caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা As-Sajda السجدة

৩০ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৭৫

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ الٓمٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআলিফ-লাম-মীম।[1]

See all translations of this verse →

تَنزِيلُ ٱلْكِتَٰبِ لَا رَيْبَ فِيهِ مِن رَّبِّ ٱلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএই কিতাব বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই।

See all translations of this verse →

أَمْ يَقُولُونَ ٱفْتَرَىٰهُ بَلْ هُوَ ٱلْحَقُّ مِن رَّبِّكَ لِتُنذِرَ قَوْمًا مَّآ أَتَىٰهُم مِّن نَّذِيرٍ مِّن قَبْلِكَ لَعَلَّهُمْ يَهْتَدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথবা সিহঁতে এই কথা কয় নেকি যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? নহয়, বৰং এখন হৈছে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্য, যাতে তুমি এনেকুৱা এটা সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰা, যিসকলৰ ওচৰলৈ তোমাৰ পূৰ্বে আন কোনো সতৰ্ককাৰী অহা নাছিল, সম্ভৱতঃ সিহঁতে হিদায়ত লাভ কৰিব।

See all translations of this verse →

ٱللَّهُ ٱلَّذِى خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَمَا بَيْنَهُمَا فِى سِتَّةِ أَيَّامٍ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ مَا لَكُم مِّن دُونِهِۦ مِن وَلِىٍّ وَلَا شَفِيعٍ أَفَلَا تَتَذَكَّرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহেই সেই সত্ত্বা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে অন্তৱৰ্তী সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

See all translations of this verse →

يُدَبِّرُ ٱلْأَمْرَ مِنَ ٱلسَّمَآءِ إِلَى ٱلْأَرْضِ ثُمَّ يَعْرُجُ إِلَيْهِ فِى يَوْمٍ كَانَ مِقْدَارُهُۥٓ أَلْفَ سَنَةٍ مِّمَّا تَعُدُّونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশৰ পৰা পৃথিৱীলৈকে সকলো বিষয় পৰিচালনা কৰে, তাৰ পিছত সকলো বিষয় তেওঁৰ সমীপতেই উত্থিত হ’ব এনেকুৱা এটা দিনত, যাৰ পৰিমাণ হ’ব তোমালোকৰ গণনা অনুসাৰে এহেজাৰ বছৰ।

See all translations of this verse →

ذَٰلِكَ عَٰلِمُ ٱلْغَيْبِ وَٱلشَّهَٰدَةِ ٱلْعَزِيزُ ٱلرَّحِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ গায়েব আৰু উপস্থিত (যাৱতীয় বিষয়ৰ) জ্ঞানী, প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু।

See all translations of this verse →

ٱلَّذِىٓ أَحْسَنَ كُلَّ شَىْءٍ خَلَقَهُۥ وَبَدَأَ خَلْقَ ٱلْإِنسَٰنِ مِن طِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজনে তেওঁৰ প্ৰত্যেকটো সৃষ্টিক উত্তমৰূপে সৃজন কৰিছে আৰু বোকা মাটিৰ পৰা মানৱ সৃষ্টিৰ সূচনা কৰিছে।

See all translations of this verse →

ثُمَّ جَعَلَ نَسْلَهُۥ مِن سُلَٰلَةٍ مِّن مَّآءٍ مَّهِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেৱেঁই মানুহৰ বংশ উৎপন্ন কৰিছে তুচ্ছ তৰল পদাৰ্থৰ উপাদানৰ পৰা।

See all translations of this verse →

ثُمَّ سَوَّىٰهُ وَنَفَخَ فِيهِ مِن رُّوحِهِۦ وَجَعَلَ لَكُمُ ٱلسَّمْعَ وَٱلْأَبْصَٰرَ وَٱلْأَفْـِٔدَةَ قَلِيلًا مَّا تَشْكُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেৱেঁই তাক সুঠাম কৰিছে আৰু তাত তেওঁৰ ৰূহ ফুঁৱাই দিছে। তেৱেঁই তোমালোকৰ বাবে কাণ, চকু আৰু অন্তঃকৰণ সৃষ্টি কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।

See all translations of this verse →

وَقَالُوٓا۟ أَءِذَا ضَلَلْنَا فِى ٱلْأَرْضِ أَءِنَّا لَفِى خَلْقٍ جَدِيدٍۭ بَلْ هُم بِلِقَآءِ رَبِّهِمْ كَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কয়, ‘আমি যেতিয়া মাটিত মিহলি যাম তাৰ পিছতো আমি নতুন সৃষ্টিৰূপে উত্থিত হ'মনে’? বৰং সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰে।

