caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Taa-Haa طه

১৩৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪৫

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ طه

Assamese Translation - Rafiqul Islam Habibur-Rahmanত্বা-হা [1]

See all translations of this verse →

مَآ أَنزَلْنَا عَلَيْكَ ٱلْقُرْءَانَ لِتَشْقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমাক দুখ-কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰা নাই;

See all translations of this verse →

إِلَّا تَذْكِرَةً لِّمَن يَخْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং যিয়ে (আল্লাহক) ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),

See all translations of this verse →

تَنزِيلًا مِّمَّنْ خَلَقَ ٱلْأَرْضَ وَٱلسَّمَٰوَٰتِ ٱلْعُلَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ; যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে,

See all translations of this verse →

ٱلرَّحْمَٰنُ عَلَى ٱلْعَرْشِ ٱسْتَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।

See all translations of this verse →

لَهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ ٱلثَّرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।

See all translations of this verse →

وَإِن تَجْهَرْ بِٱلْقَوْلِ فَإِنَّهُۥ يَعْلَمُ ٱلسِّرَّ وَأَخْفَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত।

See all translations of this verse →

ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।

See all translations of this verse →

وَهَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে?

See all translations of this verse →

إِذْ رَءَا نَارًا فَقَالَ لِأَهْلِهِ ٱمْكُثُوٓا۟ إِنِّىٓ ءَانَسْتُ نَارًا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى ٱلنَّارِ هُدًى

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।

See all translations of this verse →

فَلَمَّآ أَتَىٰهَا نُودِىَ يَٰمُوسَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!

See all translations of this verse →

إِنِّىٓ أَنَا۠ رَبُّكَ فَٱخْلَعْ نَعْلَيْكَ إِنَّكَ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় ময়েই হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।

See all translations of this verse →

وَأَنَا ٱخْتَرْتُكَ فَٱسْتَمِعْ لِمَا يُوحَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মই তোমাক মনোনীত কৰিছোঁ। এতেকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।

See all translations of this verse →

إِنَّنِىٓ أَنَا ٱللَّهُ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعْبُدْنِى وَأَقِمِ ٱلصَّلَوٰةَ لِذِكْرِىٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।

See all translations of this verse →

إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا تَسْعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।

See all translations of this verse →

فَلَا يَصُدَّنَّكَ عَنْهَا مَن لَّا يُؤْمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرْدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।

See all translations of this verse →

وَمَا تِلْكَ بِيَمِينِكَ يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?

See all translations of this verse →

قَالَ هِىَ عَصَاىَ أَتَوَكَّؤُا۟ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِى وَلِىَ فِيهَا مَـَٔارِبُ أُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।

See all translations of this verse →

قَالَ أَلْقِهَا يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।

See all translations of this verse →

فَأَلْقَىٰهَا فَإِذَا هِىَ حَيَّةٌ تَسْعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,

See all translations of this verse →

قَالَ خُذْهَا وَلَا تَخَفْ سَنُعِيدُهَا سِيرَتَهَا ٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভতাই দিম।

See all translations of this verse →

وَٱضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ ءَايَةً أُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব, এইটো হৈছে আন এটা নিদৰ্শন।

See all translations of this verse →

لِنُرِيَكَ مِنْ ءَايَٰتِنَا ٱلْكُبْرَى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।

See all translations of this verse →

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তুমি ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।

See all translations of this verse →

قَالَ رَبِّ ٱشْرَحْ لِى صَدْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।

See all translations of this verse →

وَيَسِّرْ لِىٓ أَمْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মোৰ কাম সহজ কৰি দিয়া,

See all translations of this verse →

وَٱحْلُلْ عُقْدَةً مِّن لِّسَانِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-

See all translations of this verse →

يَفْقَهُوا۟ قَوْلِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।

See all translations of this verse →

وَٱجْعَل لِّى وَزِيرًا مِّنْ أَهْلِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া;

