ঘৰ › ছুৰাসমূহ › ছুৰা An-Naml
ছুৰা An-Naml النمل
৯৩ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪৮
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ طسٓ تِلْكَ ءَايَٰتُ ٱلْقُرْءَانِ وَكِتَابٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ত্বা-ছীন;[1] এইবোৰ হৈছে আল-কোৰআন তথা সুস্পষ্ট কিতাবৰ আয়াত;
See all translations of this verse →
هُدًى وَبُشْرَىٰ لِلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman পথনিৰ্দেশ আৰু সুসংবাদ মুমিনসকলৰ বাবে,
See all translations of this verse →
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।
See all translations of this verse →
إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ زَيَّنَّا لَهُمْ أَعْمَٰلَهُمْ فَهُمْ يَعْمَهُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতৰ বাবে সিহঁতৰ কৰ্মক আমি শোভনীয় কৰি দিছোঁ, ফলত সিহঁত বিভ্ৰান্ত হৈ ঘূৰি ফুৰে;
See all translations of this verse →
أُو۟لَٰٓئِكَ ٱلَّذِينَ لَهُمْ سُوٓءُ ٱلْعَذَابِ وَهُمْ فِى ٱلْـَٔاخِرَةِ هُمُ ٱلْأَخْسَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ইহঁতৰ বাবেই আছে নিকৃষ্ট শাস্তি আৰু ইহঁতেই হ’ব আখিৰাতত সৰ্বাধিক ক্ষতিগ্ৰস্ত।
See all translations of this verse →
وَإِنَّكَ لَتُلَقَّى ٱلْقُرْءَانَ مِن لَّدُنْ حَكِيمٍ عَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তুমি প্ৰজ্ঞাময় সৰ্বজ্ঞ (আল্লাহ)ৰ তৰফৰ পৰা আল-কোৰআন প্ৰাপ্ত হৈছা।
See all translations of this verse →
إِذْ قَالَ مُوسَىٰ لِأَهْلِهِۦٓ إِنِّىٓ ءَانَسْتُ نَارًا سَـَٔاتِيكُم مِّنْهَا بِخَبَرٍ أَوْ ءَاتِيكُم بِشِهَابٍ قَبَسٍ لَّعَلَّكُمْ تَصْطَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ পৰিয়ালবৰ্গক কৈছিল, ‘নিশ্চয় মই জুই দেখিছোঁ, অনতিপলমে মই তাৰ পৰা তোমালোকৰ বাবে কোনো সংবাদ লৈ আহিম নাইবা তোমালোকৰ বাবে লৈ আহিম জ্বলন্ত অন্ধৰা, যাতে তোমালোকে জুই পুঁৱাব পাৰা’।
See all translations of this verse →
فَلَمَّا جَآءَهَا نُودِىَ أَنۢ بُورِكَ مَن فِى ٱلنَّارِ وَمَنْ حَوْلَهَا وَسُبْحَٰنَ ٱللَّهِ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তেওঁ যেতিয়া সেইটোৰ ওচৰত আহি পালে, তেতিয়া ঘোষিত হ’ল, ‘বৰকতময়, যি আছে এই জুইৰ মাজত আৰু যি আছে ইয়াৰ চাৰিওফালে, আৰু বিশ্বজগতৰ প্ৰতিপালক আল্লাহ পৱিত্ৰ আৰু মহিমাময়!
See all translations of this verse →
يَٰمُوسَىٰٓ إِنَّهُۥٓ أَنَا ٱللَّهُ ٱلْعَزِيزُ ٱلْحَكِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে মুছা! নিশ্চয় ময়েই আল্লাহ! পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
See all translations of this verse →
وَأَلْقِ عَصَاكَ فَلَمَّا رَءَاهَا تَهْتَزُّ كَأَنَّهَا جَآنٌّ وَلَّىٰ مُدْبِرًا وَلَمْ يُعَقِّبْ يَٰمُوسَىٰ لَا تَخَفْ إِنِّى لَا يَخَافُ لَدَىَّ ٱلْمُرْسَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। তাৰ পিছত যেতিয়া তেওঁ সেই লাখুটিডালক সাপৰ দৰে কেৰমেৰ কৰা দেখা পালে তেতিয়া তেওঁ পিছ হোঁহকা দি লৰ মাৰিলে আৰু উভতি চোৱা নাছিল। (আল্লাহে ক’লে) ‘হে মুছা! ভয় নকৰিবা, নিশ্চয় মোৰ ওচৰত ৰাছুলসকলে ভয় নাপায়;
See all translations of this verse →
إِلَّا مَن ظَلَمَ ثُمَّ بَدَّلَ حُسْنًۢا بَعْدَ سُوٓءٍ فَإِنِّى غَفُورٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘কিন্তু অন্যায়কাৰীসকলৰ বাহিৰে। তাৰ পিছত বেয়া কামৰ পৰিবৰ্তে যদি সৎকৰ্ম কৰে তেন্তে নিশ্চয় মই ক্ষমাশীল, পৰম দয়ালু।
See all translations of this verse →
وَأَدْخِلْ يَدَكَ فِى جَيْبِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ فِى تِسْعِ ءَايَٰتٍ إِلَىٰ فِرْعَوْنَ وَقَوْمِهِۦٓ إِنَّهُمْ كَانُوا۟ قَوْمًا فَٰسِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু তুমি তোমাৰ হাতখন কাষলতিত প্ৰৱেশ কৰোৱা, চাবা সেইখন ত্ৰুটিমুক্ত শুভ্ৰ-উজ্জ্বল হৈ ওলাই আহিব। এইটো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ অহা নটা নিদৰ্শনৰ অন্তৰ্ভুক্ত। নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়’।
See all translations of this verse →
فَلَمَّا جَآءَتْهُمْ ءَايَٰتُنَا مُبْصِرَةً قَالُوا۟ هَٰذَا سِحْرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত যেতিয়া আমাৰ নিদৰ্শনসমূহ সিহঁতৰ ওচৰত দৃশ্যমান হ’ল, সিহঁতে ক’লে, ‘এইটো সুস্পষ্ট যাদু’।
See all translations of this verse →
وَجَحَدُوا۟ بِهَا وَٱسْتَيْقَنَتْهَآ أَنفُسُهُمْ ظُلْمًا وَعُلُوًّا فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُفْسِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
See all translations of this verse →
