caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Qamar القمر

৫৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৩৭

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ٱقْتَرَبَتِ ٱلسَّاعَةُ وَٱنشَقَّ ٱلْقَمَرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিয়ামত নিকটৱৰ্তী হৈছে আৰু চন্দ্ৰ বিদীৰ্ণ হৈছে,

See all translations of this verse →

وَإِن يَرَوْا۟ ءَايَةً يُعْرِضُوا۟ وَيَقُولُوا۟ سِحْرٌ مُّسْتَمِرٌّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কোনো নিদৰ্শন দেখিলে মুখ ঘূৰাই লয় আৰু কয়, ‘এয়াতো চিৰাচৰিত যাদুহে’।

See all translations of this verse →

وَكَذَّبُوا۟ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ وَكُلُّ أَمْرٍ مُّسْتَقِرٌّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে অস্বীকাৰ কৰে আৰু নিজ নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, অথচ প্ৰতিটো বিষয়েই শেষ লক্ষ্যত উপনীত হ’ব।

See all translations of this verse →

وَلَقَدْ جَآءَهُم مِّنَ ٱلْأَنۢبَآءِ مَا فِيهِ مُزْدَجَرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় সিহঁতৰ ওচৰলৈ আহি পাইছে সংবাদসমূহ, য’ত আছে সতৰ্কবাণী,

See all translations of this verse →

حِكْمَةٌۢ بَٰلِغَةٌ فَمَا تُغْنِ ٱلنُّذُرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইখন হৈছে পৰিপূৰ্ণ জ্ঞানগৰ্ভ বাণী, কিন্তু এই সতৰ্কবাণী সিহঁতৰ কোনো কামত অহা নাই।

See all translations of this verse →

فَتَوَلَّ عَنْهُمْ يَوْمَ يَدْعُ ٱلدَّاعِ إِلَىٰ شَىْءٍ نُّكُرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,

See all translations of this verse →

خُشَّعًا أَبْصَٰرُهُمْ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ كَأَنَّهُمْ جَرَادٌ مُّنتَشِرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতে অপমানিত অৱনমিত নয়নেৰে কবৰৰ পৰা ওলাই আহিব, এনে লাগিব যেনিবা সিহঁত বিক্ষিপ্ত ফৰিংহে,

See all translations of this verse →

مُّهْطِعِينَ إِلَى ٱلدَّاعِ يَقُولُ ٱلْكَٰفِرُونَ هَٰذَا يَوْمٌ عَسِرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আহ্বানকাৰীৰ ফালে ভীত-বিহ্বল হৈ গুচি আহিব। কাফিৰসকলে ক’ব, ‘এইটো এটা বৰ কঠিন দিন’।

See all translations of this verse →

كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ فَكَذَّبُوا۟ عَبْدَنَا وَقَالُوا۟ مَجْنُونٌ وَٱزْدُجِرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতৰ পূৰ্বে নূহৰ সম্প্ৰদায়েও মিছা বুলি ভাবিছিল-- এতেকে সিহঁতে আমাৰ বান্দাক অস্বীকাৰ কৰিছিল আৰু কৈছিল, ‘এওঁ হৈছে এজন উন্মাদ’, আৰু তেওঁক ভাবুকিও দিয়া হৈছিল।

See all translations of this verse →

فَدَعَا رَبَّهُۥٓ أَنِّى مَغْلُوبٌ فَٱنتَصِرْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া তেওঁ নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, ‘নিশ্চয় মই অসহায়, এতেকে তুমিয়েই ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰা’।

See all translations of this verse →

فَفَتَحْنَآ أَبْوَٰبَ ٱلسَّمَآءِ بِمَآءٍ مُّنْهَمِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত আমি ধাৰাসাৰ বৰষুণসহ আকাশৰ দুৱাৰসমূহ খুলি দিলোঁ,

See all translations of this verse →

وَفَجَّرْنَا ٱلْأَرْضَ عُيُونًا فَٱلْتَقَى ٱلْمَآءُ عَلَىٰٓ أَمْرٍ قَدْ قُدِرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মাটিৰ পৰা ঝৰ্ণাসমূহ উৎসাৰিত কৰিলোঁ; ফলত এটা পৰিকল্পনা অনুসাৰে গোটেই পানী মিলিত হ’ল।

