ঘৰ › ছুৰাসমূহ › ছুৰা Al-Insaan
ছুৰা Al-Insaan الانسان
৩১ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ৯৮
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ هَلْ أَتَىٰ عَلَى ٱلْإِنسَٰنِ حِينٌ مِّنَ ٱلدَّهْرِ لَمْ يَكُن شَيْـًٔا مَّذْكُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman কালপ্ৰবাহত মানুহৰ ওপৰত এনেকুৱা এটা সময় অহা নাছিলনে যেতিয়া সি উল্লেখযোগ্য একোৱেই নাছিল?
See all translations of this verse →
إِنَّا خَلَقْنَا ٱلْإِنسَٰنَ مِن نُّطْفَةٍ أَمْشَاجٍ نَّبْتَلِيهِ فَجَعَلْنَٰهُ سَمِيعًۢا بَصِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মিশ্ৰিত শুক্ৰবিন্দুৰ পৰা, আমি তাক পৰীক্ষা কৰিম, সেয়ে আমি তাক শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তিসম্পন্ন বনাইছোঁ।
See all translations of this verse →
إِنَّا هَدَيْنَٰهُ ٱلسَّبِيلَ إِمَّا شَاكِرًا وَإِمَّا كَفُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি তাক পথ নিৰ্দেশ দিছোঁ, হয় সি কৃতজ্ঞ হ’ব, নহয় সি অকৃতজ্ঞ হ’ব।
See all translations of this verse →
إِنَّآ أَعْتَدْنَا لِلْكَٰفِرِينَ سَلَٰسِلَا۟ وَأَغْلَٰلًا وَسَعِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি কাফিৰসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ শিকলি, গলবেৰি আৰু লেলিহান জুই।
See all translations of this verse →
إِنَّ ٱلْأَبْرَارَ يَشْرَبُونَ مِن كَأْسٍ كَانَ مِزَاجُهَا كَافُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় সৎকৰ্মশীলসকলে পান কৰিব এনেকুৱা পানীয় যাৰ মিশ্ৰন হ’ব কৰ্পূৰ।
See all translations of this verse →
عَيْنًا يَشْرَبُ بِهَا عِبَادُ ٱللَّهِ يُفَجِّرُونَهَا تَفْجِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman এনেকুৱা এটা নিজৰাৰ পৰা আল্লাহৰ বান্দাসকলে পান কৰিব, যিটোক তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰবাহিত কৰিব পাৰিব।
See all translations of this verse →
يُوفُونَ بِٱلنَّذْرِ وَيَخَافُونَ يَوْمًا كَانَ شَرُّهُۥ مُسْتَطِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman (কাৰণ) তেওঁলোকে মান্নত পূৰণ কৰে, আৰু সেই দিৱসটোক ভয় কৰে যিটো দিৱসৰ অকল্যাণ হ’ব সুবিস্তৃত।
See all translations of this verse →
وَيُطْعِمُونَ ٱلطَّعَامَ عَلَىٰ حُبِّهِۦ مِسْكِينًا وَيَتِيمًا وَأَسِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকে খাদ্যৰ প্ৰতি আসক্তি থকা সত্ত্বেও অভাৱগ্ৰস্ত, ইয়াতীম আৰু বন্দীক খাদ্য দান কৰে।
See all translations of this verse →
إِنَّمَا نُطْعِمُكُمْ لِوَجْهِ ٱللَّهِ لَا نُرِيدُ مِنكُمْ جَزَآءً وَلَا شُكُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকে কয়, ‘আমি কেৱল আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যেহে তোমালোকক খাদ্য প্ৰদান কৰোঁ, আমি তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও কামনা নকৰোঁ।
See all translations of this verse →
إِنَّا نَخَافُ مِن رَّبِّنَا يَوْمًا عَبُوسًا قَمْطَرِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা ভয়ংকৰ ভীতিপ্ৰদ দিৱসৰ ভয় পোষণ কৰোঁ’।
See all translations of this verse →