وَلَقَدْ ءَاتَيْنَا دَاوُۥدَ وَسُلَيْمَٰنَ عِلْمًا وَقَالَا ٱلْحَمْدُ لِلَّهِ ٱلَّذِى فَضَّلَنَا عَلَىٰ كَثِيرٍ مِّنْ عِبَادِهِ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।
See all translations of this verse →
وَوَرِثَ سُلَيْمَٰنُ دَاوُۥدَ وَقَالَ يَٰٓأَيُّهَا ٱلنَّاسُ عُلِّمْنَا مَنطِقَ ٱلطَّيْرِ وَأُوتِينَا مِن كُلِّ شَىْءٍ إِنَّ هَٰذَا لَهُوَ ٱلْفَضْلُ ٱلْمُبِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু ছুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱজাতি! আমাক চৰাই-চিৰিকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।
See all translations of this verse →
وَحُشِرَ لِسُلَيْمَٰنَ جُنُودُهُۥ مِنَ ٱلْجِنِّ وَٱلْإِنسِ وَٱلطَّيْرِ فَهُمْ يُوزَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকটিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।
See all translations of this verse →
حَتَّىٰٓ إِذَآ أَتَوْا۟ عَلَىٰ وَادِ ٱلنَّمْلِ قَالَتْ نَمْلَةٌ يَٰٓأَيُّهَا ٱلنَّمْلُ ٱدْخُلُوا۟ مَسَٰكِنَكُمْ لَا يَحْطِمَنَّكُمْ سُلَيْمَٰنُ وَجُنُودُهُۥ وَهُمْ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।
See all translations of this verse →
فَتَبَسَّمَ ضَاحِكًا مِّن قَوْلِهَا وَقَالَ رَبِّ أَوْزِعْنِىٓ أَنْ أَشْكُرَ نِعْمَتَكَ ٱلَّتِىٓ أَنْعَمْتَ عَلَىَّ وَعَلَىٰ وَٰلِدَىَّ وَأَنْ أَعْمَلَ صَٰلِحًا تَرْضَىٰهُ وَأَدْخِلْنِى بِرَحْمَتِكَ فِى عِبَادِكَ ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এই কথা শুনি ছুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।
See all translations of this verse →
وَتَفَقَّدَ ٱلطَّيْرَ فَقَالَ مَا لِىَ لَآ أَرَى ٱلْهُدْهُدَ أَمْ كَانَ مِنَ ٱلْغَآئِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁ (ছুলাইমানে) চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি?
See all translations of this verse →
لَأُعَذِّبَنَّهُۥ عَذَابًا شَدِيدًا أَوْ لَأَا۟ذْبَحَنَّهُۥٓ أَوْ لَيَأْتِيَنِّى بِسُلْطَٰنٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় তাক মই কঠিন শাস্তি বিহিম, নহ’লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব’।
See all translations of this verse →
فَمَكَثَ غَيْرَ بَعِيدٍ فَقَالَ أَحَطتُ بِمَا لَمْ تُحِطْ بِهِۦ وَجِئْتُكَ مِن سَبَإٍۭ بِنَبَإٍ يَقِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছোঁ। মই আপোনাৰ বাবে ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ।
See all translations of this verse →
إِنِّى وَجَدتُّ ٱمْرَأَةً تَمْلِكُهُمْ وَأُوتِيَتْ مِن كُلِّ شَىْءٍ وَلَهَا عَرْشٌ عَظِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মই এগৰাকী নাৰীক সিহঁতৰ ওপৰত ৰাজত্ব কৰা দেখি আহিলোঁ। তাইক সকলো বস্তু প্ৰদান কৰা হৈছে লগতে তাইৰ এখন বিশাল সিংহাসনো আছে।
See all translations of this verse →
وَجَدتُّهَا وَقَوْمَهَا يَسْجُدُونَ لِلشَّمْسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ أَعْمَٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ فَهُمْ لَا يَهْتَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মই তাইক আৰু তাইৰ সম্প্ৰদায়ক দেখিলোঁ সিহঁতে আল্লাহৰ পৰিবৰ্তে সূৰ্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ কাৰ্যৱলী সিহঁতৰ ওচৰত সুশোভিত কৰি দিছে আৰু সিহঁতক সৎপথৰ পৰা বাধাগ্ৰস্ত কৰিছে, ফলত সিহঁতে হিদায়ত পোৱা নাই;
See all translations of this verse →
أَلَّا يَسْجُدُوا۟ لِلَّهِ ٱلَّذِى يُخْرِجُ ٱلْخَبْءَ فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَيَعْلَمُ مَا تُخْفُونَ وَمَا تُعْلِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman (চয়তানে এই কাৰণে বাধা দিছে যে,) যাতে সিহঁতে আল্লাহক ছাজদাহ নকৰে, যিজনে আকাশসমূহ আৰু পৃথিৱীৰ গুপ্ত বস্তুবোৰক প্ৰকাশ কৰে, আৰু তেৱেঁই জানে যি তোমালোকে গোপন কৰা আৰু যি তোমালোকে প্ৰকাশ কৰা।
See all translations of this verse →
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই মহা আৰছৰ প্ৰতিপালক।
See all translations of this verse →
قَالَ سَنَنظُرُ أَصَدَقْتَ أَمْ كُنتَ مِنَ ٱلْكَٰذِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ছুলাইমানে ক’লে, ‘আমি পৰীক্ষা কৰি চাম, তুমি সঁচাই কৈছা নে তুমি মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
ٱذْهَب بِّكِتَٰبِى هَٰذَا فَأَلْقِهْ إِلَيْهِمْ ثُمَّ تَوَلَّ عَنْهُمْ فَٱنظُرْ مَاذَا يَرْجِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তুমি মোৰ এই পত্ৰখন লৈ যোৱা আৰু এইখন সিহঁতৰ ওচৰত পেলাই দিয়াগৈ, তাৰ পিছত সিহঁতৰ পৰা আঁতৰত থাকিবা আৰু লক্ষ্য কৰিবা সিহঁতৰ প্ৰতিক্ৰিয়া কি’?
