ছুৰা Al-Fajr الفجر
৩০ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১০
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلْفَجْرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফজৰৰ সময়ৰ শপত,
See all translations of this verse →
وَلَيَالٍ عَشْرٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত দহ ৰাতিৰ,
See all translations of this verse →
وَٱلشَّفْعِ وَٱلْوَتْرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত যোৰ আৰু বিযোৰৰ,
See all translations of this verse →
وَٱلَّيْلِ إِذَا يَسْرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
See all translations of this verse →
هَلْ فِى ذَٰلِكَ قَسَمٌ لِّذِى حِجْرٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবিবেকৱান ব্যক্তিৰ বাবে এইখিনি শপত যথেষ্ট নহয়নে?
See all translations of this verse →
أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِعَادٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে আদ সম্প্ৰদায়ৰ লগত কি আচৰণ কৰিছিল?
See all translations of this verse →
إِرَمَ ذَاتِ ٱلْعِمَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইৰাম গোত্ৰৰ লগত, যিসকল আছিল সুউচ্চ প্ৰাসাদৰ অধিকাৰী?
See all translations of this verse →
ٱلَّتِى لَمْ يُخْلَقْ مِثْلُهَا فِى ٱلْبِلَٰدِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযাৰ সমতুল্য (জাতি) কোনো দেশতে সৃষ্টি কৰা হোৱা নাই;
See all translations of this verse →
وَثَمُودَ ٱلَّذِينَ جَابُوا۟ ٱلصَّخْرَ بِٱلْوَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ছামূদ সম্প্ৰদায়ৰ লগত (কি আচৰণ কৰিছিল) যিসকলে ভৈয়ামত শিল কাটি ঘৰ নিৰ্মাণ কৰিছিল;
See all translations of this verse →
وَفِرْعَوْنَ ذِى ٱلْأَوْتَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু শূলদণ্ডৰ অধিকাৰী ফিৰআউনৰ লগত (কি আচৰণ কৰিছিল)
See all translations of this verse →
ٱلَّذِينَ طَغَوْا۟ فِى ٱلْبِلَٰدِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে দেশত সীমালংঘন কৰিছিল,
See all translations of this verse →
فَأَكْثَرُوا۟ فِيهَا ٱلْفَسَادَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তাত অশান্তি বৃদ্ধি কৰিছিল।
See all translations of this verse →
فَصَبَّ عَلَيْهِمْ رَبُّكَ سَوْطَ عَذَابٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত তোমাৰ প্ৰতিপালকে সিহঁতৰ ওপৰত শাস্তিৰ চাবুক মাৰিছিল।
See all translations of this verse →
إِنَّ رَبَّكَ لَبِٱلْمِرْصَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকে সতৰ্ক দৃষ্টি ৰাখে।
See all translations of this verse →
فَأَمَّا ٱلْإِنسَٰنُ إِذَا مَا ٱبْتَلَىٰهُ رَبُّهُۥ فَأَكْرَمَهُۥ وَنَعَّمَهُۥ فَيَقُولُ رَبِّىٓ أَكْرَمَنِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মানুহৰ প্ৰকৃতি এনেকুৱা যে, যেতিয়া তাৰ প্ৰতিপালকে তাক সন্মান আৰু অনুগ্ৰহ প্ৰদান কৰি পৰীক্ষা কৰে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক সন্মানিত কৰিছে’।
See all translations of this verse →
وَأَمَّآ إِذَا مَا ٱبْتَلَىٰهُ فَقَدَرَ عَلَيْهِ رِزْقَهُۥ فَيَقُولُ رَبِّىٓ أَهَٰنَنِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া তাক পৰীক্ষা কৰিবলৈ তাৰ জীৱিকা সংকুচিত কৰি দিয়ে, তেতিয়া সি কয়, ‘মোৰ প্ৰতিপালকে মোক লাঞ্ছিত কৰিছে’।
See all translations of this verse →
كَلَّا بَل لَّا تُكْرِمُونَ ٱلْيَتِيمَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, বৰং তোমালোকে এতীমক সমাদৰ নকৰা,
See all translations of this verse →
وَلَا تَحَٰٓضُّونَ عَلَىٰ طَعَامِ ٱلْمِسْكِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে মিচকিনক খাদ্য প্ৰদান কৰিবলৈ পৰস্পৰে পৰস্পৰক উৎসাহিত নকৰা,
See all translations of this verse →
وَتَأْكُلُونَ ٱلتُّرَاثَ أَكْلًا لَّمًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে উত্তৰাধিকাৰীৰ প্ৰাপ্য সম্পদ সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলোৱা,
See all translations of this verse →
وَتُحِبُّونَ ٱلْمَالَ حُبًّا جَمًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে ধন-সম্পদক অতিকৈ ভালপোৱা;
See all translations of this verse →
كَلَّآ إِذَا دُكَّتِ ٱلْأَرْضُ دَكًّا دَكًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়। যেতিয়া পৃথিৱীখনক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,
See all translations of this verse →
وَجَآءَ رَبُّكَ وَٱلْمَلَكُ صَفًّا صَفًّا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া তোমাৰ প্ৰতিপালকে আগমন কৰিব আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে উপস্থিত হ’ব,
See all translations of this verse →
وَجِا۟ىٓءَ يَوْمَئِذٍۭ بِجَهَنَّمَ يَوْمَئِذٍ يَتَذَكَّرُ ٱلْإِنسَٰنُ وَأَنَّىٰ لَهُ ٱلذِّكْرَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেইদিনা জাহান্নামক উপস্থিত কৰা হ’ব, সেইদিনা মানুহে স্মৰণ কৰিব, কিন্তু এই স্মৰণ তাৰ কেনেকৈ কামত আহিব?
See all translations of this verse →
يَقُولُ يَٰلَيْتَنِى قَدَّمْتُ لِحَيَاتِى
Assamese Translation - Rafiqul Islam Habibur-Rahman(তেতিয়া) সি ক’ব, ‘হায়! এই জীৱনৰ বাবে মই যদি কিবা অগ্ৰিম পঠালোঁহেঁতেন,
See all translations of this verse →
فَيَوْمَئِذٍ لَّا يُعَذِّبُ عَذَابَهُۥٓ أَحَدٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা তেওঁৰ শাস্তিৰ দৰে শাস্তি কোনেও দিব নোৱাৰিব।
See all translations of this verse →
وَلَا يُوثِقُ وَثَاقَهُۥٓ أَحَدٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁৰ বান্ধোনৰ দৰে বান্ধোন আন কোনেও দিব নোৱাৰিব।
See all translations of this verse →
يَٰٓأَيَّتُهَا ٱلنَّفْسُ ٱلْمُطْمَئِنَّةُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে প্ৰশান্ত আত্মা!
See all translations of this verse →
ٱرْجِعِىٓ إِلَىٰ رَبِّكِ رَاضِيَةً مَّرْضِيَّةً
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা সন্তুষ্ট আৰু সন্তোষভাজন হৈ,
See all translations of this verse →
فَٱدْخُلِى فِى عِبَٰدِى
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে মোৰ বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যোৱা,
See all translations of this verse →
وَٱدْخُلِى جَنَّتِى
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মোৰ জান্নাতত প্ৰৱেশ কৰা।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→