ঘৰ › ছুৰাসমূহ › ছুৰা Maryam
ছুৰা Maryam مريم
৯৮ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪৪
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ كٓهيعٓصٓ
Assamese Translation - Rafiqul Islam Habibur-Rahman কাফ-হা-ইয়া-আঈন- চ’দ;[1]
See all translations of this verse →
ذِكْرُ رَحْمَتِ رَبِّكَ عَبْدَهُۥ زَكَرِيَّآ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইটো হৈছে তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ বিৱৰণ তেওঁৰ বান্দা যাকাৰিয়্যাৰ প্ৰতি,
See all translations of this verse →
إِذْ نَادَىٰ رَبَّهُۥ نِدَآءً خَفِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া তেওঁ নিজ প্ৰতিপালকক গোপনে আহ্বান কৰিছিল,
See all translations of this verse →
قَالَ رَبِّ إِنِّى وَهَنَ ٱلْعَظْمُ مِنِّى وَٱشْتَعَلَ ٱلرَّأْسُ شَيْبًا وَلَمْ أَكُنۢ بِدُعَآئِكَ رَبِّ شَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ কৈছিল, ‘হে মোৰ প্ৰতিপালক! মোৰ অস্থি দুৰ্বল হৈছে, বাৰ্ধক্যত মোৰ মূৰ(ৰ চুলি) শুভ্ৰোজ্জ্বল হৈছে; হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত দুআ কৰি মই কেতিয়াও ব্যৰ্থ হোৱা নাই।
See all translations of this verse →
وَإِنِّى خِفْتُ ٱلْمَوَٰلِىَ مِن وَرَآءِى وَكَانَتِ ٱمْرَأَتِى عَاقِرًا فَهَبْ لِى مِن لَّدُنكَ وَلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় মই মোৰ পিছত মোৰ স্বগোত্ৰীয়সকলৰ বিষয়ে আশংকাবোধ কৰিছোঁ; আৰু মোৰ স্ত্ৰীও হৈছে বন্ধ্যা। গতিকে তুমি তোমাৰ ফালৰ পৰা মোক এজন উত্তৰাধিকাৰী দান কৰা,
See all translations of this verse →
يَرِثُنِى وَيَرِثُ مِنْ ءَالِ يَعْقُوبَ وَٱجْعَلْهُ رَبِّ رَضِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘যিয়ে মোৰ উত্তৰাধিকাৰী হ’ব আৰু উত্তৰাধিকাৰী লাভ কৰিব ইয়াকূবৰ বংশৰ, লগতে হে মোৰ প্ৰতিপালক! তুমি তাক সন্তোষভাজন কৰিবা’।
See all translations of this verse →
يَٰزَكَرِيَّآ إِنَّا نُبَشِّرُكَ بِغُلَٰمٍ ٱسْمُهُۥ يَحْيَىٰ لَمْ نَجْعَل لَّهُۥ مِن قَبْلُ سَمِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman (আল্লাহে ক’লে,) ‘হে যাকাৰিয়্যা! নিশ্চয় আমি তোমাক এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছোঁ, যাৰ নাম হ’ব ইয়াহয়া; এই নামেৰে আমি আগতে কাকো নামকৰণ কৰা নাছিলোঁ’।
See all translations of this verse →
قَالَ رَبِّ أَنَّىٰ يَكُونُ لِى غُلَٰمٌ وَكَانَتِ ٱمْرَأَتِى عَاقِرًا وَقَدْ بَلَغْتُ مِنَ ٱلْكِبَرِ عِتِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! কেনেকৈ মোৰ পুত্ৰ সন্তান হ’ব পাৰে, অথচ মোৰ স্ত্ৰী হৈছে বন্ধ্যা আৰু ময়ো বাৰ্ধক্যৰ শেষ সীমাত উপনীত হৈছোঁ’!
