ছুৰা An-Nahl النحل
১২৮ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৭০
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ أَتَىٰٓ أَمْرُ ٱللَّهِ فَلَا تَسْتَعْجِلُوهُ سُبْحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ আদেশ আহিবই; এতেকে তোমালোকে তাক সোনকালে আনিবলৈ খৰখেদা নকৰিবা। তেওঁ অতি পৱিত্ৰ মহিমাময়, আৰু সিহঁতে যি অংশীদাৰ স্থাপন কৰে তাৰ পৰা তেওঁ (বহু) উৰ্দ্ধত।
See all translations of this verse →
يُنَزِّلُ ٱلْمَلَٰٓئِكَةَ بِٱلرُّوحِ مِنْ أَمْرِهِۦ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦٓ أَنْ أَنذِرُوٓا۟ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱتَّقُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ নিজ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ প্ৰতি নিৰ্দেশ প্ৰদান কৰি ৰূহ (অহীসহ ফিৰিস্তা) প্ৰেৰণ কৰে এই বুলি যে, তোমালোকে সতৰ্ক কৰা, মই বিনে আন কোনো সত্য ইলাহ নাই; সেয়ে তোমালোকে মোৰ তাক্বৱা অৱলম্বন কৰা।
See all translations of this verse →
خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ تَعَٰلَىٰ عَمَّا يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱীক সৃষ্টি কৰিছে; সিহঁতে যি অংশীদাৰ স্থাপন কৰে তেওঁ তাৰ পৰা (বহু) উৰ্দ্ধত।
See all translations of this verse →
خَلَقَ ٱلْإِنسَٰنَ مِن نُّطْفَةٍ فَإِذَا هُوَ خَصِيمٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই মানুহক শুক্ৰকীটৰ পৰা সৃষ্টি কৰিছে; অথচ চোৱা, সেই মানুহেই প্ৰকাশ্য বিতণ্ডাকাৰী!
See all translations of this verse →
وَٱلْأَنْعَٰمَ خَلَقَهَا لَكُمْ فِيهَا دِفْءٌ وَمَنَٰفِعُ وَمِنْهَا تَأْكُلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু চতুষ্পদ জন্তুবোৰ তেৱেঁই সৃষ্টি কৰিছে, তোমালোকৰ বাবে তাত আছে শীত নিবাৰণৰ উপকৰণ লগতে আৰু নানা ধৰণৰ উপকাৰ আছে আৰু সেইবোৰৰ কিছুমানক তোমালোকে ভক্ষণো কৰা।
See all translations of this verse →
وَلَكُمْ فِيهَا جَمَالٌ حِينَ تُرِيحُونَ وَحِينَ تَسْرَحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ বাবে তাত আছে উপভোগ কৰিব পৰা সৌন্দৰ্য, যেতিয়া তোমালোকে সেইবোৰক সন্ধিয়াৰ সময়ত চাৰণভূমিৰ পৰা ওভতাই আনা আৰু পুৱাৰ ভাগত সেইবোৰক চাৰণভূমিলৈ খেদি নিয়া।
See all translations of this verse →
وَتَحْمِلُ أَثْقَالَكُمْ إِلَىٰ بَلَدٍ لَّمْ تَكُونُوا۟ بَٰلِغِيهِ إِلَّا بِشِقِّ ٱلْأَنفُسِ إِنَّ رَبَّكُمْ لَرَءُوفٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেইবোৰে তোমালোকৰ গধুৰ বোজাবোৰ বহন কৰি লৈ যায় এনেকুৱা ঠাইলৈ, য’ত প্ৰাণান্তৰ কষ্ট নোহোৱাকৈ তোমালোকে তালৈকে যাব নোৱাৰিলাহেঁতেন। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।
See all translations of this verse →
وَٱلْخَيْلَ وَٱلْبِغَالَ وَٱلْحَمِيرَ لِتَرْكَبُوهَا وَزِينَةً وَيَخْلُقُ مَا لَا تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ আৰোহণৰ বাবে লগতে শোভাৰ বাবে তেওঁ সৃষ্টি কৰিছে ঘোঁৰা, খচ্চৰ আৰু গাধ আৰু তেওঁ এনেকুৱা বহুতো বস্তু সৃষ্টি কৰে (আৰু কৰিব) যিবোৰ তোমালোকে নাজানা।
See all translations of this verse →
وَعَلَى ٱللَّهِ قَصْدُ ٱلسَّبِيلِ وَمِنْهَا جَآئِرٌ وَلَوْ شَآءَ لَهَدَىٰكُمْ أَجْمَعِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সৰল পথে আল্লাহৰ ওচৰলৈকে লৈ যায়, কিন্তু পথবোৰৰ মাজত বক্ৰ পথো আছে। তেওঁ ইচ্ছা কৰিলে তোমালোক আটাইকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন।
See all translations of this verse →
هُوَ ٱلَّذِىٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً لَّكُم مِّنْهُ شَرَابٌ وَمِنْهُ شَجَرٌ فِيهِ تُسِيمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশৰ পৰা পানী বৰষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ, যাৰ মাজত তোমালোকে পশুচাৰণ কৰা।
See all translations of this verse →
يُنۢبِتُ لَكُم بِهِ ٱلزَّرْعَ وَٱلزَّيْتُونَ وَٱلنَّخِيلَ وَٱلْأَعْنَٰبَ وَمِن كُلِّ ٱلثَّمَرَٰتِ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَتَفَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে উৎপন্ন কৰে শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফলমূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
See all translations of this verse →
وَسَخَّرَ لَكُمُ ٱلَّيْلَ وَٱلنَّهَارَ وَٱلشَّمْسَ وَٱلْقَمَرَ وَٱلنُّجُومُ مُسَخَّرَٰتٌۢ بِأَمْرِهِۦٓ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّقَوْمٍ يَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত। নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।
See all translations of this verse →
وَمَا ذَرَأَ لَكُمْ فِى ٱلْأَرْضِ مُخْتَلِفًا أَلْوَٰنُهُۥٓ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَذَّكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰঙ-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।
See all translations of this verse →
وَهُوَ ٱلَّذِى سَخَّرَ ٱلْبَحْرَ لِتَأْكُلُوا۟ مِنْهُ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُوا۟ مِنْهُ حِلْيَةً تَلْبَسُونَهَا وَتَرَى ٱلْفُلْكَ مَوَاخِرَ فِيهِ وَلِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা, লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে অলংকাৰৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযানসমূহ চলাচল কৰে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা;
See all translations of this verse →
وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَأَنْهَٰرًا وَسُبُلًا لَّعَلَّكُمْ تَهْتَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
See all translations of this verse →
وَعَلَٰمَٰتٍ وَبِٱلنَّجْمِ هُمْ يَهْتَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।
See all translations of this verse →
أَفَمَن يَخْلُقُ كَمَن لَّا يَخْلُقُ أَفَلَا تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
See all translations of this verse →
وَإِن تَعُدُّوا۟ نِعْمَةَ ٱللَّهِ لَا تُحْصُوهَآ إِنَّ ٱللَّهَ لَغَفُورٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।
See all translations of this verse →
وَٱللَّهُ يَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।
See all translations of this verse →
وَٱلَّذِينَ يَدْعُونَ مِن دُونِ ٱللَّهِ لَا يَخْلُقُونَ شَيْـًٔا وَهُمْ يُخْلَقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হৈছে।
See all translations of this verse →
أَمْوَٰتٌ غَيْرُ أَحْيَآءٍ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা (বোধ) নাই।
See all translations of this verse →
إِلَٰهُكُمْ إِلَٰهٌ وَٰحِدٌ فَٱلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ قُلُوبُهُم مُّنكِرَةٌ وَهُم مُّسْتَكْبِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।
See all translations of this verse →
لَا جَرَمَ أَنَّ ٱللَّهَ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ إِنَّهُۥ لَا يُحِبُّ ٱلْمُسْتَكْبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।
See all translations of this verse →
وَإِذَا قِيلَ لَهُم مَّاذَآ أَنزَلَ رَبُّكُمْ قَالُوٓا۟ أَسَٰطِيرُ ٱلْأَوَّلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!