See all translations of this verse →

هَٰرُونَ أَخِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘মোৰ ভাই হাৰূনক;

See all translations of this verse →

ٱشْدُدْ بِهِۦٓ أَزْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,

See all translations of this verse →

وَأَشْرِكْهُ فِىٓ أَمْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,

See all translations of this verse →

كَىْ نُسَبِّحَكَ كَثِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,

See all translations of this verse →

وَنَذْكُرَكَ كَثِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰোঁ।

See all translations of this verse →

إِنَّكَ كُنتَ بِنَا بَصِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।

See all translations of this verse →

قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।

See all translations of this verse →

وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;

See all translations of this verse →

إِذْ أَوْحَيْنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,

See all translations of this verse →

أَنِ ٱقْذِفِيهِ فِى ٱلتَّابُوتِ فَٱقْذِفِيهِ فِى ٱلْيَمِّ فَلْيُلْقِهِ ٱلْيَمُّ بِٱلسَّاحِلِ يَأْخُذْهُ عَدُوٌّ لِّى وَعَدُوٌّ لَّهُۥ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةً مِّنِّى وَلِتُصْنَعَ عَلَىٰ عَيْنِىٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক (নীল) নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।

See all translations of this verse →

إِذْ تَمْشِىٓ أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَن يَكْفُلُهُۥ فَرَجَعْنَٰكَ إِلَىٰٓ أُمِّكَ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ وَقَتَلْتَ نَفْسًا فَنَجَّيْنَٰكَ مِنَ ٱلْغَمِّ وَفَتَنَّٰكَ فُتُونًا فَلَبِثْتَ سِنِينَ فِىٓ أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍ يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যেতিয়া তোমাৰ বায়েৰে (বাকচটোক অনুসৰণ কৰি) খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (সিহঁতক) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাগি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।

See all translations of this verse →

وَٱصْطَنَعْتُكَ لِنَفْسِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি (মনোনীত কৰি) লৈছোঁ।

See all translations of this verse →

ٱذْهَبْ أَنتَ وَأَخُوكَ بِـَٔايَٰتِى وَلَا تَنِيَا فِى ذِكْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,

See all translations of this verse →

ٱذْهَبَآ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।

See all translations of this verse →

فَقُولَا لَهُۥ قَوْلًا لَّيِّنًا لَّعَلَّهُۥ يَتَذَكَّرُ أَوْ يَخْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।

See all translations of this verse →

قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفْرُطَ عَلَيْنَآ أَوْ أَن يَطْغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।

See all translations of this verse →

قَالَ لَا تَخَافَآ إِنَّنِى مَعَكُمَآ أَسْمَعُ وَأَرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।

See all translations of this verse →

فَأْتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ وَلَا تُعَذِّبْهُمْ قَدْ جِئْنَٰكَ بِـَٔايَةٍ مِّن رَّبِّكَ وَٱلسَّلَٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلْهُدَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।

See all translations of this verse →

إِنَّا قَدْ أُوحِىَ إِلَيْنَآ أَنَّ ٱلْعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে (সত্যক) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়’।

See all translations of this verse →

قَالَ فَمَن رَّبُّكُمَا يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?

See all translations of this verse →

قَالَ رَبُّنَا ٱلَّذِىٓ أَعْطَىٰ كُلَّ شَىْءٍ خَلْقَهُۥ ثُمَّ هَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘তেৱেঁই হৈছে আমাৰ ৰব (প্ৰতিপালক), যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।

See all translations of this verse →

قَالَ فَمَا بَالُ ٱلْقُرُونِ ٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?

