ছুৰা Ad-Dukhaan الدخان
৫৯ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৬৪
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ حمٓ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহা-মীম।[1]
See all translations of this verse →
وَٱلْكِتَٰبِ ٱلْمُبِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত সুস্পষ্ট কিতাবৰ!
See all translations of this verse →
إِنَّآ أَنزَلْنَٰهُ فِى لَيْلَةٍ مُّبَٰرَكَةٍ إِنَّا كُنَّا مُنذِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী।
See all translations of this verse →
فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়,
See all translations of this verse →
أَمْرًا مِّنْ عِندِنَآ إِنَّا كُنَّا مُرْسِلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমাৰ আদেশ অনুসাৰে। নিশ্চয় আমিয়েই ৰাছুল প্ৰেৰণ কৰোঁ।
See all translations of this verse →
رَحْمَةً مِّن رَّبِّكَ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমতস্বৰূপে; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ,
See all translations of this verse →
رَبِّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَآ إِن كُنتُم مُّوقِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক; যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা।
See all translations of this verse →
لَآ إِلَٰهَ إِلَّا هُوَ يُحْىِۦ وَيُمِيتُ رَبُّكُمْ وَرَبُّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়; তেৱেঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক।
See all translations of this verse →
بَلْ هُمْ فِى شَكٍّ يَلْعَبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল-ধেমালি কৰি আছে।
See all translations of this verse →
فَٱرْتَقِبْ يَوْمَ تَأْتِى ٱلسَّمَآءُ بِدُخَانٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ, যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ’ব আকাশ,
See all translations of this verse →
يَغْشَى ٱلنَّاسَ هَٰذَا عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেই ধোঁৱাই মানুহকো আবৃত কৰি পেলাব।এইটো হ’ব যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
رَّبَّنَا ٱكْشِفْ عَنَّا ٱلْعَذَابَ إِنَّا مُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(তেতিয়া সিহঁতে ক’ব) ‘হে আমাৰ প্ৰতিপালক! আমাৰ পৰা শাস্তি দূৰ কৰি দিয়া, নিশ্চয় আমি মুমিন হম’।
See all translations of this verse →
أَنَّىٰ لَهُمُ ٱلذِّكْرَىٰ وَقَدْ جَآءَهُمْ رَسُولٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanক’ত সিহঁতে উপদেশ গ্ৰহণ কৰিব? অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাছুল আহিছিল;
See all translations of this verse →
ثُمَّ تَوَلَّوْا۟ عَنْهُ وَقَالُوا۟ مُعَلَّمٌ مَّجْنُونٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত উন্মাদ’।
See all translations of this verse →
إِنَّا كَاشِفُوا۟ ٱلْعَذَابِ قَلِيلًا إِنَّكُمْ عَآئِدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা।
See all translations of this verse →
يَوْمَ نَبْطِشُ ٱلْبَطْشَةَ ٱلْكُبْرَىٰٓ إِنَّا مُنتَقِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা আমি প্ৰবলভাৱে কৰায়ত্ত কৰিম, সেইদিনা আমি নিশ্চয় প্ৰতিশোধ লম।
See all translations of this verse →
وَلَقَدْ فَتَنَّا قَبْلَهُمْ قَوْمَ فِرْعَوْنَ وَجَآءَهُمْ رَسُولٌ كَرِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইহঁতৰ আগতেও আমি ফিৰআউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাছুল,
See all translations of this verse →
أَنْ أَدُّوٓا۟ إِلَىَّ عِبَادَ ٱللَّهِ إِنِّى لَكُمْ رَسُولٌ أَمِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman(তেওঁ ফিৰআউনক কৈছিল) ‘আল্লাহৰ বান্দাসকলক (বনী ইছৰাঈলক) মোলৈ গতাই দিয়া। নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।
See all translations of this verse →
وَأَن لَّا تَعْلُوا۟ عَلَى ٱللَّهِ إِنِّىٓ ءَاتِيكُم بِسُلْطَٰنٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে ঔদ্ধত্য প্ৰকাশ নকৰিবা, নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম।
See all translations of this verse →
