ছুৰা Al-Ghaafir غافر
৮৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৬০
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ حمٓ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহা-মীম।[1]
See all translations of this verse →
تَنزِيلُ ٱلْكِتَٰبِ مِنَ ٱللَّهِ ٱلْعَزِيزِ ٱلْعَلِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইখন কিতাব অৱতীৰ্ণ হৈছে আল্লাহৰ তৰফৰ পৰা যিজন মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ,
See all translations of this verse →
غَافِرِ ٱلذَّنۢبِ وَقَابِلِ ٱلتَّوْبِ شَدِيدِ ٱلْعِقَابِ ذِى ٱلطَّوْلِ لَآ إِلَٰهَ إِلَّا هُوَ إِلَيْهِ ٱلْمَصِيرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ পাপ ক্ষমাকাৰী, তাওবা গ্ৰহণকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী, অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ফালেই প্ৰত্যাৱৰ্তন।
See all translations of this verse →
مَا يُجَٰدِلُ فِىٓ ءَايَٰتِ ٱللَّهِ إِلَّا ٱلَّذِينَ كَفَرُوا۟ فَلَا يَغْرُرْكَ تَقَلُّبُهُمْ فِى ٱلْبِلَٰدِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ আয়াতসমূহকলৈ বিতৰ্ক কেৱল সিহঁতেই কৰে যিসকলে কুফৰী কৰিছে; এতেকে দেশ বিদেশলৈ সিহঁতৰ অবাধ বিচৰণে যেন তোমাক বিচলিত নকৰে।
See all translations of this verse →
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَٱلْأَحْزَابُ مِنۢ بَعْدِهِمْ وَهَمَّتْ كُلُّ أُمَّةٍۭ بِرَسُولِهِمْ لِيَأْخُذُوهُ وَجَٰدَلُوا۟ بِٱلْبَٰطِلِ لِيُدْحِضُوا۟ بِهِ ٱلْحَقَّ فَأَخَذْتُهُمْ فَكَيْفَ كَانَ عِقَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ পূৰ্বে নূহ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে সিহঁতৰ পিছত আৰু বহু দলে অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰাৰ সংকল্প কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ অসাৰ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। ফলত ময়ে সিহঁতক কৰায়ত্ত কৰিছিলোঁ। এতেকে কিমান কঠোৰ আছিল মোৰ শাস্তি!
See all translations of this verse →
وَكَذَٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَى ٱلَّذِينَ كَفَرُوٓا۟ أَنَّهُمْ أَصْحَٰبُ ٱلنَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে কুফৰী কৰিছিল, এইদৰেই সিহঁতৰ ওপৰত বাস্তৱায়িত হৈছিল তোমাৰ প্ৰতিপালকৰ বাণী যে, নিশ্চয় সিহঁত হৈছে জাহান্নামী।
See all translations of this verse →
