ছুৰা Adh-Dhaariyat الذاريات
৬০ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৬৭
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلذَّٰرِيَٰتِ ذَرْوًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত ধূলি উৰুৱাই নিয়া বতাহৰ,
See all translations of this verse →
فَٱلْحَٰمِلَٰتِ وِقْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,
See all translations of this verse →
فَٱلْجَٰرِيَٰتِ يُسْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,
See all translations of this verse →
فَٱلْمُقَسِّمَٰتِ أَمْرًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--
See all translations of this verse →
إِنَّمَا تُوعَدُونَ لَصَادِقٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য।
See all translations of this verse →
وَإِنَّ ٱلدِّينَ لَوَٰقِعٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।
See all translations of this verse →
وَٱلسَّمَآءِ ذَاتِ ٱلْحُبُكِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত বহু পথবিশিষ্ট আকাশৰ,
See all translations of this verse →
إِنَّكُمْ لَفِى قَوْلٍ مُّخْتَلِفٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।
See all translations of this verse →
يُؤْفَكُ عَنْهُ مَنْ أُفِكَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে।
See all translations of this verse →
قُتِلَ ٱلْخَرَّٰصُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক!
See all translations of this verse →
ٱلَّذِينَ هُمْ فِى غَمْرَةٍ سَاهُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।
See all translations of this verse →
يَسْـَٔلُونَ أَيَّانَ يَوْمُ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?
See all translations of this verse →
يَوْمَ هُمْ عَلَى ٱلنَّارِ يُفْتَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’।
See all translations of this verse →
ذُوقُوا۟ فِتْنَتَكُمْ هَٰذَا ٱلَّذِى كُنتُم بِهِۦ تَسْتَعْجِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।
See all translations of this verse →
إِنَّ ٱلْمُتَّقِينَ فِى جَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।
See all translations of this verse →
ءَاخِذِينَ مَآ ءَاتَىٰهُمْ رَبُّهُمْ إِنَّهُمْ كَانُوا۟ قَبْلَ ذَٰلِكَ مُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,
See all translations of this verse →
كَانُوا۟ قَلِيلًا مِّنَ ٱلَّيْلِ مَا يَهْجَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল,
See all translations of this verse →
وَبِٱلْأَسْحَارِ هُمْ يَسْتَغْفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,
See all translations of this verse →
وَفِىٓ أَمْوَٰلِهِمْ حَقٌّ لِّلسَّآئِلِ وَٱلْمَحْرُومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।
See all translations of this verse →
وَفِى ٱلْأَرْضِ ءَايَٰتٌ لِّلْمُوقِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,
See all translations of this verse →
وَفِىٓ أَنفُسِكُمْ أَفَلَا تُبْصِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি?
See all translations of this verse →
وَفِى ٱلسَّمَآءِ رِزْقُكُمْ وَمَا تُوعَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।
See all translations of this verse →
فَوَرَبِّ ٱلسَّمَآءِ وَٱلْأَرْضِ إِنَّهُۥ لَحَقٌّ مِّثْلَ مَآ أَنَّكُمْ تَنطِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।
See all translations of this verse →
هَلْ أَتَىٰكَ حَدِيثُ ضَيْفِ إِبْرَٰهِيمَ ٱلْمُكْرَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে?
See all translations of this verse →
إِذْ دَخَلُوا۟ عَلَيْهِ فَقَالُوا۟ سَلَٰمًا قَالَ سَلَٰمٌ قَوْمٌ مُّنكَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি।
See all translations of this verse →
فَرَاغَ إِلَىٰٓ أَهْلِهِۦ فَجَآءَ بِعِجْلٍ سَمِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,
See all translations of this verse →
فَقَرَّبَهُۥٓ إِلَيْهِمْ قَالَ أَلَا تَأْكُلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?
See all translations of this verse →
فَأَوْجَسَ مِنْهُمْ خِيفَةً قَالُوا۟ لَا تَخَفْ وَبَشَّرُوهُ بِغُلَٰمٍ عَلِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।
See all translations of this verse →
فَأَقْبَلَتِ ٱمْرَأَتُهُۥ فِى صَرَّةٍ فَصَكَّتْ وَجْهَهَا وَقَالَتْ عَجُوزٌ عَقِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)।
See all translations of this verse →
قَالُوا۟ كَذَٰلِكِ قَالَ رَبُّكِ إِنَّهُۥ هُوَ ٱلْحَكِيمُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।
See all translations of this verse →
قَالَ فَمَا خَطْبُكُمْ أَيُّهَا ٱلْمُرْسَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?