وَإِنِّى عُذْتُ بِرَبِّى وَرَبِّكُمْ أَن تَرْجُمُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকৰ প্ৰস্তৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছোঁ।
See all translations of this verse →
وَإِن لَّمْ تُؤْمِنُوا۟ لِى فَٱعْتَزِلُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, তেন্তে মোক এৰি গুচি যোৱা’।
See all translations of this verse →
فَدَعَا رَبَّهُۥٓ أَنَّ هَٰٓؤُلَآءِ قَوْمٌ مُّجْرِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লে, ‘নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়’।
See all translations of this verse →
فَأَسْرِ بِعِبَادِى لَيْلًا إِنَّكُم مُّتَّبَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(আল্লাহে ক’লে) ‘তেন্তে তুমি মোৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছ ফালৰ পৰা খেদি যোৱা হ’ব’।
See all translations of this verse →
وَٱتْرُكِ ٱلْبَحْرَ رَهْوًا إِنَّهُمْ جُندٌ مُّغْرَقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব’।
See all translations of this verse →
كَمْ تَرَكُوا۟ مِن جَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰস্ৰৱন,
See all translations of this verse →
وَزُرُوعٍ وَمَقَامٍ كَرِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশস্যক্ষেত্ৰ আৰু সুৰম্য বাসস্থান,
See all translations of this verse →
وَنَعْمَةٍ كَانُوا۟ فِيهَا فَٰكِهِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নানা ধৰণৰ বিলাস-সামগ্ৰী, য’ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
See all translations of this verse →
كَذَٰلِكَ وَأَوْرَثْنَٰهَا قَوْمًا ءَاخَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএনেকুৱাই হৈছিল, আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।
See all translations of this verse →
فَمَا بَكَتْ عَلَيْهِمُ ٱلسَّمَآءُ وَٱلْأَرْضُ وَمَا كَانُوا۟ مُنظَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশপ্ৰাপ্তও নাছিল।
See all translations of this verse →
وَلَقَدْ نَجَّيْنَا بَنِىٓ إِسْرَٰٓءِيلَ مِنَ ٱلْعَذَابِ ٱلْمُهِينِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ,
See all translations of this verse →
مِن فِرْعَوْنَ إِنَّهُۥ كَانَ عَالِيًا مِّنَ ٱلْمُسْرِفِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(উদ্ধাৰ কৰিছিলোঁ) ফিৰআউনৰ পৰা, নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।
See all translations of this verse →
وَلَقَدِ ٱخْتَرْنَٰهُمْ عَلَىٰ عِلْمٍ عَلَى ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি জানি বুজিয়ে সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।
See all translations of this verse →
وَءَاتَيْنَٰهُم مِّنَ ٱلْـَٔايَٰتِ مَا فِيهِ بَلَٰٓؤٌا۟ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ, য’ত আছিল সুস্পষ্ট পৰীক্ষা;
See all translations of this verse →
إِنَّ هَٰٓؤُلَآءِ لَيَقُولُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে (এই কথা সদায়ে) কৈ থাকে,
See all translations of this verse →
إِنْ هِىَ إِلَّا مَوْتَتُنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُنشَرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আমাৰ প্ৰথম মৃত্যুই হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ।
See all translations of this verse →
فَأْتُوا۟ بِـَٔابَآئِنَآ إِن كُنتُمْ صَٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃ-পুৰুষসকলক উপস্থিত কৰাচোন’।
See all translations of this verse →
أَهُمْ خَيْرٌ أَمْ قَوْمُ تُبَّعٍ وَٱلَّذِينَ مِن قَبْلِهِمْ أَهْلَكْنَٰهُمْ إِنَّهُمْ كَانُوا۟ مُجْرِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(কোৱাচোন) শ্ৰেষ্ঠ কোন, সিহঁত নে তুব্বা সম্প্ৰদায়, নে সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁত? আমি সিহঁতক ধ্বংস কৰিছিলোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।
See all translations of this verse →
وَمَا خَلَقْنَا ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا لَٰعِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি ধেমালিৰ ছলেৰে সৃষ্টি কৰা নাই;
See all translations of this verse →