فَوَقَىٰهُمُ ٱللَّهُ شَرَّ ذَٰلِكَ ٱلْيَوْمِ وَلَقَّىٰهُمْ نَضْرَةً وَسُرُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman ফলত আল্লাহে তেওঁলোকক ৰক্ষা কৰিব সেই দিৱসৰ অনিষ্টৰ পৰা আৰু তেওঁলোকক প্ৰদান কৰিব উজ্জ্বলতা আৰু আনন্দ।
See all translations of this verse →
وَجَزَىٰهُم بِمَا صَبَرُوا۟ جَنَّةً وَحَرِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman লগতে তেওঁলোকৰ ধৈৰ্য্যৰ পুৰস্কাৰ হিচাপে তেওঁলোকক প্ৰদান কৰিব উদ্যান আৰু ৰেচমী বস্ত্ৰ।
See all translations of this verse →
مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلْأَرَآئِكِ لَا يَرَوْنَ فِيهَا شَمْسًا وَلَا زَمْهَرِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তাত তেওঁলোকে সুসজ্জিত আসনত আউজি বহি থাকিব, তেওঁলোকে তাত প্ৰখৰ গৰম আৰু অত্যাধিক শীতো অনুভৱ নকৰিব।
See all translations of this verse →
وَدَانِيَةً عَلَيْهِمْ ظِلَٰلُهَا وَذُلِّلَتْ قُطُوفُهَا تَذْلِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকৰ ওপৰত সন্নিহিত থাকিব উদ্যানৰ ছাঁ, লগতে ইয়াৰ ফলমূলৰ থোকবোৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ আয়ত্তাধীন কৰা হ’ব।
See all translations of this verse →
وَيُطَافُ عَلَيْهِم بِـَٔانِيَةٍ مِّن فِضَّةٍ وَأَكْوَابٍ كَانَتْ قَوَارِيرَا۠
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁলোকক ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব ৰূপৰ পাত্ৰত আৰু ফটিকৰ দৰে স্বচ্ছ পান পাত্ৰত-
See all translations of this verse →
قَوَارِيرَا۟ مِن فِضَّةٍ قَدَّرُوهَا تَقْدِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman ৰূপৰ শুভ্ৰ ফটিক পাত্ৰ, পৰিবেশনকাৰীসকলে পৰিমিতভাৱে তাক পূৰ্ণ কৰিব।
See all translations of this verse →
وَيُسْقَوْنَ فِيهَا كَأْسًا كَانَ مِزَاجُهَا زَنجَبِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তাত তেওঁলোকক পান কৰোৱা হ’ব শুকান আদাৰ মিশ্ৰিত পূৰ্ণপাত্ৰ-পানীয়,
See all translations of this verse →
عَيْنًا فِيهَا تُسَمَّىٰ سَلْسَبِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman জান্নাতৰ এনেকুৱা এটা নিজৰাৰ পৰা, যাৰ নাম হ’ব ছালছাবীল।
See all translations of this verse →
وَيَطُوفُ عَلَيْهِمْ وِلْدَٰنٌ مُّخَلَّدُونَ إِذَا رَأَيْتَهُمْ حَسِبْتَهُمْ لُؤْلُؤًا مَّنثُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তেওঁলোকৰ চাৰিওফালে প্ৰদক্ষিণ কৰিব চিৰ কিশোৰসকল; যেতিয়া তুমি সিহঁতক দেখিবা তোমাৰ এনেকুৱা লাগিব যেনিবা সিহঁত বিক্ষিপ্ত মুকুতাহে।
See all translations of this verse →
وَإِذَا رَأَيْتَ ثَمَّ رَأَيْتَ نَعِيمًا وَمُلْكًا كَبِيرًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমি যেতিয়া তাত দেখিবা, দেখিবলৈ পাবা স্বাচ্ছন্দ্য আৰু বিশাল সাম্ৰাজ্য।
See all translations of this verse →
عَٰلِيَهُمْ ثِيَابُ سُندُسٍ خُضْرٌ وَإِسْتَبْرَقٌ وَحُلُّوٓا۟ أَسَاوِرَ مِن فِضَّةٍ وَسَقَىٰهُمْ رَبُّهُمْ شَرَابًا طَهُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁলোকৰ আৱৰণ হ’ব সূক্ষ্ম সেউজীয়া ৰেচম আৰু মোটা ৰেচমী পোছাক আৰু তেওঁলোক অলংকৃত হ’ব ৰূপেৰে নিৰ্মিত গামখাৰুৰে, আৰু তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পৱিত্ৰ পানীয় পান কৰাব।