See all translations of this verse →

قُلْ يَتَوَفَّىٰكُم مَّلَكُ ٱلْمَوْتِ ٱلَّذِى وُكِّلَ بِكُمْ ثُمَّ إِلَىٰ رَبِّكُمْ تُرْجَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘মৃত্যুৰ ফিৰিস্তাক তোমালোকৰ বাবেই নিয়োগ কৰা হৈছে, তেৱেঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব। তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই তোমালোকক ওভতাই নিয়া হ’ব’।

See all translations of this verse →

وَلَوْ تَرَىٰٓ إِذِ ٱلْمُجْرِمُونَ نَاكِسُوا۟ رُءُوسِهِمْ عِندَ رَبِّهِمْ رَبَّنَآ أَبْصَرْنَا وَسَمِعْنَا فَٱرْجِعْنَا نَعْمَلْ صَٰلِحًا إِنَّا مُوقِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি যদি দেখিলাহেঁতেন! যেতিয়া অপৰাধীবিলাকে মূৰ অৱনত কৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি দেখিলোঁ আৰু শুনিলোঁ, এতেকে তুমি আমাক পুনৰ পঠাই দিয়া, আমি সৎকৰ্ম কৰিম, নিশ্চয় আমি দৃঢ় বিশ্বাসী’।

See all translations of this verse →

وَلَوْ شِئْنَا لَـَٔاتَيْنَا كُلَّ نَفْسٍ هُدَىٰهَا وَلَٰكِنْ حَقَّ ٱلْقَوْلُ مِنِّى لَأَمْلَأَنَّ جَهَنَّمَ مِنَ ٱلْجِنَّةِ وَٱلنَّاسِ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই সৎপথত পৰিচালিত কৰিলোঁহেঁতেন; কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে, নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম।

See all translations of this verse →

فَذُوقُوا۟ بِمَا نَسِيتُمْ لِقَآءَ يَوْمِكُمْ هَٰذَآ إِنَّا نَسِينَٰكُمْ وَذُوقُوا۟ عَذَابَ ٱلْخُلْدِ بِمَا كُنتُمْ تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (সিহঁতক কোৱা হ’ব) ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে আজিৰ এই দিনটোৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলোঁ। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।

See all translations of this verse →

إِنَّمَا يُؤْمِنُ بِـَٔايَٰتِنَا ٱلَّذِينَ إِذَا ذُكِّرُوا۟ بِهَا خَرُّوا۟ سُجَّدًا وَسَبَّحُوا۟ بِحَمْدِ رَبِّهِمْ وَهُمْ لَا يَسْتَكْبِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকেৱল তেওঁলোকেই আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে, যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ’লে ছাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে, আৰু তেওঁলোকে অহংকাৰ নকৰে।

See all translations of this verse →

تَتَجَافَىٰ جُنُوبُهُمْ عَنِ ٱلْمَضَاجِعِ يَدْعُونَ رَبَّهُمْ خَوْفًا وَطَمَعًا وَمِمَّا رَزَقْنَٰهُمْ يُنفِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে (ৰাতিত) শয্যা ত্যাগ কৰি ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা তেওঁলোকে দান কৰে।

See all translations of this verse →

فَلَا تَعْلَمُ نَفْسٌ مَّآ أُخْفِىَ لَهُم مِّن قُرَّةِ أَعْيُنٍ جَزَآءًۢ بِمَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে কোনোৱেই নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ বাবে চকু জুৰ পেলোৱা কি (প্ৰতিদান) লুকুৱাই ৰখা হৈছে!

