ছুৰা An-Naba النبإ
৪০ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৮০
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ عَمَّ يَتَسَآءَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কি বিষয়ে পৰস্পৰে সোধ-পোচ কৰি আছে?
See all translations of this verse →
عَنِ ٱلنَّبَإِ ٱلْعَظِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমহা সংবাদটোৰ বিষয়ে (নেকি?),
See all translations of this verse →
ٱلَّذِى هُمْ فِيهِ مُخْتَلِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযি বিষয়ে সিহঁতে মতানৈক্য কৰিছে।
See all translations of this verse →
كَلَّا سَيَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
See all translations of this verse →
ثُمَّ كَلَّا سَيَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত, কেতিয়াও নহয়, সিহঁতে অতিশীঘ্ৰেই জানিবলৈ পাব।
See all translations of this verse →
أَلَمْ نَجْعَلِ ٱلْأَرْضَ مِهَٰدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
See all translations of this verse →
وَٱلْجِبَالَ أَوْتَادًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহক পেৰেক?
See all translations of this verse →
وَخَلَقْنَٰكُمْ أَزْوَٰجًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমালোকক সৃষ্টি কৰিছো যোৰা-যোৰা।
See all translations of this verse →
وَجَعَلْنَا نَوْمَكُمْ سُبَاتًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ টোপনিক কৰি দিছোঁ বিশ্ৰাম।
See all translations of this verse →
وَجَعَلْنَا ٱلَّيْلَ لِبَاسًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰাতিক কৰি দিছোঁ আৱৰণ।
See all translations of this verse →
وَجَعَلْنَا ٱلنَّهَارَ مَعَاشًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু দিনক কৰি দিছোঁ জীৱিকা উপাৰ্জনৰ উপযোগী।
See all translations of this verse →
وَبَنَيْنَا فَوْقَكُمْ سَبْعًا شِدَادًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমালোকৰ ওপৰত নিৰ্মান কৰিছোঁ সুদৃঢ় সাতখন আকাশ।
See all translations of this verse →
وَجَعَلْنَا سِرَاجًا وَهَّاجًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সৃষ্টি কৰিছোঁ এটি উজ্জল প্ৰদীপ।
See all translations of this verse →
وَأَنزَلْنَا مِنَ ٱلْمُعْصِرَٰتِ مَآءً ثَجَّاجًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি বৰ্ষণ কৰিছোঁ মেঘমালাৰ পৰা প্ৰচুৰ পানী।
See all translations of this verse →
لِّنُخْرِجَ بِهِۦ حَبًّا وَنَبَاتًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযাতে তাৰ দ্বাৰা আমি উৎপন্ন কৰিব পাৰোঁ শস্য আৰু উদ্ভিদ।
See all translations of this verse →
وَجَنَّٰتٍ أَلْفَافًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে ঘন সন্নিবিষ্ট উদ্যান।
See all translations of this verse →
إِنَّ يَوْمَ ٱلْفَصْلِ كَانَ مِيقَٰتًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় নিৰ্ধাৰিত আছে বিচাৰৰ দিন।
See all translations of this verse →
يَوْمَ يُنفَخُ فِى ٱلصُّورِ فَتَأْتُونَ أَفْوَاجًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা শিঙাত ফুঁ দিয়া হ’ব তেতিয়া তোমালোকে দলে দলে আহিবা।
See all translations of this verse →
وَفُتِحَتِ ٱلسَّمَآءُ فَكَانَتْ أَبْوَٰبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আকাশখন খুলি দিয়া হ’ব, ফলত ই হ’ব বহু দুৱাৰবিশিষ্ট।
See all translations of this verse →
وَسُيِّرَتِ ٱلْجِبَالُ فَكَانَتْ سَرَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহক চালিত কৰা হ’ব, ফলত সেইবোৰ হৈ যাব বালিময় মৰীচিকাৰ দৰে।
See all translations of this verse →
إِنَّ جَهَنَّمَ كَانَتْ مِرْصَادًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় জাহান্নাম খাপ পাতি ৰৈ আছে।
See all translations of this verse →
لِّلطَّٰغِينَ مَـَٔابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanসীমালংঘনকাৰীসকলৰ বাবে প্ৰত্যাৱৰ্তনস্থল হিচাপে।
See all translations of this verse →
لَّٰبِثِينَ فِيهَآ أَحْقَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত সিহঁতে যুগ যুগ ধৰি অৱস্থান কৰিব।
