caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Yusuf يوسف

১১১ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৫৩

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ الٓر تِلْكَ ءَايَٰتُ ٱلْكِتَٰبِ ٱلْمُبِينِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআলিফ-লাম-ৰা।[1] এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।

See all translations of this verse →

إِنَّآ أَنزَلْنَٰهُ قُرْءَٰنًا عَرَبِيًّا لَّعَلَّكُمْ تَعْقِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি ইয়াক কোৰআন হিচাপে অৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে বুজিব পাৰা।

See all translations of this verse →

نَحْنُ نَقُصُّ عَلَيْكَ أَحْسَنَ ٱلْقَصَصِ بِمَآ أَوْحَيْنَآ إِلَيْكَ هَٰذَا ٱلْقُرْءَانَ وَإِن كُنتَ مِن قَبْلِهِۦ لَمِنَ ٱلْغَٰفِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআমি তোমাৰ ওচৰত উত্তম কাহিনী বৰ্ণনা কৰিছোঁ, অহীৰ মাধ্যমত তোমাৰ ওচৰলৈ এই কোৰআন প্ৰেৰণ কৰি; যদিও ইয়াৰ আগত তুমি আছিলা অনৱহিতসকলৰ অন্তৰ্ভুক্ত।

See all translations of this verse →

إِذْ قَالَ يُوسُفُ لِأَبِيهِ يَٰٓأَبَتِ إِنِّى رَأَيْتُ أَحَدَ عَشَرَ كَوْكَبًا وَٱلشَّمْسَ وَٱلْقَمَرَ رَأَيْتُهُمْ لِى سَٰجِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া ইউছুফে তেওঁৰ পিতাক কৈছিল, ‘হে মোৰ পিতা! মই (সপোনত) এঘাৰটা নক্ষত্ৰ, সূৰ্য আৰু চন্দ্ৰক দেখিছোঁ, সেইবোৰক মোৰ প্ৰতি ছাজদাৱনত অৱস্থাত দেখিছোঁ’।

See all translations of this verse →

قَالَ يَٰبُنَىَّ لَا تَقْصُصْ رُءْيَاكَ عَلَىٰٓ إِخْوَتِكَ فَيَكِيدُوا۟ لَكَ كَيْدًا إِنَّ ٱلشَّيْطَٰنَ لِلْإِنسَٰنِ عَدُوٌّ مُّبِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘হে মোৰ পুত্ৰ! তোমাৰ সপোনৰ কথা কেতিয়াও তোমাৰ ভাতৃসকলক নক’বা; অন্যথা সিহঁতে তোমাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰিব। নিশ্চয় চয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু’।

See all translations of this verse →

وَكَذَٰلِكَ يَجْتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِن تَأْوِيلِ ٱلْأَحَادِيثِ وَيُتِمُّ نِعْمَتَهُۥ عَلَيْكَ وَعَلَىٰٓ ءَالِ يَعْقُوبَ كَمَآ أَتَمَّهَا عَلَىٰٓ أَبَوَيْكَ مِن قَبْلُ إِبْرَٰهِيمَ وَإِسْحَٰقَ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰে তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিক্ষা দিব আৰু তোমাৰ ওপৰত লগতে ইয়াকূবৰ পৰিয়ালৰ ওপৰত তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰিব, যেনেকৈ তেওঁ এইটো পূৰ্ণ কৰিছিল ইয়াৰ আগত তোমাৰ পিতৃ-পুৰুষ ইব্ৰাহীম আৰু ইছহাক্বৰ ওপৰত। নিশ্চয় তোমাৰ প্ৰতিপালক সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

لَّقَدْ كَانَ فِى يُوسُفَ وَإِخْوَتِهِۦٓ ءَايَٰتٌ لِّلسَّآئِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ কাহিনীত প্ৰশ্নকাৰীসকলৰ বাবে বহুতো নিদৰ্শন আছে।

See all translations of this verse →

إِذْ قَالُوا۟ لَيُوسُفُ وَأَخُوهُ أَحَبُّ إِلَىٰٓ أَبِينَا مِنَّا وَنَحْنُ عُصْبَةٌ إِنَّ أَبَانَا لَفِى ضَلَٰلٍ مُّبِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanস্মৰণ কৰা, যেতিয়া সিহঁতে (তেওঁৰ ভাতৃসকলে) কৈছিল, ‘আমাৰ পিতৃৰ ওচৰত ইউছুফ আৰু তেওঁৰ (সহোদৰ) ভাইহে আমাতকৈ বেছি প্ৰিয়, অথচ আমি এটা সংহত দল; নিশ্চয় আমাৰ পিতৃ স্পষ্ট বিভ্ৰান্তিত আছে’।

See all translations of this verse →

ٱقْتُلُوا۟ يُوسُفَ أَوِ ٱطْرَحُوهُ أَرْضًا يَخْلُ لَكُمْ وَجْهُ أَبِيكُمْ وَتَكُونُوا۟ مِنۢ بَعْدِهِۦ قَوْمًا صَٰلِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে ইউছুফক হত্যা কৰা অথবা কোনো এটা (দূৰৱৰ্তী) ঠাইত তাক পেলাই থৈ আহা, তেতিয়াহে তোমালোকৰ পিতৃৰ দৃষ্টি কেৱল তোমালোকৰ পিনেই নিবিষ্ট হ’ব আৰু তাৰ পিছত তোমালোকে (তাওবা কৰি) সৎ হৈ যাবা’।

See all translations of this verse →

قَالَ قَآئِلٌ مِّنْهُمْ لَا تَقْتُلُوا۟ يُوسُفَ وَأَلْقُوهُ فِى غَيَٰبَتِ ٱلْجُبِّ يَلْتَقِطْهُ بَعْضُ ٱلسَّيَّارَةِ إِن كُنتُمْ فَٰعِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ মাজৰ এজনে ক’লে, ‘তোমালোকে ইউছুফক হত্যা নকৰিবা আৰু যদি কিবা কৰিবই বিচৰা তেনেহ’লে তাক কোনোবা এটা কুঁৱাত পেলাই দিয়াগৈ, যাত্ৰীদলৰ কোনোবাই তাক তুলি লৈ যাব’।

See all translations of this verse →

قَالُوا۟ يَٰٓأَبَانَا مَا لَكَ لَا تَأْمَ۫نَّا عَلَىٰ يُوسُفَ وَإِنَّا لَهُۥ لَنَٰصِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে আমাৰ পিতা! আপোনাৰ কি হ’ল, ইউছুফৰ বিষয়ে আমাক আপুনি কিয় নিৰাপদ বুলি নাভাবে? অথচ আমি তাৰ শুভাকাংক্ষী’।

See all translations of this verse →

أَرْسِلْهُ مَعَنَا غَدًا يَرْتَعْ وَيَلْعَبْ وَإِنَّا لَهُۥ لَحَٰفِظُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আপুনি কাইলৈ তাক আমাৰ লগত পঠাই দিয়ক, সি আনন্দত খেল-ধেমালি কৰি ঘূৰি ফুৰিব আৰু নিশ্চয় আমি তাৰ চোৱাচিতা কৰিম’।

See all translations of this verse →

قَالَ إِنِّى لَيَحْزُنُنِىٓ أَن تَذْهَبُوا۟ بِهِۦ وَأَخَافُ أَن يَأْكُلَهُ ٱلذِّئْبُ وَأَنتُمْ عَنْهُ غَٰفِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ (পিতাই) ক’লে, ‘তোমালোকে তাক লৈ গ’লে সঁচাকৈয়ে এইটো মোৰ বাবে দুশ্চিন্তাৰ কাৰণ হৈ পৰিব আৰু মই আশংকা কৰোঁ যে, তোমালোকে তাৰ প্ৰতি অসাৱধান হ’লে কুকুৰনেচীয়া বাঘে তাক খাই পেলাব পাৰে’।

See all translations of this verse →

قَالُوا۟ لَئِنْ أَكَلَهُ ٱلذِّئْبُ وَنَحْنُ عُصْبَةٌ إِنَّآ إِذًا لَّخَٰسِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আমি এটা সংহত দল হোৱা সত্বেও যদি কুকুৰনেচীয়া বাঘে তাক খাই পেলায়, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্ত’।

See all translations of this verse →

فَلَمَّا ذَهَبُوا۟ بِهِۦ وَأَجْمَعُوٓا۟ أَن يَجْعَلُوهُ فِى غَيَٰبَتِ ٱلْجُبِّ وَأَوْحَيْنَآ إِلَيْهِ لَتُنَبِّئَنَّهُم بِأَمْرِهِمْ هَٰذَا وَهُمْ لَا يَشْعُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যেতিয়া সিহঁতে তাক লৈ গ’ল, আৰু তাক কুঁৱাৰ মাজত নিক্ষেপ কৰিবলৈ একমত হ’ল, (তেতিয়া) আমি তাৰ (ইউছুফৰ) প্ৰতি অহী প্ৰেৰণ কৰি জনাই দিলোঁ যে, ‘নিশ্চয় তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে (পৰৱৰ্তী সময়ত) অৱগত কৰিবা; তেতিয়া সিহঁতে কল্পনাই কৰিব নোৱাৰিব’।

