caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Najm النجم

৬২ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ২৩

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلنَّجْمِ إِذَا هَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,

See all translations of this verse →

مَا ضَلَّ صَاحِبُكُمْ وَمَا غَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,

See all translations of this verse →

وَمَا يَنطِقُ عَنِ ٱلْهَوَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ মনে সজা কথা নকয়।

See all translations of this verse →

إِنْ هُوَ إِلَّا وَحْىٌ يُوحَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,

See all translations of this verse →

عَلَّمَهُۥ شَدِيدُ ٱلْقُوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),

See all translations of this verse →

ذُو مِرَّةٍ فَٱسْتَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,

See all translations of this verse →

وَهُوَ بِٱلْأُفُقِ ٱلْأَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,

See all translations of this verse →

ثُمَّ دَنَا فَتَدَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,

See all translations of this verse →

فَكَانَ قَابَ قَوْسَيْنِ أَوْ أَدْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।

See all translations of this verse →

فَأَوْحَىٰٓ إِلَىٰ عَبْدِهِۦ مَآ أَوْحَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।

See all translations of this verse →

مَا كَذَبَ ٱلْفُؤَادُ مَا رَأَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;

See all translations of this verse →

أَفَتُمَٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?

See all translations of this verse →

وَلَقَدْ رَءَاهُ نَزْلَةً أُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।

See all translations of this verse →

عِندَ سِدْرَةِ ٱلْمُنتَهَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanছিদৰাতুল মুনতাহাৰ ওচৰত,

See all translations of this verse →

عِندَهَا جَنَّةُ ٱلْمَأْوَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।

See all translations of this verse →

إِذْ يَغْشَى ٱلسِّدْرَةَ مَا يَغْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,

See all translations of this verse →

مَا زَاغَ ٱلْبَصَرُ وَمَا طَغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।

See all translations of this verse →

لَقَدْ رَأَىٰ مِنْ ءَايَٰتِ رَبِّهِ ٱلْكُبْرَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;

See all translations of this verse →

أَفَرَءَيْتُمُ ٱللَّٰتَ وَٱلْعُزَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?

See all translations of this verse →

وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلْأُخْرَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?

See all translations of this verse →

أَلَكُمُ ٱلذَّكَرُ وَلَهُ ٱلْأُنثَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?

See all translations of this verse →

تِلْكَ إِذًا قِسْمَةٌ ضِيزَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।

See all translations of this verse →

إِنْ هِىَ إِلَّآ أَسْمَآءٌ سَمَّيْتُمُوهَآ أَنتُمْ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلْطَٰنٍ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَمَا تَهْوَى ٱلْأَنفُسُ وَلَقَدْ جَآءَهُم مِّن رَّبِّهِمُ ٱلْهُدَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanদৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।

See all translations of this verse →

أَمْ لِلْإِنسَٰنِ مَا تَمَنَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমানুহে যি বিচাৰে সেইটোৱে সি পায়নে?

See all translations of this verse →

فَلِلَّهِ ٱلْـَٔاخِرَةُ وَٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।

See all translations of this verse →

وَكَم مِّن مَّلَكٍ فِى ٱلسَّمَٰوَٰتِ لَا تُغْنِى شَفَٰعَتُهُمْ شَيْـًٔا إِلَّا مِنۢ بَعْدِ أَن يَأْذَنَ ٱللَّهُ لِمَن يَشَآءُ وَيَرْضَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।

See all translations of this verse →

إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ لَيُسَمُّونَ ٱلْمَلَٰٓئِكَةَ تَسْمِيَةَ ٱلْأُنثَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;

See all translations of this verse →

وَمَا لَهُم بِهِۦ مِنْ عِلْمٍ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنَّ ٱلظَّنَّ لَا يُغْنِى مِنَ ٱلْحَقِّ شَيْـًٔا

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।

See all translations of this verse →

فَأَعْرِضْ عَن مَّن تَوَلَّىٰ عَن ذِكْرِنَا وَلَمْ يُرِدْ إِلَّا ٱلْحَيَوٰةَ ٱلدُّنْيَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।

See all translations of this verse →

ذَٰلِكَ مَبْلَغُهُم مِّنَ ٱلْعِلْمِ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِمَنِ ٱهْتَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভালদৰে জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভালদৰে জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।

