়।
See all translations of this verse →
إِنْ أَنَا۠ إِلَّا نَذِيرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।
See all translations of this verse →
قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَٰنُوحُ لَتَكُونَنَّ مِنَ ٱلْمَرْجُومِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে নিশ্চয় তোমাক শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব’।
See all translations of this verse →
قَالَ رَبِّ إِنَّ قَوْمِى كَذَّبُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।
See all translations of this verse →
فَٱفْتَحْ بَيْنِى وَبَيْنَهُمْ فَتْحًا وَنَجِّنِى وَمَن مَّعِىَ مِنَ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্টৰূপে মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগত থকা মুমিনসকলক ৰক্ষা কৰা’।
See all translations of this verse →
فَأَنجَيْنَٰهُ وَمَن مَّعَهُۥ فِى ٱلْفُلْكِ ٱلْمَشْحُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।
See all translations of this verse →
ثُمَّ أَغْرَقْنَا بَعْدُ ٱلْبَاقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
كَذَّبَتْ عَادٌ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
See all translations of this verse →
إِذْ قَالَ لَهُمْ أَخُوهُمْ هُودٌ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
See all translations of this verse →
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
See all translations of this verse →
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল সৃষ্টিজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
See all translations of this verse →
أَتَبْنُونَ بِكُلِّ رِيعٍ ءَايَةً تَعْبَثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?
See all translations of this verse →
وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمْ تَخْلُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোকে (পৃথিৱীত) চিৰস্থায়ী হ’বা।
See all translations of this verse →
وَإِذَا بَطَشْتُم بَطَشْتُمْ جَبَّارِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক অনুসৰণ কৰা।
See all translations of this verse →
وَٱتَّقُوا۟ ٱلَّذِىٓ أَمَدَّكُم بِمَا تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্ত্বাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।
See all translations of this verse →
أَمَدَّكُم بِأَنْعَٰمٍ وَبَنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,
See all translations of this verse →
وَجَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘উদ্যান আৰু ঝৰ্ণাসমূহ,
See all translations of this verse →
إِنِّىٓ أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ ওপৰত এটা মহা দিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।
See all translations of this verse →
قَالُوا۟ سَوَآءٌ عَلَيْنَآ أَوَعَظْتَ أَمْ لَمْ تَكُن مِّنَ ٱلْوَٰعِظِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।
See all translations of this verse →
إِنْ هَٰذَآ إِلَّا خُلُقُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এইটো পূৰ্বৱৰ্তীসকলৰ ৰীতিনীতিহে মাত্ৰ।
See all translations of this verse →
وَمَا نَحْنُ بِمُعَذَّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।
See all translations of this verse →
فَكَذَّبُوهُ فَأَهْلَكْنَٰهُمْ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
كَذَّبَتْ ثَمُودُ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
See all translations of this verse →
إِذْ قَالَ لَهُمْ أَخُوهُمْ صَٰلِحٌ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?
See all translations of this verse →
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বাজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
See all translations of this verse →
أَتُتْرَكُونَ فِى مَا هَٰهُنَآ ءَامِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এই পাৰ্থিৱ ভোগ-বিলাসৰ মাজত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?
See all translations of this verse →
فِى جَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘উদ্যান আৰু ঝৰ্ণাসমূহৰ মাজত,
See all translations of this verse →
وَزُرُوعٍ وَنَخْلٍ طَلْعُهَا هَضِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?
See all translations of this verse →
وَتَنْحِتُونَ مِنَ ٱلْجِبَالِ بُيُوتًا فَٰرِهِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা (সেইবোৰৰ মাজত)।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
وَلَا تُطِيعُوٓا۟ أَمْرَ ٱلْمُسْرِفِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,
See all translations of this verse →
ٱلَّذِينَ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।
See all translations of this verse →
قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তবিলাকৰ অন্যতম।
See all translations of this verse →
مَآ أَنتَ إِلَّا بَشَرٌ مِّثْلُنَا فَأْتِ بِـَٔايَةٍ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।
See all translations of this verse →
قَالَ هَٰذِهِۦ نَاقَةٌ لَّهَا شِرْبٌ وَلَكُمْ شِرْبُ يَوْمٍ مَّعْلُومٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।
See all translations of this verse →
وَلَا تَمَسُّوهَا بِسُوٓءٍ فَيَأْخُذَكُمْ عَذَابُ يَوْمٍ عَظِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।
See all translations of this verse →
فَعَقَرُوهَا فَأَصْبَحُوا۟ نَٰدِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।
See all translations of this verse →
فَأَخَذَهُمُ ٱلْعَذَابُ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফলত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
كَذَّبَتْ قَوْمُ لُوطٍ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman লূত সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
See all translations of this verse →
إِذْ قَالَ لَهُمْ أَخُوهُمْ لُوطٌ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?