See all translations of this verse →

وَجَآءُوٓ أَبَاهُمْ عِشَآءً يَبْكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে ৰাতিৰ প্ৰথম প্ৰহৰত কান্দি কান্দি সিহঁতৰ পিতৃৰ ওচৰলৈ আহিল।

See all translations of this verse →

قَالُوا۟ يَٰٓأَبَانَآ إِنَّا ذَهَبْنَا نَسْتَبِقُ وَتَرَكْنَا يُوسُفَ عِندَ مَتَٰعِنَا فَأَكَلَهُ ٱلذِّئْبُ وَمَآ أَنتَ بِمُؤْمِنٍ لَّنَا وَلَوْ كُنَّا صَٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি দৌৰ প্ৰতিযোগিতা কৰিবলৈ গৈছিলোঁ আৰু ইউছুফক আমাৰ বস্তু-বাহানীৰ ওচৰত ৰাখি থৈ গৈছিলোঁ; ফলত কুকুৰনেচীয়াই তাক খাই পেলাইছে, কিন্তু আপুনিতো বিশ্বাসেই নকৰিব, যদিওঁ আমি সত্যবাদী হওঁ।’

See all translations of this verse →

وَجَآءُو عَلَىٰ قَمِيصِهِۦ بِدَمٍ كَذِبٍ قَالَ بَلْ سَوَّلَتْ لَكُمْ أَنفُسُكُمْ أَمْرًا فَصَبْرٌ جَمِيلٌ وَٱللَّهُ ٱلْمُسْتَعَانُ عَلَىٰ مَا تَصِفُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে তাৰ চোলাত মিছা তেজ লগাই আনিছিল। তেওঁ ক’লে, ‘(এইটো হ’ব নোৱাৰে), বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল’।

See all translations of this verse →

وَجَآءَتْ سَيَّارَةٌ فَأَرْسَلُوا۟ وَارِدَهُمْ فَأَدْلَىٰ دَلْوَهُۥ قَالَ يَٰبُشْرَىٰ هَٰذَا غُلَٰمٌ وَأَسَرُّوهُ بِضَٰعَةً وَٱللَّهُ عَلِيمٌۢ بِمَا يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইপিনে এটা যাত্ৰীদল আহিল, সিহঁতে সিহঁতৰ পানী সংগ্ৰাহকক পানী আনিবলৈ পঠাই দিলে, সি পানী তুলিবলৈ নিজৰ বাল্টিটো নমাই দিলে। সি আনন্দত কৈ উঠিল, ‘কি সুখবৰ! এয়া দেখোন এটা শিশু’! আৰু সিহঁতে তাক পণ্যদ্ৰব্য হিচাপে (বিক্ৰী কৰিবলৈ) লুকাই ৰাখিলে। কিন্তু সিহঁতে যি কৰিছিল সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।

See all translations of this verse →

وَشَرَوْهُ بِثَمَنٍۭ بَخْسٍ دَرَٰهِمَ مَعْدُودَةٍ وَكَانُوا۟ فِيهِ مِنَ ٱلزَّٰهِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে তাক অতি নগণ্য মূল্যত, মাত্ৰ কেইটামান দিৰহামৰ বিনিময়ত বিক্ৰী কৰি দিলে আৰু সিহঁত আছিল তাৰ বিষয়ে অনাগ্ৰহী।

See all translations of this verse →

وَقَالَ ٱلَّذِى ٱشْتَرَىٰهُ مِن مِّصْرَ لِٱمْرَأَتِهِۦٓ أَكْرِمِى مَثْوَىٰهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوْ نَتَّخِذَهُۥ وَلَدًا وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِى ٱلْأَرْضِ وَلِنُعَلِّمَهُۥ مِن تَأْوِيلِ ٱلْأَحَادِيثِ وَٱللَّهُ غَالِبٌ عَلَىٰٓ أَمْرِهِۦ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মিচৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল, তেওঁ নিজৰ স্ত্ৰীক ক’লে, ‘ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা, সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰি’। এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ। কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত, কিন্তু অধিকাংশ মানুহেই এই কথা নাজানে।

See all translations of this verse →

وَلَمَّا بَلَغَ أَشُدَّهُۥٓ ءَاتَيْنَٰهُ حُكْمًا وَعِلْمًا وَكَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ যেতিয়া পূৰ্ণ যৌৱনত উপনীত হ’ল তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলোঁ। এইদৰেই আমি সৎকৰ্মশীল লোকসকলক পুৰস্কৃত কৰোঁ।

See all translations of this verse →

وَرَٰوَدَتْهُ ٱلَّتِى هُوَ فِى بَيْتِهَا عَن نَّفْسِهِۦ وَغَلَّقَتِ ٱلْأَبْوَٰبَ وَقَالَتْ هَيْتَ لَكَ قَالَ مَعَاذَ ٱللَّهِ إِنَّهُۥ رَبِّىٓ أَحْسَنَ مَثْوَاىَ إِنَّهُۥ لَا يُفْلِحُ ٱلظَّٰلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ যিজনী মহিলাৰ ঘৰত বাস কৰিছিল, সেইজনীয়ে তেওঁক (উপযাচিকা হৈ যৌন-মিলনৰ) কুপ্ৰৰোচনা দিলে আৰু দুৱাৰসমূহ বন্ধ কৰি দিলে, আৰু ক’লে, ‘আহা’। তেওঁ ক’লে, ‘মই আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, নিশ্চয় তেওঁ মোৰ মনিব; তেৱেঁই মোৰ থকাৰ সুন্দৰ ব্যৱস্থা কৰিছে। নিশ্চয় যালিমসকল কেতিয়াও সফল নহয়’।

See all translations of this verse →

وَلَقَدْ هَمَّتْ بِهِۦ وَهَمَّ بِهَا لَوْلَآ أَن رَّءَا بُرْهَٰنَ رَبِّهِۦ كَذَٰلِكَ لِنَصْرِفَ عَنْهُ ٱلسُّوٓءَ وَٱلْفَحْشَآءَ إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُخْلَصِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেই মহিলাজনী তেওঁৰ প্ৰতি আসক্ত হৈছিল আৰু তেৱোঁ তাইৰ প্ৰতি আসক্ত হৈ পৰিলহেঁতেন যদি তেওঁ তেওঁৰ প্ৰতিপালকৰ নিদৰ্শন নেদেখিলেহেঁতেন। তেওঁক কুকৰ্ম আৰু অশ্লীলতাৰ পৰা বিৰত ৰখাৰ বাবেই আমি এইদৰে তেওঁক নিদৰ্শন দেখুৱাইছিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ মুখলিচ বা বিশুদ্ধচিত্ত বান্দাসকলৰ অন্তৰ্ভুক্ত।

See all translations of this verse →

وَٱسْتَبَقَا ٱلْبَابَ وَقَدَّتْ قَمِيصَهُۥ مِن دُبُرٍ وَأَلْفَيَا سَيِّدَهَا لَدَا ٱلْبَابِ قَالَتْ مَا جَزَآءُ مَنْ أَرَادَ بِأَهْلِكَ سُوٓءًا إِلَّآ أَن يُسْجَنَ أَوْ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁত উভয়ে দৌৰি দুৱাৰৰ পিনে গ’ল, আৰু মহিলাজনীয়ে পিছফালৰ পৰা (তেওঁক টানি ধৰি ৰখাবলৈ লওঁতে) তেওঁৰ চোলা ফালি পেলালে, তেওঁলোক উভয়ে মহিলাগৰাকীৰ স্বামীক দুৱাৰৰ সন্মুখত পালে। মহিলাজনীয়ে ক’লে, ‘যিয়ে তোমাৰ স্ত্ৰীৰ লগত অসৎকৰ্ম কৰাৰ ইচ্ছা কৰে তাৰ বাবে কাৰাগাৰ অথবা আন কোনো যন্ত্ৰণাদায়ক শাস্তিৰ বাহিৰে আৰুনো কি দণ্ড হ’ব পাৰে’?

See all translations of this verse →

قَالَ هِىَ رَٰوَدَتْنِى عَن نَّفْسِى وَشَهِدَ شَاهِدٌ مِّنْ أَهْلِهَآ إِن كَانَ قَمِيصُهُۥ قُدَّ مِن قُبُلٍ فَصَدَقَتْ وَهُوَ مِنَ ٱلْكَٰذِبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইউছুফে ক’লে, ‘এওঁহে মোক (যৌন-মিলনৰ বাবে) কুপ্ৰৰোচনা দিছিল’। মহিলাগৰাকীৰ পৰিয়ালৰ এজন সাক্ষীয়ে সাক্ষ্য দিলে যে, ‘যদি তেওঁৰ চোলাটো সন্মুখৰ পৰা ফলা হৈছে তেন্তে মহিলাগৰাকীয়ে সত্য কথা কৈছে আৰু তেওঁ (ইউছুফ) হৈছে মিছলীয়া’।

See all translations of this verse →

وَإِن كَانَ قَمِيصُهُۥ قُدَّ مِن دُبُرٍ فَكَذَبَتْ وَهُوَ مِنَ ٱلصَّٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি তেওঁৰ চোলা পিছফালৰ পৰা ফলা থাকে তেন্তে মহিলাগৰাকী হৈছে মিছলীয়া আৰু তেওঁ (ইউছুফ) হৈছে সত্যবাদী।