See all translations of this verse →

وَلِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ لِيَجْزِىَ ٱلَّذِينَ أَسَٰٓـُٔوا۟ بِمَا عَمِلُوا۟ وَيَجْزِىَ ٱلَّذِينَ أَحْسَنُوا۟ بِٱلْحُسْنَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,

See all translations of this verse →

ٱلَّذِينَ يَجْتَنِبُونَ كَبَٰٓئِرَ ٱلْإِثْمِ وَٱلْفَوَٰحِشَ إِلَّا ٱللَّمَمَ إِنَّ رَبَّكَ وَٰسِعُ ٱلْمَغْفِرَةِ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنشَأَكُم مِّنَ ٱلْأَرْضِ وَإِذْ أَنتُمْ أَجِنَّةٌ فِى بُطُونِ أُمَّهَٰتِكُمْ فَلَا تُزَكُّوٓا۟ أَنفُسَكُمْ هُوَ أَعْلَمُ بِمَنِ ٱتَّقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপকৰ্ম আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।

See all translations of this verse →

أَفَرَءَيْتَ ٱلَّذِى تَوَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?

See all translations of this verse →

وَأَعْطَىٰ قَلِيلًا وَأَكْدَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?

See all translations of this verse →

أَعِندَهُۥ عِلْمُ ٱلْغَيْبِ فَهُوَ يَرَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?

See all translations of this verse →

أَمْ لَمْ يُنَبَّأْ بِمَا فِى صُحُفِ مُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?

See all translations of this verse →

وَإِبْرَٰهِيمَ ٱلَّذِى وَفَّىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?

See all translations of this verse →

أَلَّا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,

See all translations of this verse →

وَأَن لَّيْسَ لِلْإِنسَٰنِ إِلَّا مَا سَعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,

See all translations of this verse →

وَأَنَّ سَعْيَهُۥ سَوْفَ يُرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---

See all translations of this verse →

ثُمَّ يُجْزَىٰهُ ٱلْجَزَآءَ ٱلْأَوْفَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,

See all translations of this verse →

وَأَنَّ إِلَىٰ رَبِّكَ ٱلْمُنتَهَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,

See all translations of this verse →

وَأَنَّهُۥ هُوَ أَضْحَكَ وَأَبْكَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,

See all translations of this verse →

وَأَنَّهُۥ هُوَ أَمَاتَ وَأَحْيَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,

See all translations of this verse →

وَأَنَّهُۥ خَلَقَ ٱلزَّوْجَيْنِ ٱلذَّكَرَ وَٱلْأُنثَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,

See all translations of this verse →

مِن نُّطْفَةٍ إِذَا تُمْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,

See all translations of this verse →

وَأَنَّ عَلَيْهِ ٱلنَّشْأَةَ ٱلْأُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,

See all translations of this verse →

وَأَنَّهُۥ هُوَ أَغْنَىٰ وَأَقْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,

See all translations of this verse →

وَأَنَّهُۥ هُوَ رَبُّ ٱلشِّعْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।

See all translations of this verse →

وَأَنَّهُۥٓ أَهْلَكَ عَادًا ٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,

See all translations of this verse →

وَثَمُودَا۟ فَمَآ أَبْقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।

See all translations of this verse →

وَقَوْمَ نُوحٍ مِّن قَبْلُ إِنَّهُمْ كَانُوا۟ هُمْ أَظْلَمَ وَأَطْغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।

See all translations of this verse →

وَٱلْمُؤْتَفِكَةَ أَهْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,

See all translations of this verse →

فَغَشَّىٰهَا مَا غَشَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।

See all translations of this verse →

فَبِأَىِّ ءَالَآءِ رَبِّكَ تَتَمَارَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?

See all translations of this verse →

هَٰذَا نَذِيرٌ مِّنَ ٱلنُّذُرِ ٱلْأُولَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।

See all translations of this verse →

أَزِفَتِ ٱلْـَٔازِفَةُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিয়ামত নিকটৱৰ্তী।

See all translations of this verse →

لَيْسَ لَهَا مِن دُونِ ٱللَّهِ كَاشِفَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।

See all translations of this verse →

أَفَمِنْ هَٰذَا ٱلْحَدِيثِ تَعْجَبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?

See all translations of this verse →

وَتَضْحَكُونَ وَلَا تَبْكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?

See all translations of this verse →

وَأَنتُمْ سَٰمِدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোক হৈছা উদাসীন,

See all translations of this verse →

فَٱسْجُدُوا۟ لِلَّهِ وَٱعْبُدُوا۟

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70