See all translations of this verse →
قَالَتْ يَٰٓأَيُّهَا ٱلْمَلَؤُا۟ إِنِّىٓ أُلْقِىَ إِلَىَّ كِتَٰبٌ كَرِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman সেই মহিলা (ৰাণী) গৰাকীয়ে ক’লে, ‘হে মোৰ পৰিষদবৰ্গ! নিশ্চয় মোলৈ এখন সন্মানিত পত্ৰ প্ৰেৰণ কৰা হৈছে;
See all translations of this verse →
إِنَّهُۥ مِن سُلَيْمَٰنَ وَإِنَّهُۥ بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় এইখন ছুলাইমানৰ তৰফৰ পৰা (প্ৰেৰিত), আৰু (য'ত লিখা আছে, আৰম্ভ কৰিছোঁ) পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত,
See all translations of this verse →
أَلَّا تَعْلُوا۟ عَلَىَّ وَأْتُونِى مُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যাতে তোমালোকে অহংকাৰ কৰি মোৰ বিৰোধিতা নকৰা, লগতে আত্মসমৰ্পণ কৰি (মুছলিম হৈ) মোৰ ওচৰলৈ উপস্থিত হোৱা’।
See all translations of this verse →
قَالَتْ يَٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَفْتُونِى فِىٓ أَمْرِى مَا كُنتُ قَاطِعَةً أَمْرًا حَتَّىٰ تَشْهَدُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman ৰাণীয়ে ক’লে, ‘হে পৰিষদবৰ্গ! তোমালোকে মোৰ এই বিষয়ত অভিমত দিয়া। তোমালোকৰ অনুপস্থিতিত মই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰোঁ’।
See all translations of this verse →
قَالُوا۟ نَحْنُ أُو۟لُوا۟ قُوَّةٍ وَأُو۟لُوا۟ بَأْسٍ شَدِيدٍ وَٱلْأَمْرُ إِلَيْكِ فَٱنظُرِى مَاذَا تَأْمُرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘আমি দেখোন শক্তিশালী আৰু কঠোৰ যুদ্ধা, কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ কেৱল আপোনাৰহে আছে; এতেকে চিন্তা কৰি চাওক, কি নিৰ্দেশ কৰিব’।
See all translations of this verse →
قَالَتْ إِنَّ ٱلْمُلُوكَ إِذَا دَخَلُوا۟ قَرْيَةً أَفْسَدُوهَا وَجَعَلُوٓا۟ أَعِزَّةَ أَهْلِهَآ أَذِلَّةً وَكَذَٰلِكَ يَفْعَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ৰাণীয়ে ক’লে, ‘ৰজাসকলে যেতিয়া কোনো জনপদত (বিজয়ীৰূপে) প্ৰৱেশ কৰে তেতিয়া তাক বিপৰ্যস্ত কৰি দিয়ে আৰু তাত থকা মৰ্যাদাশীল ব্যক্তিসকলক অপদস্থ কৰে, আৰু এইটোৱে হৈছে সিহঁতৰ ৰীতি;
See all translations of this verse →
وَإِنِّى مُرْسِلَةٌ إِلَيْهِم بِهَدِيَّةٍ فَنَاظِرَةٌۢ بِمَ يَرْجِعُ ٱلْمُرْسَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু নিশ্চয় মই সিহঁতৰ ওচৰলৈ উপঢৌকন প্ৰেৰণ কৰিম, চাওঁ, কটকীয়ে কি সংবাদ লৈ উভতি আহে’।
See all translations of this verse →
فَلَمَّا جَآءَ سُلَيْمَٰنَ قَالَ أَتُمِدُّونَنِ بِمَالٍ فَمَآ ءَاتَىٰنِۦَ ٱللَّهُ خَيْرٌ مِّمَّآ ءَاتَىٰكُم بَلْ أَنتُم بِهَدِيَّتِكُمْ تَفْرَحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে যেতিয়া কটকী আহি ছুলাইমানৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ উত্তৰত ক’লে, ‘তোমালোকে মোক ধন-সম্পদ প্ৰদান কৰি সহায় কৰিব বিচাৰিছা নেকি? (শুনা) আল্লাহে মোক যি দান কৰিছে সেয়া তোমালোকক যি দিছে তাতকৈও উৎকৃষ্ট বৰং তোমালোকেই তোমালোকৰ উপঢৌকন লৈ আনন্দ কৰাগৈ।
See all translations of this verse →
ٱرْجِعْ إِلَيْهِمْ فَلَنَأْتِيَنَّهُم بِجُنُودٍ لَّا قِبَلَ لَهُم بِهَا وَلَنُخْرِجَنَّهُم مِّنْهَآ أَذِلَّةً وَهُمْ صَٰغِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘সিহঁতৰ ওচৰলৈ উভতি যোৱা, (আৰু শুনা) নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা সৈন্যবাহিনী লৈ আহিম যাৰ মুকাবিলা কৰাৰ শক্তি সিহঁতৰ নাই, লগতে সিহঁতক আমি অৱশ্যে তাৰ পৰা লাঞ্ছিত কৰি বহিষ্কাৰ কৰিম আৰু সিহঁত হ’ব অপমানিত’।
See all translations of this verse →
قَالَ يَٰٓأَيُّهَا ٱلْمَلَؤُا۟ أَيُّكُمْ يَأْتِينِى بِعَرْشِهَا قَبْلَ أَن يَأْتُونِى مُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman (ছুলাইমানে তেওঁৰ পৰিষদবৰ্গক উদ্দেশ্য কৰি) ক’লে, ‘হে পৰিষদবৰ্গ! সিহঁত মোৰ ওচৰলৈ আত্মসমৰ্পণ কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে মোক তাইৰ সিংহাসন আনি দিব পাৰিবা’?