See all translations of this verse →
لِيَحْمِلُوٓا۟ أَوْزَارَهُمْ كَامِلَةً يَوْمَ ٱلْقِيَٰمَةِ وَمِنْ أَوْزَارِ ٱلَّذِينَ يُضِلُّونَهُم بِغَيْرِ عِلْمٍ أَلَا سَآءَ مَا يَزِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
See all translations of this verse →
قَدْ مَكَرَ ٱلَّذِينَ مِن قَبْلِهِمْ فَأَتَى ٱللَّهُ بُنْيَٰنَهُم مِّنَ ٱلْقَوَاعِدِ فَخَرَّ عَلَيْهِمُ ٱلسَّقْفُ مِن فَوْقِهِمْ وَأَتَىٰهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, ফলত আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভিত্তিমূলত আঘাত কৰিছিল; ইয়াৰ ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।
See all translations of this verse →
ثُمَّ يَوْمَ ٱلْقِيَٰمَةِ يُخْزِيهِمْ وَيَقُولُ أَيْنَ شُرَكَآءِىَ ٱلَّذِينَ كُنتُمْ تُشَٰٓقُّونَ فِيهِمْ قَالَ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ إِنَّ ٱلْخِزْىَ ٱلْيَوْمَ وَٱلسُّوٓءَ عَلَى ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’--
See all translations of this verse →
ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلْمَلَٰٓئِكَةُ ظَالِمِىٓ أَنفُسِهِمْ فَأَلْقَوُا۟ ٱلسَّلَمَ مَا كُنَّا نَعْمَلُ مِن سُوٓءٍۭ بَلَىٰٓ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে যেতিয়া সিহঁতৰ প্ৰাণ হৰণ কৰিব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলোঁ’। হয়, তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় আল্লাহ সবিশেষ অৱগত।
See all translations of this verse →
فَٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَا فَلَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহৰে তাত স্থায়ীভাৱে থাকিবলৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান যে নিকৃষ্ট!
See all translations of this verse →
وَقِيلَ لِلَّذِينَ ٱتَّقَوْا۟ مَاذَآ أَنزَلَ رَبُّكُمْ قَالُوا۟ خَيْرًا لِّلَّذِينَ أَحْسَنُوا۟ فِى هَٰذِهِ ٱلدُّنْيَا حَسَنَةٌ وَلَدَارُ ٱلْـَٔاخِرَةِ خَيْرٌ وَلَنِعْمَ دَارُ ٱلْمُتَّقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ব, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’ব, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ আবাসস্থল কিমান যে উৎকৃষ্ট!
See all translations of this verse →
جَنَّٰتُ عَدْنٍ يَدْخُلُونَهَا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ لَهُمْ فِيهَا مَا يَشَآءُونَ كَذَٰلِكَ يَجْزِى ٱللَّهُ ٱلْمُتَّقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanয’ত তেওঁলোকে প্ৰৱেশ কৰিব সেইটো হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত; তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই তেওঁলোকৰ বাবে তাত থাকিব। এইদৰেই আল্লাহে মুত্তাক্বীসকলক পুৰস্কৃত কৰে,
See all translations of this verse →
ٱلَّذِينَ تَتَوَفَّىٰهُمُ ٱلْمَلَٰٓئِكَةُ طَيِّبِينَ يَقُولُونَ سَلَٰمٌ عَلَيْكُمُ ٱدْخُلُوا۟ ٱلْجَنَّةَ بِمَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰিস্তাসকলে তেওঁলোকৰ মৃত্যু ঘটায় উত্তমভাৱে। ফিৰিস্তাসকলে কয়, ‘তোমালোকৰ ওপৰত ছালাম (বৰ্ষিত হওক)! তোমালোকে যি কৰিছিলা তাৰ বিনিময়ত জান্নাতত প্ৰৱেশ কৰা’।
See all translations of this verse →
هَلْ يَنظُرُونَ إِلَّآ أَن تَأْتِيَهُمُ ٱلْمَلَٰٓئِكَةُ أَوْ يَأْتِىَ أَمْرُ رَبِّكَ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبْلِهِمْ وَمَا ظَلَمَهُمُ ٱللَّهُ وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে (কাফিৰসকলে) কেৱল সিহঁতৰ ওচৰলৈ ফিৰিস্তা অহাৰ প্ৰতীক্ষা কৰি আছে অথবা তোমাৰ প্ৰতিপালকৰ কোনো নিৰ্দেশ অহাৰহে প্ৰতীক্ষা কৰি আছে। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। আল্লাহে সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
See all translations of this verse →
فَأَصَابَهُمْ سَيِّـَٔاتُ مَا عَمِلُوا۟ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতৰ ওপৰত আপতিত হৈছিল সিহঁতৰেই বেয়া কৰ্মৰ পৰিণতি আৰু সিহঁতে যি বিষয়টোক লৈ উপহাস কৰিছিল সেইটোৱে সিহঁতক পৰিবেষ্টন কৰিছিল।
See all translations of this verse →
وَقَالَ ٱلَّذِينَ أَشْرَكُوا۟ لَوْ شَآءَ ٱللَّهُ مَا عَبَدْنَا مِن دُونِهِۦ مِن شَىْءٍ نَّحْنُ وَلَآ ءَابَآؤُنَا وَلَا حَرَّمْنَا مِن دُونِهِۦ مِن شَىْءٍ كَذَٰلِكَ فَعَلَ ٱلَّذِينَ مِن قَبْلِهِمْ فَهَلْ عَلَى ٱلرُّسُلِ إِلَّا ٱلْبَلَٰغُ ٱلْمُبِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে শ্বিৰ্ক কৰিছে সিহঁতে কয়, ‘আল্লাহে ইচ্ছা কৰিলে আমি আৰু আমাৰ পিতৃ-পুৰুষসকলে তেওঁৰ বাহিৰে আনৰ ইবাদত নকৰিলোঁহেঁতেন, আৰু তেওঁৰ নিৰ্দেশ অবিহনে আমি কোনো বস্তুক হাৰামো নকৰিলোঁহেঁতেন’। সিহঁতৰ পূৰ্বৱৰ্তীসকলেও এনেকুৱাই কৰিছিল। এতেকে ৰাছুলসকলৰ কৰ্তব্য কেৱল সুস্পষ্ট বাণী পৌঁচাই দিয়া নহয় জানো?
