ছুৰা Al-Muzzammil المزمل
২০ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৩
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ يَٰٓأَيُّهَا ٱلْمُزَّمِّلُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে বস্ত্ৰাবৃত!
See all translations of this verse →
قُمِ ٱلَّيْلَ إِلَّا قَلِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanৰাতিত ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,
See all translations of this verse →
نِّصْفَهُۥٓ أَوِ ٱنقُصْ مِنْهُ قَلِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৰ্দ্ধেক ৰাতি বা তাতকৈও অলপ কম;
See all translations of this verse →
أَوْ زِدْ عَلَيْهِ وَرَتِّلِ ٱلْقُرْءَانَ تَرْتِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।
See all translations of this verse →
إِنَّا سَنُلْقِى عَلَيْكَ قَوْلًا ثَقِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।
See all translations of this verse →
إِنَّ نَاشِئَةَ ٱلَّيْلِ هِىَ أَشَدُّ وَطْـًٔا وَأَقْوَمُ قِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।
See all translations of this verse →
إِنَّ لَكَ فِى ٱلنَّهَارِ سَبْحًا طَوِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।
See all translations of this verse →
وَٱذْكُرِ ٱسْمَ رَبِّكَ وَتَبَتَّلْ إِلَيْهِ تَبْتِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।
See all translations of this verse →
رَّبُّ ٱلْمَشْرِقِ وَٱلْمَغْرِبِ لَآ إِلَٰهَ إِلَّا هُوَ فَٱتَّخِذْهُ وَكِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।
See all translations of this verse →
وَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَٱهْجُرْهُمْ هَجْرًا جَمِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।
See all translations of this verse →
وَذَرْنِى وَٱلْمُكَذِّبِينَ أُو۟لِى ٱلنَّعْمَةِ وَمَهِّلْهُمْ قَلِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।
See all translations of this verse →
إِنَّ لَدَيْنَآ أَنكَالًا وَجَحِيمًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,
See all translations of this verse →
وَطَعَامًا ذَا غُصَّةٍ وَعَذَابًا أَلِيمًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
يَوْمَ تَرْجُفُ ٱلْأَرْضُ وَٱلْجِبَالُ وَكَانَتِ ٱلْجِبَالُ كَثِيبًا مَّهِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।
See all translations of this verse →
إِنَّآ أَرْسَلْنَآ إِلَيْكُمْ رَسُولًا شَٰهِدًا عَلَيْكُمْ كَمَآ أَرْسَلْنَآ إِلَىٰ فِرْعَوْنَ رَسُولًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।
See all translations of this verse →
فَعَصَىٰ فِرْعَوْنُ ٱلرَّسُولَ فَأَخَذْنَٰهُ أَخْذًا وَبِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।
See all translations of this verse →
فَكَيْفَ تَتَّقُونَ إِن كَفَرْتُمْ يَوْمًا يَجْعَلُ ٱلْوِلْدَٰنَ شِيبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,
See all translations of this verse →
ٱلسَّمَآءُ مُنفَطِرٌۢ بِهِۦ كَانَ وَعْدُهُۥ مَفْعُولًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।
See all translations of this verse →
إِنَّ هَٰذِهِۦ تَذْكِرَةٌ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে, সি যেন তাৰ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।
See all translations of this verse →
إِنَّ رَبَّكَ يَعْلَمُ أَنَّكَ تَقُومُ أَدْنَىٰ مِن ثُلُثَىِ ٱلَّيْلِ وَنِصْفَهُۥ وَثُلُثَهُۥ وَطَآئِفَةٌ مِّنَ ٱلَّذِينَ مَعَكَ وَٱللَّهُ يُقَدِّرُ ٱلَّيْلَ وَٱلنَّهَارَ عَلِمَ أَن لَّن تُحْصُوهُ فَتَابَ عَلَيْكُمْ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنَ ٱلْقُرْءَانِ عَلِمَ أَن سَيَكُونُ مِنكُم مَّرْضَىٰ وَءَاخَرُونَ يَضْرِبُونَ فِى ٱلْأَرْضِ يَبْتَغُونَ مِن فَضْلِ ٱللَّهِ وَءَاخَرُونَ يُقَٰتِلُونَ فِى سَبِيلِ ٱللَّهِ فَٱقْرَءُوا۟ مَا تَيَسَّرَ مِنْهُ وَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَقْرِضُوا۟ ٱللَّهَ قَرْضًا حَسَنًا وَمَا تُقَدِّمُوا۟ لِأَنفُسِكُم مِّنْ خَيْرٍ تَجِدُوهُ عِندَ ٱللَّهِ هُوَ خَيْرًا وَأَعْظَمَ أَجْرًا وَٱسْتَغْفِرُوا۟ ٱللَّهَ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌۢ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকে জানে যে, তুমি ছালাতৰ বাবে থিয় দিয়া কেতিয়াবা ৰাতিৰ প্ৰায় দুই-তৃতীয়াংশত, কেতিয়াবা অৰ্ধাংশত আৰু কেতিয়াবা এক-তৃতীয়াংশত, লগতে তোমাৰ সংগীসকলৰ এটা দলেও থিয় দিয়ে। আল্লাহেই নিৰ্ধাৰণ কৰে দিন আৰু ৰাতিৰ পৰিমাণ। তেওঁ জানে যে, তোমালোকে ইয়াৰ সঠিক নিৰ্ধাৰণ পালন কৰিব নোৱাৰিবা, সেয়ে তেওঁ তোমালোকক ক্ষমা কৰিছে। এতেকে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সিমানখিনি পাঠ কৰা। তেওঁ জানে যে, তোমালোকৰ মাজৰ কিছুমান অসুস্থ হৈ পৰিব, আকৌ কিছুমানে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰিবলৈ ভ্ৰমণ কৰিব আৰু আন কিছুমানে আল্লাহৰ পথত যুদ্ধৰত অৱস্থাত থাকিব। সেয়ে তোমালোকে কোৰআনৰ পৰা যিমানখিনি সহজ হয় সেইখিনি পাঠ কৰা; আৰু তোমালোকে ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত প্ৰদান কৰা লগতে আল্লাহক উত্তম ঋণ প্ৰদান কৰা। তোমালোকৰ নিজৰ মঙ্গলৰ বাবে তোমালোকে যি আগতীয়াকৈ প্ৰেৰণ কৰিবা সেয়া আল্লাহৰ ওচৰত নিশ্চয় পাবা। ই উৎকৃষ্টতম আৰু পুৰস্কাৰ হিচাপে বৰ মহৎ। আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→