See all translations of this verse →
قَالَ كَذَٰلِكَ قَالَ رَبُّكَ هُوَ عَلَىَّ هَيِّنٌ وَقَدْ خَلَقْتُكَ مِن قَبْلُ وَلَمْ تَكُ شَيْـًٔا
Assamese Translation - Rafiqul Islam Habibur-Rahman (উত্তৰত তেওঁ) ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে অতি সহজ; ইয়াৰ পূৰ্বে মই তোমাকো সৃষ্টি কৰিছোঁ যেতিয়া তুমি একোৱেই নাছিলা’।
See all translations of this verse →
قَالَ رَبِّ ٱجْعَل لِّىٓ ءَايَةً قَالَ ءَايَتُكَ أَلَّا تُكَلِّمَ ٱلنَّاسَ ثَلَٰثَ لَيَالٍ سَوِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman যাকাৰিয়্যাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক এটা নিদৰ্শন দিয়া’। তেওঁ ক’লে, ‘তোমাৰ নিদৰ্শন এইটোৱে যে, তুমি সুস্থ থকা সত্বেও ক্ৰমাগত তিনি ৰাতি (দিন) পৰ্যন্ত কাৰো লগত কথা ক’ব নোৱাৰিবা’।
See all translations of this verse →
فَخَرَجَ عَلَىٰ قَوْمِهِۦ مِنَ ٱلْمِحْرَابِ فَأَوْحَىٰٓ إِلَيْهِمْ أَن سَبِّحُوا۟ بُكْرَةً وَعَشِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তেওঁ (ইবাদতৰ বাবে নিৰ্দিষ্ট) কক্ষৰ পৰা ওলাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ আহিল আৰু ইঙ্গিতেৰে সিহঁতক ক’লে, ‘তোমালোকে পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা’।
See all translations of this verse →
يَٰيَحْيَىٰ خُذِ ٱلْكِتَٰبَ بِقُوَّةٍ وَءَاتَيْنَٰهُ ٱلْحُكْمَ صَبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে ইয়াহয়া! তুমি কিতাবখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা,’ আৰু আমি তেওঁক শৈশৱতেই প্ৰজ্ঞা দান কৰিছিলোঁ,
See all translations of this verse →
وَحَنَانًا مِّن لَّدُنَّا وَزَكَوٰةً وَكَانَ تَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমাৰ ফালৰ পৰা তেওঁক হৃদয়ৰ কোমলতা আৰু পৱিত্ৰতা দান কৰিছোঁ; আৰু তেওঁ আছিল এজন মুত্তাক্বী।
See all translations of this verse →
وَبَرًّۢا بِوَٰلِدَيْهِ وَلَمْ يَكُن جَبَّارًا عَصِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁ আছিল পিতৃ-মাতৃৰ প্ৰতি অনুগত, তথা তেওঁ অহংকাৰী, অবাধ্য নাছিল।
See all translations of this verse →
وَسَلَٰمٌ عَلَيْهِ يَوْمَ وُلِدَ وَيَوْمَ يَمُوتُ وَيَوْمَ يُبْعَثُ حَيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman শান্তি তেওঁৰ ওপৰত অনিবাৰ্য, যিদিনা তেওঁ জন্ম লাভ কৰিছে, যিদিনা তেওঁ মৃত্যুবৰণ কৰিব আৰু যিদিনা তেওঁ জীৱিত অৱস্থাত উত্থিত হ’ব।
See all translations of this verse →
وَٱذْكُرْ فِى ٱلْكِتَٰبِ مَرْيَمَ إِذِ ٱنتَبَذَتْ مِنْ أَهْلِهَا مَكَانًا شَرْقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু (হে ৰাছুল!) তুমি এই কিতাবত (উল্লিখিত) মাৰয়ামৰ কথা বৰ্ণনা কৰা, যেতিয়া তেওঁ নিজ পৰিয়ালবৰ্গৰ পৰা পৃথক হৈ পূৱ দিশৰ এটা নিৰ্জন স্থানত আশ্ৰয় নিলে,
See all translations of this verse →
فَٱتَّخَذَتْ مِن دُونِهِمْ حِجَابًا فَأَرْسَلْنَآ إِلَيْهَا رُوحَنَا فَتَمَثَّلَ لَهَا بَشَرًا سَوِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তেওঁ সিহঁতৰ পৰা নিজকে পৰ্দা কৰিলে। তেতিয়া আমি তেওঁৰ ওচৰলৈ আমাৰ ৰূহ (জীব্ৰীল)ক প্ৰেৰণ কৰিলোঁ, ফলত তেওঁ মাৰয়ামৰ ওচৰত পূৰ্ণ মানৱাকৃতিত আহি আত্মপ্ৰকাশ কৰিলে।
See all translations of this verse →
قَالَتْ إِنِّىٓ أَعُوذُ بِٱلرَّحْمَٰنِ مِنكَ إِن كُنتَ تَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman মাৰয়ামে ক’লে, ‘মই তোমাৰ পৰা ৰহমানৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, (আল্লাহক ভয় কৰা আৰু আঁতৰি যোৱা) যদি তুমি মুত্তাক্বী হোৱা’।
See all translations of this verse →
قَالَ إِنَّمَآ أَنَا۠ رَسُولُ رَبِّكِ لِأَهَبَ لَكِ غُلَٰمًا زَكِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘মইতো তোমাৰ প্ৰতিপালকৰ দূতহে, তোমাক এজন পৱিত্ৰ পুত্ৰ দান কৰাৰ বাবে আহিছোঁ’।
See all translations of this verse →
قَالَتْ أَنَّىٰ يَكُونُ لِى غُلَٰمٌ وَلَمْ يَمْسَسْنِى بَشَرٌ وَلَمْ أَكُ بَغِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman মাৰয়ামে ক’লে, ‘মোৰ পুত্ৰ কেনেকৈ হ’ব যিহেতু মোক কোনো পুৰুষে স্পৰ্শই কৰা নাই আৰু মই ব্যভিচাৰিণীও নহয়’?
See all translations of this verse →
قَالَ كَذَٰلِكِ قَالَ رَبُّكِ هُوَ عَلَىَّ هَيِّنٌ وَلِنَجْعَلَهُۥٓ ءَايَةً لِّلنَّاسِ وَرَحْمَةً مِّنَّا وَكَانَ أَمْرًا مَّقْضِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘এইদৰেই হ’ব’। তোমাৰ প্ৰতিপালকে কৈছে, ‘এইটো মোৰ বাবে সহজ; আৰু আমি তেওঁক এইকাৰণে সৃষ্টি কৰিম যাতে তেওঁ মানুহৰ বাবে এটা নিদৰ্শন হয় আৰু আমাৰ ফালৰ পৰা এটা অনুগ্ৰহ; এইটো এটা সিদ্ধান্তকৃত বিষয়’।
See all translations of this verse →
فَحَمَلَتْهُ فَٱنتَبَذَتْ بِهِۦ مَكَانًا قَصِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত মাৰয়ামে তেওঁক গৰ্ভত ধাৰণ কৰিলে আৰু সেই গৰ্ভসহ দূৰৱৰ্তী এডোখৰ ঠাইলৈ গুচি গ’ল;
See all translations of this verse →
فَأَجَآءَهَا ٱلْمَخَاضُ إِلَىٰ جِذْعِ ٱلنَّخْلَةِ قَالَتْ يَٰلَيْتَنِى مِتُّ قَبْلَ هَٰذَا وَكُنتُ نَسْيًا مَّنسِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত প্ৰসৱ-বেদনাই তেওঁক এজোপা খেজুৰ গছৰ তলত আশ্ৰয় নিবলৈ বাধ্য কৰালে। তেওঁ ক’লে, ‘হায়, ইয়াৰ আগতেই যদি মই মৃত্যুবৰণ কৰিলোঁহেঁতেন আৰু মানুহৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে হেৰাই গ’লোঁহেঁতেন!’