See all translations of this verse →

قَالَ عِلْمُهَا عِندَ رَبِّى فِى كِتَٰبٍ لَّا يَضِلُّ رَبِّى وَلَا يَنسَى

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।

See all translations of this verse →

ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًا وَسَلَكَ لَكُمْ فِيهَا سُبُلًا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَخْرَجْنَا بِهِۦٓ أَزْوَٰجًا مِّن نَّبَاتٍ شَتَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।

See all translations of this verse →

كُلُوا۟ وَٱرْعَوْا۟ أَنْعَٰمَكُمْ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّأُو۟لِى ٱلنُّهَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।

See all translations of this verse →

مِنْهَا خَلَقْنَٰكُمْ وَفِيهَا نُعِيدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً أُخْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।

See all translations of this verse →

وَلَقَدْ أَرَيْنَٰهُ ءَايَٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।

See all translations of this verse →

قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?

See all translations of this verse →

فَلَنَأْتِيَنَّكَ بِسِحْرٍ مِّثْلِهِۦ فَٱجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًا لَّا نُخْلِفُهُۥ نَحْنُ وَلَآ أَنتَ مَكَانًا سُوًى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’।

See all translations of this verse →

قَالَ مَوْعِدُكُمْ يَوْمُ ٱلزِّينَةِ وَأَن يُحْشَرَ ٱلنَّاسُ ضُحًى

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।

See all translations of this verse →

فَتَوَلَّىٰ فِرْعَوْنُ فَجَمَعَ كَيْدَهُۥ ثُمَّ أَتَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanলগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।

See all translations of this verse →

قَالَ لَهُم مُّوسَىٰ وَيْلَكُمْ لَا تَفْتَرُوا۟ عَلَى ٱللَّهِ كَذِبًا فَيُسْحِتَكُم بِعَذَابٍ وَقَدْ خَابَ مَنِ ٱفْتَرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।

See all translations of this verse →

فَتَنَٰزَعُوٓا۟ أَمْرَهُم بَيْنَهُمْ وَأَسَرُّوا۟ ٱلنَّجْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।

See all translations of this verse →

قَالُوٓا۟ إِنْ هَٰذَٰنِ لَسَٰحِرَٰنِ يُرِيدَانِ أَن يُخْرِجَاكُم مِّنْ أَرْضِكُم بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ ٱلْمُثْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।

See all translations of this verse →

فَأَجْمِعُوا۟ كَيْدَكُمْ ثُمَّ ٱئْتُوا۟ صَفًّا وَقَدْ أَفْلَحَ ٱلْيَوْمَ مَنِ ٱسْتَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।

See all translations of this verse →

قَالُوا۟ يَٰمُوسَىٰٓ إِمَّآ أَن تُلْقِىَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنْ أَلْقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’।

See all translations of this verse →

قَالَ بَلْ أَلْقُوا۟ فَإِذَا حِبَالُهُمْ وَعِصِيُّهُمْ يُخَيَّلُ إِلَيْهِ مِن سِحْرِهِمْ أَنَّهَا تَسْعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।

See all translations of this verse →

فَأَوْجَسَ فِى نَفْسِهِۦ خِيفَةً مُّوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।

See all translations of this verse →

قُلْنَا لَا تَخَفْ إِنَّكَ أَنتَ ٱلْأَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।

See all translations of this verse →

وَأَلْقِ مَا فِى يَمِينِكَ تَلْقَفْ مَا صَنَعُوٓا۟ إِنَّمَا صَنَعُوا۟ كَيْدُ سَٰحِرٍ وَلَا يُفْلِحُ ٱلسَّاحِرُ حَيْثُ أَتَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’।

See all translations of this verse →

فَأُلْقِىَ ٱلسَّحَرَةُ سُجَّدًا قَالُوٓا۟ ءَامَنَّا بِرَبِّ هَٰرُونَ وَمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।

See all translations of this verse →

قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَٰفٍ وَلَأُصَلِّبَنَّكُمْ فِى جُذُوعِ ٱلنَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابًا وَأَبْقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।

See all translations of this verse →

قَالُوا۟ لَن نُّؤْثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلْبَيِّنَٰتِ وَٱلَّذِى فَطَرَنَا فَٱقْضِ مَآ أَنتَ قَاضٍ إِنَّمَا تَقْضِى هَٰذِهِ ٱلْحَيَوٰةَ ٱلدُّنْيَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।