See all translations of this verse →
وَلَقَدْ بَعَثْنَا فِى كُلِّ أُمَّةٍ رَّسُولًا أَنِ ٱعْبُدُوا۟ ٱللَّهَ وَٱجْتَنِبُوا۟ ٱلطَّٰغُوتَ فَمِنْهُم مَّنْ هَدَى ٱللَّهُ وَمِنْهُم مَّنْ حَقَّتْ عَلَيْهِ ٱلضَّلَٰلَةُ فَسِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُكَذِّبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰলৈ একো একোজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ মাজৰ কিছুমানক হিদায়ত দিছিল, আৰু কিছুমানৰ ওপৰত পথভ্ৰষ্টতা অৱধাৰিত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
See all translations of this verse →
إِن تَحْرِصْ عَلَىٰ هُدَىٰهُمْ فَإِنَّ ٱللَّهَ لَا يَهْدِى مَن يُضِلُّ وَمَا لَهُم مِّن نَّٰصِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ হিদায়তৰ বাবে ঐকান্তিকভাৱে আগ্ৰহী হ’লেও আল্লাহে যাক বিভ্ৰান্ত কৰে তাক তেওঁ কেতিয়াও হিদায়ত নিদিয়ে, আৰু সিহঁতৰ বাবে কোনো সহায়কাৰীও নাই।
See all translations of this verse →
وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَٰنِهِمْ لَا يَبْعَثُ ٱللَّهُ مَن يَمُوتُ بَلَىٰ وَعْدًا عَلَيْهِ حَقًّا وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কয়, ‘যাৰ মৃত্যু হয় তাক আল্লাহে কেতিয়াও পুনৰ্জীৱিত নকৰিব’। (শুনা) কিয় নকৰিব! নিশ্চয় তেওঁৰ ওপৰত কৃত প্ৰতিশ্ৰুতি তেওঁ সত্যত পৰিণত কৰিব। কিন্তু অধিকাংশ মানুহেই নাজানে।
See all translations of this verse →
لِيُبَيِّنَ لَهُمُ ٱلَّذِى يَخْتَلِفُونَ فِيهِ وَلِيَعْلَمَ ٱلَّذِينَ كَفَرُوٓا۟ أَنَّهُمْ كَانُوا۟ كَٰذِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(পুনৰ্জীৱিত এই কাৰণে কৰিব যে) যি বিষয়ে সিহঁতে মতানৈক্য কৰিছিল, সেয়া যাতে সিহঁতৰ ওচৰত স্পষ্ট কৰিব পাৰে, লগতে কাফিৰসকলক এই কথা জনাবলৈ যে, নিশ্চয় সিহঁত আছিল মিছলীয়া।
See all translations of this verse →
إِنَّمَا قَوْلُنَا لِشَىْءٍ إِذَآ أَرَدْنَٰهُ أَن نَّقُولَ لَهُۥ كُن فَيَكُونُ
Assamese Translation - Rafiqul Islam Habibur-Rahman(জানি থোৱা!) আমি কোনো বস্তুক (অস্তিত্বত আনিবলৈ) ইচ্ছা কৰিলে আমি কেৱল কওঁ যে, ‘হ’; ফলত ই হৈ যায়।
See all translations of this verse →
وَٱلَّذِينَ هَاجَرُوا۟ فِى ٱللَّهِ مِنۢ بَعْدِ مَا ظُلِمُوا۟ لَنُبَوِّئَنَّهُمْ فِى ٱلدُّنْيَا حَسَنَةً وَلَأَجْرُ ٱلْـَٔاخِرَةِ أَكْبَرُ لَوْ كَانُوا۟ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিৰ্যাতিত হোৱাৰ পিছত আল্লাহৰ পথত হিজৰত কৰিছে, নিশ্চয় আমি তেওঁলোকক পৃথিৱীত উত্তম আবাস প্ৰদান কৰিম; আৰু আখিৰাতৰ পুৰস্কাৰ নিশ্চয় ইয়াতকৈও শ্ৰেষ্ঠ। যদি সিহঁতে জানিলেহেঁতেন!
See all translations of this verse →
ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা (তাৱাক্কুল) কৰে।
See all translations of this verse →
وَمَآ أَرْسَلْنَا مِن قَبْلِكَ إِلَّا رِجَالًا نُّوحِىٓ إِلَيْهِمْ فَسْـَٔلُوٓا۟ أَهْلَ ٱلذِّكْرِ إِن كُنتُمْ لَا تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ পূৰ্বে কেৱল পুৰুষসকলকেই (ৰাছুল হিচাপে) প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ প্ৰতি আমি অহী পঠিয়াইছিলোঁ, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক সুধি লোৱা,
See all translations of this verse →
بِٱلْبَيِّنَٰتِ وَٱلزُّبُرِ وَأَنزَلْنَآ إِلَيْكَ ٱلذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanস্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলী সহকাৰে। আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যাতে তুমি মানুহক স্পষ্টভাৱে বুজাই দিব পাৰা যিখন সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।
See all translations of this verse →
أَفَأَمِنَ ٱلَّذِينَ مَكَرُوا۟ ٱلسَّيِّـَٔاتِ أَن يَخْسِفَ ٱللَّهُ بِهِمُ ٱلْأَرْضَ أَوْ يَأْتِيَهُمُ ٱلْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে বেয়া কৰ্ম কৰিবলৈ ষড়যন্ত্ৰ ৰচে, আল্লাহে সিহঁতক ভূগৰ্ভত বিলীন নকৰিব বুলি সিহঁতে নিৰ্ভয় হৈছে নেকি, অথবা উপলব্ধি কৰিব নোৱাৰা ঠাইৰ পৰা সিহঁতৰ ওপৰত শাস্তি নাহিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি?
See all translations of this verse →
أَوْ يَأْخُذَهُمْ فِى تَقَلُّبِهِمْ فَمَا هُم بِمُعْجِزِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা সিহঁতে চলা-ফুৰা কৰা অৱস্থাত তেওঁ সিহঁতক কৰায়ত্ব নকৰিব বুলি সিহঁতে নিশ্চিন্ত হৈছে নেকি? অথচ সিহঁতে সেয়া ব্যৰ্থও কৰিব নোৱাৰিব।
See all translations of this verse →
أَوْ يَأْخُذَهُمْ عَلَىٰ تَخَوُّفٍ فَإِنَّ رَبَّكُمْ لَرَءُوفٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা তেওঁ সিহঁতক ভীত-সন্ত্ৰস্ত অৱস্থাত গ্ৰেপ্তাৰ নকৰিব বুলি নিৰ্ভয় হৈছে নেকি? নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি স্নেহশীল, পৰম দয়ালু।
See all translations of this verse →
أَوَلَمْ يَرَوْا۟ إِلَىٰ مَا خَلَقَ ٱللَّهُ مِن شَىْءٍ يَتَفَيَّؤُا۟ ظِلَٰلُهُۥ عَنِ ٱلْيَمِينِ وَٱلشَّمَآئِلِ سُجَّدًا لِّلَّهِ وَهُمْ دَٰخِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?
See all translations of this verse →
وَلِلَّهِ يَسْجُدُ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ مِن دَآبَّةٍ وَٱلْمَلَٰٓئِكَةُ وَهُمْ لَا يَسْتَكْبِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱীত যিমান জীৱ-জন্তু আৰু ফিৰিস্তা আছে সেই সকলোৱে কেৱল আল্লাহকেই ছাজদাহ কৰে, তেওঁলোকে অহংকাৰ নকৰে।
See all translations of this verse →
يَخَافُونَ رَبَّهُم مِّن فَوْقِهِمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।
See all translations of this verse →
وَقَالَ ٱللَّهُ لَا تَتَّخِذُوٓا۟ إِلَٰهَيْنِ ٱثْنَيْنِ إِنَّمَا هُوَ إِلَٰهٌ وَٰحِدٌ فَإِيَّٰىَ فَٱرْهَبُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে কৈছে, ‘তোমালোকে দুজন ইলাহ গ্ৰহণ নকৰিবা; কেৱল তেৱেঁই একমাত্ৰ ইলাহ। গতিকে তোমালোকে কেৱল মোকেই ভয় কৰা’।
See all translations of this verse →
وَلَهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَلَهُ ٱلدِّينُ وَاصِبًا أَفَغَيْرَ ٱللَّهِ تَتَّقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰ তেওঁৰেই আৰু সাৰ্বক্ষণিক আনুগত্য কেৱল তেওঁৰেই প্ৰাপ্য। তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আনক ভয় কৰিবানে?