See all translations of this verse →
فَنَادَىٰهَا مِن تَحْتِهَآ أَلَّا تَحْزَنِى قَدْ جَعَلَ رَبُّكِ تَحْتَكِ سَرِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া তলৰ পৰা তেওঁ মাৰয়ামক মাতি ক’লে, ‘তুমি চিন্তা নকৰিবা, তোমাৰ পাদদেশত তোমাৰ প্ৰতিপালকে এটা নিজৰা সৃষ্টি কৰিছে;
See all translations of this verse →
وَهُزِّىٓ إِلَيْكِ بِجِذْعِ ٱلنَّخْلَةِ تُسَٰقِطْ عَلَيْكِ رُطَبًا جَنِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি খেজুৰ গছৰ কাণ্ড ধৰি জোকাৰি দিয়া, ই তোমাৰ ওপৰত তাজা পকা খেজুৰ পেলাব।
See all translations of this verse →
فَكُلِى وَٱشْرَبِى وَقَرِّى عَيْنًا فَإِمَّا تَرَيِنَّ مِنَ ٱلْبَشَرِ أَحَدًا فَقُولِىٓ إِنِّى نَذَرْتُ لِلرَّحْمَٰنِ صَوْمًا فَلَنْ أُكَلِّمَ ٱلْيَوْمَ إِنسِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে খোৱা, সেৱন কৰা আৰু চকু জুৰ পেলোৱা। যদি কোনো মানুহৰ লগত তোমাৰ দেখা হয় তেন্তে ক’বা, ‘মই ৰহমানৰ উদ্দেশ্যে মৌনতা অৱলম্বনৰ মানত কৰিছোঁ। সেয়ে মই আজি কাৰো লগত কথা নকওঁ’।
See all translations of this verse →
فَأَتَتْ بِهِۦ قَوْمَهَا تَحْمِلُهُۥ قَالُوا۟ يَٰمَرْيَمُ لَقَدْ جِئْتِ شَيْـًٔا فَرِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তেওঁ কেঁচুৱাটিক লৈ নিজ সম্প্ৰদায়ৰ ওচৰত আহি উপস্থিত হ’ল, সিহঁতে ক’লে, ‘হে মাৰয়াম! নিশ্চয় তুমি এটা অদ্ভূত কাণ্ড কৰিছা’।
See all translations of this verse →
يَٰٓأُخْتَ هَٰرُونَ مَا كَانَ أَبُوكِ ٱمْرَأَ سَوْءٍ وَمَا كَانَتْ أُمُّكِ بَغِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে হাৰূনৰ ভগ্নী! তোমাৰ পিতা কিন্তু অসৎ ব্যক্তি নাছিল আৰু তোমাৰ মাতৃও ব্যভিচাৰিণী নাছিল’।
See all translations of this verse →
فَأَشَارَتْ إِلَيْهِ قَالُوا۟ كَيْفَ نُكَلِّمُ مَن كَانَ فِى ٱلْمَهْدِ صَبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেতিয়া মাৰয়ামে কেঁচুৱাটিৰ প্ৰতি ইংগিত কৰিলে। সিহঁতে ক’লে, ‘কোলাত থকা এটি কেঁচুৱাৰ সৈতে আমি কেনেকৈ কথা পাতিম’?
