ছুৰা Al-Muddaththir المدثر
৫৬ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ يَٰٓأَيُّهَا ٱلْمُدَّثِّرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে বস্ত্ৰাবৃত!
See all translations of this verse →
قُمْ فَأَنذِرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউঠা, আৰু সতৰ্ক কৰা,
See all translations of this verse →
وَرَبَّكَ فَكَبِّرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা।
See all translations of this verse →
وَثِيَابَكَ فَطَهِّرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ পোছাক-পৰিচ্ছদ পৱিত্ৰ ৰাখিবা,
See all translations of this verse →
وَٱلرُّجْزَ فَٱهْجُرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু অপৱিত্ৰতা (শ্বিৰ্ক) পৰিহাৰ কৰা,
See all translations of this verse →
وَلَا تَمْنُن تَسْتَكْثِرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু অধিক পোৱাৰ আশাত কাকো অনুগ্ৰহ নকৰিবা।
See all translations of this verse →
وَلِرَبِّكَ فَٱصْبِرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ প্ৰতিপালকৰ বাবেই ধৈৰ্য ধাৰণ কৰা।
See all translations of this verse →
فَإِذَا نُقِرَ فِى ٱلنَّاقُورِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব,
See all translations of this verse →
فَذَٰلِكَ يَوْمَئِذٍ يَوْمٌ عَسِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই দিনটো হ’ব এটা সংকটৰ দিন-
See all translations of this verse →
عَلَى ٱلْكَٰفِرِينَ غَيْرُ يَسِيرٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিটো কাফিৰসকলৰ বাবে সহজ নহয়।
See all translations of this verse →
ذَرْنِى وَمَنْ خَلَقْتُ وَحِيدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযাক মই অকলশৰীয়াকৈ সৃষ্টি কৰিছোঁ তাক মোলৈ এৰি দিয়া।
See all translations of this verse →
وَجَعَلْتُ لَهُۥ مَالًا مَّمْدُودًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যাক মই প্ৰদান কৰিছোঁ বিপুল ধন-সম্পদ,
See all translations of this verse →
وَبَنِينَ شُهُودًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (প্ৰদান কৰিছোঁ) নিত্যসঙ্গী পুত্ৰসকল।
See all translations of this verse →
وَمَهَّدتُّ لَهُۥ تَمْهِيدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাক প্ৰদান কৰিছোঁ স্বাচ্ছন্দ জীৱনৰ প্ৰচুৰ উপকৰণ-
See all translations of this verse →
ثُمَّ يَطْمَعُ أَنْ أَزِيدَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতথাপিও সি কামনা কৰে যে, মই যেন তাক আৰু অধিক দিওঁ!
See all translations of this verse →
كَلَّآ إِنَّهُۥ كَانَ لِـَٔايَٰتِنَا عَنِيدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, সি আমাৰ নিদৰ্শনসমূহৰ বিৰুদ্ধাচাৰী।
See all translations of this verse →
سَأُرْهِقُهُۥ صَعُودًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅনতিপলমে মই তাক (জাহান্নামৰ পিচল শিলত) আৰোহণ কৰিবলৈ বাধ্য কৰাম।
See all translations of this verse →
إِنَّهُۥ فَكَّرَ وَقَدَّرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সি চিন্তা কৰিলে আৰু সিদ্ধান্ত গ্ৰহণ কৰিলে।
See all translations of this verse →
فَقُتِلَ كَيْفَ قَدَّرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
See all translations of this verse →
ثُمَّ قُتِلَ كَيْفَ قَدَّرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকৌ সি ধ্বংস হওক! কেনেকৈ সি (এই) সিদ্ধান্ত গ্ৰহণ কৰিলে?
See all translations of this verse →
ثُمَّ نَظَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি লক্ষ্য কৰিলে।
See all translations of this verse →
ثُمَّ عَبَسَ وَبَسَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি ভ্ৰুঁ কোচ খোৱালে আৰু মুখ বিকৃত কৰিলে।
See all translations of this verse →
ثُمَّ أَدْبَرَ وَٱسْتَكْبَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি উভতিলে আৰু অহংকাৰ কৰিলে।
See all translations of this verse →
فَقَالَ إِنْ هَٰذَآ إِلَّا سِحْرٌ يُؤْثَرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,
See all translations of this verse →
إِنْ هَٰذَآ إِلَّا قَوْلُ ٱلْبَشَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এয়াতো মানুহৰেই কথা’।
See all translations of this verse →
سَأُصْلِيهِ سَقَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅনতিপলমে মই তাক ছাক্বাৰত (জাহান্নামত) প্ৰৱেশ কৰাম।
See all translations of this verse →
وَمَآ أَدْرَىٰكَ مَا سَقَرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কিহে তোমাক জনাব ছাক্বাৰ কি?