See all translations of this verse →

إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغْفِرَ لَنَا خَطَٰيَٰنَا وَمَآ أَكْرَهْتَنَا عَلَيْهِ مِنَ ٱلسِّحْرِ وَٱللَّهُ خَيْرٌ وَأَبْقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।

See all translations of this verse →

إِنَّهُۥ مَن يَأْتِ رَبَّهُۥ مُجْرِمًا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।

See all translations of this verse →

وَمَن يَأْتِهِۦ مُؤْمِنًا قَدْ عَمِلَ ٱلصَّٰلِحَٰتِ فَأُو۟لَٰٓئِكَ لَهُمُ ٱلدَّرَجَٰتُ ٱلْعُلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিয়ে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।

See all translations of this verse →

جَنَّٰتُ عَدْنٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanস্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।

See all translations of this verse →

وَلَقَدْ أَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِى فَٱضْرِبْ لَهُمْ طَرِيقًا فِى ٱلْبَحْرِ يَبَسًا لَّا تَخَٰفُ دَرَكًا وَلَا تَخْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।

See all translations of this verse →

فَأَتْبَعَهُمْ فِرْعَوْنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلْيَمِّ مَا غَشِيَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।

See all translations of this verse →

وَأَضَلَّ فِرْعَوْنُ قَوْمَهُۥ وَمَا هَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।

See all translations of this verse →

يَٰبَنِىٓ إِسْرَٰٓءِيلَ قَدْ أَنجَيْنَٰكُم مِّنْ عَدُوِّكُمْ وَوَٰعَدْنَٰكُمْ جَانِبَ ٱلطُّورِ ٱلْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ ٱلْمَنَّ وَٱلسَّلْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,

See all translations of this verse →

كُلُوا۟ مِن طَيِّبَٰتِ مَا رَزَقْنَٰكُمْ وَلَا تَطْغَوْا۟ فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِى وَمَن يَحْلِلْ عَلَيْهِ غَضَبِى فَقَدْ هَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।

See all translations of this verse →

وَإِنِّى لَغَفَّارٌ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحًا ثُمَّ ٱهْتَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।

See all translations of this verse →

وَمَآ أَعْجَلَكَ عَن قَوْمِكَ يَٰمُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?

See all translations of this verse →

قَالَ هُمْ أُو۟لَآءِ عَلَىٰٓ أَثَرِى وَعَجِلْتُ إِلَيْكَ رَبِّ لِتَرْضَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ প্ৰতিপালক! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।

See all translations of this verse →

قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنۢ بَعْدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِىُّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।

See all translations of this verse →

فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوْمِهِۦ غَضْبَٰنَ أَسِفًا قَالَ يَٰقَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا أَفَطَالَ عَلَيْكُمُ ٱلْعَهْدُ أَمْ أَرَدتُّمْ أَن يَحِلَّ عَلَيْكُمْ غَضَبٌ مِّن رَّبِّكُمْ فَأَخْلَفْتُم مَّوْعِدِى

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে’?

See all translations of this verse →

قَالُوا۟ مَآ أَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلَٰكِنَّا حُمِّلْنَآ أَوْزَارًا مِّن زِينَةِ ٱلْقَوْمِ فَقَذَفْنَٰهَا فَكَذَٰلِكَ أَلْقَى ٱلسَّامِرِىُّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।

See all translations of this verse →

فَأَخْرَجَ لَهُمْ عِجْلًا جَسَدًا لَّهُۥ خُوَارٌ فَقَالُوا۟ هَٰذَآ إِلَٰهُكُمْ وَإِلَٰهُ مُوسَىٰ فَنَسِىَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তাৰ পিছত সিহঁতৰ বাবে সি এটা দামুৰী সাজিছিল, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।

See all translations of this verse →

أَفَلَا يَرَوْنَ أَلَّا يَرْجِعُ إِلَيْهِمْ قَوْلًا وَلَا يَمْلِكُ لَهُمْ ضَرًّا وَلَا نَفْعًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে দেখা নাইনে, এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?