See all translations of this verse →
قَالَ إِنِّى عَبْدُ ٱللَّهِ ءَاتَىٰنِىَ ٱلْكِتَٰبَ وَجَعَلَنِى نَبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman কেঁচুৱাটোৱে মাত লগালে, ‘নিশ্চয় মই এজন আল্লাহৰ বান্দা। তেৱেঁই মোক কিতাব প্ৰদান কৰিছে আৰু মোক নবী বনাইছে,
See all translations of this verse →
وَجَعَلَنِى مُبَارَكًا أَيْنَ مَا كُنتُ وَأَوْصَٰنِى بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ مَا دُمْتُ حَيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘মই য’তেই নাথাকোঁ কিয় তেওঁ মোক বৰকতময় কৰিছে, লগতে তেওঁ মোক আজীৱন ছালাত আৰু যাকাত আদায় কৰিবলৈ নিৰ্দেশ দিছে--
See all translations of this verse →
وَبَرًّۢا بِوَٰلِدَتِى وَلَمْ يَجْعَلْنِى جَبَّارًا شَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোক মোৰ মাতৃৰ প্ৰতি অনুগত কৰিছে, লগতে তেওঁ মোক অহংকাৰী, অবাধ্য বনোৱা নাই;
See all translations of this verse →
وَٱلسَّلَٰمُ عَلَىَّ يَوْمَ وُلِدتُّ وَيَوْمَ أَمُوتُ وَيَوْمَ أُبْعَثُ حَيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘আৰু মোৰ ওপৰত শান্তি অনিবাৰ্য যিদিনা মই জন্ম লাভ কৰিছোঁ, যিদিনা মোৰ মৃত্যু হ’ব আৰু যিদিনা মই জীৱিত অৱস্থাত উত্থিত হ'ম’।
See all translations of this verse →
ذَٰلِكَ عِيسَى ٱبْنُ مَرْيَمَ قَوْلَ ٱلْحَقِّ ٱلَّذِى فِيهِ يَمْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইটোৱেই হৈছে মাৰয়ামৰ পুত্ৰ ঈছা (ৰ ঘটনা)। (মই যি বৰ্ণনা কৰিলোঁ) এইটোৱে হৈছে সত্য কথা, যি বিষয়ত সিহঁতে সন্দেহ পোষণ কৰে।
See all translations of this verse →
مَا كَانَ لِلَّهِ أَن يَتَّخِذَ مِن وَلَدٍ سُبْحَٰنَهُۥٓ إِذَا قَضَىٰٓ أَمْرًا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ
Assamese Translation - Rafiqul Islam Habibur-Rahman সন্তান গ্ৰহণ কৰাটো আল্লাহৰ কাম নহয়। তেওঁ পৱিত্ৰ মহিমাময়। তেওঁ যেতিয়া কিবা কৰিবলৈ স্থিৰ কৰে, তেতিয়া কেৱল এই বুলি কয় ‘হ’ সেইটো তৎক্ষণাত হৈ যায়।
See all translations of this verse →
وَإِنَّ ٱللَّهَ رَبِّى وَرَبُّكُمْ فَٱعْبُدُوهُ هَٰذَا صِرَٰطٌ مُّسْتَقِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আল্লাহেই হৈছে মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; সেয়ে তোমালোকে তেওঁৰ ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।
See all translations of this verse →
فَٱخْتَلَفَ ٱلْأَحْزَابُ مِنۢ بَيْنِهِمْ فَوَيْلٌ لِّلَّذِينَ كَفَرُوا۟ مِن مَّشْهَدِ يَوْمٍ عَظِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman তথাপিও দলসমূহে নিজৰ মাজতে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে মহাদিৱস প্ৰত্যক্ষকালত কাফিৰসকলৰ বাবে ধ্বংস অনিবাৰ্য।
See all translations of this verse →
أَسْمِعْ بِهِمْ وَأَبْصِرْ يَوْمَ يَأْتُونَنَا لَٰكِنِ ٱلظَّٰلِمُونَ ٱلْيَوْمَ فِى ضَلَٰلٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে যিদিনা আমাৰ ওচৰত উপস্থিত হ’ব সিদিনা সিহঁতে কিমান যে স্পষ্টকৈ শুনা পাব আৰু দেখা পাব! কিন্তু যালিমসকল আজি স্পষ্ট বিভ্ৰান্তিত আছে।
See all translations of this verse →
وَأَنذِرْهُمْ يَوْمَ ٱلْحَسْرَةِ إِذْ قُضِىَ ٱلْأَمْرُ وَهُمْ فِى غَفْلَةٍ وَهُمْ لَا يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে আৰু সিহঁতে ঈমান পোষণ নকৰে।
See all translations of this verse →
إِنَّا نَحْنُ نَرِثُ ٱلْأَرْضَ وَمَنْ عَلَيْهَا وَإِلَيْنَا يُرْجَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় পৃথিৱী আৰু ইয়াৰ ওপৰত যি যি আছে সেই সকলোবোৰৰ চূড়ান্ত মালিকানাস্বত্ব কেৱল আমাৰেই, আৰু আমাৰ ওচৰতেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
See all translations of this verse →
وَٱذْكُرْ فِى ٱلْكِتَٰبِ إِبْرَٰهِيمَ إِنَّهُۥ كَانَ صِدِّيقًا نَّبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে বৰ্ণনা কৰা এই কিতাবত (উল্লিখিত) ইব্ৰাহীমৰ কথা, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
See all translations of this verse →
إِذْ قَالَ لِأَبِيهِ يَٰٓأَبَتِ لِمَ تَعْبُدُ مَا لَا يَسْمَعُ وَلَا يُبْصِرُ وَلَا يُغْنِى عَنكَ شَيْـًٔا
Assamese Translation - Rafiqul Islam Habibur-Rahman যেতিয়া তেওঁ তেওঁৰ পিতাক ক’লে, ‘হে মোৰ পিতৃ! আপুনি কিয় এনে বস্তুৰ ইবাদত কৰে যিয়ে একো শুনা নাপায়, দেখা নাপায় আৰু আপোনাৰ কোনো কামতো নাহে’?
