caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Ash-Shams الشمس

১৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ২৬

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلشَّمْسِ وَضُحَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,

See all translations of this verse →

وَٱلْقَمَرِ إِذَا تَلَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়,

See all translations of this verse →

وَٱلنَّهَارِ إِذَا جَلَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে,

See all translations of this verse →

وَٱلَّيْلِ إِذَا يَغْشَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,

See all translations of this verse →

وَٱلسَّمَآءِ وَمَا بَنَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,

See all translations of this verse →

وَٱلْأَرْضِ وَمَا طَحَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,

See all translations of this verse →

وَنَفْسٍ وَمَا سَوَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,

See all translations of this verse →

فَأَلْهَمَهَا فُجُورَهَا وَتَقْوَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,

See all translations of this verse →

قَدْ أَفْلَحَ مَن زَكَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।

See all translations of this verse →

وَقَدْ خَابَ مَن دَسَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।

See all translations of this verse →

كَذَّبَتْ ثَمُودُ بِطَغْوَىٰهَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।

See all translations of this verse →

إِذِ ٱنۢبَعَثَ أَشْقَىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,

See all translations of this verse →

فَقَالَ لَهُمْ رَسُولُ ٱللَّهِ نَاقَةَ ٱللَّهِ وَسُقْيَٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।

See all translations of this verse →

فَكَذَّبُوهُ فَعَقَرُوهَا فَدَمْدَمَ عَلَيْهِمْ رَبُّهُم بِذَنۢبِهِمْ فَسَوَّىٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।

See all translations of this verse →

وَلَا يَخَافُ عُقْبَٰهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70