ٱلَّذِينَ يَحْمِلُونَ ٱلْعَرْشَ وَمَنْ حَوْلَهُۥ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ وَيُؤْمِنُونَ بِهِۦ وَيَسْتَغْفِرُونَ لِلَّذِينَ ءَامَنُوا۟ رَبَّنَا وَسِعْتَ كُلَّ شَىْءٍ رَّحْمَةً وَعِلْمًا فَٱغْفِرْ لِلَّذِينَ تَابُوا۟ وَٱتَّبَعُوا۟ سَبِيلَكَ وَقِهِمْ عَذَابَ ٱلْجَحِيمِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে আছে, তেওঁলোকে নিজ প্ৰতিপালকৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে প্ৰশংসাৰ সৈতে, লগতে তেওঁলোকে তেওঁৰ ওপৰত ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! তোমাৰ দয়া আৰু জ্ঞান সৰ্বব্যাপী। এতেকে যিসকলে তাওবা কৰে আৰু তোমাৰ পথ অৱলম্বন কৰে, তুমি তেওঁলোকক ক্ষমা কৰি দিয়া। লগতে জাহান্নামৰ শাস্তিৰ পৰা তুমি তেওঁলোকক ৰক্ষা কৰা।
See all translations of this verse →
رَبَّنَا وَأَدْخِلْهُمْ جَنَّٰتِ عَدْنٍ ٱلَّتِى وَعَدتَّهُمْ وَمَن صَلَحَ مِنْ ءَابَآئِهِمْ وَأَزْوَٰجِهِمْ وَذُرِّيَّٰتِهِمْ إِنَّكَ أَنتَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে আমাৰ প্ৰতিপালক! তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত, যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা লগতে তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো (প্ৰৱেশ কৰোৱা)। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
See all translations of this verse →
وَقِهِمُ ٱلسَّيِّـَٔاتِ وَمَن تَقِ ٱلسَّيِّـَٔاتِ يَوْمَئِذٍ فَقَدْ رَحِمْتَهُۥ وَذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু তুমি তেওঁলোকক অপৰাধৰ শাস্তিৰ পৰা ৰক্ষা কৰা। সেইদিনা তুমি যাক (অপৰাধৰ) বেয়া পৰিণতিৰ পৰা ৰক্ষা কৰিবা, নিশ্চয় তুমি তাক অনুগ্ৰহহে কৰিবা; আৰু এইটোৱেই হৈছে মহাসফলতা!’
See all translations of this verse →
إِنَّ ٱلَّذِينَ كَفَرُوا۟ يُنَادَوْنَ لَمَقْتُ ٱللَّهِ أَكْبَرُ مِن مَّقْتِكُمْ أَنفُسَكُمْ إِذْ تُدْعَوْنَ إِلَى ٱلْإِيمَٰنِ فَتَكْفُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে কুফৰী কৰিছে সিহঁতক উচ্চ কণ্ঠত কোৱা হ’ব, ‘তোমালোকৰ নিজৰ প্ৰতি (আজি) তোমালোকৰ যিমান ক্ষোভ হৈছে, আল্লাহৰ ক্ষোভ ইয়াতকৈও অধিক আছিল, যেতিয়া তোমালোকক ঈমানৰ প্ৰতি আহ্বান কৰা হৈছিল, কিন্তু তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা’।
See all translations of this verse →
قَالُوا۟ رَبَّنَآ أَمَتَّنَا ٱثْنَتَيْنِ وَأَحْيَيْتَنَا ٱثْنَتَيْنِ فَٱعْتَرَفْنَا بِذُنُوبِنَا فَهَلْ إِلَىٰ خُرُوجٍ مِّن سَبِيلٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে ক’ব, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ আমাক জীৱন দান কৰিছা। সেয়ে আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ। এতেকে (জাহান্নামৰ পৰা) ওলোৱাৰ কোনো উপায় আছে নেকি’?