See all translations of this verse →
يَٰٓأَبَتِ إِنِّى قَدْ جَآءَنِى مِنَ ٱلْعِلْمِ مَا لَمْ يَأْتِكَ فَٱتَّبِعْنِىٓ أَهْدِكَ صِرَٰطًا سَوِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে মোৰ পিতৃ! মোৰ ওচৰলৈ এনেকুৱা জ্ঞান আহিছে যিটো আপোনাৰ ওচৰত আহা নাই; সেয়ে মোৰ অনুসৰণ কৰক, মই আপোনাক সঠিক পথ দেখুৱাম।
See all translations of this verse →
يَٰٓأَبَتِ لَا تَعْبُدِ ٱلشَّيْطَٰنَ إِنَّ ٱلشَّيْطَٰنَ كَانَ لِلرَّحْمَٰنِ عَصِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে মোৰ পিতৃ! চয়তানৰ ইবাদত নকৰিব। নিশ্চয় চয়তান হৈছে ৰহমানৰ অবাধ্য।
See all translations of this verse →
يَٰٓأَبَتِ إِنِّىٓ أَخَافُ أَن يَمَسَّكَ عَذَابٌ مِّنَ ٱلرَّحْمَٰنِ فَتَكُونَ لِلشَّيْطَٰنِ وَلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘হে মোৰ পিতৃ! মোৰ আশংকা হৈছে যে, ৰহমানৰ শাস্তিয়ে আপোনাক স্পৰ্শ কৰিব, ফলত আপুনি চয়তানৰ বন্ধু হৈ পৰিব’।
See all translations of this verse →
قَالَ أَرَاغِبٌ أَنتَ عَنْ ءَالِهَتِى يَٰٓإِبْرَٰهِيمُ لَئِن لَّمْ تَنتَهِ لَأَرْجُمَنَّكَ وَٱهْجُرْنِى مَلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman পিতাই ক’লে, ‘হে ইব্ৰাহীম! তুমি মোৰ উপাস্যবোৰৰ পৰা বিমুখ হৈছা নেকি? যদি তুমি (এনে আচৰণৰ পৰা) বিৰত নোহোৱা তেন্তে নিশ্চয় মই তোমাক শিল দলিয়াই তোমাৰ প্ৰাণ নাশ কৰিম; আৰু তুমি দীৰ্ঘ সময়ৰ বাবে মোক এৰি গুচি যোৱা’।
See all translations of this verse →
قَالَ سَلَٰمٌ عَلَيْكَ سَأَسْتَغْفِرُ لَكَ رَبِّىٓ إِنَّهُۥ كَانَ بِى حَفِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ইব্ৰাহীমে ক’লে, ‘আপোনাৰ প্ৰতি ছালাম। মই মোৰ প্ৰতিপালকৰ ওচৰত আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম; নিশ্চয় তেওঁ মোৰ প্ৰতি বৰ অনুগ্ৰহশীল।
See all translations of this verse →
وَأَعْتَزِلُكُمْ وَمَا تَدْعُونَ مِن دُونِ ٱللَّهِ وَأَدْعُوا۟ رَبِّى عَسَىٰٓ أَلَّآ أَكُونَ بِدُعَآءِ رَبِّى شَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘লগতে মই আপোনালোকৰ পৰা আৰু আপোনালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰে সেইবোৰৰ পৰা পৃথক হ'লোঁ; আৰু মই কেৱল মোৰ প্ৰতিপালককে আহ্বান কৰিম; আশা কৰোঁ মই মোৰ প্ৰতিপালকক আহ্বান কৰি ব্যৰ্থ নহম’।
See all translations of this verse →
فَلَمَّا ٱعْتَزَلَهُمْ وَمَا يَعْبُدُونَ مِن دُونِ ٱللَّهِ وَهَبْنَا لَهُۥٓ إِسْحَٰقَ وَيَعْقُوبَ وَكُلًّا جَعَلْنَا نَبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ পৰা আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰৰ পৰা পৃথক হৈ গ’ল, তেতিয়া আমি তেওঁক দান কৰিলোঁ ইছহাক্ব আৰু ইয়াকূব আৰু প্ৰত্যেককে নবী বনাইছোঁ।
See all translations of this verse →
وَوَهَبْنَا لَهُم مِّن رَّحْمَتِنَا وَجَعَلْنَا لَهُمْ لِسَانَ صِدْقٍ عَلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি তেওঁলোকক আমাৰ অনুগ্ৰহ দান কৰিলোঁ, আৰু তেওঁলোকৰ নাম-যশস্যা উচ্চ কৰিলোঁ।
See all translations of this verse →
وَٱذْكُرْ فِى ٱلْكِتَٰبِ مُوسَىٰٓ إِنَّهُۥ كَانَ مُخْلَصًا وَكَانَ رَسُولًا نَّبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এই কিতাবত (উল্লিখিত) মুছাৰ কথা বৰ্ণনা কৰা, তেওঁ আছিল বিশেষ মনোনীত আৰু তেওঁ আছিল ৰাছুল, নবী।
See all translations of this verse →
وَنَٰدَيْنَٰهُ مِن جَانِبِ ٱلطُّورِ ٱلْأَيْمَنِ وَقَرَّبْنَٰهُ نَجِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁক আমি মাতিছিলোঁ তূৰ পৰ্বতৰ সোঁফালৰ পৰা, লগতে অন্তৰঙ্গ আলাপৰ উদ্দেশ্যে আমি তেওঁক নিকটৱৰ্তী কৰিছিলোঁ।
See all translations of this verse →
وَوَهَبْنَا لَهُۥ مِن رَّحْمَتِنَآ أَخَاهُ هَٰرُونَ نَبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি আমাৰ নিজ অনুগ্ৰহত তেওঁৰ বাবে তেওঁৰ ভাতৃ হাৰূনক নবীৰূপে দান কৰিছিলোঁ।
See all translations of this verse →
وَٱذْكُرْ فِى ٱلْكِتَٰبِ إِسْمَٰعِيلَ إِنَّهُۥ كَانَ صَادِقَ ٱلْوَعْدِ وَكَانَ رَسُولًا نَّبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে (হে নবী!) এই কিতাবত (উল্লিখিত) ইছমাঈলৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল প্ৰতিশ্ৰুতি পালনত সত্যাশ্ৰয়ী আৰু তেওঁ আছিল ৰাছুল, নবী;
See all translations of this verse →