See all translations of this verse →

أَفَمَن كَانَ مُؤْمِنًا كَمَن كَانَ فَاسِقًا لَّا يَسْتَوُۥنَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে এজন মুমিন ব্যক্তি ফাছিকৰ দৰে হ’ব পাৰেনে? তেওঁলোক কেতিয়াও সমান নহয়।

See all translations of this verse →

أَمَّا ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ فَلَهُمْ جَنَّٰتُ ٱلْمَأْوَىٰ نُزُلًۢا بِمَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ’ব জান্নাত।

See all translations of this verse →

وَأَمَّا ٱلَّذِينَ فَسَقُوا۟ فَمَأْوَىٰهُمُ ٱلنَّارُ كُلَّمَآ أَرَادُوٓا۟ أَن يَخْرُجُوا۟ مِنْهَآ أُعِيدُوا۟ فِيهَا وَقِيلَ لَهُمْ ذُوقُوا۟ عَذَابَ ٱلنَّارِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিসকলে পাপকৰ্ম কৰিছে সিহঁতৰ বাসস্থান হ’ব জুই (জাহান্নাম); যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ ওভতাই পঠিওৱা হ’ব আৰু সিহঁতক কোৱা হ’ব, ‘যি জুইৰ শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটোক (এতিয়া) আস্বাদন কৰা’।

See all translations of this verse →

وَلَنُذِيقَنَّهُم مِّنَ ٱلْعَذَابِ ٱلْأَدْنَىٰ دُونَ ٱلْعَذَابِ ٱلْأَكْبَرِ لَعَلَّهُمْ يَرْجِعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি সিহঁতক মহা শাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।

See all translations of this verse →

وَمَنْ أَظْلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ ثُمَّ أَعْرَضَ عَنْهَآ إِنَّا مِنَ ٱلْمُجْرِمِينَ مُنتَقِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযি ব্যক্তিয়ে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশপ্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম।

See all translations of this verse →

وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْكِتَٰبَ فَلَا تَكُن فِى مِرْيَةٍ مِّن لِّقَآئِهِۦ وَجَعَلْنَٰهُ هُدًى لِّبَنِىٓ إِسْرَٰٓءِيلَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি মুছাক কিতাব প্ৰদান কৰিছিলোঁ, এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ত সন্দেহ পোষণ নকৰিবা; আৰু আমি সেই (কিতাব)খনক বনী ইছৰাঈলৰ বাবে হিদায়তস্বৰূপ কৰি দিছিলোঁ।

See all translations of this verse →

وَجَعَلْنَا مِنْهُمْ أَئِمَّةً يَهْدُونَ بِأَمْرِنَا لَمَّا صَبَرُوا۟ وَكَانُوا۟ بِـَٔايَٰتِنَا يُوقِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ, তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল; আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল।

See all translations of this verse →

إِنَّ رَبَّكَ هُوَ يَفْصِلُ بَيْنَهُمْ يَوْمَ ٱلْقِيَٰمَةِ فِيمَا كَانُوا۟ فِيهِ يَخْتَلِفُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰি দিব, যিবোৰ বিষয়ত সিহঁতে মতবিৰোধ কৰিছিল।

See all translations of this verse →

أَوَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا مِن قَبْلِهِم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَٰكِنِهِمْ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ أَفَلَا يَسْمَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটোৱেও সিহঁতক হিদায়ত নকৰিলেনে যে, আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন; তথাপিও সিহঁতে নুশুনিবনে?

See all translations of this verse →

أَوَلَمْ يَرَوْا۟ أَنَّا نَسُوقُ ٱلْمَآءَ إِلَى ٱلْأَرْضِ ٱلْجُرُزِ فَنُخْرِجُ بِهِۦ زَرْعًا تَأْكُلُ مِنْهُ أَنْعَٰمُهُمْ وَأَنفُسُهُمْ أَفَلَا يُبْصِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে লক্ষ্য কৰা নাইনে, আমিয়ে শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰোঁ। তাৰ পিছত সেই পানীৰে শস্য উৎপন্ন কৰোঁ, যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁত নিজেও খাদ্য গ্ৰহণ কৰে? সিহঁতে লক্ষ্য নকৰেনে?

See all translations of this verse →

وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلْفَتْحُ إِن كُنتُمْ صَٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, কেতিয়া হ’ব এই বিজয়’?

See all translations of this verse →

قُلْ يَوْمَ ٱلْفَتْحِ لَا يَنفَعُ ٱلَّذِينَ كَفَرُوٓا۟ إِيمَٰنُهُمْ وَلَا هُمْ يُنظَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘বিজয়ৰ দিনা কাফিৰসকলৰ ঈমান পোষণ কোনো কামত নাহিব আৰু সিহঁতক অৱকাশও দিয়া নহ’ব’।

See all translations of this verse →

فَأَعْرِضْ عَنْهُمْ وَٱنتَظِرْ إِنَّهُم مُّنتَظِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা, নিশ্চয় সিহঁতেও অপেক্ষা কৰি আছে।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70