ছুৰা Al-Ma'aarij المعارج
৪৪ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৭৯
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ سَأَلَ سَآئِلٌۢ بِعَذَابٍ وَاقِعٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআবেদনকাৰীয়ে আবেদন কৰিলে, সংঘটিত হওক অৱধাৰিত শাস্তি-
See all translations of this verse →
لِّلْكَٰفِرِينَ لَيْسَ لَهُۥ دَافِعٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকাফিৰসকলৰ ওপৰত, যাৰ কোনো প্ৰতিৰোধকাৰী নাই।
See all translations of this verse →
مِّنَ ٱللَّهِ ذِى ٱلْمَعَارِجِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো আহিব আল্লাহৰ তৰফৰ পৰা, যিজন ঊৰ্ধ্বাৰোহণৰ খটখটীবোৰৰ (জখলা) অধিকাৰী,
See all translations of this verse →
تَعْرُجُ ٱلْمَلَٰٓئِكَةُ وَٱلرُّوحُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥ خَمْسِينَ أَلْفَ سَنَةٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰিস্তাসকল আৰু ৰূহ এনে এটা দিনত আল্লাহৰ দিশে ঊৰ্দ্ধগামী হয়, যাৰ পৰিমাণ পঞ্চাশ হাজাৰ বছৰ।
See all translations of this verse →
فَٱصْبِرْ صَبْرًا جَمِيلًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি ধৈৰ্য ধাৰণ কৰা পৰম ধৈৰ্য।
See all translations of this verse →
إِنَّهُمْ يَرَوْنَهُۥ بَعِيدًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে এই দিৱসটোক বহু দূৰত থকা বুলি ভাবে।
See all translations of this verse →
وَنَرَىٰهُ قَرِيبًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ইয়াক নিচেই ওচৰত দেখি আছোঁ।
See all translations of this verse →
يَوْمَ تَكُونُ ٱلسَّمَآءُ كَٱلْمُهْلِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা আকাশ হৈ যাব গলিত ধাতুৰ দৰে,
See all translations of this verse →
وَتَكُونُ ٱلْجِبَالُ كَٱلْعِهْنِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰ্বতসমূহ হৈ যাব ৰং-বিৰঙৰ ঊণৰ দৰে,
See all translations of this verse →
وَلَا يَسْـَٔلُ حَمِيمٌ حَمِيمًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কোনো অন্তৰঙ্গ বন্ধুৱেও অন্তৰঙ্গ বন্ধুৰ খা-খবৰ নুসুধিব,
See all translations of this verse →
يُبَصَّرُونَهُمْ يَوَدُّ ٱلْمُجْرِمُ لَوْ يَفْتَدِى مِنْ عَذَابِ يَوْمِئِذٍۭ بِبَنِيهِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(যদিও) সিহঁতক পৰস্পৰৰ দৃষ্টিগোচৰ কৰোৱা হ’ব। অপৰাধীয়ে সেইদিৱসৰ শাস্তিৰ বিনিময়ত দিব বিচাৰিব তাৰ সন্তান-সন্ততিক,
See all translations of this verse →
وَصَٰحِبَتِهِۦ وَأَخِيهِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ স্ত্ৰী আৰু ভাতৃক,
See all translations of this verse →
وَفَصِيلَتِهِ ٱلَّتِى تُـْٔوِيهِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাৰ জাতি-গোষ্ঠিক, যিসকলে তাক আশ্ৰয় দিছিল,
See all translations of this verse →
وَمَن فِى ٱلْأَرْضِ جَمِيعًا ثُمَّ يُنجِيهِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanলগতে পৃথিৱীৰ সকলোকে (দিব বিচাৰিব), যাতে ইয়াৰ বিনিময়ত তাক মুক্তি দিয়া হয়।
See all translations of this verse →
كَلَّآ إِنَّهَا لَظَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, নিশ্চয় এইটো হৈছে লেলিহান জুই,
See all translations of this verse →
نَزَّاعَةً لِّلشَّوَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিয়ে (তাৰ) মূৰৰ ছাল খহাই পেলাব।
See all translations of this verse →
تَدْعُوا۟ مَنْ أَدْبَرَ وَتَوَلَّىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanজাহান্নামে সেই ব্যক্তিক মাতিব, যিয়ে (সত্যৰ প্ৰতি) পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
See all translations of this verse →
وَجَمَعَ فَأَوْعَىٰٓ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সি সম্পদ সঞ্চয় কৰিছিল, লগতে সংৰক্ষণ কৰি ৰাখিছিল।
See all translations of this verse →
إِنَّ ٱلْإِنسَٰنَ خُلِقَ هَلُوعًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মানুহক সৃষ্টি কৰা হৈছে অতিশয় ধৈৰ্যহীন অস্থিৰচিত্তৰূপে।
See all translations of this verse →
إِذَا مَسَّهُ ٱلشَّرُّ جَزُوعًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তাক বিপদে স্পৰ্শ কৰে, তেতিয়া সি অতিমাত্ৰা উৎকণ্ঠিত হৈ পৰে।
See all translations of this verse →
وَإِذَا مَسَّهُ ٱلْخَيْرُ مَنُوعًا
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া তাক কল্যাণে স্পৰ্শ কৰে, তেতিয়া সি অতিশয় কৃপণ হৈ পৰে।
See all translations of this verse →
إِلَّا ٱلْمُصَلِّينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু ছালাত প্ৰতিষ্ঠাকাৰীসকলৰ বাহিৰে,
See all translations of this verse →
ٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ دَآئِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে নিজৰ ছালাতৰ ক্ষেত্ৰত সদায় প্ৰতিষ্ঠিত,