See all translations of this verse →

فَلَمَّا رَءَا قَمِيصَهُۥ قُدَّ مِن دُبُرٍ قَالَ إِنَّهُۥ مِن كَيْدِكُنَّ إِنَّ كَيْدَكُنَّ عَظِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে মহিলাগৰাকীৰ স্বামীয়ে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ফলা হৈছে তেতিয়া তেওঁ ক’লে, ‘নিশ্চয় এইটো হৈছে তোমালোকৰ (নাৰীসকলৰ) ছলনা, নিশ্চয় তোমালোকৰ ছলনা অতি সাংঘাতিক’।

See all translations of this verse →

يُوسُفُ أَعْرِضْ عَنْ هَٰذَا وَٱسْتَغْفِرِى لِذَنۢبِكِ إِنَّكِ كُنتِ مِنَ ٱلْخَاطِـِٔينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে ইউছুফ! তুমি এই বিষয়টোক উপেক্ষা কৰা, আৰু হে নাৰী! তুমি তোমাৰ অপৰাধৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা; নিশ্চয় তুমি অপৰাধীসকলৰ অন্তৰ্ভুক্ত’।

See all translations of this verse →

وَقَالَ نِسْوَةٌ فِى ٱلْمَدِينَةِ ٱمْرَأَتُ ٱلْعَزِيزِ تُرَٰوِدُ فَتَىٰهَا عَن نَّفْسِهِۦ قَدْ شَغَفَهَا حُبًّا إِنَّا لَنَرَىٰهَا فِى ضَلَٰلٍ مُّبِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে, ‘আজীজৰ স্ত্ৰীয়ে তাইৰ কৃতদাস যুৱকৰ পৰা অসৎকৰ্ম কামনা কৰিছিল, গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে, নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছোঁ’।

See all translations of this verse →

فَلَمَّا سَمِعَتْ بِمَكْرِهِنَّ أَرْسَلَتْ إِلَيْهِنَّ وَأَعْتَدَتْ لَهُنَّ مُتَّكَـًٔا وَءَاتَتْ كُلَّ وَٰحِدَةٍ مِّنْهُنَّ سِكِّينًا وَقَالَتِ ٱخْرُجْ عَلَيْهِنَّ فَلَمَّا رَأَيْنَهُۥٓ أَكْبَرْنَهُۥ وَقَطَّعْنَ أَيْدِيَهُنَّ وَقُلْنَ حَٰشَ لِلَّهِ مَا هَٰذَا بَشَرًا إِنْ هَٰذَآ إِلَّا مَلَكٌ كَرِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে, তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতৰ প্ৰত্যেককে একোটাকৈ ছুৰি-কটাৰী প্ৰদান কৰিলে আৰু ইউছফক ক’লে, ‘সিহঁতৰ সন্মুখলৈ ওলাই আহা’। ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ’ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! এওঁ মানুহ নহয়। নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিস্তা’।

See all translations of this verse →

قَالَتْ فَذَٰلِكُنَّ ٱلَّذِى لُمْتُنَّنِى فِيهِ وَلَقَدْ رَٰوَدتُّهُۥ عَن نَّفْسِهِۦ فَٱسْتَعْصَمَ وَلَئِن لَّمْ يَفْعَلْ مَآ ءَامُرُهُۥ لَيُسْجَنَنَّ وَلَيَكُونًا مِّنَ ٱلصَّٰغِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমহিলাগৰাকীয়ে ক’লে, ‘এওঁৱেই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎকৰ্ম কামনা কৰিছিলোঁ কিন্তু তেওঁ নিজকে পৱিত্ৰ ৰাখিছে; আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে, তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ’ব আৰু নিশ্চয় তেওঁ অপদস্তসকলৰ অন্তৰ্ভুক্ত হ’ব’।

See all translations of this verse →

قَالَ رَبِّ ٱلسِّجْنُ أَحَبُّ إِلَىَّ مِمَّا يَدْعُونَنِىٓ إِلَيْهِ وَإِلَّا تَصْرِفْ عَنِّى كَيْدَهُنَّ أَصْبُ إِلَيْهِنَّ وَأَكُن مِّنَ ٱلْجَٰهِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইউছুফে ক’লে, ‘হে মোৰ প্ৰতিপালক! এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীশালেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

See all translations of this verse →

فَٱسْتَجَابَ لَهُۥ رَبُّهُۥ فَصَرَفَ عَنْهُ كَيْدَهُنَّ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ ছলনাৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

See all translations of this verse →

ثُمَّ بَدَا لَهُم مِّنۢ بَعْدِ مَا رَأَوُا۟ ٱلْـَٔايَٰتِ لَيَسْجُنُنَّهُۥ حَتَّىٰ حِينٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে, তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব।

See all translations of this verse →

وَدَخَلَ مَعَهُ ٱلسِّجْنَ فَتَيَانِ قَالَ أَحَدُهُمَآ إِنِّىٓ أَرَىٰنِىٓ أَعْصِرُ خَمْرًا وَقَالَ ٱلْـَٔاخَرُ إِنِّىٓ أَرَىٰنِىٓ أَحْمِلُ فَوْقَ رَأْسِى خُبْزًا تَأْكُلُ ٱلطَّيْرُ مِنْهُ نَبِّئْنَا بِتَأْوِيلِهِۦٓ إِنَّا نَرَىٰكَ مِنَ ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ’, আৰু আনজনে ক’লে, ‘মই সপোনত দেখিলোঁ যে, মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰাইয়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত’।

See all translations of this verse →

قَالَ لَا يَأْتِيكُمَا طَعَامٌ تُرْزَقَانِهِۦٓ إِلَّا نَبَّأْتُكُمَا بِتَأْوِيلِهِۦ قَبْلَ أَن يَأْتِيَكُمَا ذَٰلِكُمَا مِمَّا عَلَّمَنِى رَبِّىٓ إِنِّى تَرَكْتُ مِلَّةَ قَوْمٍ لَّا يُؤْمِنُونَ بِٱللَّهِ وَهُم بِٱلْـَٔاخِرَةِ هُمْ كَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইউছুফে ক’লে, ‘তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। (জানি থোৱা) নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্ম মতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ঈমান পোষণ নকৰে, আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে’।

See all translations of this verse →

وَٱتَّبَعْتُ مِلَّةَ ءَابَآءِىٓ إِبْرَٰهِيمَ وَإِسْحَٰقَ وَيَعْقُوبَ مَا كَانَ لَنَآ أَن نُّشْرِكَ بِٱللَّهِ مِن شَىْءٍ ذَٰلِكَ مِن فَضْلِ ٱللَّهِ عَلَيْنَا وَعَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَشْكُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘মই মোৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবৰ মিল্লাতৰ অনুসৰণ কৰোঁ। আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ; কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে’।

See all translations of this verse →

يَٰصَٰحِبَىِ ٱلسِّجْنِ ءَأَرْبَابٌ مُّتَفَرِّقُونَ خَيْرٌ أَمِ ٱللَّهُ ٱلْوَٰحِدُ ٱلْقَهَّارُ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী’?

See all translations of this verse →

مَا تَعْبُدُونَ مِن دُونِهِۦٓ إِلَّآ أَسْمَآءً سَمَّيْتُمُوهَآ أَنتُمْ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلْطَٰنٍ إِنِ ٱلْحُكْمُ إِلَّا لِلَّهِ أَمَرَ أَلَّا تَعْبُدُوٓا۟ إِلَّآ إِيَّاهُ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই হৈছে শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।

See all translations of this verse →

يَٰصَٰحِبَىِ ٱلسِّجْنِ أَمَّآ أَحَدُكُمَا فَيَسْقِى رَبَّهُۥ خَمْرًا وَأَمَّا ٱلْـَٔاخَرُ فَيُصْلَبُ فَتَأْكُلُ ٱلطَّيْرُ مِن رَّأْسِهِۦ قُضِىَ ٱلْأَمْرُ ٱلَّذِى فِيهِ تَسْتَفْتِيَانِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ বন্দীশালৰ সঙ্গীদ্বয়! তোমালোক দুজনৰ এজনে তাৰ মনিবক সুৰা পান কৰাব আৰু আনজনক শূলবিদ্ধ কৰা হ’ব; আৰু চৰাইয়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে’।

See all translations of this verse →

وَقَالَ لِلَّذِى ظَنَّ أَنَّهُۥ نَاجٍ مِّنْهُمَا ٱذْكُرْنِى عِندَ رَبِّكَ فَأَنسَىٰهُ ٱلشَّيْطَٰنُ ذِكْرَ رَبِّهِۦ فَلَبِثَ فِى ٱلسِّجْنِ بِضْعَ سِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইউছুফে ধাৰণা কৰিলে, তাক তেওঁ ক’লে, ‘তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা’। কিন্তু চয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফক আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ’ল।

See all translations of this verse →

وَقَالَ ٱلْمَلِكُ إِنِّىٓ أَرَىٰ سَبْعَ بَقَرَٰتٍ سِمَانٍ يَأْكُلُهُنَّ سَبْعٌ عِجَافٌ وَسَبْعَ سُنۢبُلَٰتٍ خُضْرٍ وَأُخَرَ يَابِسَٰتٍ يَٰٓأَيُّهَا ٱلْمَلَأُ أَفْتُونِى فِى رُءْيَٰىَ إِن كُنتُمْ لِلرُّءْيَا تَعْبُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰজাই (এদিনাখন) ক’লে, ‘মই সপোনত দেখিলোঁ, সাতজনী হৃষ্ট-পুষ্ট গাই, সিহঁতক আন সাতজনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে আৰু দেখিলোঁ সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ। হে পৰিষদবৰ্গ! যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া’।

