caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা An-Naazi'aat النازعات

৪৬ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৮১

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلنَّٰزِعَٰتِ غَرْقًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।

See all translations of this verse →

وَٱلنَّٰشِطَٰتِ نَشْطًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

See all translations of this verse →

وَٱلسَّٰبِحَٰتِ سَبْحًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

See all translations of this verse →

فَٱلسَّٰبِقَٰتِ سَبْقًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

See all translations of this verse →

فَٱلْمُدَبِّرَٰتِ أَمْرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

See all translations of this verse →

يَوْمَ تَرْجُفُ ٱلرَّاجِفَةُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

See all translations of this verse →

تَتْبَعُهَا ٱلرَّادِفَةُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।

See all translations of this verse →

قُلُوبٌ يَوْمَئِذٍ وَاجِفَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

See all translations of this verse →

أَبْصَٰرُهَا خَٰشِعَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

See all translations of this verse →

يَقُولُونَ أَءِنَّا لَمَرْدُودُونَ فِى ٱلْحَافِرَةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?

See all translations of this verse →

أَءِذَا كُنَّا عِظَٰمًا نَّخِرَةً

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

See all translations of this verse →

قَالُوا۟ تِلْكَ إِذًا كَرَّةٌ خَاسِرَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

See all translations of this verse →

فَإِنَّمَا هِىَ زَجْرَةٌ وَٰحِدَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।

See all translations of this verse →

فَإِذَا هُم بِٱلسَّاهِرَةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

See all translations of this verse →

هَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?

See all translations of this verse →

إِذْ نَادَىٰهُ رَبُّهُۥ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًى

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

See all translations of this verse →

ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,

See all translations of this verse →

فَقُلْ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?

See all translations of this verse →

وَأَهْدِيَكَ إِلَىٰ رَبِّكَ فَتَخْشَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।

See all translations of this verse →

فَأَرَىٰهُ ٱلْـَٔايَةَ ٱلْكُبْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

See all translations of this verse →

فَكَذَّبَ وَعَصَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

See all translations of this verse →

ثُمَّ أَدْبَرَ يَسْعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

See all translations of this verse →

فَحَشَرَ فَنَادَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

See all translations of this verse →

فَقَالَ أَنَا۠ رَبُّكُمُ ٱلْأَعْلَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

See all translations of this verse →

فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلْـَٔاخِرَةِ وَٱلْأُولَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

See all translations of this verse →

إِنَّ فِى ذَٰلِكَ لَعِبْرَةً لِّمَن يَخْشَىٰٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

See all translations of this verse →

ءَأَنتُمْ أَشَدُّ خَلْقًا أَمِ ٱلسَّمَآءُ بَنَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

See all translations of this verse →

رَفَعَ سَمْكَهَا فَسَوَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

See all translations of this verse →

وَأَغْطَشَ لَيْلَهَا وَأَخْرَجَ ضُحَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

See all translations of this verse →

وَٱلْأَرْضَ بَعْدَ ذَٰلِكَ دَحَىٰهَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।

See all translations of this verse →

أَخْرَجَ مِنْهَا مَآءَهَا وَمَرْعَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

See all translations of this verse →

وَٱلْجِبَالَ أَرْسَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

See all translations of this verse →

مَتَٰعًا لَّكُمْ وَلِأَنْعَٰمِكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।

See all translations of this verse →

فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلْكُبْرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

See all translations of this verse →

يَوْمَ يَتَذَكَّرُ ٱلْإِنسَٰنُ مَا سَعَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

See all translations of this verse →

وَبُرِّزَتِ ٱلْجَحِيمُ لِمَن يَرَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।

See all translations of this verse →

فَأَمَّا مَن طَغَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিয়ে সীমালংঘন কৰে,

See all translations of this verse →

وَءَاثَرَ ٱلْحَيَوٰةَ ٱلدُّنْيَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

See all translations of this verse →

فَإِنَّ ٱلْجَحِيمَ هِىَ ٱلْمَأْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

See all translations of this verse →

وَأَمَّا مَنْ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفْسَ عَنِ ٱلْهَوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

See all translations of this verse →

فَإِنَّ ٱلْجَنَّةَ هِىَ ٱلْمَأْوَىٰ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।

See all translations of this verse →

يَسْـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرْسَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

See all translations of this verse →

فِيمَ أَنتَ مِن ذِكْرَىٰهَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

See all translations of this verse →

إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;

See all translations of this verse →

إِنَّمَآ أَنتَ مُنذِرُ مَن يَخْشَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

See all translations of this verse →

كَأَنَّهُمْ يَوْمَ يَرَوْنَهَا لَمْ يَلْبَثُوٓا۟ إِلَّا عَشِيَّةً أَوْ ضُحَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70