See all translations of this verse →
وَٱلَّذِينَ فِىٓ أَمْوَٰلِهِمْ حَقٌّ مَّعْلُومٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলৰ ধন-সম্পদত আছে নিৰ্ধাৰিত হক্ব (প্ৰাপ্য),
See all translations of this verse →
لِّلسَّآئِلِ وَٱلْمَحْرُومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanখোজনীয়া-মগনীয়া আৰু বঞ্চিতসকলৰ বাবে,
See all translations of this verse →
وَٱلَّذِينَ يُصَدِّقُونَ بِيَوْمِ ٱلدِّينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে প্ৰতিফল দিৱসক সত্য বুলি বিশ্বাস কৰে।
See all translations of this verse →
وَٱلَّذِينَ هُم مِّنْ عَذَابِ رَبِّهِم مُّشْفِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিজ প্ৰতিপালকৰ শাস্তি সম্পৰ্কে ভীত-সন্ত্ৰস্ত--
See all translations of this verse →
إِنَّ عَذَابَ رَبِّهِمْ غَيْرُ مَأْمُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি কোনো নিৰাপদ বস্তু নহয়;
See all translations of this verse →
وَٱلَّذِينَ هُمْ لِفُرُوجِهِمْ حَٰفِظُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিজৰ যৌনাঙ্গৰ হিফাজত কৰে,
See all translations of this verse →
إِلَّا عَلَىٰٓ أَزْوَٰجِهِمْ أَوْ مَا مَلَكَتْ أَيْمَٰنُهُمْ فَإِنَّهُمْ غَيْرُ مَلُومِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে, এনে ক্ষেত্ৰত সিহঁত নিন্দনীয় নহ’ব--
See all translations of this verse →
فَمَنِ ٱبْتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُو۟لَٰٓئِكَ هُمُ ٱلْعَادُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু যিসকলে এওঁলোকৰ বাহিৰে আনক কামনা কৰে, সিহঁতেই সীমালংঘনকাৰী।
See all translations of this verse →
وَٱلَّذِينَ هُمْ لِأَمَٰنَٰتِهِمْ وَعَهْدِهِمْ رَٰعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে,
See all translations of this verse →
وَٱلَّذِينَ هُم بِشَهَٰدَٰتِهِمْ قَآئِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে সাক্ষ্যদানত অটল,
See all translations of this verse →
وَٱلَّذِينَ هُمْ عَلَىٰ صَلَاتِهِمْ يُحَافِظُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে,
See all translations of this verse →
أُو۟لَٰٓئِكَ فِى جَنَّٰتٍ مُّكْرَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকেই জান্নাতসমূহত সন্মানিত হ’ব।
See all translations of this verse →
فَمَالِ ٱلَّذِينَ كَفَرُوا۟ قِبَلَكَ مُهْطِعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকাফিৰসকলৰ কি হ’ল, সিহঁতে দেখোন তোমাৰ ফালে ঢপলীয়াই আহি আছে?
See all translations of this verse →
عَنِ ٱلْيَمِينِ وَعَنِ ٱلشِّمَالِ عِزِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসোঁফালৰ পৰা আৰু বাওঁফালৰ পৰা, দলে দলে।
See all translations of this verse →
أَيَطْمَعُ كُلُّ ٱمْرِئٍ مِّنْهُمْ أَن يُدْخَلَ جَنَّةَ نَعِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ প্ৰত্যেকেই এইটো আশা কৰে নেকি যে, তাক প্ৰাচুৰ্যময় জান্নাতত প্ৰৱেশ কৰোৱা হ’ব?
See all translations of this verse →
كَلَّآ إِنَّا خَلَقْنَٰهُم مِّمَّا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেতিয়াও নহয়, নিশ্চয় আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছোঁ, সেয়া সিহঁতে জানে।
See all translations of this verse →
فَلَآ أُقْسِمُ بِرَبِّ ٱلْمَشَٰرِقِ وَٱلْمَغَٰرِبِ إِنَّا لَقَٰدِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে মই শপত কৰিছোঁ উদয়াচল আৰু অস্তাচলসমূহৰ প্ৰতিপালকৰ, নিশ্চয় আমি সক্ষম,
See all translations of this verse →
عَلَىٰٓ أَن نُّبَدِّلَ خَيْرًا مِّنْهُمْ وَمَا نَحْنُ بِمَسْبُوقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁততকৈ উৎকৃষ্টসকলক সিহঁতৰ স্থলৱৰ্তী কৰিবলৈ, আৰু এইটো কৰিবলৈ আমি অক্ষম নহয়।
See all translations of this verse →
فَذَرْهُمْ يَخُوضُوا۟ وَيَلْعَبُوا۟ حَتَّىٰ يُلَٰقُوا۟ يَوْمَهُمُ ٱلَّذِى يُوعَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া-- যিটো দিৱসৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত।
See all translations of this verse →
يَوْمَ يَخْرُجُونَ مِنَ ٱلْأَجْدَاثِ سِرَاعًا كَأَنَّهُمْ إِلَىٰ نُصُبٍ يُوفِضُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁত কবৰৰ পৰা দ্ৰুতবেগত ওলাই আহিব, এনে লাগিব যেনিবা সিহঁতে কোনো লক্ষ্যস্থলৰ ফালে ধাৱিত হৈছে,
See all translations of this verse →
خَٰشِعَةً أَبْصَٰرُهُمْ تَرْهَقُهُمْ ذِلَّةٌ ذَٰلِكَ ٱلْيَوْمُ ٱلَّذِى كَانُوا۟ يُوعَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ দৃষ্টিসমূহ অৱনত অৱস্থাত থাকিব, অপমানে সিহঁতক আচ্ছন্ন কৰিব। এইটোৱে সেইদিৱস যাৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছিল।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→