See all translations of this verse →

قَالُوٓا۟ أَضْغَٰثُ أَحْلَٰمٍ وَمَا نَحْنُ بِتَأْوِيلِ ٱلْأَحْلَٰمِ بِعَٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘এইটো অৰ্থহীন অলীক সপোন আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়’।

See all translations of this verse →

وَقَالَ ٱلَّذِى نَجَا مِنْهُمَا وَٱدَّكَرَ بَعْدَ أُمَّةٍ أَنَا۠ أُنَبِّئُكُم بِتَأْوِيلِهِۦ فَأَرْسِلُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ’ল, সি ক’লে, ‘মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম। সেয়ে মোক পঠাই দিয়ক’।

See all translations of this verse →

يُوسُفُ أَيُّهَا ٱلصِّدِّيقُ أَفْتِنَا فِى سَبْعِ بَقَرَٰتٍ سِمَانٍ يَأْكُلُهُنَّ سَبْعٌ عِجَافٌ وَسَبْعِ سُنۢبُلَٰتٍ خُضْرٍ وَأُخَرَ يَابِسَٰتٍ لَّعَلِّىٓ أَرْجِعُ إِلَى ٱلنَّاسِ لَعَلَّهُمْ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসি আহি ক’লে, ‘হে ইউছুফ! হে সত্যবাদী! সাতজনী হৃষ্ট-পুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে সাতজনী দুৰ্বল গায়ে আৰু সাতটা সজীৱ শীহ লগতে আন সাতটা শুকান শীহ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ’ব পাৰে’।

See all translations of this verse →

قَالَ تَزْرَعُونَ سَبْعَ سِنِينَ دَأَبًا فَمَا حَصَدتُّمْ فَذَرُوهُ فِى سُنۢبُلِهِۦٓ إِلَّا قَلِيلًا مِّمَّا تَأْكُلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘তোমালোকে একেৰাহে সাত বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰ পিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীহসহ থৈ দিবা’;

See all translations of this verse →

ثُمَّ يَأْتِى مِنۢ بَعْدِ ذَٰلِكَ سَبْعٌ شِدَادٌ يَأْكُلْنَ مَا قَدَّمْتُمْ لَهُنَّ إِلَّا قَلِيلًا مِّمَّا تُحْصِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘ইয়াৰ পিছত আহিব সাতোটা কঠিন (দুৰ্ভিক্ষৰ) বছৰ, এই সাত বছৰত আগতে যি সঞ্চয় কৰি ৰাখিবা, মানুহে সেয়া খাব; কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটো তোমালোকে সংৰক্ষণ কৰি ৰাখিবা’।

See all translations of this verse →

ثُمَّ يَأْتِى مِنۢ بَعْدِ ذَٰلِكَ عَامٌ فِيهِ يُغَاثُ ٱلنَّاسُ وَفِيهِ يَعْصِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ’ব আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব’।

See all translations of this verse →

وَقَالَ ٱلْمَلِكُ ٱئْتُونِى بِهِۦ فَلَمَّا جَآءَهُ ٱلرَّسُولُ قَالَ ٱرْجِعْ إِلَىٰ رَبِّكَ فَسْـَٔلْهُ مَا بَالُ ٱلنِّسْوَةِ ٱلَّٰتِى قَطَّعْنَ أَيْدِيَهُنَّ إِنَّ رَبِّى بِكَيْدِهِنَّ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত আহি উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।

See all translations of this verse →

قَالَ مَا خَطْبُكُنَّ إِذْ رَٰوَدتُّنَّ يُوسُفَ عَن نَّفْسِهِۦ قُلْنَ حَٰشَ لِلَّهِ مَا عَلِمْنَا عَلَيْهِ مِن سُوٓءٍ قَالَتِ ٱمْرَأَتُ ٱلْعَزِيزِ ٱلْـَٰٔنَ حَصْحَصَ ٱلْحَقُّ أَنَا۠ رَٰوَدتُّهُۥ عَن نَّفْسِهِۦ وَإِنَّهُۥ لَمِنَ ٱلصَّٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰজাই নাৰীসকলক (মাতি আনি) ক’লে, ‘যেতিয়া তোমালোকে ইউছুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা, তেতিয়া তোমালোকৰ কি হৈছিল’ (তেওঁ এই বিষয়ে সন্মত হৈছিলনে)? সিহঁতে ক’লে, ‘অদ্ভুত আল্লাহৰ মাহাত্ম্য! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ’। আজীজৰ স্ত্ৰীয়ে ক’লে, ‘এতিয়াহে সত্য প্ৰকাশ পালে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ, আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত’।

See all translations of this verse →

ذَٰلِكَ لِيَعْلَمَ أَنِّى لَمْ أَخُنْهُ بِٱلْغَيْبِ وَأَنَّ ٱللَّهَ لَا يَهْدِى كَيْدَ ٱلْخَآئِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এইটো এইকাৰণে (কৰিলোঁ) যে, যাতে তেওঁ জানিব পাৰে, তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰ সফল নকৰে’।

See all translations of this verse →

وَمَآ أُبَرِّئُ نَفْسِىٓ إِنَّ ٱلنَّفْسَ لَأَمَّارَةٌۢ بِٱلسُّوٓءِ إِلَّا مَا رَحِمَ رَبِّىٓ إِنَّ رَبِّى غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু মই নিজকে নিৰ্দোষ বুলি ক'ব বিচৰা নাই, কিয়নো, নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক অতি ক্ষমাশীল, পৰম দয়ালু’।

See all translations of this verse →

وَقَالَ ٱلْمَلِكُ ٱئْتُونِى بِهِۦٓ أَسْتَخْلِصْهُ لِنَفْسِى فَلَمَّا كَلَّمَهُۥ قَالَ إِنَّكَ ٱلْيَوْمَ لَدَيْنَا مَكِينٌ أَمِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanৰজাই ক’লে, ‘ইউছুফক মোৰ ওচৰলৈ লৈ আহা; মই তেওঁক মোৰ নিজৰ বাবে আপোন কৰি লম’। তাৰ পিছত ৰজাই যেতিয়া তেওঁৰ লগত কথা পাতিলে, তেতিয়া ৰজাই ক’লে, ‘নিশ্চয় আজি আপুনি আমাৰ ওচৰত মৰ্যাদাশীল, পূৰ্ণ বিশ্বস্ত’।

See all translations of this verse →

قَالَ ٱجْعَلْنِى عَلَىٰ خَزَآئِنِ ٱلْأَرْضِ إِنِّى حَفِيظٌ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘মোক দেশৰ কোষাগাৰৰ দায়িত্ব অৰ্পণ কৰক। নিশ্চয় মই উত্তম ৰক্ষক, সুবিজ্ঞ’।

See all translations of this verse →

وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِى ٱلْأَرْضِ يَتَبَوَّأُ مِنْهَا حَيْثُ يَشَآءُ نُصِيبُ بِرَحْمَتِنَا مَن نَّشَآءُ وَلَا نُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰেই আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ; সেই দেশত তেওঁৰ য’তে ইচ্ছা তাতেই অৱস্থান কৰাৰ অধিকাৰ আছিল। আমি যাক ইচ্ছা কৰোঁ তাকেই আমাৰ ৰহমত প্ৰদান কৰোঁ; আৰু আমি সৎকৰ্মশীলসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।

See all translations of this verse →

وَلَأَجْرُ ٱلْـَٔاخِرَةِ خَيْرٌ لِّلَّذِينَ ءَامَنُوا۟ وَكَانُوا۟ يَتَّقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ পুৰস্কাৰেই হৈছে উত্তম।

See all translations of this verse →

وَجَآءَ إِخْوَةُ يُوسُفَ فَدَخَلُوا۟ عَلَيْهِ فَعَرَفَهُمْ وَهُمْ لَهُۥ مُنكِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইউছুফৰ ভাতৃসকল আহিল আৰু তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে। ফলত তেওঁ সিহঁতক চিনি পালে, কিন্তু সিহঁতে তেওঁক চিনি নাপালে।

See all translations of this verse →

وَلَمَّا جَهَّزَهُم بِجَهَازِهِمْ قَالَ ٱئْتُونِى بِأَخٍ لَّكُم مِّنْ أَبِيكُمْ أَلَا تَرَوْنَ أَنِّىٓ أُوفِى ٱلْكَيْلَ وَأَنَا۠ خَيْرُ ٱلْمُنزِلِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ যেতিয়া সিহঁতক সিহঁতৰ খাদ্য-সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰলৈ তোমালোকৰ পিতৃ পক্ষৰ বৈমাত্ৰেয় ভায়েকক লৈ আহিবাচোন। তোমালোকে দেখা নাইনে, মই কেনেকৈ পূৰ্ণ মাত্ৰাত প্ৰদান কৰোঁ আৰু মই কিমান উত্তম অথিতিপৰায়ণ’।