See all translations of this verse →
قَالَ عِفْرِيتٌ مِّنَ ٱلْجِنِّ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن تَقُومَ مِن مَّقَامِكَ وَإِنِّى عَلَيْهِ لَقَوِىٌّ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman এজন শক্তিশালী জিনে ক’লে, ‘আপুনি আপোনাৰ স্থানৰ পৰা উঠাৰ পূৰ্বেই মই সেইখন লৈ উপস্থিত হম আৰু এই বিষয়ে নিশ্চয় মই শক্তিমান, বিশ্বস্ত’।
See all translations of this verse →
قَالَ ٱلَّذِى عِندَهُۥ عِلْمٌ مِّنَ ٱلْكِتَٰبِ أَنَا۠ ءَاتِيكَ بِهِۦ قَبْلَ أَن يَرْتَدَّ إِلَيْكَ طَرْفُكَ فَلَمَّا رَءَاهُ مُسْتَقِرًّا عِندَهُۥ قَالَ هَٰذَا مِن فَضْلِ رَبِّى لِيَبْلُوَنِىٓ ءَأَشْكُرُ أَمْ أَكْفُرُ وَمَن شَكَرَ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ وَمَن كَفَرَ فَإِنَّ رَبِّى غَنِىٌّ كَرِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman যাৰ ওচৰত গ্ৰন্থৰ জ্ঞান আছিল তেওঁ ক’লে, ‘মই চকুৰ পলকতে সেইখন আপোনাৰ ওচৰলৈ আনি দিব পাৰিম’। এতেকে ছুলাইমানে যেতিয়া সেইখন নিজৰ সন্মুখত স্থিৰ অৱস্থাত দেখা পালে তেতিয়া তেওঁ ক’লে, ‘এয়া হৈছে মোৰ প্ৰতিপালকৰ অনুগ্ৰহ, যাতে তেওঁ মোক পৰীক্ষা কৰে যে, মই তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰোঁ নে অকৃতজ্ঞতা প্ৰকাশ কৰোঁ। এতেকে যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু যিয়ে অকৃতজ্ঞ হয়, সি জানি থোৱা উচিত যে, নিশ্চয় মোৰ প্ৰতিপালক অভাৱ মুক্ত, মহানুভৱ’।
See all translations of this verse →
قَالَ نَكِّرُوا۟ لَهَا عَرْشَهَا نَنظُرْ أَتَهْتَدِىٓ أَمْ تَكُونُ مِنَ ٱلَّذِينَ لَا يَهْتَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ছুলাইমানে ক’লে, ‘তোমালোকে তাইৰ সিংহাসনৰ আকাৰ-আকৃতি পৰিবৰ্তন কৰি দিয়া, চাওঁ, তাই সঠিকভাৱে চিনিব পাৰে নে সিহঁতৰ অন্তৰ্ভুক্ত হয় যিহঁতে কোনো দিহ নাপায়’।
See all translations of this verse →
فَلَمَّا جَآءَتْ قِيلَ أَهَٰكَذَا عَرْشُكِ قَالَتْ كَأَنَّهُۥ هُوَ وَأُوتِينَا ٱلْعِلْمَ مِن قَبْلِهَا وَكُنَّا مُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে যেতিয়া তাই আহিল, তেতিয়া তাইক কোৱা হ’ল, ‘তোমাৰ সিংহাসনখন এনেকুৱাই নেকি’? তাই ক’লে, ‘সেইখনেই যেন লাগিছে, আৰু আমাক ইয়াৰ পূৰ্বেই প্ৰকৃত জ্ঞান দান কৰা হৈছে আৰু আমি আজ্ঞাবহ হৈছোঁ’।
See all translations of this verse →
وَصَدَّهَا مَا كَانَت تَّعْبُدُ مِن دُونِ ٱللَّهِ إِنَّهَا كَانَتْ مِن قَوْمٍ كَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহৰ পৰিবৰ্তে তাই যাৰ পূজা পাঠ কৰিছিল সেইটোৱেই তাইক ঈমানৰ পৰা নিবৃত্ত কৰিছিল। নিশ্চয় তাই আছিল কাফিৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
قِيلَ لَهَا ٱدْخُلِى ٱلصَّرْحَ فَلَمَّا رَأَتْهُ حَسِبَتْهُ لُجَّةً وَكَشَفَتْ عَن سَاقَيْهَا قَالَ إِنَّهُۥ صَرْحٌ مُّمَرَّدٌ مِّن قَوَارِيرَ قَالَتْ رَبِّ إِنِّى ظَلَمْتُ نَفْسِى وَأَسْلَمْتُ مَعَ سُلَيْمَٰنَ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাইক কোৱা হ’ল, ‘প্ৰাসাদটোৰ ভিতৰত প্ৰৱেশ কৰা’। এতেকে যেতিয়া তাই সেইখন দেখিলে, তেতিয়া তাই সেইখনক জলাশয় বুলি ভাবিলে আৰু দুয়ো ভৰিৰ কাপোৰ কলাফুলিলৈকে অনাবৃত কৰিলে। তেওঁ (ছুলাইমানে) ক’লে, ‘এইখন কাচেৰে নিৰ্মিত স্বচ্ছ প্ৰাসাদহে’। মহিলা গৰাকীয়ে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় মই নিজৰ প্ৰতি অন্যায় কৰিছিলোঁ, আৰু এতিয়া মই ছুলাইমানৰ লগত বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলোঁ’।
See all translations of this verse →
وَلَقَدْ أَرْسَلْنَآ إِلَىٰ ثَمُودَ أَخَاهُمْ صَٰلِحًا أَنِ ٱعْبُدُوا۟ ٱللَّهَ فَإِذَا هُمْ فَرِيقَانِ يَخْتَصِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় আমি ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ এই আদেশ প্ৰদান কৰি যে, ‘তোমালোকে আল্লাহৰ ইবাদত কৰা’। তাৰ পিছত সিহঁতে দুই দলত বিভক্ত হৈ বিতৰ্কত লিপ্ত হৈছিল।
See all translations of this verse →
قَالَ يَٰقَوْمِ لِمَ تَسْتَعْجِلُونَ بِٱلسَّيِّئَةِ قَبْلَ ٱلْحَسَنَةِ لَوْلَا تَسْتَغْفِرُونَ ٱللَّهَ لَعَلَّكُمْ تُرْحَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কিয় কল্যাণৰ আগতে অকল্যাণ ত্বৰান্বিত কৰিব বিচৰা, তোমালোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তোমালোকে ৰহমত প্ৰাপ্ত হ’ব পাৰা’?