See all translations of this verse →
ذَٰلِكُم بِأَنَّهُۥٓ إِذَا دُعِىَ ٱللَّهُ وَحْدَهُۥ كَفَرْتُمْ وَإِن يُشْرَكْ بِهِۦ تُؤْمِنُوا۟ فَٱلْحُكْمُ لِلَّهِ ٱلْعَلِىِّ ٱلْكَبِيرِ
Assamese Translation - Rafiqul Islam Habibur-Rahman(সিহঁতক কোৱা হ’ব) ‘তোমালোকক শাস্তি দিয়াৰ কাৰণ হৈছে, যেতিয়া আল্লাহক এককভাৱে আহ্বান কৰা হৈছিল তেতিয়া তোমালোকে কুফৰী কৰিছিলা, আৰু যেতিয়া তেওঁৰ লগত শ্বিৰ্ক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। এতেকে যাৱতীয় কৰ্তৃত্ব কেৱল সুউচ্চ, মহান আল্লাহৰেই’।
See all translations of this verse →
هُوَ ٱلَّذِى يُرِيكُمْ ءَايَٰتِهِۦ وَيُنَزِّلُ لَكُم مِّنَ ٱلسَّمَآءِ رِزْقًا وَمَا يَتَذَكَّرُ إِلَّا مَن يُنِيبُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে। উপদেশ কেৱল সেই ব্যক্তিহে গ্ৰহণ কৰে যিয়ে আল্লাহ অভিমুখী হয়।
See all translations of this verse →
فَٱدْعُوا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ وَلَوْ كَرِهَ ٱلْكَٰفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে আল্লাহৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই আহ্বান কৰা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।
See all translations of this verse →
رَفِيعُ ٱلدَّرَجَٰتِ ذُو ٱلْعَرْشِ يُلْقِى ٱلرُّوحَ مِنْ أَمْرِهِۦ عَلَىٰ مَن يَشَآءُ مِنْ عِبَادِهِۦ لِيُنذِرَ يَوْمَ ٱلتَّلَاقِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰছৰ অধিপতি, তেৱেঁই নিজৰ আদেশত বান্দাসকলৰ মাজৰ পৰা যাৰ প্ৰতি ইচ্ছা কৰে তাৰ প্ৰতি অহী প্ৰেৰণ কৰে, যাতে তেওঁ মহা সন্মিলন দিৱস সম্পৰ্কে সতৰ্ক কৰিব পাৰে।
See all translations of this verse →
يَوْمَ هُم بَٰرِزُونَ لَا يَخْفَىٰ عَلَى ٱللَّهِ مِنْهُمْ شَىْءٌ لِّمَنِ ٱلْمُلْكُ ٱلْيَوْمَ لِلَّهِ ٱلْوَٰحِدِ ٱلْقَهَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা সিহঁত (মানুহ বিলাক) প্ৰকাশিত হ’ব, সেইদিনা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। (তেওঁ ক’ব) ‘আজি কৰ্তৃত্ব কাৰ’? কেৱল আল্লাহৰেই, তেওঁ একক, প্ৰবল প্ৰতাপশালী।
See all translations of this verse →
ٱلْيَوْمَ تُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا كَسَبَتْ لَا ظُلْمَ ٱلْيَوْمَ إِنَّ ٱللَّهَ سَرِيعُ ٱلْحِسَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসাৰে প্ৰতিফল দিয়া হ’ব, আজি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। নিশ্চয় আল্লাহ হিচাপ গ্ৰহণত অতি তৎপৰ।
See all translations of this verse →
وَأَنذِرْهُمْ يَوْمَ ٱلْـَٔازِفَةِ إِذِ ٱلْقُلُوبُ لَدَى ٱلْحَنَاجِرِ كَٰظِمِينَ مَا لِلظَّٰلِمِينَ مِنْ حَمِيمٍ وَلَا شَفِيعٍ يُطَاعُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তুমি সিহঁতক আসন্ন দিৱস সম্পৰ্কে সতৰ্ক কৰি দিয়া; যেতিয়া দুখ-কষ্ট সম্বৰণ অৱস্থাত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ’ব। যালিমসকলৰ বাবে কোনো অন্তৰঙ্গ বন্ধু নাই আৰু এনেকুৱা কোনো মধ্যস্থতাকাৰীও নাই যাৰ মধ্যস্থতা গ্ৰহণ কৰা হ’ব।