See all translations of this verse →
وَمَا بِكُم مِّن نِّعْمَةٍ فَمِنَ ٱللَّهِ ثُمَّ إِذَا مَسَّكُمُ ٱلضُّرُّ فَإِلَيْهِ تَجْـَٔرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ ওচৰত যিবোৰ নিয়ামত আছে সেইবোৰ আল্লাহৰ পৰাই আহিছে। তাৰ পিছত যেতিয়া তোমালোকক দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া তোমালোকে ব্যাকুলভাৱে তেওঁকেই আহ্বান কৰা।
See all translations of this verse →
ثُمَّ إِذَا كَشَفَ ٱلضُّرَّ عَنكُمْ إِذَا فَرِيقٌ مِّنكُم بِرَبِّهِمْ يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যেতিয়া আল্লাহে তোমালোকৰ দুখ-দৈন্য দূৰীভূত কৰে তেতিয়া তোমালোকৰ এটা দলে নিজ প্ৰতিপালকৰ সৈতে শ্বিৰ্ক কৰে--
See all translations of this verse →
لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَٰهُمْ فَتَمَتَّعُوا۟ فَسَوْفَ تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি সিহঁতক যি প্ৰদান কৰিছোঁ সেয়া অস্বীকাৰ কৰাৰ বাবে। গতিকে তোমালোকে ভোগ কৰি লোৱা, অচিৰেই তোমালোকে (ইয়াৰ পৰিণাম) জানিব পাৰিবা।
See all translations of this verse →
وَيَجْعَلُونَ لِمَا لَا يَعْلَمُونَ نَصِيبًا مِّمَّا رَزَقْنَٰهُمْ تَٱللَّهِ لَتُسْـَٔلُنَّ عَمَّا كُنتُمْ تَفْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সিহঁতক যি জীৱিকা দান কৰিছোঁ সিহঁতে তাৰ পৰা এটা অংশ নিৰ্ধাৰণ কৰে সেইবোৰ (উপাস্য)ৰ বাবে যিবোৰৰ বিষয়ে সিহঁতে একোৱেই নাজানে। শপত আল্লাহৰ! তোমালোকে যি মিছা উদ্ভাৱন কৰা সেই বিষয়ে অৱশ্যে তোমালোকক প্ৰশ্ন কৰা হ’ব।
See all translations of this verse →
وَيَجْعَلُونَ لِلَّهِ ٱلْبَنَٰتِ سُبْحَٰنَهُۥ وَلَهُم مَّا يَشْتَهُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে--অথচ তেওঁ পৱিত্ৰ, মহিমাময়। আনহাতে সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটোক সিহঁতে পছন্দ কৰে।
See all translations of this verse →
وَإِذَا بُشِّرَ أَحَدُهُم بِٱلْأُنثَىٰ ظَلَّ وَجْهُهُۥ مُسْوَدًّا وَهُوَ كَظِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে।
See all translations of this verse →
يَتَوَٰرَىٰ مِنَ ٱلْقَوْمِ مِن سُوٓءِ مَا بُشِّرَ بِهِۦٓ أَيُمْسِكُهُۥ عَلَىٰ هُونٍ أَمْ يَدُسُّهُۥ فِى ٱلتُّرَابِ أَلَا سَآءَ مَا يَحْكُمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান যে নিকৃষ্ট!
See all translations of this verse →
لِلَّذِينَ لَا يُؤْمِنُونَ بِٱلْـَٔاخِرَةِ مَثَلُ ٱلسَّوْءِ وَلِلَّهِ ٱلْمَثَلُ ٱلْأَعْلَىٰ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে, যাৱতীয় বেয়া উদাহৰণ সিহঁতৰ বাবেই, আৰু কেৱল আল্লাহৰ বাবেই হৈছে যাৱতীয় উৎকৃষ্ট উদাহৰণ (গুণাৱলী), আৰু তেৱেঁই পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
See all translations of this verse →
وَلَوْ يُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِظُلْمِهِم مَّا تَرَكَ عَلَيْهَا مِن دَآبَّةٍ وَلَٰكِن يُؤَخِّرُهُمْ إِلَىٰٓ أَجَلٍ مُّسَمًّى فَإِذَا جَآءَ أَجَلُهُمْ لَا يَسْتَـْٔخِرُونَ سَاعَةً وَلَا يَسْتَقْدِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূ-পৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও অগা-পিছা কৰিব নোৱাৰে।
See all translations of this verse →
وَيَجْعَلُونَ لِلَّهِ مَا يَكْرَهُونَ وَتَصِفُ أَلْسِنَتُهُمُ ٱلْكَذِبَ أَنَّ لَهُمُ ٱلْحُسْنَىٰ لَا جَرَمَ أَنَّ لَهُمُ ٱلنَّارَ وَأَنَّهُم مُّفْرَطُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে যি অপছন্দ কৰে সেইটোৱেই আল্লাহৰ প্ৰতি আৰোপ কৰে। সিহঁতৰ জিভাই মিছা বিৱৰণ দিয়ে যে, মঙ্গল কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট। নিঃসন্দেহে সিহঁতৰ বাবে আছে অগ্নি, আৰু নিশ্চয় সিহঁতকেই সৰ্বপ্ৰথম তাত নিক্ষেপ কৰা হ’ব।
See all translations of this verse →
تَٱللَّهِ لَقَدْ أَرْسَلْنَآ إِلَىٰٓ أُمَمٍ مِّن قَبْلِكَ فَزَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ أَعْمَٰلَهُمْ فَهُوَ وَلِيُّهُمُ ٱلْيَوْمَ وَلَهُمْ عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ; কিন্তু চয়তানে সিহঁতৰ দৃষ্টিত সিহঁতৰ কাৰ্যকলাপক শোভনীয় কৰি দিছিল, সেয়ে আজি সি হৈছে সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
وَمَآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَٰبَ إِلَّا لِتُبَيِّنَ لَهُمُ ٱلَّذِى ٱخْتَلَفُوا۟ فِيهِ وَهُدًى وَرَحْمَةً لِّقَوْمٍ يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ প্ৰতি কিতাব এইকাৰণে অৱতীৰ্ণ কৰিছোঁ যাতে তুমি সেইসকল লোকক সুস্পষ্টভাৱে বুজাই দিব পাৰা যিসকলে মতভেদ কৰিছে, লগতে এইখন হৈছে মুমিনসকলৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত।
See all translations of this verse →
وَٱللَّهُ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَحْيَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَآ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَسْمَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহেই আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে (আল্লাহৰ) কথা শুনে।
See all translations of this verse →
وَإِنَّ لَكُمْ فِى ٱلْأَنْعَٰمِ لَعِبْرَةً نُّسْقِيكُم مِّمَّا فِى بُطُونِهِۦ مِنۢ بَيْنِ فَرْثٍ وَدَمٍ لَّبَنًا خَالِصًا سَآئِغًا لِّلشَّٰرِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ঘৰচীয়া জন্তুৰ মাজতো তোমালোকৰ বাবে আছে শিক্ষা। তাৰ পেটৰ গোবৰ আৰু তেজৰ মাজৰ পৰা তোমালোকক সেৱন কৰাওঁ বিশুদ্ধ আৰু নিৰ্ভেজাল গাখীৰ, যিটো সেৱনকাৰীসকলৰ বাবে অতি তৃপ্তিকৰ।
See all translations of this verse →
وَمِن ثَمَرَٰتِ ٱلنَّخِيلِ وَٱلْأَعْنَٰبِ تَتَّخِذُونَ مِنْهُ سَكَرًا وَرِزْقًا حَسَنًا إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু খেজুৰ গছৰ ফল আৰু আঙুৰৰ পৰা তোমালোকে মাদক আৰু উত্তম খাদ্য গ্ৰহণ কৰা; নিশ্চয় ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।
See all translations of this verse →
وَأَوْحَىٰ رَبُّكَ إِلَى ٱلنَّحْلِ أَنِ ٱتَّخِذِى مِنَ ٱلْجِبَالِ بُيُوتًا وَمِنَ ٱلشَّجَرِ وَمِمَّا يَعْرِشُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ প্ৰতিপালকে মৌ-মাখিক প্ৰত্যাদেশ কৰিছে যে, ‘তুমি পাহাৰত, গছত আৰু মানুহে তৈয়াৰ কৰা হেদালিত মৌচাক সাজি লোৱা;
See all translations of this verse →
ثُمَّ كُلِى مِن كُلِّ ٱلثَّمَرَٰتِ فَٱسْلُكِى سُبُلَ رَبِّكِ ذُلُلًا يَخْرُجُ مِنۢ بُطُونِهَا شَرَابٌ مُّخْتَلِفٌ أَلْوَٰنُهُۥ فِيهِ شِفَآءٌ لِّلنَّاسِ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّقَوْمٍ يَتَفَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘ইয়াৰ পিছত প্ৰত্যেক ফলৰ পৰা অলপ অলপ খোৱা, আৰু তোমাৰ প্ৰতিপালকৰ সহজ পথ অনুসৰণ কৰা’। তাৰ পেটৰ পৰা নিৰ্গত হয় বিভিন্ন ৰঙৰ পানীয়, ইয়াৰ মাজত মানুহৰ বাবে আছে আৰোগ্য। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
See all translations of this verse →
وَٱللَّهُ خَلَقَكُمْ ثُمَّ يَتَوَفَّىٰكُمْ وَمِنكُم مَّن يُرَدُّ إِلَىٰٓ أَرْذَلِ ٱلْعُمُرِ لِكَىْ لَا يَعْلَمَ بَعْدَ عِلْمٍ شَيْـًٔا إِنَّ ٱللَّهَ عَلِيمٌ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহেই তোমালোকক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব আৰু তোমালোকৰ মাজৰ কিছুমানক প্ৰত্যাৱৰ্তিত কৰা হ’ব নিকৃষ্টতম বয়সত; যাতে জ্ঞান লাভৰ পিছত আকৌ সি সকলো নজনা হয়। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, পূৰ্ণ ক্ষমতাৱান।
See all translations of this verse →
وَٱللَّهُ فَضَّلَ بَعْضَكُمْ عَلَىٰ بَعْضٍ فِى ٱلرِّزْقِ فَمَا ٱلَّذِينَ فُضِّلُوا۟ بِرَآدِّى رِزْقِهِمْ عَلَىٰ مَا مَلَكَتْ أَيْمَٰنُهُمْ فَهُمْ فِيهِ سَوَآءٌ أَفَبِنِعْمَةِ ٱللَّهِ يَجْحَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে জীৱনোপকৰণত তোমালোকৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। কিন্তু যিসকলক শ্ৰেষ্ঠত্ব দিয়া হৈছে সিহঁতে সিহঁতৰ অধীনস্থ দাস-দাসীসকলক নিজৰ জীৱনোপকৰণৰ পৰা পৰ্যাপ্ত পৰিমাণৰ দান কেতিয়াও নিদিয়ে, (এইকাৰণে যে,) যাতে সিহঁতেও এই ক্ষেত্ৰত সিহঁতৰ সমান হৈ নাযায়। এতেকে সিহঁতে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰে নেকি?
