caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Luqman لقمان

৩৪ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৫৭

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ الٓمٓ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআলিফ-লাম-মীম।[1]

See all translations of this verse →

تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ ٱلْحَكِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাবৰ আয়াত,

See all translations of this verse →

هُدًى وَرَحْمَةً لِّلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসৎকৰ্মশীলসকলৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ,

See all translations of this verse →

ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلْـَٔاخِرَةِ هُمْ يُوقِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে আৰু তেওঁলোকেই আখিৰাতৰ প্ৰতি নিশ্চিত বিশ্বাস স্থাপন কৰে।

See all translations of this verse →

أُو۟لَٰٓئِكَ عَلَىٰ هُدًى مِّن رَّبِّهِمْ وَأُو۟لَٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকেই নিজ প্ৰতিপালকৰ নিৰ্দেশিত হিদায়তৰ ওপৰত আছে আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।

See all translations of this verse →

وَمِنَ ٱلنَّاسِ مَن يَشْتَرِى لَهْوَ ٱلْحَدِيثِ لِيُضِلَّ عَن سَبِيلِ ٱللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّخِذَهَا هُزُوًا أُو۟لَٰٓئِكَ لَهُمْ عَذَابٌ مُّهِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে আল্লাহৰ পথত বাধা দিয়াৰ বাবে অসাৰ বাক্য কিনি লয়, বিনা জ্ঞানে আৰু আল্লাহে দেখুৱা পথক ঠাট্টা-বিদ্ৰূপ কৰে। সিহঁতৰ বাবেই আছে অৱমাননাকৰ শাস্তি।

See all translations of this verse →

وَإِذَا تُتْلَىٰ عَلَيْهِ ءَايَٰتُنَا وَلَّىٰ مُسْتَكْبِرًا كَأَن لَّمْ يَسْمَعْهَا كَأَنَّ فِىٓ أُذُنَيْهِ وَقْرًا فَبَشِّرْهُ بِعَذَابٍ أَلِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া তাৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয় তেতিয়া সি অহংকাৰত মুখ ঘূৰাই নিয়ে যেনিবা সি এইটো শুনাই পোৱা নাই, যেনিবা তাৰ দুয়ো কাণ বধিৰ; এতেকে তাক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া।

See all translations of this verse →

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَهُمْ جَنَّٰتُ ٱلنَّعِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিয়ামতপূৰ্ণ জান্নাত;

See all translations of this verse →

خَٰلِدِينَ فِيهَا وَعْدَ ٱللَّهِ حَقًّا وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোক স্থায়ী হ’ব। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

خَلَقَ ٱلسَّمَٰوَٰتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا وَأَلْقَىٰ فِى ٱلْأَرْضِ رَوَٰسِىَ أَن تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٍ وَأَنزَلْنَا مِنَ ٱلسَّمَآءِ مَآءً فَأَنۢبَتْنَا فِيهَا مِن كُلِّ زَوْجٍ كَرِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, তোমালোকে সেইখনক দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে, লগতে ইয়াত সিঁচৰতি কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ তাৰ পিছত ইয়াত উৎপন্ন কৰোঁ নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।

See all translations of this verse →

هَٰذَا خَلْقُ ٱللَّهِ فَأَرُونِى مَاذَا خَلَقَ ٱلَّذِينَ مِن دُونِهِۦ بَلِ ٱلظَّٰلِمُونَ فِى ضَلَٰلٍ مُّبِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে আল্লাহৰ সৃষ্টি। এতেকে তেওঁৰ বাহিৰে আনে কি সৃষ্টি কৰিছে মোক দেখুৱাচোন? বৰং যালিমসকল আছে স্পষ্ট বিভ্ৰান্তিত।

See all translations of this verse →

وَلَقَدْ ءَاتَيْنَا لُقْمَٰنَ ٱلْحِكْمَةَ أَنِ ٱشْكُرْ لِلَّهِ وَمَن يَشْكُرْ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِۦ وَمَن كَفَرَ فَإِنَّ ٱللَّهَ غَنِىٌّ حَمِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি লুক্বমানক হিকমত দান কৰিছিলোঁ আৰু কৈছিলোঁ যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

See all translations of this verse →

وَإِذْ قَالَ لُقْمَٰنُ لِٱبْنِهِۦ وَهُوَ يَعِظُهُۥ يَٰبُنَىَّ لَا تُشْرِكْ بِٱللَّهِ إِنَّ ٱلشِّرْكَ لَظُلْمٌ عَظِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, যেতিয়া লুক্বমানে তেওঁৰ পুত্ৰক উপদেশ দি কৈছিল, ‘হে মোৰ পুত্ৰ! আল্লাহৰ লগত শ্বিৰ্ক নকৰিবা। নিশ্চয় শ্বিৰ্ক হৈছে মহা অন্যায়’।