See all translations of this verse →
يَعْلَمُ خَآئِنَةَ ٱلْأَعْيُنِ وَمَا تُخْفِى ٱلصُّدُورُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanচকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়াও তেওঁ জানে।
See all translations of this verse →
وَٱللَّهُ يَقْضِى بِٱلْحَقِّ وَٱلَّذِينَ يَدْعُونَ مِن دُونِهِۦ لَا يَقْضُونَ بِشَىْءٍ إِنَّ ٱللَّهَ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে যথাযথভাৱে ফয়চালা কৰে, আৰু আল্লাহৰ পৰিবৰ্তে সিহঁতে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই ফয়চালা কৰিব নোৱাৰে। নিশ্চয় আল্লাহ, তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
See all translations of this verse →
أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ كَانُوا۟ مِن قَبْلِهِمْ كَانُوا۟ هُمْ أَشَدَّ مِنْهُمْ قُوَّةً وَءَاثَارًا فِى ٱلْأَرْضِ فَأَخَذَهُمُ ٱللَّهُ بِذُنُوبِهِمْ وَمَا كَانَ لَهُم مِّنَ ٱللَّهِ مِن وَاقٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতে পৃথিৱীত বিচৰণ নকৰে নেকি? তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন, পূৰ্বে যিসকল আছিল সিহঁতৰ পৰিণাম কি হৈছিল। সিহঁতে ইহঁতৰ তুলনাত পৃথিৱীত অধিক শক্তিশালী আছিল আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে কৰায়ত্ত কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল।
See all translations of this verse →
ذَٰلِكَ بِأَنَّهُمْ كَانَت تَّأْتِيهِمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَكَفَرُوا۟ فَأَخَذَهُمُ ٱللَّهُ إِنَّهُۥ قَوِىٌّ شَدِيدُ ٱلْعِقَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদিসহ আহিছিল তথাপিও সিহঁতে (তেওঁলোকক) প্ৰত্যাখ্যান কৰিছিল। সেয়ে আল্লাহে সিহঁতক কৰায়ত্ত কৰিছিল। নিশ্চয় তেওঁ শক্তিশালী, শাস্তি প্ৰদানত অতি কঠোৰ।
See all translations of this verse →
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلْطَٰنٍ مُّبِينٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমিয়েই মুছাক আমাৰ নিদৰ্শনাৱলী আৰু স্পষ্ট প্ৰমাণসহ প্ৰেৰণ কৰিছিলোঁ।
See all translations of this verse →
إِلَىٰ فِرْعَوْنَ وَهَٰمَٰنَ وَقَٰرُونَ فَقَالُوا۟ سَٰحِرٌ كَذَّابٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফিৰআউন, হামান আৰু কাৰূনৰ ওচৰলৈ। কিন্তু সিহঁতে তেওঁক, ‘যাদুকৰ, চৰম মিছলীয়া বুলি কৈছিল’।
See all translations of this verse →
فَلَمَّا جَآءَهُم بِٱلْحَقِّ مِنْ عِندِنَا قَالُوا۟ ٱقْتُلُوٓا۟ أَبْنَآءَ ٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ وَٱسْتَحْيُوا۟ نِسَآءَهُمْ وَمَا كَيْدُ ٱلْكَٰفِرِينَ إِلَّا فِى ضَلَٰلٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত মুছাই যেতিয়া আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হ’ল, তেতিয়া সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। নিশ্চয় কাফিৰসকলৰ ষড়যন্ত্ৰ হৈছে ভ্ৰষ্টতাপূৰ্ণ।
See all translations of this verse →