See all translations of this verse →
قَالُوا۟ ٱطَّيَّرْنَا بِكَ وَبِمَن مَّعَكَ قَالَ طَٰٓئِرُكُمْ عِندَ ٱللَّهِ بَلْ أَنتُمْ قَوْمٌ تُفْتَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে কৈছিল, ‘আমি তোমাক আৰু তোমাৰ সঙ্গীসকলক অমঙ্গলৰ কাৰণ বুলি ভাবোঁ’। ছলেহে (উত্তৰত) কৈছিল, ‘তোমালোকৰ অমঙ্গল গ্ৰহণ কৰাটো হৈছে আল্লাহৰ ইখতিয়াৰত, প্ৰকৃততে তোমালোক এনেকুৱা এটা সম্প্ৰদায় যিসকলক পৰীক্ষা কৰা হৈছে’।
See all translations of this verse →
وَكَانَ فِى ٱلْمَدِينَةِ تِسْعَةُ رَهْطٍ يُفْسِدُونَ فِى ٱلْأَرْضِ وَلَا يُصْلِحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সেই চহৰত আছিল এনেকুৱা নজন ব্যক্তি, যিসকলে দেশত বিপৰ্যয় সৃষ্টি কৰিছিল আৰু সংশোধন কৰা নাছিল।
See all translations of this verse →
قَالُوا۟ تَقَاسَمُوا۟ بِٱللَّهِ لَنُبَيِّتَنَّهُۥ وَأَهْلَهُۥ ثُمَّ لَنَقُولَنَّ لِوَلِيِّهِۦ مَا شَهِدْنَا مَهْلِكَ أَهْلِهِۦ وَإِنَّا لَصَٰدِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে ক’লে, ‘তোমালোকে পৰস্পৰে আল্লাহৰ শপত গ্ৰহণ কৰা, আমি ৰাতিৰ ভিতৰতে শেষ কৰি দিম তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক; তাৰ পিছত তেওঁৰ অভিভাৱকক নিশ্চিতৰূপে কম যে, তেওঁৰ পৰিয়ালবৰ্গৰ হত্যা আমি প্ৰত্যক্ষ কৰা নাছিলোঁ, আৰু নিশ্চয় আমি সত্যবাদী’।
See all translations of this verse →
وَمَكَرُوا۟ مَكْرًا وَمَكَرْنَا مَكْرًا وَهُمْ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিছিলোঁ, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল।
See all translations of this verse →
فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ مَكْرِهِمْ أَنَّا دَمَّرْنَٰهُمْ وَقَوْمَهُمْ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছোঁ।
See all translations of this verse →
فَتِلْكَ بُيُوتُهُمْ خَاوِيَةًۢ بِمَا ظَلَمُوٓا۟ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman চোৱা, এইবোৰ হৈছে সিহঁতৰ ঘৰ-দুৱাৰ, অন্যায় কৰাৰ কাৰণে এইবোৰ জনশূন্য হৈ আছে; নিশ্চয় ইয়াত নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে জ্ঞান ৰাখে।
See all translations of this verse →
وَأَنجَيْنَا ٱلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে ঈমান আনিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ আৰু তেওঁলোক আছিল তাক্বৱা অৱলম্বনকাৰী।
See all translations of this verse →
وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ أَتَأْتُونَ ٱلْفَٰحِشَةَ وَأَنتُمْ تُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু স্মৰণ কৰা লূতৰ কথা, তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে জানি-বুজি কিয় অশ্লীল কাম কৰা?
See all translations of this verse →
أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ شَهْوَةً مِّن دُونِ ٱلنِّسَآءِ بَلْ أَنتُمْ قَوْمٌ تَجْهَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তোমালোকে কামতৃপ্তিৰ বাবে নাৰীসকলক এৰি পুৰুষৰ ওচৰলৈ উপগত হোৱানে! প্ৰকৃততে তোমালোক হৈছা এটা অজ্ঞ সম্প্ৰদায়’।
See all translations of this verse →
فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوٓا۟ أَخْرِجُوٓا۟ ءَالَ لُوطٍ مِّن قَرْيَتِكُمْ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত পৰিয়ালক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰি দিয়া, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।
See all translations of this verse →
فَأَنجَيْنَٰهُ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ قَدَّرْنَٰهَا مِنَ ٱلْغَٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক উদ্ধাৰ কৰিলোঁ, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, আমি তাইক অৱশিষ্টবিলাকৰ অন্তৰ্ভুক্ত কৰিছিলোঁ।
See all translations of this verse →
وَأَمْطَرْنَا عَلَيْهِم مَّطَرًا فَسَآءَ مَطَرُ ٱلْمُنذَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এতেকে যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!