See all translations of this verse →
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
See all translations of this verse →
أَتَأْتُونَ ٱلذُّكْرَانَ مِنَ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সৃষ্টিজগতৰ মাজত (নাৰীসকলক এৰি) তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা নেকি?
See all translations of this verse →
وَتَذَرُونَ مَا خَلَقَ لَكُمْ رَبُّكُم مِّنْ أَزْوَٰجِكُم بَلْ أَنتُمْ قَوْمٌ عَادُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যি স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি আছা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।
See all translations of this verse →
قَالُوا۟ لَئِن لَّمْ تَنتَهِ يَٰلُوطُ لَتَكُونَنَّ مِنَ ٱلْمُخْرَجِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।
See all translations of this verse →
قَالَ إِنِّى لِعَمَلِكُم مِّنَ ٱلْقَالِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ এই কুকৰ্মক ঘৃণা কৰোঁ।
See all translations of this verse →
رَبِّ نَجِّنِى وَأَهْلِى مِمَّا يَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman (তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কুকৰ্মৰ পৰা ৰক্ষা কৰা’।
See all translations of this verse →
فَنَجَّيْنَٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।
See all translations of this verse →
إِلَّا عَجُوزًا فِى ٱلْغَٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
ثُمَّ دَمَّرْنَا ٱلْـَٔاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।
See all translations of this verse →
وَأَمْطَرْنَا عَلَيْهِم مَّطَرًا فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
كَذَّبَ أَصْحَٰبُ لْـَٔيْكَةِ ٱلْمُرْسَلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,
See all translations of this verse →
إِذْ قَالَ لَهُمْ شُعَيْبٌ أَلَا تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
See all translations of this verse →
إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
فَٱتَّقُوا۟ ٱللَّهَ وَأَطِيعُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।
See all translations of this verse →
وَمَآ أَسْـَٔلُكُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ أَجْرِىَ إِلَّا عَلَىٰ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান আছে কেৱল বিশ্বজগতৰ ৰব (আল্লাহ)ৰ ওচৰত।
See all translations of this verse →
أَوْفُوا۟ ٱلْكَيْلَ وَلَا تَكُونُوا۟ مِنَ ٱلْمُخْسِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণৰূপে ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।
See all translations of this verse →
وَزِنُوا۟ بِٱلْقِسْطَاسِ ٱلْمُسْتَقِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।
See all translations of this verse →
وَلَا تَبْخَسُوا۟ ٱلنَّاسَ أَشْيَآءَهُمْ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
See all translations of this verse →
وَٱتَّقُوا۟ ٱلَّذِى خَلَقَكُمْ وَٱلْجِبِلَّةَ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।
See all translations of this verse →
قَالُوٓا۟ إِنَّمَآ أَنتَ مِنَ ٱلْمُسَحَّرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘তুমি হৈছা যাদুগ্ৰস্তসকলৰ অন্যতম।
See all translations of this verse →
وَمَآ أَنتَ إِلَّا بَشَرٌ مِّثْلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلْكَٰذِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাবোঁ।
See all translations of this verse →
فَأَسْقِطْ عَلَيْنَا كِسَفًا مِّنَ ٱلسَّمَآءِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়াচোন’।
See all translations of this verse →
قَالَ رَبِّىٓ أَعْلَمُ بِمَا تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।
See all translations of this verse →
فَكَذَّبُوهُ فَأَخَذَهُمْ عَذَابُ يَوْمِ ٱلظُّلَّةِ إِنَّهُۥ كَانَ عَذَابَ يَوْمٍ عَظِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।
See all translations of this verse →
إِنَّ فِى ذَٰلِكَ لَـَٔايَةً وَمَا كَانَ أَكْثَرُهُم مُّؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَهُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় এইখন (কোৰআন) বিশ্বজগতৰ প্ৰতিপালক (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।
See all translations of this verse →
نَزَلَ بِهِ ٱلرُّوحُ ٱلْأَمِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahman বিশ্বস্ত ৰূহে (জীব্ৰীলে) এইখন লৈ অৱতৰণ কৰিছে।
See all translations of this verse →
عَلَىٰ قَلْبِكَ لِتَكُونَ مِنَ ٱلْمُنذِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা।
See all translations of this verse →
بِلِسَانٍ عَرَبِىٍّ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman সুস্পষ্ট আৰবী ভাষাত (অৱতীৰ্ণ কৰা হৈছে)।
See all translations of this verse →
وَإِنَّهُۥ لَفِى زُبُرِ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহতো ইয়াৰ বিষয়ে উল্লেখ আছে।
See all translations of this verse →
أَوَلَمْ يَكُن لَّهُمْ ءَايَةً أَن يَعْلَمَهُۥ عُلَمَٰٓؤُا۟ بَنِىٓ إِسْرَٰٓءِيلَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইখন সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলেও এই বিষয়ে জানে?
