ছুৰা At-Tur الطور
৪৯ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৭৬
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلطُّورِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত তুৰ পৰ্বতৰ,
See all translations of this verse →
وَكِتَٰبٍ مَّسْطُورٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত লিপিবদ্ধ গ্ৰন্থৰ,
See all translations of this verse →
فِى رَقٍّ مَّنشُورٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউন্মুক্ত পাতত।
See all translations of this verse →
وَٱلْبَيْتِ ٱلْمَعْمُورِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত বাইতুল মা’মূৰৰ (আবাদ গৃহৰ),
See all translations of this verse →
وَٱلسَّقْفِ ٱلْمَرْفُوعِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত সুউচ্চ চাদৰ,
See all translations of this verse →
وَٱلْبَحْرِ ٱلْمَسْجُورِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত তৰঙ্গ-বিক্ষুব্ধ উত্তাল সাগৰৰ--
See all translations of this verse →
إِنَّ عَذَابَ رَبِّكَ لَوَٰقِعٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অৱশ্যম্ভাৱী,
See all translations of this verse →
مَّا لَهُۥ مِن دَافِعٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াক প্ৰতিৰোধ কৰিব পৰা কোনো নাই।
See all translations of this verse →
يَوْمَ تَمُورُ ٱلسَّمَآءُ مَوْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা প্ৰবলভাৱে আকাশ প্ৰকম্পিত হ’ব,
See all translations of this verse →
وَتَسِيرُ ٱلْجِبَالُ سَيْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহ দ্ৰুতগতিত পৰিভ্ৰমণ কৰিব;
See all translations of this verse →
فَوَيْلٌ يَوْمَئِذٍ لِّلْمُكَذِّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সৰ্বনাশ সেইদিনা অস্বীকাৰকাৰীসকলৰ বাবে,
See all translations of this verse →
ٱلَّذِينَ هُمْ فِى خَوْضٍ يَلْعَبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে খেল-ধেমালিৰ ছলনাৰে অসাৰ কৰ্মত লিপ্ত থাকে।
See all translations of this verse →
يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে গতিয়াই খেদি লৈ যোৱা হ’ব,
See all translations of this verse →
هَٰذِهِ ٱلنَّارُ ٱلَّتِى كُنتُم بِهَا تُكَذِّبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এইটোৱে হৈছে সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।
See all translations of this verse →
أَفَسِحْرٌ هَٰذَآ أَمْ أَنتُمْ لَا تُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!
See all translations of this verse →
ٱصْلَوْهَا فَٱصْبِرُوٓا۟ أَوْ لَا تَصْبِرُوا۟ سَوَآءٌ عَلَيْكُمْ إِنَّمَا تُجْزَوْنَ مَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
See all translations of this verse →
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّٰتٍ وَنَعِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ মাজত।
See all translations of this verse →
فَٰكِهِينَ بِمَآ ءَاتَىٰهُمْ رَبُّهُمْ وَوَقَىٰهُمْ رَبُّهُمْ عَذَابَ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব, লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা,
See all translations of this verse →
كُلُوا۟ وَٱشْرَبُوا۟ هَنِيٓـًٔۢا بِمَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;
See all translations of this verse →
مُتَّكِـِٔينَ عَلَىٰ سُرُرٍ مَّصْفُوفَةٍ وَزَوَّجْنَٰهُم بِحُورٍ عِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকুবিশিষ্টা হুৰৰ সৈতে;
See all translations of this verse →
وَٱلَّذِينَ ءَامَنُوا۟ وَٱتَّبَعَتْهُمْ ذُرِّيَّتُهُم بِإِيمَٰنٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَآ أَلَتْنَٰهُم مِّنْ عَمَلِهِم مِّن شَىْءٍ كُلُّ ٱمْرِئٍۭ بِمَا كَسَبَ رَهِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী।
See all translations of this verse →
وَأَمْدَدْنَٰهُم بِفَٰكِهَةٍ وَلَحْمٍ مِّمَّا يَشْتَهُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস, যিবোৰ তেওঁলোকে কামনা কৰিব।
See all translations of this verse →
يَتَنَٰزَعُونَ فِيهَا كَأْسًا لَّا لَغْوٌ فِيهَا وَلَا تَأْثِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব।
See all translations of this verse →
وَيَطُوفُ عَلَيْهِمْ غِلْمَانٌ لَّهُمْ كَأَنَّهُمْ لُؤْلُؤٌ مَّكْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুতাহে।
See all translations of this verse →
وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍ يَتَسَآءَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সোধ-পোছ কৰিব,
See all translations of this verse →
قَالُوٓا۟ إِنَّا كُنَّا قَبْلُ فِىٓ أَهْلِنَا مُشْفِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’।
See all translations of this verse →
فَمَنَّ ٱللَّهُ عَلَيْنَا وَوَقَىٰنَا عَذَابَ ٱلسَّمُومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে।
See all translations of this verse →
إِنَّا كُنَّا مِن قَبْلُ نَدْعُوهُ إِنَّهُۥ هُوَ ٱلْبَرُّ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু।
See all translations of this verse →
فَذَكِّرْ فَمَآ أَنتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَلَا مَجْنُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়।
See all translations of this verse →
أَمْ يَقُولُونَ شَاعِرٌ نَّتَرَبَّصُ بِهِۦ رَيْبَ ٱلْمَنُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ।
See all translations of this verse →
قُلْ تَرَبَّصُوا۟ فَإِنِّى مَعَكُم مِّنَ ٱلْمُتَرَبِّصِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’।
See all translations of this verse →
أَمْ تَأْمُرُهُمْ أَحْلَٰمُهُم بِهَٰذَآ أَمْ هُمْ قَوْمٌ طَاغُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়?