وَقَالَ فِرْعَوْنُ ذَرُونِىٓ أَقْتُلْ مُوسَىٰ وَلْيَدْعُ رَبَّهُۥٓ إِنِّىٓ أَخَافُ أَن يُبَدِّلَ دِينَكُمْ أَوْ أَن يُظْهِرَ فِى ٱلْأَرْضِ ٱلْفَسَادَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ফিৰআউনে ক’লে, ‘মোক এৰি দিয়া মই মুছাক হত্যা কৰিম, চাওঁ সি তাৰ প্ৰতিপালকক আহ্বান কৰকচোন। নিশ্চয় মই আশংকা কৰোঁ যে, সি তোমালোকৰ দ্বীনক পৰিবৰ্তন কৰি দিব নাইবা দেশত অশান্তি বিয়পাব’।
See all translations of this verse →
وَقَالَ مُوسَىٰٓ إِنِّى عُذْتُ بِرَبِّى وَرَبِّكُم مِّن كُلِّ مُتَكَبِّرٍ لَّا يُؤْمِنُ بِيَوْمِ ٱلْحِسَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমুছাই ক’লে, ‘মই মোৰ প্ৰতিপালক আৰু (যিজন) তোমালোকৰো প্ৰতিপালক তেওঁৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা প্ৰত্যেক অহংকাৰী ব্যক্তিৰ পৰা যিয়ে বিচাৰ দিৱসৰ ওপৰত ঈমান পোষণ নকৰে’।
See all translations of this verse →
وَقَالَ رَجُلٌ مُّؤْمِنٌ مِّنْ ءَالِ فِرْعَوْنَ يَكْتُمُ إِيمَٰنَهُۥٓ أَتَقْتُلُونَ رَجُلًا أَن يَقُولَ رَبِّىَ ٱللَّهُ وَقَدْ جَآءَكُم بِٱلْبَيِّنَٰتِ مِن رَّبِّكُمْ وَإِن يَكُ كَٰذِبًا فَعَلَيْهِ كَذِبُهُۥ وَإِن يَكُ صَادِقًا يُصِبْكُم بَعْضُ ٱلَّذِى يَعِدُكُمْ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ مُسْرِفٌ كَذَّابٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া।
See all translations of this verse →
يَٰقَوْمِ لَكُمُ ٱلْمُلْكُ ٱلْيَوْمَ ظَٰهِرِينَ فِى ٱلْأَرْضِ فَمَن يَنصُرُنَا مِنۢ بَأْسِ ٱللَّهِ إِن جَآءَنَا قَالَ فِرْعَوْنُ مَآ أُرِيكُمْ إِلَّا مَآ أَرَىٰ وَمَآ أَهْدِيكُمْ إِلَّا سَبِيلَ ٱلرَّشَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ সম্প্ৰদায়! আজি তোমালোকৰেই ৰাজত্ব, পৃথিৱীত তোমালোকেই প্ৰভাৱশালী; কিন্তু আল্লাহৰ শাস্তি আহিলে কোনে আমাক সহায় কৰিব’? ফিৰআউনে ক’লে, ‘মই যিটো সঠিক বুলি ভাবোঁ, সেইটোৱেই তোমালোকক দেখুৱাওঁ আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাওঁ’।
See all translations of this verse →
وَقَالَ ٱلَّذِىٓ ءَامَنَ يَٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُم مِّثْلَ يَوْمِ ٱلْأَحْزَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanমুমিন ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ প্ৰতিও সেই দিনটোৰ আশংকা কৰোঁ যিটো পূৰ্বৱৰ্তী দলসমূহৰ ওপৰত আহিছিল;
See all translations of this verse →
مِثْلَ دَأْبِ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَٱلَّذِينَ مِنۢ بَعْدِهِمْ وَمَا ٱللَّهُ يُرِيدُ ظُلْمًا لِّلْعِبَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিদৰে সংঘটিত হৈছিল, নূহ, আদ, ছামূদ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ ক্ষেত্ৰত। আল্লাহে বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে।
See all translations of this verse →
وَيَٰقَوْمِ إِنِّىٓ أَخَافُ عَلَيْكُمْ يَوْمَ ٱلتَّنَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আৰু হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বাবে ভয়াৰ্ত আহ্বান দিৱসৰ আশংকা কৰিছোঁ,