See all translations of this verse →
لَا تُبْقِى وَلَا تَذَرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanই তাক (জীৱিত থাকিবলৈও) অৱকাশ নিদিব আৰু (মৃত্যু হ’বলৈও) এৰি নিদিব।
See all translations of this verse →
لَوَّاحَةٌ لِّلْبَشَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanই শৰীৰৰ ছাল জ্বলাই ক'লা কৰি দিব।
See all translations of this verse →
عَلَيْهَا تِسْعَةَ عَشَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanছাক্বাৰৰ তত্ত্বাৱধানত আছে ঊনৈশজন (প্ৰহৰী)।
See all translations of this verse →
وَمَا جَعَلْنَآ أَصْحَٰبَ ٱلنَّارِ إِلَّا مَلَٰٓئِكَةً وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِّلَّذِينَ كَفَرُوا۟ لِيَسْتَيْقِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ وَيَزْدَادَ ٱلَّذِينَ ءَامَنُوٓا۟ إِيمَٰنًا وَلَا يَرْتَابَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ وَٱلْمُؤْمِنُونَ وَلِيَقُولَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ وَٱلْكَٰفِرُونَ مَاذَآ أَرَادَ ٱللَّهُ بِهَٰذَا مَثَلًا كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ وَمَا هِىَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছোঁ; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপেই আমি সিহঁতৰ সংখ্যা উল্লেখ কৰিছোঁ, যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায়, আৰু যাতে মুমিনসকলে সন্দেহ পোষণ নকৰে; তথা যাতে ইয়াৰ ফলত যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা কৰে পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
See all translations of this verse →
كَلَّا وَٱلْقَمَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, চন্দ্ৰৰ শপত,
See all translations of this verse →
وَٱلَّيْلِ إِذْ أَدْبَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত ৰাতিৰ, যেতিয়া ইয়াৰ অৱসান ঘটে,
See all translations of this verse →
وَٱلصُّبْحِ إِذَآ أَسْفَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰভাতৰ শপত, যেতিয়া ই আলোকোজ্জ্বল হয়-
See all translations of this verse →
إِنَّهَا لَإِحْدَى ٱلْكُبَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় জাহান্নাম হৈছে মহাবিপদসমূহৰ অন্যতম,
See all translations of this verse →
نَذِيرًا لِّلْبَشَرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমানুহৰ বাবে সতৰ্ককাৰী-
See all translations of this verse →
لِمَن شَآءَ مِنكُمْ أَن يَتَقَدَّمَ أَوْ يَتَأَخَّرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ মাজৰ যিয়ে অগ্ৰসৰ হ’ব বিচাৰে অথবা পিছমুৱা হ’ব বিচাৰে তাৰ বাবে।
See all translations of this verse →
كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ رَهِينَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰত্যেক ব্যক্তি নিজৰ কৃতকৰ্মৰ বাবে দায়বদ্ধ,
See all translations of this verse →
إِلَّآ أَصْحَٰبَ ٱلْيَمِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে,
See all translations of this verse →
فِى جَنَّٰتٍ يَتَسَآءَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanজান্নাতত তেওঁলোকে ইজনে সিজনক সুধিব,
See all translations of this verse →
عَنِ ٱلْمُجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅপৰাধীবিলাকৰ বিষয়ে,
See all translations of this verse →
مَا سَلَكَكُمْ فِى سَقَرَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিহে তোমালোকক ছাক্বাৰত (জাহান্নামত) নিক্ষেপ কৰিছে?
See all translations of this verse →
قَالُوا۟ لَمْ نَكُ مِنَ ٱلْمُصَلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’ব, ‘আমি ছালাত আদায়কাৰীসকলৰ অন্তৰ্ভুক্ত নাছিলোঁ,
See all translations of this verse →
وَلَمْ نَكُ نُطْعِمُ ٱلْمِسْكِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু আমি দুখীয়াক খাদ্য দান কৰা নাছিলোঁ,
See all translations of this verse →
وَكُنَّا نَخُوضُ مَعَ ٱلْخَآئِضِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে আমি অনৰ্থক আলোচনাকাৰীসকলৰ লগত বেহুদা আলচ কৰাত মগ্ন আছিলোঁ।
See all translations of this verse →
وَكُنَّا نُكَذِّبُ بِيَوْمِ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি প্ৰতিদান দিৱসক অস্বীকাৰ কৰিছিলোঁ,
See all translations of this verse →
حَتَّىٰٓ أَتَىٰنَا ٱلْيَقِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত আমাৰ ওচৰত মৃত্যু আহি পালে’।
See all translations of this verse →
فَمَا تَنفَعُهُمْ شَفَٰعَةُ ٱلشَّٰفِعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে চুপাৰিছকাৰীসকলৰ চুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব।
See all translations of this verse →
فَمَا لَهُمْ عَنِ ٱلتَّذْكِرَةِ مُعْرِضِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতৰ কি হৈছে, কিয় সিহঁতে উপদেশ বাণীৰ পৰা বিমুখ হৈছে?
See all translations of this verse →
كَأَنَّهُمْ حُمُرٌ مُّسْتَنفِرَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁত যেনিবা ভীত-সন্ত্ৰস্ত পলায়নৰত বনৰীয়া গাধ।
See all translations of this verse →
فَرَّتْ مِن قَسْوَرَةٍۭ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিবোৰে সিংহৰ ভয়ত পলায়ন কৰিছে।
See all translations of this verse →
بَلْ يُرِيدُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُؤْتَىٰ صُحُفًا مُّنَشَّرَةً
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং সিহঁতৰ মাজৰ প্ৰত্যেক ব্যক্তিয়েই কামনা কৰে যে তাক উন্মুক্ত গ্ৰন্থ প্ৰদান কৰা হওক।
See all translations of this verse →
كَلَّا بَل لَّا يَخَافُونَ ٱلْـَٔاخِرَةَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, বৰং সিহঁতে আখিৰাতক ভয় নকৰে।
See all translations of this verse →
كَلَّآ إِنَّهُۥ تَذْكِرَةٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, নিশ্চয় এই কোৰআন সকলোৰে বাবে উপদেশবাণী।
See all translations of this verse →
فَمَن شَآءَ ذَكَرَهُۥ
Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে যিয়ে ইচ্ছা কৰিব সি উপদেশ গ্ৰহণ কৰিব,
See all translations of this verse →
وَمَا يَذْكُرُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ هُوَ أَهْلُ ٱلتَّقْوَىٰ وَأَهْلُ ٱلْمَغْفِرَةِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহৰ ইচ্ছা অবিহনে কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে, একমাত্ৰ তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→