See all translations of this verse →

فَإِن لَّمْ تَأْتُونِى بِهِۦ فَلَا كَيْلَ لَكُمْ عِندِى وَلَا تَقْرَبُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু যদি তোমালোকে তাক লৈ নাহা তেন্তে তোমালোকৰ বাবে মোৰ ওচৰত কোনো খাদ্য-সামগ্ৰী নাই, আনকি তোমালোকে মোৰ ওচৰলৈকেও নাহিবা’।

See all translations of this verse →

قَالُوا۟ سَنُرَٰوِدُ عَنْهُ أَبَاهُ وَإِنَّا لَفَٰعِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘তাৰ বিষয়ে আমি তাৰ পিতৃক সন্মত কৰিবলৈ চেষ্টা কৰিম আৰু আমি এইটো নিশ্চয় কৰিম’।

See all translations of this verse →

وَقَالَ لِفِتْيَٰنِهِ ٱجْعَلُوا۟ بِضَٰعَتَهُمْ فِى رِحَالِهِمْ لَعَلَّهُمْ يَعْرِفُونَهَآ إِذَا ٱنقَلَبُوٓا۟ إِلَىٰٓ أَهْلِهِمْ لَعَلَّهُمْ يَرْجِعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইউছুফে তেওঁৰ কৰ্মচাৰীসকলক ক’লে, ‘সিহঁতে যি পণ্যমূল্য দিছে সেয়া সিহঁতৰ খাদ্য-সামগ্ৰীৰ ভিতৰতে ৰাখি দিয়া, যাতে সিহঁতে পৰিয়ালৰ ওচৰলৈ উভতি যোৱাৰ পিছত সেয়া চিনি পায়। ফলত যাতে সিহঁতে আকৌ উভতি আহে’।

See all translations of this verse →

فَلَمَّا رَجَعُوٓا۟ إِلَىٰٓ أَبِيهِمْ قَالُوا۟ يَٰٓأَبَانَا مُنِعَ مِنَّا ٱلْكَيْلُ فَأَرْسِلْ مَعَنَآ أَخَانَا نَكْتَلْ وَإِنَّا لَهُۥ لَحَٰفِظُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতে যেতিয়া সিহঁতৰ পিতৃৰ ওচৰলৈ উভতি আহিল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ বাবে পৰিমাপকৃত খাদ্য-সামগ্ৰী নিষিদ্ধ কৰা হৈছে। গতিকে আমাৰ ভায়েকক আমাৰ লগত পঠাই দিয়ক যাতে আমি পৰিমাপকৃত খাদ্য-সামগ্ৰী পাওঁ। অৱশ্যে আমি তাৰ হিফাজত কৰিম’।

See all translations of this verse →

قَالَ هَلْ ءَامَنُكُمْ عَلَيْهِ إِلَّا كَمَآ أَمِنتُكُمْ عَلَىٰٓ أَخِيهِ مِن قَبْلُ فَٱللَّهُ خَيْرٌ حَٰفِظًا وَهُوَ أَرْحَمُ ٱلرَّٰحِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘মই তোমালোকক ইয়াৰ বিষয়ে তেনেকৈয়ে নিৰাপদ বুলি ভাবিম নেকি, যেনেকৈ ইয়াৰ আগত তোমালোকক নিৰাপদ বুলি ভাবিছিলোঁ ইয়াৰ ভায়েকৰ বিষয়ে? কিন্তু আল্লাহেই ৰক্ষণাবেক্ষণত শ্ৰেষ্ঠ আৰু তেৱেঁই সৰ্বশ্ৰেষ্ঠ দয়ালু’।

See all translations of this verse →

وَلَمَّا فَتَحُوا۟ مَتَٰعَهُمْ وَجَدُوا۟ بِضَٰعَتَهُمْ رُدَّتْ إِلَيْهِمْ قَالُوا۟ يَٰٓأَبَانَا مَا نَبْغِى هَٰذِهِۦ بِضَٰعَتُنَا رُدَّتْ إِلَيْنَا وَنَمِيرُ أَهْلَنَا وَنَحْفَظُ أَخَانَا وَنَزْدَادُ كَيْلَ بَعِيرٍ ذَٰلِكَ كَيْلٌ يَسِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতে সিহঁতৰ খাদ্য-সামগ্ৰীৰ টোপোলা খুলিলে তেতিয়া সিহঁতে দেখিবলৈ পালে যে, সিহঁতৰ পণ্যমূল্য সিহঁতক ওভতাই দিয়া হৈছে। সিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমি আৰু কি প্ৰত্যাশা কৰিব পাৰোঁ? চাওক এয়া আমি দিয়া পণ্যমূল্য, আমাক আকৌ ওভতাই দিয়া হৈছে। আমি আমাৰ পৰিয়ালবৰ্গক খাদ্য-সামগ্ৰী আনি দিম আৰু আমি আমাৰ ভাতৃৰ ৰক্ষণাবেক্ষণ কৰিম লগতে আমি অতিৰিক্ত আৰু এটা উটৰ (পিঠিত) পণ্য আনিম; এই পৰিমাণৰ শস্য লৈ অহাটো অতি সহজ’।

See all translations of this verse →

قَالَ لَنْ أُرْسِلَهُۥ مَعَكُمْ حَتَّىٰ تُؤْتُونِ مَوْثِقًا مِّنَ ٱللَّهِ لَتَأْتُنَّنِى بِهِۦٓ إِلَّآ أَن يُحَاطَ بِكُمْ فَلَمَّآ ءَاتَوْهُ مَوْثِقَهُمْ قَالَ ٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপিতাকে ক’লে, ‘মই তাক কেতিয়াও তোমালোকৰ লগত নপঠাওঁ যেতিয়ালৈকে তোমালোকে আল্লাহৰ নামত এই অঙ্গীকাৰ নকৰিবা যে, তোমালোকে তাক মোৰ ওচৰলৈ ঘূৰাই আনিবা, অৱশ্যে যদি তোমালোকক আটক কৰা হয় (তেন্তে সেয়া ভিন্ন কথা)’। তাৰ পিছত সিহঁতে যেতিয়া তেওঁৰ ওচৰত প্ৰতিজ্ঞা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আমি যি বিষয়ে কথা পাতি আছোঁ, আল্লাহেই ইয়াৰ বিধায়ক’।

See all translations of this verse →

وَقَالَ يَٰبَنِىَّ لَا تَدْخُلُوا۟ مِنۢ بَابٍ وَٰحِدٍ وَٱدْخُلُوا۟ مِنْ أَبْوَٰبٍ مُّتَفَرِّقَةٍ وَمَآ أُغْنِى عَنكُم مِّنَ ٱللَّهِ مِن شَىْءٍ إِنِ ٱلْحُكْمُ إِلَّا لِلَّهِ عَلَيْهِ تَوَكَّلْتُ وَعَلَيْهِ فَلْيَتَوَكَّلِ ٱلْمُتَوَكِّلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰোঁ। আদেশ কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰীসকলে নিৰ্ভৰ কৰা উচিত’।

See all translations of this verse →

وَلَمَّا دَخَلُوا۟ مِنْ حَيْثُ أَمَرَهُمْ أَبُوهُم مَّا كَانَ يُغْنِى عَنْهُم مِّنَ ٱللَّهِ مِن شَىْءٍ إِلَّا حَاجَةً فِى نَفْسِ يَعْقُوبَ قَضَىٰهَا وَإِنَّهُۥ لَذُو عِلْمٍ لِّمَا عَلَّمْنَٰهُ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতে সিহঁতৰ পিতৃৰ আদেশ মতে প্ৰৱেশ কৰিলে, তেতিয়া আল্লাহৰ আদেশৰ বিপৰীতে সেয়া সিহঁতৰ কোনো কামত অহা নাছিল; ইয়াকূবে কেৱল তেওঁৰ মনৰ এটি অভিপ্ৰায় পূৰ্ণ কৰিছিল, আৰু অৱশ্যে তেওঁ আমি দিয়া শিক্ষাৰে জ্ঞানৱান আছিল। কিন্তু বেছি ভাগ মানুহেই অৱগত নহয়।

See all translations of this verse →

وَلَمَّا دَخَلُوا۟ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيْهِ أَخَاهُ قَالَ إِنِّىٓ أَنَا۠ أَخُوكَ فَلَا تَبْتَئِسْ بِمَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে যেতিয়া ইউছুফৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউছুফে তেওঁৰ সহোদৰ ভায়েকক নিজৰ ওচৰতে ৰাখিলে আৰু ক’লে, ‘নিশ্চয় ময়েই তোমাৰ সহোদৰ ভায়েক, গতিকে সিহঁতে যি কৰিছিল তাৰ বাবে তুমি দুখ নকৰিবা’।

See all translations of this verse →

فَلَمَّا جَهَّزَهُم بِجَهَازِهِمْ جَعَلَ ٱلسِّقَايَةَ فِى رَحْلِ أَخِيهِ ثُمَّ أَذَّنَ مُؤَذِّنٌ أَيَّتُهَا ٱلْعِيرُ إِنَّكُمْ لَسَٰرِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁ যেতিয়া সিহঁতৰ সামগ্ৰীৰ ব্যৱস্থা কৰি দিলে, তেতিয়া তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলাৰ মাজত পানপাত্ৰ ৰাখি দিলে। তাৰ পিছত এজন আহ্বায়কে চিঞৰি ক’লে, ‘হে যাত্ৰীদল! নিশ্চয় তোমালোকে চুৰি কৰিছা’।

See all translations of this verse →

قَالُوا۟ وَأَقْبَلُوا۟ عَلَيْهِم مَّاذَا تَفْقِدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে তেওঁলোকৰ ফালে চাই সুধিলে, ‘আপোনালোকৰ কি হেৰাইছে’?