See all translations of this verse →
قُلِ ٱلْحَمْدُ لِلَّهِ وَسَلَٰمٌ عَلَىٰ عِبَادِهِ ٱلَّذِينَ ٱصْطَفَىٰٓ ءَآللَّهُ خَيْرٌ أَمَّا يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, আৰু শান্তি কেৱল তেওঁৰ মনোনীত বান্দাসকলৰ প্ৰতি! (তেন্তে কোৱাচোন!) কোন শ্ৰেষ্ঠ, আল্লাহ নে সেইবোৰ, যিবোৰক সিহঁতে যি অংশী কৰে’?
See all translations of this verse →
أَمَّنْ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَأَنزَلَ لَكُم مِّنَ ٱلسَّمَآءِ مَآءً فَأَنۢبَتْنَا بِهِۦ حَدَآئِقَ ذَاتَ بَهْجَةٍ مَّا كَانَ لَكُمْ أَن تُنۢبِتُوا۟ شَجَرَهَآ أَءِلَٰهٌ مَّعَ ٱللَّهِ بَلْ هُمْ قَوْمٌ يَعْدِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেই উদ্যানবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।
See all translations of this verse →
أَمَّن جَعَلَ ٱلْأَرْضَ قَرَارًا وَجَعَلَ خِلَٰلَهَآ أَنْهَٰرًا وَجَعَلَ لَهَا رَوَٰسِىَ وَجَعَلَ بَيْنَ ٱلْبَحْرَيْنِ حَاجِزًا أَءِلَٰهٌ مَّعَ ٱللَّهِ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে পৃথিৱীক বাসোপযোগী কৰিছে আৰু ইয়াৰ মাজে মাজে নদ-নদী প্ৰবাহিত কৰিছে, আৰু ইয়াত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, লগতে দুই সাগৰৰ মাজত সৃষ্টি কৰিছে অন্তৰায়, (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁতৰ অধিকাংশই নাজানে।
See all translations of this verse →
أَمَّن يُجِيبُ ٱلْمُضْطَرَّ إِذَا دَعَاهُ وَيَكْشِفُ ٱلسُّوٓءَ وَيَجْعَلُكُمْ خُلَفَآءَ ٱلْأَرْضِ أَءِلَٰهٌ مَّعَ ٱللَّهِ قَلِيلًا مَّا تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে নিৰুপায় ব্যক্তিৰ আহ্বানত সঁহাৰি দিয়ে যেতিয়া সি তেওঁক আহ্বান কৰে আৰু তেৱেঁই বিপদ-আপদ দূৰীভূত কৰে, লগতে তেৱেঁই তোমালোকক পৃথিৱীৰ প্ৰতিনিধি বনায়। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
See all translations of this verse →
أَمَّن يَهْدِيكُمْ فِى ظُلُمَٰتِ ٱلْبَرِّ وَٱلْبَحْرِ وَمَن يُرْسِلُ ٱلرِّيَٰحَ بُشْرًۢا بَيْنَ يَدَىْ رَحْمَتِهِۦٓ أَءِلَٰهٌ مَّعَ ٱللَّهِ تَعَٰلَى ٱللَّهُ عَمَّا يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে তোমালোকক স্থলত আৰু সাগৰৰ অন্ধকাৰত পথ দেখুৱায় আৰু তেৱেঁই নিজ অনুগ্ৰহৰ পূৰ্বে সুসংবাদবাহী বতাহ প্ৰেৰণ কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? সিহঁতে যিবোৰক অংশীদাৰ স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
See all translations of this verse →
أَمَّن يَبْدَؤُا۟ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥ وَمَن يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ أَءِلَٰهٌ مَّعَ ٱللَّهِ قُلْ هَاتُوا۟ بُرْهَٰنَكُمْ إِن كُنتُمْ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং তেওঁহে (শ্ৰেষ্ঠ), যিজনে প্ৰথমে সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই ইয়াৰ পুনৰাবৃত্তি কৰিব আৰু তেৱেঁই আকাশ আৰু পৃথিৱীৰ পৰা তোমালোকক জীৱনোপকৰণ দান কৰে। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনোবা ইলাহ আছেনে? কোৱা, ‘যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ প্ৰমাণ লৈ আহা’।
See all translations of this verse →
قُل لَّا يَعْلَمُ مَن فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ٱلْغَيْبَ إِلَّا ٱللَّهُ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘আল্লাহৰ বাহিৰে আকাশসমূহ আৰু পৃথিৱীৰ কাৰো ওচৰতেই গায়েবৰ জ্ঞান নাই। আনকি সিহঁতে (এই কথাও) উপলব্ধি কৰিব নোৱাৰে যে সিহঁতক কেতিয়া উত্থিত কৰা হ’ব’।
See all translations of this verse →
بَلِ ٱدَّٰرَكَ عِلْمُهُمْ فِى ٱلْـَٔاخِرَةِ بَلْ هُمْ فِى شَكٍّ مِّنْهَا بَلْ هُم مِّنْهَا عَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং আখিৰাত সম্পৰ্কে সিহঁতৰ জ্ঞান নিঃশেষ হৈছে; আৰু সেই বিষয়ে সিহঁতে সন্দেহত লিপ্ত হৈছে, তথা এই বিষয়ত সিহঁত হৈছে অন্ধ।
See all translations of this verse →
وَقَالَ ٱلَّذِينَ كَفَرُوٓا۟ أَءِذَا كُنَّا تُرَٰبًا وَءَابَآؤُنَآ أَئِنَّا لَمُخْرَجُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু কাফিৰসকলে কয়, ‘আমি আৰু আমাৰ পিতৃ-পুৰুষসকল যেতিয়া মাটিত পৰিণত হম, তাৰ পিছতো আমাক আকৌ উলিয়াই আনা হ’ব নেকি?