See all translations of this verse →
لَّا يَذُوقُونَ فِيهَا بَرْدًا وَلَا شَرَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত সিহঁতে শীতল (বস্তুৰ) সোৱাদ গ্ৰহণ কৰিব নোৱাৰিব, লগতে উপযুক্ত পানীও নাপাব।
See all translations of this verse →
إِلَّا حَمِيمًا وَغَسَّاقًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanউতলা পানী আৰু দুৰ্গন্ধময় পুঁজৰ বাহিৰে।
See all translations of this verse →
جَزَآءً وِفَاقًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱেই (সিহঁতৰ) উপযুক্ত প্ৰতিফল।
See all translations of this verse →
إِنَّهُمْ كَانُوا۟ لَا يَرْجُونَ حِسَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে কেতিয়াও হিচাব-নিকাচৰ আশা কৰা নাছিল।
See all translations of this verse →
وَكَذَّبُوا۟ بِـَٔايَٰتِنَا كِذَّابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আমাৰ নিদৰ্শনাৱলীক কঠোৰভাৱে মিথ্যাৰোপ কৰিছিল।
See all translations of this verse →
وَكُلَّ شَىْءٍ أَحْصَيْنَٰهُ كِتَٰبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি প্ৰতিটো বস্তু লিখিতভাৱে সংৰক্ষণ কৰি ৰাখিছোঁ।
See all translations of this verse →
فَذُوقُوا۟ فَلَن نَّزِيدَكُمْ إِلَّا عَذَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে ভোগ কৰা, আমি তোমালোকৰ বাবে শাস্তিৰ বাহিৰে আন একো বৃদ্ধি নকৰোঁ।
See all translations of this verse →
إِنَّ لِلْمُتَّقِينَ مَفَازًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকলৰ বাবে আছে সফলতা।
See all translations of this verse →
حَدَآئِقَ وَأَعْنَٰبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanউদ্যানসমূহ আৰু নানা ধৰণৰ আঙুৰ।
See all translations of this verse →
وَكَوَاعِبَ أَتْرَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সমবয়সীয়া উদ্ভিন্ন নৱ-যুৱতী তৰুণী।
See all translations of this verse →
وَكَأْسًا دِهَاقًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰিপূৰ্ণ পানপাত্ৰ।
See all translations of this verse →
لَّا يَسْمَعُونَ فِيهَا لَغْوًا وَلَا كِذَّٰبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে কোনো অনৰ্থক কথা আৰু মিছা বাক্যও শুনা নাপাব।
See all translations of this verse →
جَزَآءً مِّن رَّبِّكَ عَطَآءً حِسَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahman(এয়া হ’ব তেওঁলোকৰ বাবে) আপোনাৰ প্ৰতিপালকৰ ফালৰ পৰা পুৰস্কাৰ, যথোচিত দান।
See all translations of this verse →
رَّبِّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا ٱلرَّحْمَٰنِ لَا يَمْلِكُونَ مِنْهُ خِطَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজন আকাশসমূহ আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলোৰে প্ৰতিপালক, পৰম কৰুণাময়, তেওঁৰ ওচৰত আবেদন-নিবেদন কৰিব পৰা শক্তি সিহঁতৰ কাৰো নাথাকিব।
See all translations of this verse →
يَوْمَ يَقُومُ ٱلرُّوحُ وَٱلْمَلَٰٓئِكَةُ صَفًّا لَّا يَتَكَلَّمُونَ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَٰنُ وَقَالَ صَوَابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা ৰূহ আৰু ফিৰিস্তাসকলে শাৰীবদ্ধভাৱে থিয় হ’ব; ৰহমানে যাক অনুমতি দিব তাৰ বাহিৰে কোনেও কথা ক’ব নোৱাৰিব, আৰু তেওঁ সঠিক কথাহে ক’ব।
See all translations of this verse →
ذَٰلِكَ ٱلْيَوْمُ ٱلْحَقُّ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ مَـَٔابًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএই দিৱসটো সত্য, এতেকে যাৰ ইচ্ছা সি তাৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰক।
See all translations of this verse →
إِنَّآ أَنذَرْنَٰكُمْ عَذَابًا قَرِيبًا يَوْمَ يَنظُرُ ٱلْمَرْءُ مَا قَدَّمَتْ يَدَاهُ وَيَقُولُ ٱلْكَافِرُ يَٰلَيْتَنِى كُنتُ تُرَٰبًۢا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমালোকক অতি নিকটৱৰ্তী শাস্তি সম্পৰ্কে সতৰ্ক কৰিলোঁ। যিদিনা মানুহে নিজৰ কৃতকৰ্ম দেখিবলৈ পাব আৰু কাফিৰে ক’ব, হায়! মই যদি মাটিত পৰিণত হ'লোঁহেঁতেন।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→