See all translations of this verse →

وَوَصَّيْنَا ٱلْإِنسَٰنَ بِوَٰلِدَيْهِ حَمَلَتْهُ أُمُّهُۥ وَهْنًا عَلَىٰ وَهْنٍ وَفِصَٰلُهُۥ فِى عَامَيْنِ أَنِ ٱشْكُرْ لِى وَلِوَٰلِدَيْكَ إِلَىَّ ٱلْمَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণ কৰিবলৈ নিৰ্দেশ দিছোঁ। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাক পিয়াহ এৰোৱাবলৈ সময় লাগে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই।

See all translations of this verse →

وَإِن جَٰهَدَاكَ عَلَىٰٓ أَن تُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌ فَلَا تُطِعْهُمَا وَصَاحِبْهُمَا فِى ٱلدُّنْيَا مَعْرُوفًا وَٱتَّبِعْ سَبِيلَ مَنْ أَنَابَ إِلَىَّ ثُمَّ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ পিতৃ-মাতৃয়ে যদি তোমাক মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা আৰু পৃথিৱীত সিহঁতৰ লগত বসবাস কৰিবা সদ্ভাৱে। তুমি সেই ব্যক্তিৰ পথ অৱলম্বন কৰা, যিয়ে মোৰ অভিমুখী হৈছে। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন মোৰ ওচৰতেই হ’ব, তেতিয়া মই তোমালোকক সেই বিষয়ে অৱহিত কৰিম যিবোৰ তোমালোকে কৰিছিলা।

See all translations of this verse →

يَٰبُنَىَّ إِنَّهَآ إِن تَكُ مِثْقَالَ حَبَّةٍ مِّنْ خَرْدَلٍ فَتَكُن فِى صَخْرَةٍ أَوْ فِى ٱلسَّمَٰوَٰتِ أَوْ فِى ٱلْأَرْضِ يَأْتِ بِهَا ٱللَّهُ إِنَّ ٱللَّهَ لَطِيفٌ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ পুত্ৰ! নিশ্চয় সেয়া (পাপ-পূণ্য) যদি সৰিয়হৰ বীজৰ সমানো হয়, আৰু ই যদি থাকে শিলাগৰ্ভত অথবা আকাশসমূহত নাইবা পৃথিৱীত, আল্লাহে সেইটোকো উপস্থিত কৰিব। নিশ্চয় আল্লাহ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।

See all translations of this verse →

يَٰبُنَىَّ أَقِمِ ٱلصَّلَوٰةَ وَأْمُرْ بِٱلْمَعْرُوفِ وَٱنْهَ عَنِ ٱلْمُنكَرِ وَٱصْبِرْ عَلَىٰ مَآ أَصَابَكَ إِنَّ ذَٰلِكَ مِنْ عَزْمِ ٱلْأُمُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ পুত্ৰ! ছালাত কায়েম কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা, লগতে তোমাৰ ওপৰত যি (বিপদ) আপতিত হয় তাৰ ওপৰত ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় এইটো অন্যতম দৃঢ় সংকল্পৰ কাম।

See all translations of this verse →

وَلَا تُصَعِّرْ خَدَّكَ لِلنَّاسِ وَلَا تَمْشِ فِى ٱلْأَرْضِ مَرَحًا إِنَّ ٱللَّهَ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি মানুহৰ প্ৰতি অৱজ্ঞা কৰি তোমাৰ গাল বেকা নকৰিবা, লগতে পৃথিৱীত ফিতাহি মাৰি নুফুৰিবা; নিশ্চয় আল্লাহে কোনো উদ্ধত, অহংকাৰীক পছন্দ নকৰে।

See all translations of this verse →

وَٱقْصِدْ فِى مَشْيِكَ وَٱغْضُضْ مِن صَوْتِكَ إِنَّ أَنكَرَ ٱلْأَصْوَٰتِ لَصَوْتُ ٱلْحَمِيرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি তোমাৰ চলা-ফুৰাৰ ক্ষেত্ৰত মধ্যমপন্থা অৱলম্বন কৰা আৰু তোমাৰ কণ্ঠস্বৰ অৱনত কৰা, নিশ্চয় মাতৰ ভিতৰত আটাইতকৈ অপ্ৰীতিকৰ মাত হৈছে গাধৰ মাত।

