ছুৰা Ad-Dhuhaa الضحى
১১ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ১১
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ وَٱلضُّحَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপূৰ্বাহ্নৰ শপত,
See all translations of this verse →
وَٱلَّيْلِ إِذَا سَجَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanশপত ৰাতিৰ, যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয়।
See all translations of this verse →
مَا وَدَّعَكَ رَبُّكَ وَمَا قَلَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্টও হোৱা নাই।
See all translations of this verse →
وَلَلْـَٔاخِرَةُ خَيْرٌ لَّكَ مِنَ ٱلْأُولَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমাৰ পৰবৰ্তী সময়, পূৰ্বৱৰ্তী সময়তকৈ উত্তম।
See all translations of this verse →
وَلَسَوْفَ يُعْطِيكَ رَبُّكَ فَتَرْضَىٰٓ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক (এনেকুৱা) অনুগ্ৰহ প্ৰদান কৰিব, যাৰ ফলত তুমি সন্তুষ্ট হ’বা।
See all translations of this verse →
أَلَمْ يَجِدْكَ يَتِيمًا فَـَٔاوَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিলনে? তাৰ পিছত তেৱেঁই তোমাক আশ্ৰয় দিছে।
See all translations of this verse →
وَوَجَدَكَ ضَآلًّا فَهَدَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।
See all translations of this verse →
وَوَجَدَكَ عَآئِلًا فَأَغْنَىٰ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ তোমাক পাইছিল সম্বলহীন দৰিদ্ৰৰূপে, তাৰ পিছত তেৱেঁই তোমাক অভাৱমুক্ত কৰিছে।
See all translations of this verse →
فَأَمَّا ٱلْيَتِيمَ فَلَا تَقْهَرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি এতীমৰ (অনাথৰ) প্ৰতি কঠোৰ নহ’বা।
See all translations of this verse →
وَأَمَّا ٱلسَّآئِلَ فَلَا تَنْهَرْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ভিখাৰীক ধমক নিদিবা।
See all translations of this verse →
وَأَمَّا بِنِعْمَةِ رَبِّكَ فَحَدِّثْ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→