وَكَانَ يَأْمُرُ أَهْلَهُۥ بِٱلصَّلَوٰةِ وَٱلزَّكَوٰةِ وَكَانَ عِندَ رَبِّهِۦ مَرْضِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ নিজ পৰিয়ালবৰ্গক ছালাত আৰু যাকাতৰ নিৰ্দেশ দিছিল আৰু তেওঁ আছিল নিজ প্ৰতিপালকৰ ওচৰত সন্তোষভাজন।
See all translations of this verse →
وَٱذْكُرْ فِى ٱلْكِتَٰبِ إِدْرِيسَ إِنَّهُۥ كَانَ صِدِّيقًا نَّبِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এই কিতাবত (উল্লিখিত) ইদ্ৰীছৰ কথা বৰ্ণনা কৰা, নিশ্চয় তেওঁ আছিল সত্যনিষ্ঠ নবী;
See all translations of this verse →
وَرَفَعْنَٰهُ مَكَانًا عَلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি তেওঁক উচ্চ মৰ্যাদাত উন্নীত কৰিছিলোঁ।
See all translations of this verse →
أُو۟لَٰٓئِكَ ٱلَّذِينَ أَنْعَمَ ٱللَّهُ عَلَيْهِم مِّنَ ٱلنَّبِيِّـۧنَ مِن ذُرِّيَّةِ ءَادَمَ وَمِمَّنْ حَمَلْنَا مَعَ نُوحٍ وَمِن ذُرِّيَّةِ إِبْرَٰهِيمَ وَإِسْرَٰٓءِيلَ وَمِمَّنْ هَدَيْنَا وَٱجْتَبَيْنَآ إِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَٰتُ ٱلرَّحْمَٰنِ خَرُّوا۟ سُجَّدًا وَبُكِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এওঁলোকেই হৈছে সেইসকল নবী, আদম সন্তানৰ মাজৰ পৰা আল্লাহে যিসকলক অনুগ্ৰহ কৰিছে আৰু (এওঁলোক সেইসকল লোকৰ বংশধৰ) যিসকলক আমি নূহৰ লগত নাৱঁত আৰোহণ কৰোৱাইছিলোঁ। লগতে এওঁলোক হৈছে ইব্ৰাহীম আৰু ইছৰাঈলৰ বংশোদ্ভূত, তথা (তেওঁলোকৰো বংশধৰ) যিসকলক আমি হিদায়ত প্ৰদান কৰিছিলোঁ আৰু মনোনীত কৰিছিলোঁ; তেওঁলোকৰ ওচৰত ৰহমানৰ আয়াত তিলাৱত কৰা হ’লে তেওঁলোকে কান্দি কান্দি ছাজদাত পৰিছিল। (ছাজদাহ ৫)
See all translations of this verse →
فَخَلَفَ مِنۢ بَعْدِهِمْ خَلْفٌ أَضَاعُوا۟ ٱلصَّلَوٰةَ وَٱتَّبَعُوا۟ ٱلشَّهَوَٰتِ فَسَوْفَ يَلْقَوْنَ غَيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে ছালাত বিনষ্ট কৰিছিল আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিছিল। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব।
See all translations of this verse →
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحًا فَأُو۟لَٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ وَلَا يُظْلَمُونَ شَيْـًٔا
Assamese Translation - Rafiqul Islam Habibur-Rahman কিন্তু সেইসকল লোকৰ বাহিৰে, যিসকলে তাওবা কৰিছে, ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
See all translations of this verse →
جَنَّٰتِ عَدْنٍ ٱلَّتِى وَعَدَ ٱلرَّحْمَٰنُ عِبَادَهُۥ بِٱلْغَيْبِ إِنَّهُۥ كَانَ وَعْدُهُۥ مَأْتِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এইটো চিৰস্থায়ী জান্নাত, যাৰ গায়েবী প্ৰতিশ্ৰুতি পৰম কৰুণাময়ে তেওঁৰ বান্দাসকলক প্ৰদান কৰিছিল। নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুত বিষয় অৱশ্যম্ভাৱী।
See all translations of this verse →
لَّا يَسْمَعُونَ فِيهَا لَغْوًا إِلَّا سَلَٰمًا وَلَهُمْ رِزْقُهُمْ فِيهَا بُكْرَةً وَعَشِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাত তেওঁলোকে ছালাম তথা শান্তিৰ বাহিৰে আন কোনো অসাৰ বাক্য শুনিবলৈ নাপাব আৰু তাত পুৱা-গধূলি তেওঁলোকৰ বাবে থাকিব তেওঁলোকৰ ৰিজিক্ব (আহাৰ)।
See all translations of this verse →
تِلْكَ ٱلْجَنَّةُ ٱلَّتِى نُورِثُ مِنْ عِبَادِنَا مَن كَانَ تَقِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এইটোৱে হৈছে সেই জান্নাত, যাৰ অধিকাৰী আমি আমাৰ বান্দাসকলৰ মাজৰ মুত্তাক্বীসকলক কৰিম।
See all translations of this verse →
وَمَا نَتَنَزَّلُ إِلَّا بِأَمْرِ رَبِّكَ لَهُۥ مَا بَيْنَ أَيْدِينَا وَمَا خَلْفَنَا وَمَا بَيْنَ ذَٰلِكَ وَمَا كَانَ رَبُّكَ نَسِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman (জিব্ৰীলে ক’লে) আমি আপোনাৰ প্ৰতিপালকৰ আদেশ অবিহনে অৱতৰণ নকৰোঁ; আমাৰ সন্মুখত যি আছে আৰু পিছফালে যি আছে, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলো তেওঁৰেই; আৰু আপোনাৰ প্ৰতিপালক বিস্মৃত নহয়।
See all translations of this verse →
رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا فَٱعْبُدْهُ وَٱصْطَبِرْ لِعِبَٰدَتِهِۦ هَلْ تَعْلَمُ لَهُۥ سَمِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক। সেয়ে কেৱল তেওঁৰেই ইবাদত কৰক আৰু তেওঁৰ ইবাদতত ধৈৰ্য্য ধাৰণ কৰক। আপুনি তেওঁৰ সমনাম গুণ সম্পন্ন কাৰোবাক জানেনে?