See all translations of this verse →

أَلَمْ تَرَوْا۟ أَنَّ ٱللَّهَ سَخَّرَ لَكُم مَّا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَأَسْبَغَ عَلَيْكُمْ نِعَمَهُۥ ظَٰهِرَةً وَبَاطِنَةً وَمِنَ ٱلنَّاسِ مَن يُجَٰدِلُ فِى ٱللَّهِ بِغَيْرِ عِلْمٍ وَلَا هُدًى وَلَا كِتَٰبٍ مُّنِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে লক্ষ্য কৰা নাইনে? নিশ্চয় আকাশসমূহ আৰু পৃথিৱীত যি আছে সকলোবোৰকেই আল্লাহে তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে আৰু তোমালোকৰ প্ৰতি তেওঁৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য অনুগ্ৰহসমূহ সম্পূৰ্ণ কৰিছে; আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে যিসকলে কোনো জ্ঞান, কোনো পথনিৰ্দেশ অথবা কোনো দীপ্তিমান গ্ৰন্থ নোহোৱাকৈ আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে।

See all translations of this verse →

وَإِذَا قِيلَ لَهُمُ ٱتَّبِعُوا۟ مَآ أَنزَلَ ٱللَّهُ قَالُوا۟ بَلْ نَتَّبِعُ مَا وَجَدْنَا عَلَيْهِ ءَابَآءَنَآ أَوَلَوْ كَانَ ٱلشَّيْطَٰنُ يَدْعُوهُمْ إِلَىٰ عَذَابِ ٱلسَّعِيرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতক যেতিয়া কোৱা হয় যে, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে তোমালোকে সেয়া অনুসৰণ কৰা’। সিহঁতে কয়, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক যিটোৰ ওপৰত পাইছোঁ, আমি সেইটোৰেই অনুসৰণ কৰিম’। চয়তানে যদি সিহঁতক জ্বলন্ত জুইৰ পিনে আহ্বান কৰে তথাপিও, (সিহঁতে পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবনে)?

See all translations of this verse →

وَمَن يُسْلِمْ وَجْهَهُۥٓ إِلَى ٱللَّهِ وَهُوَ مُحْسِنٌ فَقَدِ ٱسْتَمْسَكَ بِٱلْعُرْوَةِ ٱلْوُثْقَىٰ وَإِلَى ٱللَّهِ عَٰقِبَةُ ٱلْأُمُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিয়ে একনিষ্ঠ আৰু বিশুদ্ধচিত্তে আল্লাহৰ ওচৰত নিজকে সমৰ্পন কৰে, তেওঁ নিশ্চিতভাৱে এডাল মজবুত ৰছী ধাৰণ কৰে; আৰু যাৱতীয় কৰ্মৰ পৰিণাম আল্লাহৰেই ওচৰত।

See all translations of this verse →

وَمَن كَفَرَ فَلَا يَحْزُنكَ كُفْرُهُۥٓ إِلَيْنَا مَرْجِعُهُمْ فَنُنَبِّئُهُم بِمَا عَمِلُوٓا۟ إِنَّ ٱللَّهَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কোনোবাই কুফৰী কৰিলে, তাৰ কুফৰীয়ে যেন তোমাক চিন্তিত নকৰে। আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। এতেকে আমি সিহঁতক অৱহিত কৰিম সিহঁতে যি কৰিছিল। নিশ্চয় অন্তৰসমূহত যি আছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

See all translations of this verse →

نُمَتِّعُهُمْ قَلِيلًا ثُمَّ نَضْطَرُّهُمْ إِلَىٰ عَذَابٍ غَلِيظٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি সিহঁতক অলপ সময় ভোগ কৰিবলৈ দিম। তাৰ পিছত আমি সিহঁতক কঠিন শাস্তি ভোগ কৰিবলৈ বাধ্য কৰাম।

See all translations of this verse →

وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ لَيَقُولُنَّ ٱللَّهُ قُلِ ٱلْحَمْدُ لِلَّهِ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। কোৱা, ‘সকলো ধৰণৰ প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

See all translations of this verse →

لِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ إِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহৰেই; নিশ্চয় আল্লাহ, তেৱেঁই অভাৱমুক্ত, চিৰপ্ৰশংসিত।

See all translations of this verse →

وَلَوْ أَنَّمَا فِى ٱلْأَرْضِ مِن شَجَرَةٍ أَقْلَٰمٌ وَٱلْبَحْرُ يَمُدُّهُۥ مِنۢ بَعْدِهِۦ سَبْعَةُ أَبْحُرٍ مَّا نَفِدَتْ كَلِمَٰتُ ٱللَّهِ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু পৃথিৱীৰ সকলো গছ-গছনি যদি কলম হয় আৰু সাগৰ, তাৰ পিছত আৰু সাতোখন সাগৰ যদি চিয়াঁহী হয়, তথাপিও আল্লাহৰ বাণী শেষ নহ’ব। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