See all translations of this verse →
وَلَوْ نَزَّلْنَٰهُ عَلَىٰ بَعْضِ ٱلْأَعْجَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোঁহেঁতেন;
See all translations of this verse →
فَقَرَأَهُۥ عَلَيْهِم مَّا كَانُوا۟ بِهِۦ مُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সেইখনক তেওঁ সিহঁতৰ সন্মুখত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।
See all translations of this verse →
كَذَٰلِكَ سَلَكْنَٰهُ فِى قُلُوبِ ٱلْمُجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।
See all translations of this verse →
لَا يُؤْمِنُونَ بِهِۦ حَتَّىٰ يَرَوُا۟ ٱلْعَذَابَ ٱلْأَلِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।
See all translations of this verse →
فَيَأْتِيَهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।
See all translations of this verse →
فَيَقُولُوا۟ هَلْ نَحْنُ مُنظَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?
See all translations of this verse →
أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তথাপিও সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?
See all translations of this verse →
أَفَرَءَيْتَ إِن مَّتَّعْنَٰهُمْ سِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,
See all translations of this verse →
ثُمَّ جَآءَهُم مَّا كَانُوا۟ يُوعَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল, সেই শাস্তিটো সিহঁতৰ ওচৰলৈ আহি পৰে,
See all translations of this verse →
مَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يُمَتَّعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতক যিবোৰ ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?
See all translations of this verse →
وَمَآ أَهْلَكْنَا مِن قَرْيَةٍ إِلَّا لَهَا مُنذِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই, যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,
See all translations of this verse →
ذِكْرَىٰ وَمَا كُنَّا ظَٰلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman (সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।
See all translations of this verse →
وَمَا تَنَزَّلَتْ بِهِ ٱلشَّيَٰطِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু চয়তানবিলাকে এইখন লৈ অৱতৰণ কৰা নাই।
See all translations of this verse →
وَمَا يَنۢبَغِى لَهُمْ وَمَا يَسْتَطِيعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে এই কামৰ সামৰ্থও সিহঁতৰ নাই।
See all translations of this verse →
إِنَّهُمْ عَنِ ٱلسَّمْعِ لَمَعْزُولُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।
See all translations of this verse →
فَلَا تَدْعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلْمُعَذَّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।
See all translations of this verse →
وَأَنذِرْ عَشِيرَتَكَ ٱلْأَقْرَبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি তোমাৰ নিকটাত্মীয়সকলক সতৰ্ক কৰা।
See all translations of this verse →
وَٱخْفِضْ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু মুমিনসকলৰ মাজৰ যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।
See all translations of this verse →
فَإِنْ عَصَوْكَ فَقُلْ إِنِّى بَرِىٓءٌ مِّمَّا تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তেওঁলোকে যদি তোমাৰ অবাধ্যতা কৰে, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় তাৰ বাবে মই দায়ী নহয়’।
See all translations of this verse →
وَتَوَكَّلْ عَلَى ٱلْعَزِيزِ ٱلرَّحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,
See all translations of this verse →
ٱلَّذِى يَرَىٰكَ حِينَ تَقُومُ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,
See all translations of this verse →
وَتَقَلُّبَكَ فِى ٱلسَّٰجِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।
See all translations of this verse →
إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
See all translations of this verse →
هَلْ أُنَبِّئُكُمْ عَلَىٰ مَن تَنَزَّلُ ٱلشَّيَٰطِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahman মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?
See all translations of this verse →
تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।
See all translations of this verse →
يُلْقُونَ ٱلسَّمْعَ وَأَكْثَرُهُمْ كَٰذِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই হৈছে মিছলীয়া।
See all translations of this verse →
وَٱلشُّعَرَآءُ يَتَّبِعُهُمُ ٱلْغَاوُۥنَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।
See all translations of this verse →
أَلَمْ تَرَ أَنَّهُمْ فِى كُلِّ وَادٍ يَهِيمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?
See all translations of this verse →
وَأَنَّهُمْ يَقُولُونَ مَا لَا يَفْعَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।
See all translations of this verse →
إِلَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَذَكَرُوا۟ ٱللَّهَ كَثِيرًا وَٱنتَصَرُوا۟ مِنۢ بَعْدِ مَا ظُلِمُوا۟ وَسَيَعْلَمُ ٱلَّذِينَ ظَلَمُوٓا۟ أَىَّ مُنقَلَبٍ يَنقَلِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। যালিমসকলে শীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
See all translations of this verse →
← ছুৰা Al-Furqaan
ছুৰা An-Naml →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.