See all translations of this verse →
أَمْ يَقُولُونَ تَقَوَّلَهُۥ بَل لَّا يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব।
See all translations of this verse →
فَلْيَأْتُوا۟ بِحَدِيثٍ مِّثْلِهِۦٓ إِن كَانُوا۟ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন!
See all translations of this verse →
أَمْ خُلِقُوا۟ مِنْ غَيْرِ شَىْءٍ أَمْ هُمُ ٱلْخَٰلِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা?
See all translations of this verse →
أَمْ خَلَقُوا۟ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بَل لَّا يُوقِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে।
See all translations of this verse →
أَمْ عِندَهُمْ خَزَآئِنُ رَبِّكَ أَمْ هُمُ ٱلْمُصَۣيْطِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী?
See all translations of this verse →
أَمْ لَهُمْ سُلَّمٌ يَسْتَمِعُونَ فِيهِ فَلْيَأْتِ مُسْتَمِعُهُم بِسُلْطَٰنٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!
See all translations of this verse →
أَمْ لَهُ ٱلْبَنَٰتُ وَلَكُمُ ٱلْبَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে?
See all translations of this verse →
أَمْ تَسْـَٔلُهُمْ أَجْرًا فَهُم مِّن مَّغْرَمٍ مُّثْقَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে?
See all translations of this verse →
أَمْ عِندَهُمُ ٱلْغَيْبُ فَهُمْ يَكْتُبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে? যিটো সিহঁতে লিখি ৰাখে!
See all translations of this verse →
أَمْ يُرِيدُونَ كَيْدًا فَٱلَّذِينَ كَفَرُوا۟ هُمُ ٱلْمَكِيدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ।
See all translations of this verse →
أَمْ لَهُمْ إِلَٰهٌ غَيْرُ ٱللَّهِ سُبْحَٰنَ ٱللَّهِ عَمَّا يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? (জানি থোৱা) সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ।
See all translations of this verse →
وَإِن يَرَوْا۟ كِسْفًا مِّنَ ٱلسَّمَآءِ سَاقِطًا يَقُولُوا۟ سَحَابٌ مَّرْكُومٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’।
See all translations of this verse →
فَذَرْهُمْ حَتَّىٰ يُلَٰقُوا۟ يَوْمَهُمُ ٱلَّذِى فِيهِ يُصْعَقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব।
See all translations of this verse →
يَوْمَ لَا يُغْنِى عَنْهُمْ كَيْدُهُمْ شَيْـًٔا وَلَا هُمْ يُنصَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব।
See all translations of this verse →
وَإِنَّ لِلَّذِينَ ظَلَمُوا۟ عَذَابًا دُونَ ذَٰلِكَ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।
See all translations of this verse →
وَٱصْبِرْ لِحُكْمِ رَبِّكَ فَإِنَّكَ بِأَعْيُنِنَا وَسَبِّحْ بِحَمْدِ رَبِّكَ حِينَ تَقُومُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা।
See all translations of this verse →
وَمِنَ ٱلَّيْلِ فَسَبِّحْهُ وَإِدْبَٰرَ ٱلنُّجُومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→