See all translations of this verse →
قَالُوٓا۟ إِنَّآ أُرْسِلْنَآ إِلَىٰ قَوْمٍ مُّجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---
See all translations of this verse →
لِنُرْسِلَ عَلَيْهِمْ حِجَارَةً مِّن طِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,
See all translations of this verse →
مُّسَوَّمَةً عِندَ رَبِّكَ لِلْمُسْرِفِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে।
See all translations of this verse →
فَأَخْرَجْنَا مَن كَانَ فِيهَا مِنَ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।
See all translations of this verse →
فَمَا وَجَدْنَا فِيهَا غَيْرَ بَيْتٍ مِّنَ ٱلْمُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ।
See all translations of this verse →
وَتَرَكْنَا فِيهَآ ءَايَةً لِّلَّذِينَ يَخَافُونَ ٱلْعَذَابَ ٱلْأَلِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।
See all translations of this verse →
وَفِى مُوسَىٰٓ إِذْ أَرْسَلْنَٰهُ إِلَىٰ فِرْعَوْنَ بِسُلْطَٰنٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ,
See all translations of this verse →
فَتَوَلَّىٰ بِرُكْنِهِۦ وَقَالَ سَٰحِرٌ أَوْ مَجْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’।
See all translations of this verse →
فَأَخَذْنَٰهُ وَجُنُودَهُۥ فَنَبَذْنَٰهُمْ فِى ٱلْيَمِّ وَهُوَ مُلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য।
See all translations of this verse →
وَفِى عَادٍ إِذْ أَرْسَلْنَا عَلَيْهِمُ ٱلرِّيحَ ٱلْعَقِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;
See all translations of this verse →
مَا تَذَرُ مِن شَىْءٍ أَتَتْ عَلَيْهِ إِلَّا جَعَلَتْهُ كَٱلرَّمِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।
See all translations of this verse →
وَفِى ثَمُودَ إِذْ قِيلَ لَهُمْ تَمَتَّعُوا۟ حَتَّىٰ حِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’।
See all translations of this verse →
فَعَتَوْا۟ عَنْ أَمْرِ رَبِّهِمْ فَأَخَذَتْهُمُ ٱلصَّٰعِقَةُ وَهُمْ يَنظُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।
See all translations of this verse →
فَمَا ٱسْتَطَٰعُوا۟ مِن قِيَامٍ وَمَا كَانُوا۟ مُنتَصِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।
See all translations of this verse →
وَقَوْمَ نُوحٍ مِّن قَبْلُ إِنَّهُمْ كَانُوا۟ قَوْمًا فَٰسِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।
See all translations of this verse →
وَٱلسَّمَآءَ بَنَيْنَٰهَا بِأَيْي۟دٍ وَإِنَّا لَمُوسِعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।
See all translations of this verse →
وَٱلْأَرْضَ فَرَشْنَٰهَا فَنِعْمَ ٱلْمَٰهِدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!
See all translations of this verse →
وَمِن كُلِّ شَىْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
See all translations of this verse →
فَفِرُّوٓا۟ إِلَى ٱللَّهِ إِنِّى لَكُم مِّنْهُ نَذِيرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।
See all translations of this verse →
وَلَا تَجْعَلُوا۟ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ إِنِّى لَكُم مِّنْهُ نَذِيرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।
See all translations of this verse →
كَذَٰلِكَ مَآ أَتَى ٱلَّذِينَ مِن قَبْلِهِم مِّن رَّسُولٍ إِلَّا قَالُوا۟ سَاحِرٌ أَوْ مَجْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে, তেতিয়াই সিহঁতে কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।
See all translations of this verse →
أَتَوَاصَوْا۟ بِهِۦ بَلْ هُمْ قَوْمٌ طَاغُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।
See all translations of this verse →
فَتَوَلَّ عَنْهُمْ فَمَآ أَنتَ بِمَلُومٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।
See all translations of this verse →
وَذَكِّرْ فَإِنَّ ٱلذِّكْرَىٰ تَنفَعُ ٱلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।
See all translations of this verse →
وَمَا خَلَقْتُ ٱلْجِنَّ وَٱلْإِنسَ إِلَّا لِيَعْبُدُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।
See all translations of this verse →
مَآ أُرِيدُ مِنْهُم مِّن رِّزْقٍ وَمَآ أُرِيدُ أَن يُطْعِمُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।
See all translations of this verse →
إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلْقُوَّةِ ٱلْمَتِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, মহাপৰাক্ৰমশালী।
See all translations of this verse →
فَإِنَّ لِلَّذِينَ ظَلَمُوا۟ ذَنُوبًا مِّثْلَ ذَنُوبِ أَصْحَٰبِهِمْ فَلَا يَسْتَعْجِلُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।
See all translations of this verse →
فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِن يَوْمِهِمُ ٱلَّذِى يُوعَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→