See all translations of this verse →
وَٱللَّهُ جَعَلَ لَكُم مِّنْ أَنفُسِكُمْ أَزْوَٰجًا وَجَعَلَ لَكُم مِّنْ أَزْوَٰجِكُم بَنِينَ وَحَفَدَةً وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِ أَفَبِٱلْبَٰطِلِ يُؤْمِنُونَ وَبِنِعْمَتِ ٱللَّهِ هُمْ يَكْفُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে তোমালোকৰ পৰাই তোমালোকৰ সঙ্গিনী সৃষ্টি কৰিছে আৰু তোমালোকৰ সঙ্গিনীৰ পৰাই তোমালোকৰ বাবে সন্তান আৰু নাতিপুতি সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকক উত্তম জীৱনোপকৰণ দান কৰিছে। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে আৰু আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিবনে?
See all translations of this verse →
وَيَعْبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَمْلِكُ لَهُمْ رِزْقًا مِّنَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ شَيْـًٔا وَلَا يَسْتَطِيعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, আকাশসমূহ আৰু পৃথিৱীৰ পৰা সিহঁতক জীৱনোপকৰণ সৰবৰাহ কৰিবলৈ সেই উপাস্যবোৰৰ কোনো ক্ষমতা নাই আৰু কৰিবও নোৱাৰিব।
See all translations of this verse →
فَلَا تَضْرِبُوا۟ لِلَّهِ ٱلْأَمْثَالَ إِنَّ ٱللَّهَ يَعْلَمُ وَأَنتُمْ لَا تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেয়ে তোমালোকে আল্লাহৰ কোনো সদৃশ স্থিৰ নকৰিবা। নিশ্চয় আল্লাহে জানে আৰু তোমালোকে নাজানা।
See all translations of this verse →
ضَرَبَ ٱللَّهُ مَثَلًا عَبْدًا مَّمْلُوكًا لَّا يَقْدِرُ عَلَىٰ شَىْءٍ وَمَن رَّزَقْنَٰهُ مِنَّا رِزْقًا حَسَنًا فَهُوَ يُنفِقُ مِنْهُ سِرًّا وَجَهْرًا هَلْ يَسْتَوُۥنَ ٱلْحَمْدُ لِلَّهِ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে উপমা দাঙি ধৰিছে, আনৰ অধিকাৰভূক্ত এজন দাসৰ, যাৰ কোনো বস্তুৰ ওপৰত অধিকাৰ নাই আৰু এনে এজন ব্যক্তিৰ যাক আমি আমাৰ তৰফৰ পৰা উত্তম জীৱিকা দান কৰিছোঁ আৰু তেওঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে; (এতেকে কোৱাচোন!) উভয় ব্যক্তি সমান হ’ব পাৰেনে? সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই প্ৰাপ্য; বৰং সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
See all translations of this verse →
وَضَرَبَ ٱللَّهُ مَثَلًا رَّجُلَيْنِ أَحَدُهُمَآ أَبْكَمُ لَا يَقْدِرُ عَلَىٰ شَىْءٍ وَهُوَ كَلٌّ عَلَىٰ مَوْلَىٰهُ أَيْنَمَا يُوَجِّههُّ لَا يَأْتِ بِخَيْرٍ هَلْ يَسْتَوِى هُوَ وَمَن يَأْمُرُ بِٱلْعَدْلِ وَهُوَ عَلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে আৰু উপমা দিছে দুজন ব্যক্তিৰঃ সিহঁতৰ এজন হৈছে বোবা, কোনো বস্তুৰ ওপৰত তাৰ অধিকাৰ নাই আৰু সি তাৰ অভিভাৱকৰ ওপৰত বোজা হৈ আছে; য’তেই তাক পঠোৱা নহওক কিয় সি কোনো কল্যাণ লৈ আহিব নোৱাৰে; তেনেহ’লে এই ব্যক্তি সেই ব্যক্তিৰ সমান হ’ব পাৰেনে যিয়ে ন্যায়ৰ নিৰ্দেশ দিয়ে আৰু যিজন আছে সৰল পথত?
See all translations of this verse →
وَلِلَّهِ غَيْبُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَآ أَمْرُ ٱلسَّاعَةِ إِلَّا كَلَمْحِ ٱلْبَصَرِ أَوْ هُوَ أَقْرَبُ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱীৰ অদৃশ্য বিষয়াদি (ৰ জ্ঞান কেৱল) আল্লাহৰেই। কিয়ামত (সংঘটিত হোৱা)ৰ বিষয়টো চকুৰ পলকৰ দৰে, অথবা তাতোকৈ কম সময়ৰ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
See all translations of this verse →
وَٱللَّهُ أَخْرَجَكُم مِّنۢ بُطُونِ أُمَّهَٰتِكُمْ لَا تَعْلَمُونَ شَيْـًٔا وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَٰرَ وَٱلْأَفْـِٔدَةَ لَعَلَّكُمْ تَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে, যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেৱেঁই তোমালোকক দিছে শ্ৰৱণশক্তি, দৃষ্টিশক্তি আৰু হৃদয়, যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
See all translations of this verse →
أَلَمْ يَرَوْا۟ إِلَى ٱلطَّيْرِ مُسَخَّرَٰتٍ فِى جَوِّ ٱلسَّمَآءِ مَا يُمْسِكُهُنَّ إِلَّا ٱللَّهُ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে লক্ষ্য কৰা নাইনে আকাশৰ শূন্য গৰ্ভত নিয়ন্ত্ৰণাধীন চৰাই-চিৰিকটিৰ প্ৰতি? আল্লাহৰ বাহিৰে আন কোনেও সেইবোৰক ধৰি নাৰাখে। নিশ্চয় ইয়াত মুমিন সম্প্ৰদায়ৰ বাবে আছে নিদৰ্শন।
See all translations of this verse →
وَٱللَّهُ جَعَلَ لَكُم مِّنۢ بُيُوتِكُمْ سَكَنًا وَجَعَلَ لَكُم مِّن جُلُودِ ٱلْأَنْعَٰمِ بُيُوتًا تَسْتَخِفُّونَهَا يَوْمَ ظَعْنِكُمْ وَيَوْمَ إِقَامَتِكُمْ وَمِنْ أَصْوَافِهَا وَأَوْبَارِهَا وَأَشْعَارِهَآ أَثَٰثًا وَمَتَٰعًا إِلَىٰ حِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে তোমালোকৰ গৃহসমূহক তোমালোকৰ বাবে আবাসস্থল বনাইছে আৰু তেৱেঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ, তম্বুৰ ব্যৱস্থা কৰিছে, তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। (তেৱেঁই ব্যৱস্থা কৰিছে) সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছু কালৰ বাবে গৃহ-সামগ্ৰী আৰু ব্যৱহাৰিক-উপকৰণ।
See all translations of this verse →
وَٱللَّهُ جَعَلَ لَكُم مِّمَّا خَلَقَ ظِلَٰلًا وَجَعَلَ لَكُم مِّنَ ٱلْجِبَالِ أَكْنَٰنًا وَجَعَلَ لَكُمْ سَرَٰبِيلَ تَقِيكُمُ ٱلْحَرَّ وَسَرَٰبِيلَ تَقِيكُم بَأْسَكُمْ كَذَٰلِكَ يُتِمُّ نِعْمَتَهُۥ عَلَيْكُمْ لَعَلَّكُمْ تُسْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে যি সৃষ্টি কৰিছে তাৰ পৰাই তেওঁ তোমালোকৰ বাবে ছাঁৰ ব্যৱস্থা কৰিছে আৰু তোমালোকৰ বাবে পাহাৰত আশ্ৰয়স্থল বনাইছে আৰু তোমালোকৰ বাবে ব্যৱস্থা কৰিছে পৰিধেয় বস্ত্ৰৰ; যিবোৰে তোমালোকক গৰমৰ তাপৰ পৰা ৰক্ষা কৰে আৰু তেৱেঁই তোমালোকৰ বাবে বৰ্মৰ ব্যৱস্থা কৰিছে, যিয়ে তোমালোকক যুদ্ধ ক্ষেত্ৰত ৰক্ষা কৰে। এইদৰেই তেওঁ তোমালোকৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিছে যাতে তোমালোকে আত্মসমৰ্পণ কৰা।
See all translations of this verse →
فَإِن تَوَلَّوْا۟ فَإِنَّمَا عَلَيْكَ ٱلْبَلَٰغُ ٱلْمُبِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল সুস্পষ্টভাৱে পৌঁচাই দিয়া।