مَا خَلَقْنَٰهُمَآ إِلَّا بِٱلْحَقِّ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি এই দুয়োকে যথাযথভাৱেই সৃষ্টি কৰিছোঁ, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
See all translations of this verse →
إِنَّ يَوْمَ ٱلْفَصْلِ مِيقَٰتُهُمْ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত।
See all translations of this verse →
يَوْمَ لَا يُغْنِى مَوْلًى عَن مَّوْلًى شَيْـًٔا وَلَا هُمْ يُنصَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ও নাপাব।
See all translations of this verse →
إِلَّا مَن رَّحِمَ ٱللَّهُ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلرَّحِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আল্লাহে যাৰ প্ৰতি দয়া কৰিব কেৱল তেওঁৰ বাহিৰে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, পৰম দয়ালু।
See all translations of this verse →
إِنَّ شَجَرَتَ ٱلزَّقُّومِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যাক্কূম গছ হ’ব,
See all translations of this verse →
طَعَامُ ٱلْأَثِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপাপীৰ খাদ্য,
See all translations of this verse →
كَٱلْمُهْلِ يَغْلِى فِى ٱلْبُطُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanগলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,
See all translations of this verse →
كَغَلْىِ ٱلْحَمِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউতলি থকা গৰম পানীৰ দৰে।
See all translations of this verse →
خُذُوهُ فَٱعْتِلُوهُ إِلَىٰ سَوَآءِ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(কোৱা হ’ব) ‘তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত,
See all translations of this verse →
ثُمَّ صُبُّوا۟ فَوْقَ رَأْسِهِۦ مِنْ عَذَابِ ٱلْحَمِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানী ঢালি শাস্তি দিয়া’,
See all translations of this verse →
ذُقْ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْكَرِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman(কোৱা হ’ব, এতিয়া) ‘সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত, অভিজাত আছিলা!
See all translations of this verse →
إِنَّ هَٰذَا مَا كُنتُم بِهِۦ تَمْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘নিশ্চয় এইটোৱেই হৈছে সেই শাস্তি, যিটোক তোমালোকে সন্দেহ কৰিছিলা’।
See all translations of this verse →
إِنَّ ٱلْمُتَّقِينَ فِى مَقَامٍ أَمِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় মুত্তাক্বীসকল থাকিব নিৰাপদ স্থানত,
See all translations of this verse →
فِى جَنَّٰتٍ وَعُيُونٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘উদ্যান আৰু ঝৰ্ণাসমূহত,
See all translations of this verse →
يَلْبَسُونَ مِن سُندُسٍ وَإِسْتَبْرَقٍ مُّتَقَٰبِلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে পৰিধান কৰিব মিহি আৰু মোটা ৰেচমী বস্ত্ৰ আৰু ইজনে সিজনৰ সন্মুখত বহিব।
See all translations of this verse →
كَذَٰلِكَ وَزَوَّجْنَٰهُم بِحُورٍ عِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএনেকুৱাই হ’ব, আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হূৰসকলৰ লগত,
See all translations of this verse →
يَدْعُونَ فِيهَا بِكُلِّ فَٰكِهَةٍ ءَامِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফলমূল আনিবলৈ ক'ব।
See all translations of this verse →
لَا يَذُوقُونَ فِيهَا ٱلْمَوْتَ إِلَّا ٱلْمَوْتَةَ ٱلْأُولَىٰ وَوَقَىٰهُمْ عَذَابَ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপ্ৰথম মৃত্যুৰ পিছত তেওঁলোকে তাত আৰু মৃত্যু আস্বাদন নকৰিব। তেৱেঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব,
See all translations of this verse →
فَضْلًا مِّن رَّبِّكَ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman(এইটো হৈছে) তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱেই হৈছে মহা সফলতা।
See all translations of this verse →
فَإِنَّمَا يَسَّرْنَٰهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰআনক সহজ কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
See all translations of this verse →
فَٱرْتَقِبْ إِنَّهُم مُّرْتَقِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষাকাৰী।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→