See all translations of this verse →

وَلَقَدْ قَالَ لَهُمْ هَٰرُونُ مِن قَبْلُ يَٰقَوْمِ إِنَّمَا فُتِنتُم بِهِۦ وَإِنَّ رَبَّكُمُ ٱلرَّحْمَٰنُ فَٱتَّبِعُونِى وَأَطِيعُوٓا۟ أَمْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।

See all translations of this verse →

قَالُوا۟ لَن نَّبْرَحَ عَلَيْهِ عَٰكِفِينَ حَتَّىٰ يَرْجِعَ إِلَيْنَا مُوسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman(কিন্তু) সিহঁতে কৈছিল, ‘আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা-পাঠৰ পৰা বিৰত নহওঁ’।

See all translations of this verse →

قَالَ يَٰهَٰرُونُ مَا مَنَعَكَ إِذْ رَأَيْتَهُمْ ضَلُّوٓا۟

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘হে হাৰূন! তুমি যেতিয়া দেখিছিলা যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল--

See all translations of this verse →

أَلَّا تَتَّبِعَنِ أَفَعَصَيْتَ أَمْرِى

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি’?

See all translations of this verse →

قَالَ يَبْنَؤُمَّ لَا تَأْخُذْ بِلِحْيَتِى وَلَا بِرَأْسِىٓ إِنِّى خَشِيتُ أَن تَقُولَ فَرَّقْتَ بَيْنَ بَنِىٓ إِسْرَٰٓءِيلَ وَلَمْ تَرْقُبْ قَوْلِى

Assamese Translation - Rafiqul Islam Habibur-Rahmanহাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, আপুনি এই বুলি ক'ব, ‘তুমিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথাত যত্নৱান হোৱা নাছিলা’।

See all translations of this verse →

قَالَ فَمَا خَطْبُكَ يَٰسَٰمِرِىُّ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?

See all translations of this verse →

قَالَ بَصُرْتُ بِمَا لَمْ يَبْصُرُوا۟ بِهِۦ فَقَبَضْتُ قَبْضَةً مِّنْ أَثَرِ ٱلرَّسُولِ فَنَبَذْتُهَا وَكَذَٰلِكَ سَوَّلَتْ لِى نَفْسِى

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’লে, ‘মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।

See all translations of this verse →

قَالَ فَٱذْهَبْ فَإِنَّ لَكَ فِى ٱلْحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَ وَإِنَّ لَكَ مَوْعِدًا لَّن تُخْلَفَهُۥ وَٱنظُرْ إِلَىٰٓ إِلَٰهِكَ ٱلَّذِى ظَلْتَ عَلَيْهِ عَاكِفًا لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِى ٱلْيَمِّ نَسْفًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা, যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।

See all translations of this verse →

إِنَّمَآ إِلَٰهُكُمُ ٱللَّهُ ٱلَّذِى لَآ إِلَٰهَ إِلَّا هُوَ وَسِعَ كُلَّ شَىْءٍ عِلْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।

See all translations of this verse →

كَذَٰلِكَ نَقُصُّ عَلَيْكَ مِنْ أَنۢبَآءِ مَا قَدْ سَبَقَ وَقَدْ ءَاتَيْنَٰكَ مِن لَّدُنَّا ذِكْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanপূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।

See all translations of this verse →

مَّنْ أَعْرَضَ عَنْهُ فَإِنَّهُۥ يَحْمِلُ يَوْمَ ٱلْقِيَٰمَةِ وِزْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা (পাপকৰ্মৰ) মহা ভাৰ বহন কৰিব।

See all translations of this verse →

خَٰلِدِينَ فِيهِ وَسَآءَ لَهُمْ يَوْمَ ٱلْقِيَٰمَةِ حِمْلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত সিহঁতে স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!