See all translations of this verse →
إِنَّ هَٰذَا كَانَ لَكُمْ جَزَآءً وَكَانَ سَعْيُكُم مَّشْكُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman (তেওঁলোকক কোৱা হ’ব) নিশ্চয় এইটোৱে হৈছে তোমালোকৰ পুৰস্কাৰ; আৰু তোমালোকৰ কৰ্মপ্ৰচেষ্টা আছিল প্ৰসংশাযোগ্য।
See all translations of this verse →
إِنَّا نَحْنُ نَزَّلْنَا عَلَيْكَ ٱلْقُرْءَانَ تَنزِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি তোমাৰ প্ৰতি পৰ্যায়ক্ৰমে আল-কোৰআন অৱতীৰ্ণ কৰিছোঁ।
See all translations of this verse →
فَٱصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ ءَاثِمًا أَوْ كَفُورًا
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে তুমি ধৈৰ্য্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
See all translations of this verse →
وَٱذْكُرِ ٱسْمَ رَبِّكَ بُكْرَةً وَأَصِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু পুৱা-গধূলি তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা।
See all translations of this verse →
وَمِنَ ٱلَّيْلِ فَٱسْجُدْ لَهُۥ وَسَبِّحْهُ لَيْلًا طَوِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু ৰাতিৰ একাংশত তেওঁৰ প্ৰতি ছাজদাৱনত হোৱা, লগতে ৰাতিত দীৰ্ঘ সময়লৈকে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা তথা তাছবীহ পাঠ কৰা।
See all translations of this verse →
إِنَّ هَٰٓؤُلَآءِ يُحِبُّونَ ٱلْعَاجِلَةَ وَيَذَرُونَ وَرَآءَهُمْ يَوْمًا ثَقِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় সিহঁতে পৃথিৱীৰ জীৱনক ভালপায় আৰু সিহঁতে সিহঁতৰ সন্মুখৰ কঠিন দিৱসটোক উপেক্ষা কৰে।
See all translations of this verse →
نَّحْنُ خَلَقْنَٰهُمْ وَشَدَدْنَآ أَسْرَهُمْ وَإِذَا شِئْنَا بَدَّلْنَآ أَمْثَٰلَهُمْ تَبْدِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আমিয়েই সিহঁতক সৃষ্টি কৰিছোঁ আৰু সিহঁতৰ গঠন সুদৃঢ় কৰিছোঁ। আমি যেতিয়াই ইচ্ছা কৰিম তেতিয়াই সিহঁতৰ স্থানত সিহঁতৰ দৰেই (বেলেগ কোনো জাতিক) আনি পৰিবৰ্তন কৰি দিম।
See all translations of this verse →
إِنَّ هَٰذِهِۦ تَذْكِرَةٌ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় এইটো এটা উপদেশ; এতেকে যিয়ে ইচ্ছা কৰে সি যেন তাৰ প্ৰতিপালকৰ ফালে উভতি অহাৰ পথ বাচি লয়।
See all translations of this verse →
وَمَا تَشَآءُونَ إِلَّآ أَن يَشَآءَ ٱللَّهُ إِنَّ ٱللَّهَ كَانَ عَلِيمًا حَكِيمًا
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আল্লাহে ইচ্ছা নকৰিলে তোমালোকে ইচ্ছা কৰিবলৈ সক্ষম নহ’বা; নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।
See all translations of this verse →
يُدْخِلُ مَن يَشَآءُ فِى رَحْمَتِهِۦ وَٱلظَّٰلِمِينَ أَعَدَّ لَهُمْ عَذَابًا أَلِيمًۢا
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ যাক ইচ্ছা কৰে তাকেই তেওঁৰ ৰহমতৰ অন্তৰ্ভুক্ত কৰে, আৰু যালিমসকলৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
← ছুৰা Al-Qiyaama
ছুৰা Al-Mursalaat →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.