See all translations of this verse →
لَقَدْ وُعِدْنَا هَٰذَا نَحْنُ وَءَابَآؤُنَا مِن قَبْلُ إِنْ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় এই বিষয়ে আমাক আৰু ইয়াৰ পূৰ্বে আমাৰ পিতৃ-পুৰুষসকলোকো প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইটো পূৰ্বৱৰ্তীবিলাকৰ উপকথাৰ বাহিৰে আন একো নহয়’।
See all translations of this verse →
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, অপৰাধীবিলাকৰ পৰিণাম কেনেকুৱা আছিল’।
See all translations of this verse →
وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُن فِى ضَيْقٍ مِّمَّا يَمْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰতো মনঃক্ষুণ্ণও নহ’বা।
See all translations of this verse →
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلْوَعْدُ إِن كُنتُمْ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া এই প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব’?
See all translations of this verse →
قُلْ عَسَىٰٓ أَن يَكُونَ رَدِفَ لَكُم بَعْضُ ٱلَّذِى تَسْتَعْجِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘তোমালোকে যিটো বিষয়ক ত্বৰান্বিত কৰিব বিচাৰিছা, সম্ভৱতঃ তাৰে কিছু (অংশ) তোমালোকৰ পিছে পিছে আহিয়ে পাইছে!’
See all translations of this verse →
وَإِنَّ رَبَّكَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় তোমাৰ প্ৰতিপালক মানুহৰ প্ৰতি অনুগ্ৰহশীল; কিন্তু সিহঁতৰ অধিকাংশই হৈছে অকৃতজ্ঞ।
See all translations of this verse →
وَإِنَّ رَبَّكَ لَيَعْلَمُ مَا تُكِنُّ صُدُورُهُمْ وَمَا يُعْلِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় তোমাৰ প্ৰতিপালক, তেওঁ অৱশ্যে জানে সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু সিহঁতে যি প্ৰকাশ কৰে।
See all translations of this verse →
وَمَا مِنْ غَآئِبَةٍ فِى ٱلسَّمَآءِ وَٱلْأَرْضِ إِلَّا فِى كِتَٰبٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman আকাশ আৰু পৃথিৱীত এনে কোনো গোপন ৰহস্য নাই, যিটো সুস্পষ্ট কিতাবত (লিপিবদ্ধ) নাই।
See all translations of this verse →
إِنَّ هَٰذَا ٱلْقُرْءَانَ يَقُصُّ عَلَىٰ بَنِىٓ إِسْرَٰٓءِيلَ أَكْثَرَ ٱلَّذِى هُمْ فِيهِ يَخْتَلِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বনী ইছৰাঈলে যিবোৰ বিষয়কলৈ বিতৰ্ক কৰিছিল, নিশ্চয় এই কোৰআনে তাৰে অধিকাংশ বিষয় সিহঁতৰ ওচৰত বিৱৰণ দিয়ে।
See all translations of this verse →
وَإِنَّهُۥ لَهُدًى وَرَحْمَةٌ لِّلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় এইখন হৈছে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।
See all translations of this verse →
إِنَّ رَبَّكَ يَقْضِى بَيْنَهُم بِحُكْمِهِۦ وَهُوَ ٱلْعَزِيزُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় তোমাৰ প্ৰতিপালকে তেওঁৰ বিধান অনুযায়ী সিহঁতৰ মাজত ফয়চালা কৰি দিব; আৰু তেওঁ মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ।
See all translations of this verse →
فَتَوَكَّلْ عَلَى ٱللَّهِ إِنَّكَ عَلَى ٱلْحَقِّ ٱلْمُبِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰা; নিশ্চয় তুমি সুস্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছা।
See all translations of this verse →
إِنَّكَ لَا تُسْمِعُ ٱلْمَوْتَىٰ وَلَا تُسْمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوْا۟ مُدْبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই উভতি যায়।
See all translations of this verse →
وَمَآ أَنتَ بِهَٰدِى ٱلْعُمْىِ عَن ضَلَٰلَتِهِمْ إِن تُسْمِعُ إِلَّا مَن يُؤْمِنُ بِـَٔايَٰتِنَا فَهُم مُّسْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি অন্ধবিলাককো সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা সঠিক পথলৈ আনিব নোৱাৰিবা। তুমি কেৱল তেওঁলোককহে শুনাব পাৰিবা যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, এতেকে তেওঁলোকেই হৈছে আত্মসমৰ্পণকাৰী।
See all translations of this verse →
وَإِذَا وَقَعَ ٱلْقَوْلُ عَلَيْهِمْ أَخْرَجْنَا لَهُمْ دَآبَّةً مِّنَ ٱلْأَرْضِ تُكَلِّمُهُمْ أَنَّ ٱلنَّاسَ كَانُوا۟ بِـَٔايَٰتِنَا لَا يُوقِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যেতিয়া সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব তেতিয়া আমি সিহঁতৰ বাবে পৃথিৱীৰ পৰা এটা জন্তু উলিয়াম (দা-ব্বাতুল আৰ্দ্ব), যিটো সিহঁতৰ লগত কথা ক'ব যে, মানুহে আমাৰ নিদৰ্শনসমূহৰ প্ৰতি নিশ্চিত বিশ্বাস কৰা নাছিল।
See all translations of this verse →
وَيَوْمَ نَحْشُرُ مِن كُلِّ أُمَّةٍ فَوْجًا مِّمَّن يُكَذِّبُ بِـَٔايَٰتِنَا فَهُمْ يُوزَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু (স্মৰণ কৰা সেই দিনটোৰ কথা,) যিদিনা আমি সমবেত কৰিম প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একো একোটা দল, যিসকলে আমাৰ নিদৰ্শনাৱলী প্ৰত্যাখ্যান কৰিছিল। তাৰ পিছত সিহঁতক শাৰীবদ্ধভাৱে একত্ৰিত কৰা হ'ব।
See all translations of this verse →
حَتَّىٰٓ إِذَا جَآءُو قَالَ أَكَذَّبْتُم بِـَٔايَٰتِى وَلَمْ تُحِيطُوا۟ بِهَا عِلْمًا أَمَّاذَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman অৱশেষত যেতিয়া সিহঁত আহি যাব, তেতিয়া আল্লাহে সিহঁতক ক’ব, ‘তোমালোকে মোৰ আয়াতসমূহক অস্বীকাৰ কৰিছিলা নেকি, অথচ সেই বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাছিল, নে তোমালোকে আৰু কিবা কৰিছিলা?