See all translations of this verse →
يَعْرِفُونَ نِعْمَتَ ٱللَّهِ ثُمَّ يُنكِرُونَهَا وَأَكْثَرُهُمُ ٱلْكَٰفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহৰ নিয়ামতক চিনি পায়; তথাপিও সিহঁতে সেইবোৰক অস্বীকাৰ কৰে আৰু সিহঁতৰ অধিকাংশই হৈছে কাফিৰ।
See all translations of this verse →
وَيَوْمَ نَبْعَثُ مِن كُلِّ أُمَّةٍ شَهِيدًا ثُمَّ لَا يُؤْذَنُ لِلَّذِينَ كَفَرُوا۟ وَلَا هُمْ يُسْتَعْتَبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিদিনা আমি প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উত্থিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক (ওজৰ-আপত্তি দাঙি ধৰিবলৈ) অনুমতি দিয়া নহ’ব আৰু সিহঁতক (আল্লাহৰ) সন্তুষ্টি লাভৰ সুযোগো দিয়া নহ’ব।
See all translations of this verse →
وَإِذَا رَءَا ٱلَّذِينَ ظَلَمُوا۟ ٱلْعَذَابَ فَلَا يُخَفَّفُ عَنْهُمْ وَلَا هُمْ يُنظَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া যালিমসকলে শাস্তি দেখা পাব, তেতিয়া আৰু সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
See all translations of this verse →
وَإِذَا رَءَا ٱلَّذِينَ أَشْرَكُوا۟ شُرَكَآءَهُمْ قَالُوا۟ رَبَّنَا هَٰٓؤُلَآءِ شُرَكَآؤُنَا ٱلَّذِينَ كُنَّا نَدْعُوا۟ مِن دُونِكَ فَأَلْقَوْا۟ إِلَيْهِمُ ٱلْقَوْلَ إِنَّكُمْ لَكَٰذِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মুশ্বৰিকবিলাকে যেতিয়া সিহঁতৰ অংশীদাৰসকলক দেখিব তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই হৈছে সেইসকল লোক যিসকলক আমি তোমাৰ অংশী কৰিছিলোঁ, যিসকলক তোমাৰ পৰিবৰ্তে আমি আহ্বান কৰিছিলোঁ’; তেতিয়া অংশীসকলে এই কথা মুশ্বৰিকসকলৰ পিনে ওভতাই দি ক’ব, ‘নিশ্চয় তোমালোক হৈছা মিছলীয়া’।
See all translations of this verse →
وَأَلْقَوْا۟ إِلَى ٱللَّهِ يَوْمَئِذٍ ٱلسَّلَمَ وَضَلَّ عَنْهُم مَّا كَانُوا۟ يَفْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা সিহঁতে আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিব আৰু সিহঁতে যিবোৰ মিছা উদ্ভাৱন কৰিছিল সেইবোৰ সিহঁতৰ পৰা উধাও হৈ যাব।
See all translations of this verse →
ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ زِدْنَٰهُمْ عَذَابًا فَوْقَ ٱلْعَذَابِ بِمَا كَانُوا۟ يُفْسِدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা (মানুহক) বিৰত ৰাখিছে, আমি সিহঁতৰ শাস্তিৰ ওপৰত শাস্তি বৃদ্ধি কৰিম; কাৰণ সিহঁতে অশান্তি সৃষ্টি কৰিছিল।
See all translations of this verse →
وَيَوْمَ نَبْعَثُ فِى كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِم مِّنْ أَنفُسِهِمْ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰٓؤُلَآءِ وَنَزَّلْنَا عَلَيْكَ ٱلْكِتَٰبَ تِبْيَٰنًا لِّكُلِّ شَىْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(আৰু স্মৰণ কৰা,) যিদিনা আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একো একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছোঁ প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যা হিচাপে, লগতে মুছলিমসকলৰ বাবে পথ নিৰ্দেশ, ৰহমত আৰু সুসংবাদস্বৰূপে।
See all translations of this verse →
إِنَّ ٱللَّهَ يَأْمُرُ بِٱلْعَدْلِ وَٱلْإِحْسَٰنِ وَإِيتَآئِ ذِى ٱلْقُرْبَىٰ وَيَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ وَٱلْبَغْىِ يَعِظُكُمْ لَعَلَّكُمْ تَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহে আদল (ন্যায়পৰায়ণতা), ইহছান (সদাচৰণ) আৰু আত্মীয়-স্বজনক দানৰ নিৰ্দেশ দিয়ে, লগতে তেওঁ অশ্লীলতা, অসৎকৰ্ম আৰু সীমালঙ্ঘনৰ পৰা নিষেধ কৰে, তেওঁ তোমালোকক উপদেশ দিয়ে যাতে তোমালোকে শিক্ষা গ্ৰহণ কৰা।
See all translations of this verse →
وَأَوْفُوا۟ بِعَهْدِ ٱللَّهِ إِذَا عَٰهَدتُّمْ وَلَا تَنقُضُوا۟ ٱلْأَيْمَٰنَ بَعْدَ تَوْكِيدِهَا وَقَدْ جَعَلْتُمُ ٱللَّهَ عَلَيْكُمْ كَفِيلًا إِنَّ ٱللَّهَ يَعْلَمُ مَا تَفْعَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰ পূৰণ কৰিবা যেতিয়া তোমালোকে অঙ্গীকাৰ কৰা, আৰু তোমালোকে আল্লাহক সাক্ষী কৰি শপত দৃঢ় কৰাৰ পিছত সেয়া ভঙ্গ নকৰিবা। নিশ্চয় তোমালোকে যি কৰা সেয়া আল্লাহে জানে।
See all translations of this verse →
وَلَا تَكُونُوا۟ كَٱلَّتِى نَقَضَتْ غَزْلَهَا مِنۢ بَعْدِ قُوَّةٍ أَنكَٰثًا تَتَّخِذُونَ أَيْمَٰنَكُمْ دَخَلًۢا بَيْنَكُمْ أَن تَكُونَ أُمَّةٌ هِىَ أَرْبَىٰ مِنْ أُمَّةٍ إِنَّمَا يَبْلُوكُمُ ٱللَّهُ بِهِۦ وَلَيُبَيِّنَنَّ لَكُمْ يَوْمَ ٱلْقِيَٰمَةِ مَا كُنتُمْ فِيهِ تَخْتَلِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে সেই নাৰীৰ দৰে নহ’বা, যি নাৰীয়ে মজবুতকৈ সূতা কটাৰ পিছত সেই সূতা তাই নিজেই টুকুৰা-টুকুৰ কৰি পেলায়। (কিয়নো) তোমালোকে তোমালোকৰ শপতক পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে ব্যৱহাৰ কৰি থাকা, যাতে এটা দলে আনটো দলতকৈ বেছি লাভৱান হয়। নিশ্চয় আল্লাহে ইয়াৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰে। অৱশ্যে আল্লাহে কিয়ামতৰ দিনা সেয়া তোমালোকৰ ওচৰত স্পষ্ট বৰ্ণনা কৰি দিব যি বিষয়ে তোমালোকে মতানৈক্য কৰিছা।
See all translations of this verse →
وَلَوْ شَآءَ ٱللَّهُ لَجَعَلَكُمْ أُمَّةً وَٰحِدَةً وَلَٰكِن يُضِلُّ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ وَلَتُسْـَٔلُنَّ عَمَّا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা জাতিত পৰিণত কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে সৎপথত পৰিচালিত কৰে। তোমালোকে যি কৰিছিলা সেই বিষয়ে নিশ্চয় তোমালোকক প্ৰশ্ন কৰা হ’ব।
See all translations of this verse →
وَلَا تَتَّخِذُوٓا۟ أَيْمَٰنَكُمْ دَخَلًۢا بَيْنَكُمْ فَتَزِلَّ قَدَمٌۢ بَعْدَ ثُبُوتِهَا وَتَذُوقُوا۟ ٱلسُّوٓءَ بِمَا صَدَدتُّمْ عَن سَبِيلِ ٱللَّهِ وَلَكُمْ عَذَابٌ عَظِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৰস্পৰক প্ৰবঞ্চনা কৰাৰ বাবে তোমালোকে নিজৰ শপতক ব্যৱহাৰ নকৰিবা; এনে কৰিলে, ভৰি স্থিৰ হোৱাৰ পিছত আকৌ পিচলি যাব আৰু আল্লাহৰ পথত বাধা দিয়াৰ কাৰণে তোমালোকে শাস্তিৰ সোৱাদ গ্ৰহণ কৰিব লাগিব; আৰু তোমালোকৰ বাবে আছে মহাশাস্তি।