See all translations of this verse →

قَالُوا۟ نَفْقِدُ صُوَاعَ ٱلْمَلِكِ وَلِمَن جَآءَ بِهِۦ حِمْلُ بَعِيرٍ وَأَنَا۠ بِهِۦ زَعِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’লে, ‘আমি ৰজাৰ পানপাত্ৰ হেৰাইছোঁ। যিয়ে সেইটো আনি দিব, সি এটা উটৰ (পিঠিত) বোজাই পৰিমাণ খাদ্য-সামগ্ৰী উপহাৰ পাব; আৰু ইয়াৰ নিশ্চয়তাৰ দায়িত্ব মোৰ’।

See all translations of this verse →

قَالُوا۟ تَٱللَّهِ لَقَدْ عَلِمْتُم مَّا جِئْنَا لِنُفْسِدَ فِى ٱلْأَرْضِ وَمَا كُنَّا سَٰرِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপোনালোকে জানেই দেখোন যে, আমি এই দেশত দুষ্কৃতি কৰিবলৈ অহা নাই আৰু আমি চোৰো নহয়’।

See all translations of this verse →

قَالُوا۟ فَمَا جَزَٰٓؤُهُۥٓ إِن كُنتُمْ كَٰذِبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক’লে, ‘যদি তোমালোকে মিছলীয়া হোৱা তেন্তে ইয়াৰ শাস্তি কি হ'ব?

See all translations of this verse →

قَالُوا۟ جَزَٰٓؤُهُۥ مَن وُجِدَ فِى رَحْلِهِۦ فَهُوَ جَزَٰٓؤُهُۥ كَذَٰلِكَ نَجْزِى ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘ইয়াৰ শাস্তি হ’ব, যাৰ টোপোলাৰ মাজত সেই পাত্ৰটো পোৱা যাব, সিয়েই তাৰ বিনিময়’। এইদৰেই আমি যালিমসকলক শাস্তি প্ৰদান কৰোঁ।

See all translations of this verse →

فَبَدَأَ بِأَوْعِيَتِهِمْ قَبْلَ وِعَآءِ أَخِيهِ ثُمَّ ٱسْتَخْرَجَهَا مِن وِعَآءِ أَخِيهِ كَذَٰلِكَ كِدْنَا لِيُوسُفَ مَا كَانَ لِيَأْخُذَ أَخَاهُ فِى دِينِ ٱلْمَلِكِ إِلَّآ أَن يَشَآءَ ٱللَّهُ نَرْفَعُ دَرَجَٰتٍ مَّن نَّشَآءُ وَفَوْقَ كُلِّ ذِى عِلْمٍ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তেওঁ নিজৰ সহোদৰ ভায়েকৰ টোপোলা চোৱাৰ আগতে সিহঁতৰ টোপোলাত তালাচী আৰম্ভ কৰিলে, পিছত তেওঁৰ সহোদৰ ভায়েকৰ টোপোলাৰ পৰা পাত্ৰটো উলিয়াই আনিলে। এনেকৈ আমি ইউছুফৰ বাবে কৌশল কৰিছিলোঁ। আল্লাহে ইচ্ছা নকৰিলে ৰজাৰ আইনত তেওঁৰ ভাতৃক আটক কৰাটো সংগত নাছিল। আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাত উচ্চ কৰি দিওঁ। কাৰণ প্ৰত্যেক জ্ঞানৱান ব্যক্তিৰ ওপৰত আছে সৰ্বজ্ঞানী।

See all translations of this verse →

قَالُوٓا۟ إِن يَسْرِقْ فَقَدْ سَرَقَ أَخٌ لَّهُۥ مِن قَبْلُ فَأَسَرَّهَا يُوسُفُ فِى نَفْسِهِۦ وَلَمْ يُبْدِهَا لَهُمْ قَالَ أَنتُمْ شَرٌّ مَّكَانًا وَٱللَّهُ أَعْلَمُ بِمَا تَصِفُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘সি যদি চুৰি কৰিছে তেন্তে (এয়া কোনো আচৰিত কথা নহয়) ইয়াৰ পূৰ্বে ইয়াৰ সহোদৰেও চুৰি কৰিছিল’। কিন্তু ইউছুফে প্ৰকৃত বিষয়টো নিজৰ মনতে গোপন ৰাখিলে আৰু সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। তেওঁ (মনে মনে) ক’লে, ‘তোমালোকৰ অৱস্থা অতি জঘন্য আৰু তোমালোকে যি কৈ আছা সেই বিষয়ে আল্লাহেই অধিক অৱগত’।

See all translations of this verse →

قَالُوا۟ يَٰٓأَيُّهَا ٱلْعَزِيزُ إِنَّ لَهُۥٓ أَبًا شَيْخًا كَبِيرًا فَخُذْ أَحَدَنَا مَكَانَهُۥٓ إِنَّا نَرَىٰكَ مِنَ ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে আজীজ! ইয়াৰ পিতৃ অত্যন্ত বৃদ্ধ; গতিকে ইয়াৰ ঠাইত আমাৰ মাজৰ কোনোবা এজনক ৰাখি দিয়ক। আমাৰ দৃষ্টিত আপুনি এজন সৎকৰ্মশীল ব্যক্তি’।

See all translations of this verse →

قَالَ مَعَاذَ ٱللَّهِ أَن نَّأْخُذَ إِلَّا مَن وَجَدْنَا مَتَٰعَنَا عِندَهُۥٓ إِنَّآ إِذًا لَّظَٰلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘যাৰ ওচৰত আমি আমাৰ বস্তুটো পাইছোঁ, তাৰ বাহিৰে আনক আটক কৰাৰ অপৰাধৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ। এনে কৰিলে নিশ্চয় আমি যালিমত পৰিণত হ'ম’।

See all translations of this verse →

فَلَمَّا ٱسْتَيْـَٔسُوا۟ مِنْهُ خَلَصُوا۟ نَجِيًّا قَالَ كَبِيرُهُمْ أَلَمْ تَعْلَمُوٓا۟ أَنَّ أَبَاكُمْ قَدْ أَخَذَ عَلَيْكُم مَّوْثِقًا مِّنَ ٱللَّهِ وَمِن قَبْلُ مَا فَرَّطتُمْ فِى يُوسُفَ فَلَنْ أَبْرَحَ ٱلْأَرْضَ حَتَّىٰ يَأْذَنَ لِىٓ أَبِىٓ أَوْ يَحْكُمَ ٱللَّهُ لِى وَهُوَ خَيْرُ ٱلْحَٰكِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া সিহঁত তাৰ বিষয়ে সম্পূৰ্ণৰূপে নিৰাশ হ’ল, তেতিয়া সিহঁতে পৰামৰ্শ কৰিবলৈ একান্তভাৱে গোট খালে। সিহঁতৰ মাজৰ ডাঙৰ জনে ক’লে, ‘তোমালোকৰ মনত আছেনে তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা আল্লাহৰ নামত অঙ্গীকাৰ লৈছে আৰু ইয়াৰ আগতেও তোমালোকে ইউছুফৰ বিষয়ে অন্যায় কৰিছিলা। গতিকে মই কেতিয়াও এই দেশ এৰি নাযাওঁ, যেতিয়ালৈকে মোৰ পিতৃয়ে মোক অনুমতি নিদিব অথবা আল্লাহে মোৰ বাবে কোনো ফয়চালা নকৰিব আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী’।

See all translations of this verse →

ٱرْجِعُوٓا۟ إِلَىٰٓ أَبِيكُمْ فَقُولُوا۟ يَٰٓأَبَانَآ إِنَّ ٱبْنَكَ سَرَقَ وَمَا شَهِدْنَآ إِلَّا بِمَا عَلِمْنَا وَمَا كُنَّا لِلْغَيْبِ حَٰفِظِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(গতিকে) তোমালোকে তোমালোকৰ পিতৃৰ ওচৰলৈ ঘূৰি যোৱা আৰু কোৱাগৈ, ‘হে আমাৰ পিতৃ! আপোনাৰ পুত্ৰই চুৰি কৰিছে আৰু আমি যি জানো তাৰেই প্ৰত্যক্ষ বিৱৰণ দিলোঁ, আৰু আমি গায়েবী বিষয় সম্পৰ্কে অৱগত নহয়’।

See all translations of this verse →

وَسْـَٔلِ ٱلْقَرْيَةَ ٱلَّتِى كُنَّا فِيهَا وَٱلْعِيرَ ٱلَّتِىٓ أَقْبَلْنَا فِيهَا وَإِنَّا لَصَٰدِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘(যদি বিশ্বাস নহয়) তেন্তে যি জনপদত আমি আছিলোঁ সেই ঠাইৰ অধিবাসীসকলক সোধক আৰু যি যাত্ৰীদলৰ লগত আমি আহিছোঁ তেওঁলোককো সোধক। নিশ্চয় আমি সঁচা কথাকে কৈ আছোঁ’।