See all translations of this verse →
وَيَقُولُ ٱلْإِنسَٰنُ أَءِذَا مَا مِتُّ لَسَوْفَ أُخْرَجُ حَيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু মানুহে কয়, ‘মই মৃত্যুবৰণ কৰিলে মোক আকৌ জীৱিত অৱস্থাত উঠোৱা হ’ব নেকি’?
See all translations of this verse →
أَوَلَا يَذْكُرُ ٱلْإِنسَٰنُ أَنَّا خَلَقْنَٰهُ مِن قَبْلُ وَلَمْ يَكُ شَيْـًٔا
Assamese Translation - Rafiqul Islam Habibur-Rahman মানুহে স্মৰণ নকৰে নেকি যে, নিশ্চয় আমিয়েই তাক ইয়াৰ পূৰ্বে সৃষ্টি কৰিছোঁ, যেতিয়া সি একোৱেই নাছিল?
See all translations of this verse →
فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَٱلشَّيَٰطِينَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক আৰু চয়তানসকলক একেলগে সমবেত কৰিম, তাৰ পিছত আমি সিহঁতক নতজানু অৱস্থাত জাহান্নামৰ চাৰিওফালে উপস্থিত কৰিম।
See all translations of this verse →
ثُمَّ لَنَنزِعَنَّ مِن كُلِّ شِيعَةٍ أَيُّهُمْ أَشَدُّ عَلَى ٱلرَّحْمَٰنِ عِتِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আছিল, আমি তাক টানি উলিয়াই আনিম।
See all translations of this verse →
ثُمَّ لَنَحْنُ أَعْلَمُ بِٱلَّذِينَ هُمْ أَوْلَىٰ بِهَا صِلِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমিহে ভালকৈ জানো সিহঁতক, যিসকল জাহান্নামত দগ্ধ হোৱাৰ বেছি উপযুক্ত।
See all translations of this verse →
وَإِن مِّنكُمْ إِلَّا وَارِدُهَا كَانَ عَلَىٰ رَبِّكَ حَتْمًا مَّقْضِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব লাগিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
See all translations of this verse →
ثُمَّ نُنَجِّى ٱلَّذِينَ ٱتَّقَوا۟ وَّنَذَرُ ٱلظَّٰلِمِينَ فِيهَا جِثِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি উদ্ধাৰ কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছিল আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
See all translations of this verse →
وَإِذَا تُتْلَىٰ عَلَيْهِمْ ءَايَٰتُنَا بَيِّنَٰتٍ قَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوٓا۟ أَىُّ ٱلْفَرِيقَيْنِ خَيْرٌ مَّقَامًا وَأَحْسَنُ نَدِيًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?
See all translations of this verse →
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هُمْ أَحْسَنُ أَثَٰثًا وَرِءْيًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সম্পদ আৰু বাহ্যদৃষ্টিত সিহঁততকৈও শ্ৰেষ্ঠ আছিল।
See all translations of this verse →
قُلْ مَن كَانَ فِى ٱلضَّلَٰلَةِ فَلْيَمْدُدْ لَهُ ٱلرَّحْمَٰنُ مَدًّا حَتَّىٰٓ إِذَا رَأَوْا۟ مَا يُوعَدُونَ إِمَّا ٱلْعَذَابَ وَإِمَّا ٱلسَّاعَةَ فَسَيَعْلَمُونَ مَنْ هُوَ شَرٌّ مَّكَانًا وَأَضْعَفُ جُندًا
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘যিসকলে বিভ্ৰান্তিত আছে, পৰম কৰুণাময়ে সিহঁতক প্ৰচুৰ অৱকাশ দিব, অৱশেষত যেতিয়া সিহঁতে সেয়া প্ৰত্যক্ষভাৱে দেখিবলৈ পাব যি বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল, সেয়া শাস্তিয়েই হওক বা কিয়ামতেই হওক, তেতিয়াহে সিহঁতে জানিবলৈ পাব মৰ্যাদাৰ ক্ষেত্ৰত কোন অতি নিকৃষ্ট আৰু দলবলৰ ক্ষেত্ৰত কোন বেছি দুৰ্বল’।
See all translations of this verse →
وَيَزِيدُ ٱللَّهُ ٱلَّذِينَ ٱهْتَدَوْا۟ هُدًى وَٱلْبَٰقِيَٰتُ ٱلصَّٰلِحَٰتُ خَيْرٌ عِندَ رَبِّكَ ثَوَابًا وَخَيْرٌ مَّرَدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে সৎপথত চলে আল্লাহে তেওঁলোকৰ হিদায়ত বৃদ্ধি কৰি দিয়ে; আৰু স্থায়ী সৎকৰ্মসমূহ তোমাৰ প্ৰতিপালকৰ পুৰস্কাৰ প্ৰাপ্তিৰ বাবে শ্ৰেষ্ঠ আৰু পৰিণতিৰ ফালেৰেও অতি উত্তম।
See all translations of this verse →
أَفَرَءَيْتَ ٱلَّذِى كَفَرَ بِـَٔايَٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالًا وَوَلَدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
See all translations of this verse →
أَطَّلَعَ ٱلْغَيْبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحْمَٰنِ عَهْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?