See all translations of this verse →

يَوْمَ يُنفَخُ فِى ٱلصُّورِ وَنَحْشُرُ ٱلْمُجْرِمِينَ يَوْمَئِذٍ زُرْقًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।

See all translations of this verse →

يَتَخَٰفَتُونَ بَيْنَهُمْ إِن لَّبِثْتُمْ إِلَّا عَشْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে (পৃথিৱীত) মাত্ৰ দহদিনহে অৱস্থান কৰিছিলা’।

See all translations of this verse →

نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِن لَّبِثْتُمْ إِلَّا يَوْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।

See all translations of this verse →

وَيَسْـَٔلُونَكَ عَنِ ٱلْجِبَالِ فَقُلْ يَنسِفُهَا رَبِّى نَسْفًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।

See all translations of this verse →

فَيَذَرُهَا قَاعًا صَفْصَفًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,

See all translations of this verse →

لَّا تَرَىٰ فِيهَا عِوَجًا وَلَآ أَمْتًا

Assamese Translation - Rafiqul Islam Habibur-Rahman‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।

See all translations of this verse →

يَوْمَئِذٍ يَتَّبِعُونَ ٱلدَّاعِىَ لَا عِوَجَ لَهُۥ وَخَشَعَتِ ٱلْأَصْوَاتُ لِلرَّحْمَٰنِ فَلَا تَسْمَعُ إِلَّا هَمْسًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।

See all translations of this verse →

يَوْمَئِذٍ لَّا تَنفَعُ ٱلشَّفَٰعَةُ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَٰنُ وَرَضِىَ لَهُۥ قَوْلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো চুপাৰিছ সেইদিনা কোনো কামত নাহিব।

See all translations of this verse →

يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِهِۦ عِلْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।

See all translations of this verse →

وَعَنَتِ ٱلْوُجُوهُ لِلْحَىِّ ٱلْقَيُّومِ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।

See all translations of this verse →

وَمَن يَعْمَلْ مِنَ ٱلصَّٰلِحَٰتِ وَهُوَ مُؤْمِنٌ فَلَا يَخَافُ ظُلْمًا وَلَا هَضْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই।

See all translations of this verse →

وَكَذَٰلِكَ أَنزَلْنَٰهُ قُرْءَانًا عَرَبِيًّا وَصَرَّفْنَا فِيهِ مِنَ ٱلْوَعِيدِ لَعَلَّهُمْ يَتَّقُونَ أَوْ يُحْدِثُ لَهُمْ ذِكْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।

See all translations of this verse →

فَتَعَٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ وَلَا تَعْجَلْ بِٱلْقُرْءَانِ مِن قَبْلِ أَن يُقْضَىٰٓ إِلَيْكَ وَحْيُهُۥ وَقُل رَّبِّ زِدْنِى عِلْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।

See all translations of this verse →

وَلَقَدْ عَهِدْنَآ إِلَىٰٓ ءَادَمَ مِن قَبْلُ فَنَسِىَ وَلَمْ نَجِدْ لَهُۥ عَزْمًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।

See all translations of this verse →

وَإِذْ قُلْنَا لِلْمَلَٰٓئِكَةِ ٱسْجُدُوا۟ لِـَٔادَمَ فَسَجَدُوٓا۟ إِلَّآ إِبْلِيسَ أَبَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লোঁ, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; কিন্তু সি অমান্য কৰিলে।

See all translations of this verse →

فَقُلْنَا يَٰٓـَٔادَمُ إِنَّ هَٰذَا عَدُوٌّ لَّكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ ٱلْجَنَّةِ فَتَشْقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি ক’লোঁ, ‘হে আদম! নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।

See all translations of this verse →

إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।

See all translations of this verse →

وَأَنَّكَ لَا تَظْمَؤُا۟ فِيهَا وَلَا تَضْحَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।

See all translations of this verse →

فَوَسْوَسَ إِلَيْهِ ٱلشَّيْطَٰنُ قَالَ يَٰٓـَٔادَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ ٱلْخُلْدِ وَمُلْكٍ لَّا يَبْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?