See all translations of this verse →

وَحَمَلْنَٰهُ عَلَىٰ ذَاتِ أَلْوَٰحٍ وَدُسُرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক (নূহক) কাঠ আৰু পেৰেকৰ দ্বাৰা নিৰ্মিত নৌযানত আৰোহণ কৰালোঁ।

See all translations of this verse →

تَجْرِى بِأَعْيُنِنَا جَزَآءً لِّمَن كَانَ كُفِرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিটো আমাৰ চকুৰ সন্মুখত চলিছিল, এইটো পুৰস্কাৰ তাৰ বাবে যাক প্ৰত্যাখ্যান কৰা হৈছিল।

See all translations of this verse →

وَلَقَد تَّرَكْنَٰهَآ ءَايَةً فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি ইয়াক নিদৰ্শনৰূপে ৰাখি দিছোঁ; এতেকে আছেনে কোনোবা উপদেশ গ্ৰহণকাৰী?

See all translations of this verse →

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?

See all translations of this verse →

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?

See all translations of this verse →

كَذَّبَتْ عَادٌ فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনেকুৱা আছিল?

See all translations of this verse →

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ رِيحًا صَرْصَرًا فِى يَوْمِ نَحْسٍ مُّسْتَمِرٍّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি সিহঁতৰ ওপৰত পঠিয়াইছিলোঁ প্ৰচণ্ড শীতল ধুমুহা, নিৰৱচ্ছিন্ন অমঙ্গল দিনত,

See all translations of this verse →

تَنزِعُ ٱلنَّاسَ كَأَنَّهُمْ أَعْجَازُ نَخْلٍ مُّنقَعِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই ধুমুহাই মানুহক এনেকৈ উৎখাত কৰিছিল, যেনিবা সিহঁত উঘালি পৰা খেজুৰ গছৰ কাণ্ডহে।

See all translations of this verse →

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?

See all translations of this verse →

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?

See all translations of this verse →

كَذَّبَتْ ثَمُودُ بِٱلنُّذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanছামূদ সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

See all translations of this verse →

فَقَالُوٓا۟ أَبَشَرًا مِّنَّا وَٰحِدًا نَّتَّبِعُهُۥٓ إِنَّآ إِذًا لَّفِى ضَلَٰلٍ وَسُعُرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কৈছিল, ‘আমি আমাৰ মাজৰেই এজন ব্যক্তিৰ অনুসৰণ কৰিম নেকি? এনেকুৱা হ’লে দেখোন আমি পথভ্ৰষ্ট বুলি আৰু পাগল হিচাপে পৰিগণিত হ'ম।

See all translations of this verse →

أَءُلْقِىَ ٱلذِّكْرُ عَلَيْهِ مِنۢ بَيْنِنَا بَلْ هُوَ كَذَّابٌ أَشِرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমাৰ মাজৰ পৰা এওঁৰ প্ৰতি উপদেশবাণী প্ৰেৰণ কৰা হৈছে নেকি? নহয়, সি হৈছে এজন মিছলীয়া, দাম্ভিক’।

See all translations of this verse →

سَيَعْلَمُونَ غَدًا مَّنِ ٱلْكَذَّابُ ٱلْأَشِرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকাইলৈ সিহঁতে নিশ্চয় গম পাব, কোন চৰম মিছলীয়া, দাম্ভিক।

See all translations of this verse →

إِنَّا مُرْسِلُوا۟ ٱلنَّاقَةِ فِتْنَةً لَّهُمْ فَٱرْتَقِبْهُمْ وَٱصْطَبِرْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ উট প্ৰেৰণ কৰিম, এতেকে (হে ছলেহ!) তুমি সিহঁতৰ আচৰণ লক্ষ্য কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা।

See all translations of this verse →

وَنَبِّئْهُمْ أَنَّ ٱلْمَآءَ قِسْمَةٌۢ بَيْنَهُمْ كُلُّ شِرْبٍ مُّحْتَضَرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতক জনাই দিয়া যে, সিহঁতৰ মাজত পানী বন্টন সুনিৰ্দিষ্ট। প্ৰত্যেকেই নিজৰ পাল মতে পানীৰ ঘাটতগৈ উপস্থিত হ’ব।

See all translations of this verse →

فَنَادَوْا۟ صَاحِبَهُمْ فَتَعَاطَىٰ فَعَقَرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে সিহঁতৰ সঙ্গীক মাতি আনিলে আৰু সি উটজনীক ধৰি হত্যা কৰিলে।

See all translations of this verse →

فَكَيْفَ كَانَ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কেনেকুৱা আছিল মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন?