See all translations of this verse →
كَلَّا سَنَكْتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلْعَذَابِ مَدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম।
See all translations of this verse →
وَنَرِثُهُۥ مَا يَقُولُ وَيَأْتِينَا فَرْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।
See all translations of this verse →
وَٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ ءَالِهَةً لِّيَكُونُوا۟ لَهُمْ عِزًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়);
See all translations of this verse →
كَلَّا سَيَكْفُرُونَ بِعِبَادَتِهِمْ وَيَكُونُونَ عَلَيْهِمْ ضِدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
See all translations of this verse →
أَلَمْ تَرَ أَنَّآ أَرْسَلْنَا ٱلشَّيَٰطِينَ عَلَى ٱلْكَٰفِرِينَ تَؤُزُّهُمْ أَزًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?
See all translations of this verse →
فَلَا تَعْجَلْ عَلَيْهِمْ إِنَّمَا نَعُدُّ لَهُمْ عَدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ,
See all translations of this verse →
يَوْمَ نَحْشُرُ ٱلْمُتَّقِينَ إِلَى ٱلرَّحْمَٰنِ وَفْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman (স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম,
See all translations of this verse →
وَنَسُوقُ ٱلْمُجْرِمِينَ إِلَىٰ جَهَنَّمَ وِرْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।
See all translations of this verse →
لَّا يَمْلِكُونَ ٱلشَّفَٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحْمَٰنِ عَهْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব।
See all translations of this verse →
وَقَالُوا۟ ٱتَّخَذَ ٱلرَّحْمَٰنُ وَلَدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
See all translations of this verse →
لَّقَدْ جِئْتُمْ شَيْـًٔا إِدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;
See all translations of this verse →
تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرْنَ مِنْهُ وَتَنشَقُّ ٱلْأَرْضُ وَتَخِرُّ ٱلْجِبَالُ هَدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman (এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, লগতে পৃথিৱী খণ্ড-বিখণ্ড আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়,
See all translations of this verse →
أَن دَعَوْا۟ لِلرَّحْمَٰنِ وَلَدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।
See all translations of this verse →
وَمَا يَنۢبَغِى لِلرَّحْمَٰنِ أَن يَتَّخِذَ وَلَدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।
See all translations of this verse →
إِن كُلُّ مَن فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ إِلَّآ ءَاتِى ٱلرَّحْمَٰنِ عَبْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।
See all translations of this verse →
لَّقَدْ أَحْصَىٰهُمْ وَعَدَّهُمْ عَدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,
See all translations of this verse →
وَكُلُّهُمْ ءَاتِيهِ يَوْمَ ٱلْقِيَٰمَةِ فَرْدًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰলৈ অকলশৰীয়া হৈ আহিব।
See all translations of this verse →
إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ سَيَجْعَلُ لَهُمُ ٱلرَّحْمَٰنُ وُدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, ৰহমানে অৱশ্যে তেওঁলোকৰ বাবে (পাৰস্পাৰিক) সম্প্ৰীতি সৃষ্টি কৰিব।
See all translations of this verse →
فَإِنَّمَا يَسَّرْنَٰهُ بِلِسَانِكَ لِتُبَشِّرَ بِهِ ٱلْمُتَّقِينَ وَتُنذِرَ بِهِۦ قَوْمًا لُّدًّا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে তুমি ইয়াৰ দ্বাৰা মুত্তাক্বীসকলক সুসংবাদ দিব পাৰা আৰু বিতণ্ডাপ্ৰিয় সম্প্ৰদায়ক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰা।
See all translations of this verse →
وَكَمْ أَهْلَكْنَا قَبْلَهُم مِّن قَرْنٍ هَلْ تُحِسُّ مِنْهُم مِّنْ أَحَدٍ أَوْ تَسْمَعُ لَهُمْ رِكْزًۢا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতৰ পূৰ্বে আমি কিমান যে প্ৰজন্মক বিনাশ কৰিছোঁ! তুমি সিহঁতৰ কাৰোবাৰ অস্তিত্ব অনুভৱ কৰিছানে অথবা ক্ষীণতকৈও ক্ষীণ (ৰিণিকা অহা) কোনো শব্দ শুনিবলৈ পোৱানে?
See all translations of this verse →
← ছুৰা Al-Kahf
ছুৰা Taa-Haa →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.