See all translations of this verse →

فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْءَٰتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِن وَرَقِ ٱلْجَنَّةِ وَعَصَىٰٓ ءَادَمُ رَبَّهُۥ فَغَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।

See all translations of this verse →

ثُمَّ ٱجْتَبَٰهُ رَبُّهُۥ فَتَابَ عَلَيْهِ وَهَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।

See all translations of this verse →

قَالَ ٱهْبِطَا مِنْهَا جَمِيعًۢا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ فَإِمَّا يَأْتِيَنَّكُم مِّنِّى هُدًى فَمَنِ ٱتَّبَعَ هُدَاىَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।

See all translations of this verse →

وَمَنْ أَعْرَضَ عَن ذِكْرِى فَإِنَّ لَهُۥ مَعِيشَةً ضَنكًا وَنَحْشُرُهُۥ يَوْمَ ٱلْقِيَٰمَةِ أَعْمَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।

See all translations of this verse →

قَالَ رَبِّ لِمَ حَشَرْتَنِىٓ أَعْمَىٰ وَقَدْ كُنتُ بَصِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি ক’ব, ‘হে মোৰ প্ৰতিপালক! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।

See all translations of this verse →

قَالَ كَذَٰلِكَ أَتَتْكَ ءَايَٰتُنَا فَنَسِيتَهَا وَكَذَٰلِكَ ٱلْيَوْمَ تُنسَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।

See all translations of this verse →

وَكَذَٰلِكَ نَجْزِى مَنْ أَسْرَفَ وَلَمْ يُؤْمِنۢ بِـَٔايَٰتِ رَبِّهِۦ وَلَعَذَابُ ٱلْـَٔاخِرَةِ أَشَدُّ وَأَبْقَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী।

See all translations of this verse →

أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَٰكِنِهِمْ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّأُو۟لِى ٱلنُّهَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।

See all translations of this verse →

وَلَوْلَا كَلِمَةٌ سَبَقَتْ مِن رَّبِّكَ لَكَانَ لِزَامًا وَأَجَلٌ مُّسَمًّى

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।

See all translations of this verse →

فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ غُرُوبِهَا وَمِنْ ءَانَآئِ ٱلَّيْلِ فَسَبِّحْ وَأَطْرَافَ ٱلنَّهَارِ لَعَلَّكَ تَرْضَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।

See all translations of this verse →

وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًا مِّنْهُمْ زَهْرَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا لِنَفْتِنَهُمْ فِيهِ وَرِزْقُ رَبِّكَ خَيْرٌ وَأَبْقَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ।(জানি থোৱা) তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।

See all translations of this verse →

وَأْمُرْ أَهْلَكَ بِٱلصَّلَوٰةِ وَٱصْطَبِرْ عَلَيْهَا لَا نَسْـَٔلُكَ رِزْقًا نَّحْنُ نَرْزُقُكَ وَٱلْعَٰقِبَةُ لِلتَّقْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।

See all translations of this verse →

وَقَالُوا۟ لَوْلَا يَأْتِينَا بِـَٔايَةٍ مِّن رَّبِّهِۦٓ أَوَلَمْ تَأْتِهِم بَيِّنَةُ مَا فِى ٱلصُّحُفِ ٱلْأُولَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?

See all translations of this verse →

وَلَوْ أَنَّآ أَهْلَكْنَٰهُم بِعَذَابٍ مِّن قَبْلِهِۦ لَقَالُوا۟ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ ءَايَٰتِكَ مِن قَبْلِ أَن نَّذِلَّ وَنَخْزَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোঁহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোঁহেঁতেন’।

See all translations of this verse →

قُلْ كُلٌّ مُّتَرَبِّصٌ فَتَرَبَّصُوا۟ فَسَتَعْلَمُونَ مَنْ أَصْحَٰبُ ٱلصِّرَٰطِ ٱلسَّوِىِّ وَمَنِ ٱهْتَدَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70