See all translations of this verse →
وَلَا تَشْتَرُوا۟ بِعَهْدِ ٱللَّهِ ثَمَنًا قَلِيلًا إِنَّمَا عِندَ ٱللَّهِ هُوَ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকে আল্লাহৰ অঙ্গীকাৰক তুচ্ছ মূল্যত বিক্ৰী নকৰিবা। আল্লাহৰ ওচৰত যি আছে সেইটোৱে তোমালোকৰ বাবে উত্তম—(হায়!) যদি তোমালোক জানিলাহেঁতেন!
See all translations of this verse →
مَا عِندَكُمْ يَنفَدُ وَمَا عِندَ ٱللَّهِ بَاقٍ وَلَنَجْزِيَنَّ ٱلَّذِينَ صَبَرُوٓا۟ أَجْرَهُم بِأَحْسَنِ مَا كَانُوا۟ يَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ ওচৰত যি আছে সেয়া নিঃশেষ হ’ব আৰু আল্লাহৰ ওচৰত যি আছে সেয়া হৈছে স্থায়ী। সেয়ে যিসকলে ধৈৰ্য্য ধাৰণ কৰিছে, নিশ্চয় আমি তেওঁলোকক তেওঁলোকে যি কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান দান কৰিম।
See all translations of this verse →
مَنْ عَمِلَ صَٰلِحًا مِّن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُۥ حَيَوٰةً طَيِّبَةً وَلَنَجْزِيَنَّهُمْ أَجْرَهُم بِأَحْسَنِ مَا كَانُوا۟ يَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপুৰুষ হওক বা নাৰী ঈমানৰ অৱস্থাত যিয়েই সৎকৰ্ম কৰিব, নিশ্চয় আমি তাক পৱিত্ৰ জীৱন দান কৰিম। লগতে অৱশ্যে আমি তেওঁলোকক তেওঁলোকে যি আমল কৰিছিল তাতোকৈ শ্ৰেষ্ঠ প্ৰতিদান প্ৰদান কৰিম।
See all translations of this verse →
فَإِذَا قَرَأْتَ ٱلْقُرْءَانَ فَٱسْتَعِذْ بِٱللَّهِ مِنَ ٱلشَّيْطَٰنِ ٱلرَّجِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া তুমি কোৰআন পাঠ কৰিবা, তেতিয়া অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিবা;
See all translations of this verse →
إِنَّهُۥ لَيْسَ لَهُۥ سُلْطَٰنٌ عَلَى ٱلَّذِينَ ءَامَنُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে, তেওঁলোকৰ ওপৰত তাৰ (চয়তানৰ) কোনো আধিপত্য নাই।
See all translations of this verse →
إِنَّمَا سُلْطَٰنُهُۥ عَلَى ٱلَّذِينَ يَتَوَلَّوْنَهُۥ وَٱلَّذِينَ هُم بِهِۦ مُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ আধিপত্য কেৱল সেইসকল লোকৰ ওপৰত, যিসকলে তাক অভিভাৱকৰূপে গ্ৰহণ কৰে আৰু যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে।
See all translations of this verse →
وَإِذَا بَدَّلْنَآ ءَايَةً مَّكَانَ ءَايَةٍ وَٱللَّهُ أَعْلَمُ بِمَا يُنَزِّلُ قَالُوٓا۟ إِنَّمَآ أَنتَ مُفْتَرٍۭ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি যেতিয়া এটা আয়াতৰ স্থান পৰিবৰ্তন কৰি আন এটা আয়াত অৱতীৰ্ণ কৰোঁ—আৰু আল্লাহেই ভালদৰে জানে তেওঁ কি অৱতীৰ্ণ কৰিব--, তেতিয়া সিহঁতে কয়, ‘নিশ্চয় তুমি হৈছা এজন মিছা ৰচনাকাৰী’, বৰং সিহঁতৰ অধিকাংশই নাজানে।
See all translations of this verse →
قُلْ نَزَّلَهُۥ رُوحُ ٱلْقُدُسِ مِن رَّبِّكَ بِٱلْحَقِّ لِيُثَبِّتَ ٱلَّذِينَ ءَامَنُوا۟ وَهُدًى وَبُشْرَىٰ لِلْمُسْلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰূহুল-কুদুছে (জীব্ৰীলে) যথাযথভাৱে ইয়াক অৱতীৰ্ণ কৰিছে, যিসকলে ঈমান আনিছে তেওঁলোকক সুদৃঢ় কৰাৰ বাবে, আৰু ই হৈছে হিদায়ত লগতে মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ’।
See all translations of this verse →
وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُۥ بَشَرٌ لِّسَانُ ٱلَّذِى يُلْحِدُونَ إِلَيْهِ أَعْجَمِىٌّ وَهَٰذَا لِسَانٌ عَرَبِىٌّ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইংগিত কৰে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা।
See all translations of this verse →
إِنَّ ٱلَّذِينَ لَا يُؤْمِنُونَ بِـَٔايَٰتِ ٱللَّهِ لَا يَهْدِيهِمُ ٱللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, আল্লাহে সিহঁতক হিদায়ত নকৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
إِنَّمَا يَفْتَرِى ٱلْكَذِبَ ٱلَّذِينَ لَا يُؤْمِنُونَ بِـَٔايَٰتِ ٱللَّهِ وَأُو۟لَٰٓئِكَ هُمُ ٱلْكَٰذِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই হৈছে মিছলীয়া।
See all translations of this verse →
مَن كَفَرَ بِٱللَّهِ مِنۢ بَعْدِ إِيمَٰنِهِۦٓ إِلَّا مَنْ أُكْرِهَ وَقَلْبُهُۥ مُطْمَئِنٌّۢ بِٱلْإِيمَٰنِ وَلَٰكِن مَّن شَرَحَ بِٱلْكُفْرِ صَدْرًا فَعَلَيْهِمْ غَضَبٌ مِّنَ ٱللَّهِ وَلَهُمْ عَذَابٌ عَظِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোনোবাই ঈমান পোষণ কৰাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচল (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব, সিহঁতৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু সিহঁতৰ বাবেই আছে মহাশাস্তি।
See all translations of this verse →
ذَٰلِكَ بِأَنَّهُمُ ٱسْتَحَبُّوا۟ ٱلْحَيَوٰةَ ٱلدُّنْيَا عَلَى ٱلْـَٔاخِرَةِ وَأَنَّ ٱللَّهَ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
See all translations of this verse →
أُو۟لَٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ وَسَمْعِهِمْ وَأَبْصَٰرِهِمْ وَأُو۟لَٰٓئِكَ هُمُ ٱلْغَٰفِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰত, কাণত আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই হৈছে উদাসীন।
See all translations of this verse →
لَا جَرَمَ أَنَّهُمْ فِى ٱلْـَٔاخِرَةِ هُمُ ٱلْخَٰسِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিঃসন্দেহে, এই কথা নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।
See all translations of this verse →
ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ هَاجَرُوا۟ مِنۢ بَعْدِ مَا فُتِنُوا۟ ثُمَّ جَٰهَدُوا۟ وَصَبَرُوٓا۟ إِنَّ رَبَّكَ مِنۢ بَعْدِهَا لَغَفُورٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।
See all translations of this verse →