See all translations of this verse →

قَالَ بَلْ سَوَّلَتْ لَكُمْ أَنفُسُكُمْ أَمْرًا فَصَبْرٌ جَمِيلٌ عَسَى ٱللَّهُ أَن يَأْتِيَنِى بِهِمْ جَمِيعًا إِنَّهُۥ هُوَ ٱلْعَلِيمُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ (ইয়াকূবে) ক’লে, ‘নহয়, বৰং তোমালোকৰ কু-প্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে। গতিকে উত্তম ধৈৰ্য্যই হৈছে মোৰ বাবে শ্ৰেয়; সম্ভৱতঃ আল্লাহে সিহঁত উভয়কে একেলগে মোৰ ওচৰলৈ আনি দিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।

See all translations of this verse →

وَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَٰٓأَسَفَىٰ عَلَىٰ يُوسُفَ وَٱبْيَضَّتْ عَيْنَاهُ مِنَ ٱلْحُزْنِ فَهُوَ كَظِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই নিলে আৰু ক’লে, ‘হায় আফচোচ! ইউছুফৰ বাবে’। শোকত (কান্দি কান্দি) তেওঁৰ চকু দুটা ঘোলা হৈ পৰিছিল আৰু তেওঁ আছিল অসহনীয় মনস্তাপত ক্লিষ্ট।

See all translations of this verse →

قَالُوا۟ تَٱللَّهِ تَفْتَؤُا۟ تَذْكُرُ يُوسُفَ حَتَّىٰ تَكُونَ حَرَضًا أَوْ تَكُونَ مِنَ ٱلْهَٰلِكِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি ইউছুফৰ কথা সদায় স্মৰণ কৰি থাকিব যেতিয়ালৈকে আপুনি মুমূৰ্ষ অৱস্থাত উপনীত নহয় অথবা আপোনাৰ মৃত্যু নহয়’।

See all translations of this verse →

قَالَ إِنَّمَآ أَشْكُوا۟ بَثِّى وَحُزْنِىٓ إِلَى ٱللَّهِ وَأَعْلَمُ مِنَ ٱللَّهِ مَا لَا تَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘মই মোৰ অসহনীয় বেদনা আৰু মোৰ দুখ কেৱল আল্লাহৰ ওচৰতেই নিবেদন কৰোঁ আৰু মই আল্লাহৰ তৰফৰ পৰা সেয়া জানো যিটো তোমালোকে নাজানা’।

See all translations of this verse →

يَٰبَنِىَّ ٱذْهَبُوا۟ فَتَحَسَّسُوا۟ مِن يُوسُفَ وَأَخِيهِ وَلَا تَا۟يْـَٔسُوا۟ مِن رَّوْحِ ٱللَّهِ إِنَّهُۥ لَا يَا۟يْـَٔسُ مِن رَّوْحِ ٱللَّهِ إِلَّا ٱلْقَوْمُ ٱلْكَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ পুত্ৰসকল! তোমালোকে যোৱা, ইউছুফ আৰু তাৰ সহোদৰৰ সন্ধান কৰাগৈ আৰু আল্লাহৰ ৰহমতৰ পৰা তোমালোকে নিৰাশ নহ’বা। কাৰণ আল্লাহৰ ৰহমতৰ পৰা কাফিৰ সম্প্ৰদায়ৰ বাহিৰে আন কোনেও নিৰাশ নহয়’।

See all translations of this verse →

فَلَمَّا دَخَلُوا۟ عَلَيْهِ قَالُوا۟ يَٰٓأَيُّهَا ٱلْعَزِيزُ مَسَّنَا وَأَهْلَنَا ٱلضُّرُّ وَجِئْنَا بِبِضَٰعَةٍ مُّزْجَىٰةٍ فَأَوْفِ لَنَا ٱلْكَيْلَ وَتَصَدَّقْ عَلَيْنَآ إِنَّ ٱللَّهَ يَجْزِى ٱلْمُتَصَدِّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যেতিয়া সিহঁতে গৈ ইউছুফৰ ওচৰত উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আজীজ! আমি আৰু আমাৰ পৰিয়ালবৰ্গ বিপন্ন হৈ পৰিছোঁ আৰু আমি তুচ্ছ পুঁজি লৈ আহিছোঁ; গতিকে আপুনি আমাক খাদ্য-সামগ্ৰী পূৰ্ণ মাত্ৰাত প্ৰদান কৰক আৰু আমাৰ প্ৰতি অনুগ্ৰহ কৰক; নিশ্চয় আল্লাহে অনুগ্ৰহকাৰী-সকলক পুৰস্কৃত কৰে’।

See all translations of this verse →

قَالَ هَلْ عَلِمْتُم مَّا فَعَلْتُم بِيُوسُفَ وَأَخِيهِ إِذْ أَنتُمْ جَٰهِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইউছুফে ক’লে, ‘তোমালোকে জানানে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি আচৰণ কৰিছিলা, যেতিয়া তোমালোক আছিলা (পৰিণাম সম্পৰ্কে) অজ্ঞ’?

See all translations of this verse →

قَالُوٓا۟ أَءِنَّكَ لَأَنتَ يُوسُفُ قَالَ أَنَا۠ يُوسُفُ وَهَٰذَآ أَخِى قَدْ مَنَّ ٱللَّهُ عَلَيْنَآ إِنَّهُۥ مَن يَتَّقِ وَيَصْبِرْ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘তেন্তে তুমিয়েই ইউছুফ নেকি’? তেওঁ ক’লে, ‘হয়, ময়েই ইউছুফ আৰু এওঁ হৈছে মোৰ ভাইটি; নিশ্চয় আল্লাহে আমাৰ ওপৰত অনুগ্ৰহ কৰিছে। নিশ্চয় যি ব্যক্তিয়ে তাক্বৱা অৱলম্বন কৰে আৰু ধৈৰ্য্য ধাৰণ কৰে, (জানি থোৱা) নিশ্চিতভাৱে আল্লাহে তেনেকুৱা সৎকৰ্মশীল লোকসকলৰ শ্ৰমফল বিনষ্ট নকৰে’।

See all translations of this verse →

قَالُوا۟ تَٱللَّهِ لَقَدْ ءَاثَرَكَ ٱللَّهُ عَلَيْنَا وَإِن كُنَّا لَخَٰطِـِٔينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আল্লাহৰ শপত! আল্লাহে নিশ্চয় তোমাক আমাৰ ওপৰত প্ৰাধান্য দিছে আৰু নিঃসন্দেহে আমি আছিলোঁ অপৰাধী’।

See all translations of this verse →

قَالَ لَا تَثْرِيبَ عَلَيْكُمُ ٱلْيَوْمَ يَغْفِرُ ٱللَّهُ لَكُمْ وَهُوَ أَرْحَمُ ٱلرَّٰحِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘আজি তোমালোকৰ বিৰুদ্ধে কোনো গৰিহণা নাই। আল্লাহে তোমালোকক ক্ষমা কৰক আৰু তেৱেঁই শ্ৰেষ্ঠ দয়ালু’।

See all translations of this verse →

ٱذْهَبُوا۟ بِقَمِيصِى هَٰذَا فَأَلْقُوهُ عَلَىٰ وَجْهِ أَبِى يَأْتِ بَصِيرًا وَأْتُونِى بِأَهْلِكُمْ أَجْمَعِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে মোৰ এই চোলাটো লৈ যোৱা আৰু এইটো মোৰ পিতৃৰ মুখমণ্ডলৰ ওপৰত ৰাখিবা; তেতিয়া তেওঁ দৃষ্টি শক্তি ঘূৰাই পাব। লগতে তোমালোকৰ পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আহাগৈ’।

See all translations of this verse →

وَلَمَّا فَصَلَتِ ٱلْعِيرُ قَالَ أَبُوهُمْ إِنِّى لَأَجِدُ رِيحَ يُوسُفَ لَوْلَآ أَن تُفَنِّدُونِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া যাত্ৰীদল ওলাই পৰিল সেই সময়তে (ইয়াত) তেওঁলোকৰ পিতৃয়ে ক'লে, তোমালোকে যদি মোক ভাৰসাম্যহীন বৃদ্ধ বুলি নভবা তেন্তে মই কওঁ যে, ‘মই ইউছুফৰ ঘ্ৰাণ পাই আছোঁ’।

See all translations of this verse →

قَالُوا۟ تَٱللَّهِ إِنَّكَ لَفِى ضَلَٰلِكَ ٱلْقَدِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘আল্লাহৰ শপত! আপুনি এতিয়াও সেই পুৰণি বিভ্ৰান্তিতেই আছে’।

See all translations of this verse →

فَلَمَّآ أَن جَآءَ ٱلْبَشِيرُ أَلْقَىٰهُ عَلَىٰ وَجْهِهِۦ فَٱرْتَدَّ بَصِيرًا قَالَ أَلَمْ أَقُل لَّكُمْ إِنِّىٓ أَعْلَمُ مِنَ ٱللَّهِ مَا لَا تَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যেতিয়া সুসংবাদবাহক আহি উপস্থিত হ’ল আৰু তেওঁৰ মুখমণ্ডলৰ ওপৰত চোলাটো ৰাখিলে, তেতিয়া তেওঁ নিজৰ দৃষ্টি শক্তি ঘূৰাই পালে। তেওঁ ক’লে, ‘মই তোমালোকক কোৱা নাছিলোনে যে, মই আল্লাহৰ তৰফৰ পৰা যি জানো তোমালোকে সেয়া নাজানা’?

