ছুৰা Ar-Rahmaan الرحمن
৭৮ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ৯৭
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ٱلرَّحْمَٰنُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰ-ৰাহমান, (দয়াময় আল্লাহ)
See all translations of this verse →
عَلَّمَ ٱلْقُرْءَانَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই শিক্ষা দিছে কোৰআন,
See all translations of this verse →
خَلَقَ ٱلْإِنسَٰنَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই সৃষ্টি কৰিছে মানুহ,
See all translations of this verse →
عَلَّمَهُ ٱلْبَيَانَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তাক ভাষা শিকাইছে,
See all translations of this verse →
ٱلشَّمْسُ وَٱلْقَمَرُ بِحُسْبَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,
See all translations of this verse →
وَٱلنَّجْمُ وَٱلشَّجَرُ يَسْجُدَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,
See all translations of this verse →
وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلْمِيزَانَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,
See all translations of this verse →
أَلَّا تَطْغَوْا۟ فِى ٱلْمِيزَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।
See all translations of this verse →
وَأَقِيمُوا۟ ٱلْوَزْنَ بِٱلْقِسْطِ وَلَا تُخْسِرُوا۟ ٱلْمِيزَانَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।
See all translations of this verse →
وَٱلْأَرْضَ وَضَعَهَا لِلْأَنَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;
See all translations of this verse →
فِيهَا فَٰكِهَةٌ وَٱلنَّخْلُ ذَاتُ ٱلْأَكْمَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanয’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,
See all translations of this verse →
وَٱلْحَبُّ ذُو ٱلْعَصْفِ وَٱلرَّيْحَانُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
خَلَقَ ٱلْإِنسَٰنَ مِن صَلْصَٰلٍ كَٱلْفَخَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,
See all translations of this verse →
وَخَلَقَ ٱلْجَآنَّ مِن مَّارِجٍ مِّن نَّارٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
رَبُّ ٱلْمَشْرِقَيْنِ وَرَبُّ ٱلْمَغْرِبَيْنِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
مَرَجَ ٱلْبَحْرَيْنِ يَلْتَقِيَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,
See all translations of this verse →
بَيْنَهُمَا بَرْزَخٌ لَّا يَبْغِيَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
يَخْرُجُ مِنْهُمَا ٱللُّؤْلُؤُ وَٱلْمَرْجَانُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
وَلَهُ ٱلْجَوَارِ ٱلْمُنشَـَٔاتُ فِى ٱلْبَحْرِ كَٱلْأَعْلَٰمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
كُلُّ مَنْ عَلَيْهَا فَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,
See all translations of this verse →
وَيَبْقَىٰ وَجْهُ رَبِّكَ ذُو ٱلْجَلَٰلِ وَٱلْإِكْرَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
يَسْـَٔلُهُۥ مَن فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ كُلَّ يَوْمٍ هُوَ فِى شَأْنٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
سَنَفْرُغُ لَكُمْ أَيُّهَ ٱلثَّقَلَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
يَٰمَعْشَرَ ٱلْجِنِّ وَٱلْإِنسِ إِنِ ٱسْتَطَعْتُمْ أَن تَنفُذُوا۟ مِنْ أَقْطَارِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ فَٱنفُذُوا۟ لَا تَنفُذُونَ إِلَّا بِسُلْطَٰنٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
يُرْسَلُ عَلَيْكُمَا شُوَاظٌ مِّن نَّارٍ وَنُحَاسٌ فَلَا تَنتَصِرَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتْ وَرْدَةً كَٱلدِّهَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فَيَوْمَئِذٍ لَّا يُسْـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٌ وَلَا جَآنٌّ
Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
يُعْرَفُ ٱلْمُجْرِمُونَ بِسِيمَٰهُمْ فَيُؤْخَذُ بِٱلنَّوَٰصِى وَٱلْأَقْدَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
هَٰذِهِۦ جَهَنَّمُ ٱلَّتِى يُكَذِّبُ بِهَا ٱلْمُجْرِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।
See all translations of this verse →
يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ ءَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
وَلِمَنْ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
ذَوَاتَآ أَفْنَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউভয়েই বহু শাখা-পল্লববিশিষ্ট।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِمَا عَيْنَانِ تَجْرِيَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা;
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِمَا مِن كُلِّ فَٰكِهَةٍ زَوْجَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
مُتَّكِـِٔينَ عَلَىٰ فُرُشٍۭ بَطَآئِنُهَا مِنْ إِسْتَبْرَقٍ وَجَنَى ٱلْجَنَّتَيْنِ دَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرْفِ لَمْ يَطْمِثْهُنَّ إِنسٌ قَبْلَهُمْ وَلَا جَآنٌّ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
كَأَنَّهُنَّ ٱلْيَاقُوتُ وَٱلْمَرْجَانُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
هَلْ جَزَآءُ ٱلْإِحْسَٰنِ إِلَّا ٱلْإِحْسَٰنُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
وَمِن دُونِهِمَا جَنَّتَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
مُدْهَآمَّتَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanজান্নাত দুখন হৈছে ঘন সেউজীয়া।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِمَا عَيْنَانِ نَضَّاخَتَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِمَا فَٰكِهَةٌ وَنَخْلٌ وَرُمَّانٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
فِيهِنَّ خَيْرَٰتٌ حِسَانٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
حُورٌ مَّقْصُورَٰتٌ فِى ٱلْخِيَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanচামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
لَمْ يَطْمِثْهُنَّ إِنسٌ قَبْلَهُمْ وَلَا جَآنٌّ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
مُتَّكِـِٔينَ عَلَىٰ رَفْرَفٍ خُضْرٍ وَعَبْقَرِىٍّ حِسَانٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।
See all translations of this verse →
فَبِأَىِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?
See all translations of this verse →
تَبَٰرَكَ ٱسْمُ رَبِّكَ ذِى ٱلْجَلَٰلِ وَٱلْإِكْرَامِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→