يَوْمَ تَأْتِى كُلُّ نَفْسٍ تُجَٰدِلُ عَن نَّفْسِهَا وَتُوَفَّىٰ كُلُّ نَفْسٍ مَّا عَمِلَتْ وَهُمْ لَا يُظْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman(স্মৰণ কৰা) সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিফল পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো ধৰণৰ) অন্যায় কৰা নহ’ব।
See all translations of this verse →
وَضَرَبَ ٱللَّهُ مَثَلًا قَرْيَةً كَانَتْ ءَامِنَةً مُّطْمَئِنَّةً يَأْتِيهَا رِزْقُهَا رَغَدًا مِّن كُلِّ مَكَانٍ فَكَفَرَتْ بِأَنْعُمِ ٱللَّهِ فَأَذَٰقَهَا ٱللَّهُ لِبَاسَ ٱلْجُوعِ وَٱلْخَوْفِ بِمَا كَانُوا۟ يَصْنَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিন্ত, য’ত কেউফালৰ পৰা তাৰ বাবে প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহক অস্বীকাৰ কৰিছিল, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰাইছিল।
See all translations of this verse →
وَلَقَدْ جَآءَهُمْ رَسُولٌ مِّنْهُمْ فَكَذَّبُوهُ فَأَخَذَهُمُ ٱلْعَذَابُ وَهُمْ ظَٰلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল।
See all translations of this verse →
فَكُلُوا۟ مِمَّا رَزَقَكُمُ ٱللَّهُ حَلَٰلًا طَيِّبًا وَٱشْكُرُوا۟ نِعْمَتَ ٱللَّهِ إِن كُنتُمْ إِيَّاهُ تَعْبُدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ভক্ষণ কৰা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
See all translations of this verse →
إِنَّمَا حَرَّمَ عَلَيْكُمُ ٱلْمَيْتَةَ وَٱلدَّمَ وَلَحْمَ ٱلْخِنزِيرِ وَمَآ أُهِلَّ لِغَيْرِ ٱللَّهِ بِهِۦ فَمَنِ ٱضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে কেৱল মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইবোৰকহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ উপায়হীন হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
See all translations of this verse →
وَلَا تَقُولُوا۟ لِمَا تَصِفُ أَلْسِنَتُكُمُ ٱلْكَذِبَ هَٰذَا حَلَٰلٌ وَهَٰذَا حَرَامٌ لِّتَفْتَرُوا۟ عَلَى ٱللَّهِ ٱلْكَذِبَ إِنَّ ٱلَّذِينَ يَفْتَرُونَ عَلَى ٱللَّهِ ٱلْكَذِبَ لَا يُفْلِحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ জিভাৰ দ্বাৰা বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে সিহঁতে কেতিয়াও সফল হ'ব নোৱাৰে।
See all translations of this verse →
مَتَٰعٌ قَلِيلٌ وَلَهُمْ عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman(পাৰ্থিৱ জীৱনত) সিহঁতৰ সুখ-সম্ভোগ অতি সামান্য, (কিন্তু আখিৰাতত) সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
وَعَلَى ٱلَّذِينَ هَادُوا۟ حَرَّمْنَا مَا قَصَصْنَا عَلَيْكَ مِن قَبْلُ وَمَا ظَلَمْنَٰهُمْ وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াহুদীসকলৰ বাবে আমি কেৱল সেইটোৱে হাৰাম কৰিছোঁ যিটো তোমাৰ ওচৰত আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাছিলোঁ, বৰং সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
See all translations of this verse →
ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ عَمِلُوا۟ ٱلسُّوٓءَ بِجَهَٰلَةٍ ثُمَّ تَابُوا۟ مِنۢ بَعْدِ ذَٰلِكَ وَأَصْلَحُوٓا۟ إِنَّ رَبَّكَ مِنۢ بَعْدِهَا لَغَفُورٌ رَّحِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে তেওঁলোকৰ বাবে তোমাৰ প্ৰতিপালক নিশ্চয় অতি ক্ষমাশীল, পৰম দয়ালু।
See all translations of this verse →
إِنَّ إِبْرَٰهِيمَ كَانَ أُمَّةً قَانِتًا لِّلَّهِ حَنِيفًا وَلَمْ يَكُ مِنَ ٱلْمُشْرِكِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;
See all translations of this verse →
شَاكِرًا لِّأَنْعُمِهِ ٱجْتَبَىٰهُ وَهَدَىٰهُ إِلَىٰ صِرَٰطٍ مُّسْتَقِيمٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।
See all translations of this verse →
وَءَاتَيْنَٰهُ فِى ٱلدُّنْيَا حَسَنَةً وَإِنَّهُۥ فِى ٱلْـَٔاخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলোঁ, আৰু নিশ্চয় তেওঁ আখিৰাততো হ’ব সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
ثُمَّ أَوْحَيْنَآ إِلَيْكَ أَنِ ٱتَّبِعْ مِلَّةَ إِبْرَٰهِيمَ حَنِيفًا وَمَا كَانَ مِنَ ٱلْمُشْرِكِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ)ৰ অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
See all translations of this verse →
إِنَّمَا جُعِلَ ٱلسَّبْتُ عَلَى ٱلَّذِينَ ٱخْتَلَفُوا۟ فِيهِ وَإِنَّ رَبَّكَ لَيَحْكُمُ بَيْنَهُمْ يَوْمَ ٱلْقِيَٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।
See all translations of this verse →
ٱدْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِٱلْحِكْمَةِ وَٱلْمَوْعِظَةِ ٱلْحَسَنَةِ وَجَٰدِلْهُم بِٱلَّتِى هِىَ أَحْسَنُ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعْلَمُ بِٱلْمُهْتَدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ সৈতে উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেই বিষয়েও তেওঁ অৱগত।
See all translations of this verse →
وَإِنْ عَاقَبْتُمْ فَعَاقِبُوا۟ بِمِثْلِ مَا عُوقِبْتُم بِهِۦ وَلَئِن صَبَرْتُمْ لَهُوَ خَيْرٌ لِّلصَّٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমালোকে প্ৰতিশোধ গ্ৰহণ কৰা, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। আনহাতে যদি তোমালোকে ধৈৰ্য্য ধাৰণ কৰা তেন্তে ধৈৰ্য্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।
See all translations of this verse →
وَٱصْبِرْ وَمَا صَبْرُكَ إِلَّا بِٱللَّهِ وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُ فِى ضَيْقٍ مِّمَّا يَمْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি ধৈৰ্য্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য্য কেৱল আল্লাহৰেই সহায়ৰ ফল। তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।
See all translations of this verse →
إِنَّ ٱللَّهَ مَعَ ٱلَّذِينَ ٱتَّقَوا۟ وَّٱلَّذِينَ هُم مُّحْسِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যিসকল সৎকৰ্মপৰায়ণ।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→