See all translations of this verse →

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ صَيْحَةً وَٰحِدَةً فَكَانُوا۟ كَهَشِيمِ ٱلْمُحْتَظِرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি সিহঁতৰ প্ৰতি পঠিয়াইছিলোঁ এটা প্ৰচণ্ড শব্দ, ফলত সিহঁত গোহালি সজা শুকান খণ্ডিত খৰিৰ দৰে হৈ পৰিছিল।

See all translations of this verse →

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?

See all translations of this verse →

كَذَّبَتْ قَوْمُ لُوطٍۭ بِٱلنُّذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলূত সম্প্ৰদায়েও সতৰ্ককাৰীসকলক অস্বীকাৰ কৰিছিল।

See all translations of this verse →

إِنَّآ أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّآ ءَالَ لُوطٍ نَّجَّيْنَٰهُم بِسَحَرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি সিহঁতৰ ওপৰত শিল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলোঁ, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ ৰাতিৰ শেষাংশত,

See all translations of this verse →

نِّعْمَةً مِّنْ عِندِنَا كَذَٰلِكَ نَجْزِى مَن شَكَرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমাৰ বিশেষ অনুগ্ৰহেৰে। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে, আমি তাক এনেকৈয়ে প্ৰতিদান দিওঁ।

See all translations of this verse →

وَلَقَدْ أَنذَرَهُم بَطْشَتَنَا فَتَمَارَوْا۟ بِٱلنُّذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধানবাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।

See all translations of this verse →

وَلَقَدْ رَٰوَدُوهُ عَن ضَيْفِهِۦ فَطَمَسْنَآ أَعْيُنَهُمْ فَذُوقُوا۟ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে লূতৰ ওচৰত আহি তেওঁৰ অতিথিসকলৰ পৰা অসৎ উদ্দেশ্য দাবী কৰি তেওঁক ফুচলাবলৈ ধৰিলে, তেতিয়া আমি সিহঁতৰ দৃষ্টি লোপ কৰি দিলোঁ (আৰু ক’লোঁ), মোৰ শাস্তি আৰু সাৱধানবাণীৰ সোৱাদ লোৱা।

See all translations of this verse →

وَلَقَدْ صَبَّحَهُم بُكْرَةً عَذَابٌ مُّسْتَقِرٌّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইপিনে পুৱা দোকমুকালিতে সিহঁতৰ ওপৰত নামি আহিল বিৰামহীন শাস্তি।

See all translations of this verse →

فَذُوقُوا۟ عَذَابِى وَنُذُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে মোৰ শাস্তি আৰু সাৱধানবাণীৰ পৰিণাম ভোগ কৰা’।

See all translations of this verse →

وَلَقَدْ يَسَّرْنَا ٱلْقُرْءَانَ لِلذِّكْرِ فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি কোৰআনক সহজ কৰি দিছোঁ উপদেশ গ্ৰহণ কৰাৰ বাবে; এতেকে কোনোবা আছেনে উপদেশ গ্ৰহণকাৰী?

See all translations of this verse →

وَلَقَدْ جَآءَ ءَالَ فِرْعَوْنَ ٱلنُّذُرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় ফিৰআউন গোষ্ঠিৰ ওচৰতো আহিছিল সতৰ্ককাৰী;

See all translations of this verse →

كَذَّبُوا۟ بِـَٔايَٰتِنَا كُلِّهَا فَأَخَذْنَٰهُمْ أَخْذَ عَزِيزٍ مُّقْتَدِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আমাৰ সকলো নিদৰ্শনকে অস্বীকাৰ কৰিছিল, এতেকে আমি মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমানৰূপে সিহঁতক ধৰিছিলোঁ।

See all translations of this verse →

أَكُفَّارُكُمْ خَيْرٌ مِّنْ أُو۟لَٰٓئِكُمْ أَمْ لَكُم بَرَآءَةٌ فِى ٱلزُّبُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ মাজৰ কাফিৰসকল সেই কাফিৰসকলতকৈ উত্তম নেকি? নে তোমালোকৰ বাবে পূৰ্বৱৰ্তী কিতাবত কোনো মুক্তিৰ ঘোষণা আছে?