مَّا خَلْقُكُمْ وَلَا بَعْثُكُمْ إِلَّا كَنَفْسٍ وَٰحِدَةٍ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোক সকলোৰে সৃষ্টি আৰু পুনৰুত্থান, কেৱল এটা প্ৰাণীৰ সৃষ্টি আৰু পুনৰুত্থানৰ দৰেই। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সম্যক দ্ৰষ্টা।

See all translations of this verse →

أَلَمْ تَرَ أَنَّ ٱللَّهَ يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ كُلٌّ يَجْرِىٓ إِلَىٰٓ أَجَلٍ مُّسَمًّى وَأَنَّ ٱللَّهَ بِمَا تَعْمَلُونَ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি দেখা নাইনে, নিশ্চয় আল্লাহেই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়? তেৱেঁই চন্দ্ৰ-সূৰ্যক তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে, প্ৰত্যেকেই বিচৰণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

See all translations of this verse →

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلْحَقُّ وَأَنَّ مَا يَدْعُونَ مِن دُونِهِ ٱلْبَٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلْعَلِىُّ ٱلْكَبِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰেই প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহ, তেৱেঁই সত্য আৰু সিহঁতে তেওঁৰ বাহিৰে যিবোৰক আহ্বান কৰে সেইবোৰ হৈছে বাতিল। নিশ্চয় আল্লাহ, তেৱেঁই হৈছে সৰ্বোচ্চ, সুমহান।

See all translations of this verse →

أَلَمْ تَرَ أَنَّ ٱلْفُلْكَ تَجْرِى فِى ٱلْبَحْرِ بِنِعْمَتِ ٱللَّهِ لِيُرِيَكُم مِّنْ ءَايَٰتِهِۦٓ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّكُلِّ صَبَّارٍ شَكُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি লক্ষ্য কৰা নাইনে যে, আল্লাহৰ অনুগ্ৰহতেই নৌযানসমূহ সাগৰত বিচৰণ কৰে, যাতে তেওঁ তোমালোকক তেওঁৰ কিছুমান নিদৰ্শন দেখুৱাব পাৰে? নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে, প্ৰত্যেক ধৈৰ্য্যশীল কৃতজ্ঞ ব্যক্তিৰ বাবে।

See all translations of this verse →

وَإِذَا غَشِيَهُم مَّوْجٌ كَٱلظُّلَلِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ فَمِنْهُم مُّقْتَصِدٌ وَمَا يَجْحَدُ بِـَٔايَٰتِنَآ إِلَّا كُلُّ خَتَّارٍ كَفُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া ঢৌৱে সিহঁতক ছাঁৰ দৰে আচ্ছন্ন কৰে, তেতিয়া সিহঁতে একনিষ্ঠ অৱস্থাত আনুগত্যৰ সৈতে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত যেতিয়া তেওঁ সিহঁতক উদ্ধাৰ কৰি স্থলত পৌঁচাই দিয়ে তেতিয়া সিহঁতৰ কিছুমানে মধ্যম পন্থা অৱলম্বন কৰে। আৰু কেৱল বিশ্বাসঘাতক, কাফিৰ ব্যক্তিয়েই আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلنَّاسُ ٱتَّقُوا۟ رَبَّكُمْ وَٱخْشَوْا۟ يَوْمًا لَّا يَجْزِى وَالِدٌ عَن وَلَدِهِۦ وَلَا مَوْلُودٌ هُوَ جَازٍ عَن وَالِدِهِۦ شَيْـًٔا إِنَّ وَعْدَ ٱللَّهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلْغَرُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ! তোমালোকে নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰা আৰু ভয় কৰা সেই দিনটোক, যিদিনা কোনো পিতৃয়ে তাৰ সন্তানৰ ফালৰ পৰা একো আদায় নকৰিব, এইদৰেই কোনো সন্তানেও তাৰ পিতৃৰ ফালৰ পৰা একো আদায় নকৰিব। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, এতেকে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰবঞ্চকেও যেন তোমালোকক কেতিয়াও আল্লাহ সম্পৰ্কে প্ৰবঞ্চিত কৰিব নোৱাৰে।

See all translations of this verse →

إِنَّ ٱللَّهَ عِندَهُۥ عِلْمُ ٱلسَّاعَةِ وَيُنَزِّلُ ٱلْغَيْثَ وَيَعْلَمُ مَا فِى ٱلْأَرْحَامِ وَمَا تَدْرِى نَفْسٌ مَّاذَا تَكْسِبُ غَدًا وَمَا تَدْرِى نَفْسٌۢ بِأَىِّ أَرْضٍ تَمُوتُ إِنَّ ٱللَّهَ عَلِيمٌ خَبِيرٌۢ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70