See all translations of this verse →
وَوَقَعَ ٱلْقَوْلُ عَلَيْهِم بِمَا ظَلَمُوا۟ فَهُمْ لَا يَنطِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman গতিকে অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত ঘোষিত শাস্তি আহি পৰিব; ফলত সিহঁতে কথাও ক’ব নোৱাৰিব।
See all translations of this verse →
أَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا ٱلَّيْلَ لِيَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে দেখা নাইনে যে, আমিয়েই সিহঁতৰ বাবে ৰাতি সৃষ্টি কৰিছোঁ, যাতে সিহঁতে বিশ্ৰাম লব পাৰে আৰু দিনক কৰিছোঁ দৃশ্যমান? নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
See all translations of this verse →
وَيَوْمَ يُنفَخُ فِى ٱلصُّورِ فَفَزِعَ مَن فِى ٱلسَّمَٰوَٰتِ وَمَن فِى ٱلْأَرْضِ إِلَّا مَن شَآءَ ٱللَّهُ وَكُلٌّ أَتَوْهُ دَٰخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিদিনা শিঙাত ফুঁ দিয়া হ’ব, সেইদিনা আকাশসমূহ আৰু পৃথিৱীৰ সকলোৱে ভীত-বিহ্বল হৈ পৰিব, কিন্তু আল্লাহে যিসকলক (ইয়াৰ পৰা বিৰত ৰাখিবলৈ) ইচ্ছা কৰিব তেওঁলোকৰ বাহিৰে, আৰু সকলোৱে তেওঁৰ ওচৰত (লাঞ্ছিত তথা) হীন অৱস্থাত উপস্থিত হ’ব।
See all translations of this verse →
وَتَرَى ٱلْجِبَالَ تَحْسَبُهَا جَامِدَةً وَهِىَ تَمُرُّ مَرَّ ٱلسَّحَابِ صُنْعَ ٱللَّهِ ٱلَّذِىٓ أَتْقَنَ كُلَّ شَىْءٍ إِنَّهُۥ خَبِيرٌۢ بِمَا تَفْعَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি যিবোৰ পাহাৰ-পৰ্বতক দেখি অচল ভাবি আছা, অথচ (সেইদিনা) এইবোৰ মেঘপুঞ্জৰ দৰে চলমান হ’ব। এইটো আল্লাহৰেই সৃষ্টি-নৈপুণ্য, যিজনে সকলো বস্তুকেই কৰিছে সুষম। তোমালোকে যি কৰা নিশ্চয় তেওঁ সেই সম্পৰ্কে সম্যক অৱহিত।
See all translations of this verse →
مَن جَآءَ بِٱلْحَسَنَةِ فَلَهُۥ خَيْرٌ مِّنْهَا وَهُم مِّن فَزَعٍ يَوْمَئِذٍ ءَامِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাতকৈও উৎকৃষ্ট প্ৰতিফল পাব আৰু সেইদিনা তেওঁলোক ভীতিকৰ অৱস্থাৰ পৰা নিৰাপদ থাকিব।
See all translations of this verse →
وَمَن جَآءَ بِٱلسَّيِّئَةِ فَكُبَّتْ وُجُوهُهُمْ فِى ٱلنَّارِ هَلْ تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আনহাতে যিয়ে অসৎকৰ্ম লৈ আহিব, তাক অধোমুখে জুইত নিক্ষেপ কৰা হ’ব। (লগতে সিহঁতক কোৱা হ’ব) তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
See all translations of this verse →
إِنَّمَآ أُمِرْتُ أَنْ أَعْبُدَ رَبَّ هَٰذِهِ ٱلْبَلْدَةِ ٱلَّذِى حَرَّمَهَا وَلَهُۥ كُلُّ شَىْءٍ وَأُمِرْتُ أَنْ أَكُونَ مِنَ ٱلْمُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মোক নিৰ্দেশ কৰা হৈছে এই নগৰৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ, যিজনে ইয়াক সন্মানিত কৰিছে। সকলো বস্তু তেওঁৰেই। মোক আৰু আদেশ কৰা হৈছে, মই যেন আত্মসমৰ্পনকাৰীসকলৰ অন্তৰ্ভুক্ত হওঁ।
See all translations of this verse →
وَأَنْ أَتْلُوَا۟ ٱلْقُرْءَانَ فَمَنِ ٱهْتَدَىٰ فَإِنَّمَا يَهْتَدِى لِنَفْسِهِۦ وَمَن ضَلَّ فَقُلْ إِنَّمَآ أَنَا۠ مِنَ ٱلْمُنذِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মোক আৰু নিৰ্দেশ দিয়া হৈছে, কোৰআন তিলাৱত কৰিবলৈ। এতেকে যিয়ে সৎপথ অৱলম্বন কৰে সি নিজৰ কল্যাণৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে ভুল পথ অৱলম্বন কৰে, তেন্তে তুমি কোৱা, ‘মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী’।
See all translations of this verse →
وَقُلِ ٱلْحَمْدُ لِلَّهِ سَيُرِيكُمْ ءَايَٰتِهِۦ فَتَعْرِفُونَهَا وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই, অচিৰেই তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, তেতিয়া তোমালোকে সেয়া চিনিব পাৰিবা’। তোমালোকে যি কৰা সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।
See all translations of this verse →
← ছুৰা Ash-Shu'araa
ছুৰা Al-Qasas →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.