See all translations of this verse →

أَمْ يَقُولُونَ نَحْنُ جَمِيعٌ مُّنتَصِرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতে কয়, ‘আমি সংঘবদ্ধ অপৰাজেয় দল’?

See all translations of this verse →

سَيُهْزَمُ ٱلْجَمْعُ وَيُوَلُّونَ ٱلدُّبُرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএই দল অনতিপলমে পৰাজিত হ’ব আৰু পিঠি দেখুৱাই পলায়ন কৰিব,

See all translations of this verse →

بَلِ ٱلسَّاعَةُ مَوْعِدُهُمْ وَٱلسَّاعَةُ أَدْهَىٰ وَأَمَرُّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং কিয়ামত হৈছে সিহঁতৰ শাস্তিৰ নিৰ্ধাৰিত সময়; আৰু কিয়ামত হৈছে অতি ভয়াৱহ আৰু তিক্ততাপূৰ্ণ;

See all translations of this verse →

إِنَّ ٱلْمُجْرِمِينَ فِى ضَلَٰلٍ وَسُعُرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় অপৰাধীসকল আছে বিভ্ৰান্তি আৰু শাস্তিৰ মাজত।

See all translations of this verse →

يَوْمَ يُسْحَبُونَ فِى ٱلنَّارِ عَلَىٰ وُجُوهِهِمْ ذُوقُوا۟ مَسَّ سَقَرَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা সিহঁতক উবুৰি খুৱাই (নাক চোঁচৰাই) টানি জাহান্নামত লৈ যোৱা হ’ব (সেই দিনা কোৱা হ’ব) ‘এতিয়া জাহান্নামৰ যন্ত্ৰণা ভোগ কৰা’।

See all translations of this verse →

إِنَّا كُلَّ شَىْءٍ خَلَقْنَٰهُ بِقَدَرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি প্ৰতিটো বস্তু এটা নিৰ্ধাৰিত পৰিমাপত সৃষ্টি কৰিছোঁ।

See all translations of this verse →

وَمَآ أَمْرُنَآ إِلَّا وَٰحِدَةٌ كَلَمْحٍۭ بِٱلْبَصَرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমাৰ আদেশ (কাৰ্যকৰী হ’বলৈ) কেৱল এটা কথাৰ দূৰত্ব, চকুৰ পলকৰ দৰে।

See all translations of this verse →

وَلَقَدْ أَهْلَكْنَآ أَشْيَاعَكُمْ فَهَلْ مِن مُّدَّكِرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি তোমালোকৰ দৰে বহুতকে ধ্বংস কৰিছোঁ; এতেকে উপদেশ গ্ৰহণকাৰী কোনোবা আছেনে?

See all translations of this verse →

وَكُلُّ شَىْءٍ فَعَلُوهُ فِى ٱلزُّبُرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে যি কৰিছে, সেই সকলো ‘আমলনামাত’ (লিপিবদ্ধ) আছে,

See all translations of this verse →

وَكُلُّ صَغِيرٍ وَكَبِيرٍ مُّسْتَطَرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনকি সৰু-বৰ সকলো কথা লিখিত আছে।

See all translations of this verse →

إِنَّ ٱلْمُتَّقِينَ فِى جَنَّٰتٍ وَنَهَرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকল থাকিব বাগ-বাগিচা আৰু নিজৰাসমূহৰ মাজত,

See all translations of this verse →

فِى مَقْعَدِ صِدْقٍ عِندَ مَلِيكٍ مُّقْتَدِرٍۭ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযথাযোগ্য আসনত, সৰ্বশক্তিমান মহা অধিপতি (আল্লাহ)ৰ সান্নিধ্যত।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70