See all translations of this verse →

قَالُوا۟ يَٰٓأَبَانَا ٱسْتَغْفِرْ لَنَا ذُنُوبَنَآ إِنَّا كُنَّا خَٰطِـِٔينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’লে, ‘হে আমাৰ পিতৃ! আমাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক; নিশ্চয় আমি অপৰাধী’।

See all translations of this verse →

قَالَ سَوْفَ أَسْتَغْفِرُ لَكُمْ رَبِّىٓ إِنَّهُۥ هُوَ ٱلْغَفُورُ ٱلرَّحِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ক’লে, ‘অচিৰেই মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু’।

See all translations of this verse →

فَلَمَّا دَخَلُوا۟ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيْهِ أَبَوَيْهِ وَقَالَ ٱدْخُلُوا۟ مِصْرَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত তেওঁলোক যেতিয়া ইউছুফৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া তেওঁ পিতৃ-মাতৃক নিজৰ কাষত স্থান দিলে, আৰু ক’লে, ‘আপোনালোকে আল্লাহৰ ইচ্ছাত নিৰাপদে মিচৰত অৱস্থান কৰক’।

See all translations of this verse →

وَرَفَعَ أَبَوَيْهِ عَلَى ٱلْعَرْشِ وَخَرُّوا۟ لَهُۥ سُجَّدًا وَقَالَ يَٰٓأَبَتِ هَٰذَا تَأْوِيلُ رُءْيَٰىَ مِن قَبْلُ قَدْ جَعَلَهَا رَبِّى حَقًّا وَقَدْ أَحْسَنَ بِىٓ إِذْ أَخْرَجَنِى مِنَ ٱلسِّجْنِ وَجَآءَ بِكُم مِّنَ ٱلْبَدْوِ مِنۢ بَعْدِ أَن نَّزَغَ ٱلشَّيْطَٰنُ بَيْنِى وَبَيْنَ إِخْوَتِىٓ إِنَّ رَبِّى لَطِيفٌ لِّمَا يَشَآءُ إِنَّهُۥ هُوَ ٱلْعَلِيمُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইউছুফে তেওঁৰ পিতৃ-মাতৃক উচ্চ আসনত বহুৱালে আৰু তেওঁলোক সকলোৱে তেওঁৰ সন্মানত ছাজদাৱনত হ’ল। তেতিয়া তেওঁ ক’লে, ‘হে মোৰ পিতৃ! এইটোৱেই মোৰ সপোনৰ ব্যাখ্যা; মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেৱেঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে। নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে। নিশ্চয় তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়’।

See all translations of this verse →

رَبِّ قَدْ ءَاتَيْتَنِى مِنَ ٱلْمُلْكِ وَعَلَّمْتَنِى مِن تَأْوِيلِ ٱلْأَحَادِيثِ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ أَنتَ وَلِىِّۦ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ تَوَفَّنِى مُسْلِمًا وَأَلْحِقْنِى بِٱلصَّٰلِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ প্ৰতিপালক! তুমিয়েই মোক ৰাজত্ব দান কৰিছা আৰু সপোনৰ ব্যাখ্যা শিক্ষা দিছা। হে আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা! তুমিয়েই পৃথিৱী আৰু আখিৰাতত মোৰ অভিভাৱক। তুমি মোক মুছলিম অৱস্থাত মুত্যু প্ৰদান কৰা আৰু মোক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰা’।

See all translations of this verse →

ذَٰلِكَ مِنْ أَنۢبَآءِ ٱلْغَيْبِ نُوحِيهِ إِلَيْكَ وَمَا كُنتَ لَدَيْهِمْ إِذْ أَجْمَعُوٓا۟ أَمْرَهُمْ وَهُمْ يَمْكُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইবোৰ হৈছে গায়েবৰ সংবাদ, যিবোৰ আমি অহীৰ দ্বাৰা তোমাক জনাই আছোঁ, যেতিয়া সিহঁতে ঐক্যমতত উপনীত হৈ ষড়যন্ত্ৰ ৰচিছিল, তেতিয়া তুমি সিহঁতৰ কাষত নাছিলা।

See all translations of this verse →

وَمَآ أَكْثَرُ ٱلنَّاسِ وَلَوْ حَرَصْتَ بِمُؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।

See all translations of this verse →

وَمَا تَسْـَٔلُهُمْ عَلَيْهِ مِنْ أَجْرٍ إِنْ هُوَ إِلَّا ذِكْرٌ لِّلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅথচ তুমি সিহঁতৰ পৰা কোনো প্ৰতিদানো বিচৰা নাই। এই (কোৰআন) হৈছে সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ।

See all translations of this verse →

وَكَأَيِّن مِّنْ ءَايَةٍ فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ يَمُرُّونَ عَلَيْهَا وَهُمْ عَنْهَا مُعْرِضُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশসমূহ আৰু পৃথিৱীত বহুতো নিদৰ্শন আছে; সিহঁতে এইবোৰ দেখে কিন্তু সিহঁতে এইবোৰৰ প্ৰতি উদাসীন।

See all translations of this verse →

وَمَا يُؤْمِنُ أَكْثَرُهُم بِٱللَّهِ إِلَّا وَهُم مُّشْرِكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ সৰহভাগ মানুহেই ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।

See all translations of this verse →

أَفَأَمِنُوٓا۟ أَن تَأْتِيَهُمْ غَٰشِيَةٌ مِّنْ عَذَابِ ٱللَّهِ أَوْ تَأْتِيَهُمُ ٱلسَّاعَةُ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে সিহঁত আল্লাহৰ সৰ্বগ্ৰাসী শাস্তিৰ পৰা, নাইবা সিহঁতৰ অজানিতে ক্বিয়ামতৰ আকস্মিক আগমনৰ পৰা সিহঁত নিৰাপদ হৈ গৈছে নেকি?

See all translations of this verse →

قُلْ هَٰذِهِۦ سَبِيلِىٓ أَدْعُوٓا۟ إِلَى ٱللَّهِ عَلَىٰ بَصِيرَةٍ أَنَا۠ وَمَنِ ٱتَّبَعَنِى وَسُبْحَٰنَ ٱللَّهِ وَمَآ أَنَا۠ مِنَ ٱلْمُشْرِكِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘এইটোৱেই হৈছে মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰোঁ। আল্লাহ অতি পৱিত্ৰ, আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।

See all translations of this verse →

وَمَآ أَرْسَلْنَا مِن قَبْلِكَ إِلَّا رِجَالًا نُّوحِىٓ إِلَيْهِم مِّنْ أَهْلِ ٱلْقُرَىٰٓ أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ وَلَدَارُ ٱلْـَٔاخِرَةِ خَيْرٌ لِّلَّذِينَ ٱتَّقَوْا۟ أَفَلَا تَعْقِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰি প্ৰেৰণ কৰিছিলোঁ, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলোঁ। এই লোকসকলে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তথাপিও তোমালোকে বুজি নোপোৱানে?

See all translations of this verse →

حَتَّىٰٓ إِذَا ٱسْتَيْـَٔسَ ٱلرُّسُلُ وَظَنُّوٓا۟ أَنَّهُمْ قَدْ كُذِبُوا۟ جَآءَهُمْ نَصْرُنَا فَنُجِّىَ مَن نَّشَآءُ وَلَا يُرَدُّ بَأْسُنَا عَنِ ٱلْقَوْمِ ٱلْمُجْرِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅৱশেষত যেতিয়া ৰাছুলসকলে (তেওঁলোকৰ সম্প্ৰদায়ৰ ঈমানৰ পৰা) নিৰাশ হ’ল আৰু মানুহে ধাৰণা কৰিলে যে, ৰাছুলসকলক মিছা প্ৰতিশ্ৰুতি দিয়া হৈছে, তেতিয়া তেওঁলোকৰ ওচৰলৈ আমাৰ সাহায্য আহি পালে। তাৰ পিছত আমি যাক ইচ্ছা কৰিলোঁ তাক উদ্ধাৰ কৰা হ’ল। কিন্তু অপৰাধী সম্প্ৰদায়ৰ পৰা আমাৰ শাস্তি কেতিয়াও ৰহিত কৰা নহয়।

See all translations of this verse →

لَقَدْ كَانَ فِى قَصَصِهِمْ عِبْرَةٌ لِّأُو۟لِى ٱلْأَلْبَٰبِ مَا كَانَ حَدِيثًا يُفْتَرَىٰ وَلَٰكِن تَصْدِيقَ ٱلَّذِى بَيْنَ يَدَيْهِ وَتَفْصِيلَ كُلِّ شَىْءٍ وَهُدًى وَرَحْمَةً لِّقَوْمٍ يُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ বৃত্তান্তত অৱশ্যে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে আছে শিক্ষা। এইখন কোনো মনে সজা ৰচনা নহয়। বৰং এইখন হৈছে আগৰ গ্ৰন্থবোৰত যি আছে তাৰেই সমৰ্থক আৰু সকলো বিষয়ৰ বিশদ বিৱৰণ, লগতে মুমিন সম্প্ৰদায়ৰ বাবে ই হৈছে হিদায়ত আৰু ৰহমত।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70