See all translations of this verse →
يَوْمَ تُوَلُّونَ مُدْبِرِينَ مَا لَكُم مِّنَ ٱللَّهِ مِنْ عَاصِمٍ وَمَن يُضْلِلِ ٱللَّهُ فَمَا لَهُۥ مِنْ هَادٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিদিনা তোমালোকে পিছ হোঁহকা দি পলাব বিচাৰিবা, (সেইদিনা) আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আল্লাহে যাক বিভ্ৰান্ত কৰে, তাৰ বাবে কোনো হিদায়তকাৰী নাই’।
See all translations of this verse →
وَلَقَدْ جَآءَكُمْ يُوسُفُ مِن قَبْلُ بِٱلْبَيِّنَٰتِ فَمَا زِلْتُمْ فِى شَكٍّ مِّمَّا جَآءَكُم بِهِۦ حَتَّىٰٓ إِذَا هَلَكَ قُلْتُمْ لَن يَبْعَثَ ٱللَّهُ مِنۢ بَعْدِهِۦ رَسُولًا كَذَٰلِكَ يُضِلُّ ٱللَّهُ مَنْ هُوَ مُسْرِفٌ مُّرْتَابٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় ইতিপূৰ্বে তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদিসহ ইউছুফ আহিছিল, ফলত তেওঁ তোমালোকৰ ওচৰলৈ যি আনিছিল তাক তোমালোকে সদায় সন্দেহ কৰিছিলা। অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ’ল, তেতিয়া তোমালোকে কৈছিলা, ‘আল্লাহে এওঁৰ পিছত কেতিয়াও আন কোনো ৰাছুল প্ৰেৰণ নকৰিব।’ এইদৰেই আল্লাহে প্ৰত্যেক সীমালংঘনকাৰী, সংশয়বাদীক বিভ্ৰান্ত কৰে।
See all translations of this verse →
ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ بِغَيْرِ سُلْطَٰنٍ أَتَىٰهُمْ كَبُرَ مَقْتًا عِندَ ٱللَّهِ وَعِندَ ٱلَّذِينَ ءَامَنُوا۟ كَذَٰلِكَ يَطْبَعُ ٱللَّهُ عَلَىٰ كُلِّ قَلْبِ مُتَكَبِّرٍ جَبَّارٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে সিহঁতৰ ওচৰলৈ (সিহঁতৰ দাবীৰ সমৰ্থনত) কোনো দলীল-প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়। আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত সিহঁতৰ এই কৰ্ম অতি ঘৃণাৰ যোগ্য। এইদৰেই আল্লাহে প্ৰত্যেক অহংকাৰী, স্বৈৰাচাৰী ব্যক্তিৰ হৃদয়ত মোহৰ মাৰি দিয়ে।
See all translations of this verse →
وَقَالَ فِرْعَوْنُ يَٰهَٰمَٰنُ ٱبْنِ لِى صَرْحًا لَّعَلِّىٓ أَبْلُغُ ٱلْأَسْبَٰبَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ফিৰআউনে ক’লে, ‘হে হামান! মোৰ বাবে তুমি এখন সুউচ্চ প্ৰাসাদ নিৰ্মাণ কৰা, যাতে মই উপায় অৱলম্বন কৰিব পাৰোঁ,
See all translations of this verse →
أَسْبَٰبَ ٱلسَّمَٰوَٰتِ فَأَطَّلِعَ إِلَىٰٓ إِلَٰهِ مُوسَىٰ وَإِنِّى لَأَظُنُّهُۥ كَٰذِبًا وَكَذَٰلِكَ زُيِّنَ لِفِرْعَوْنَ سُوٓءُ عَمَلِهِۦ وَصُدَّ عَنِ ٱلسَّبِيلِ وَمَا كَيْدُ فِرْعَوْنَ إِلَّا فِى تَبَابٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘আকাশসমূহত আৰোহণৰ উপায় বিচাৰি পাওঁ, যাতে মই মুছাৰ ইলাহক জুমি চাব পাৰোঁ, নিশ্চয় মই তাক মিছলীয়া বুলিহে ভাবোঁ’। এইদৰেই ফিৰআউনৰ কৰ্মক তাৰ ওচৰত শোভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা নিবৃত্ত কৰা হৈছিল, লগতে ফিৰআউনৰ ষড়যন্ত্ৰ ব্যৰ্থহে হৈছিল।
See all translations of this verse →
وَقَالَ ٱلَّذِىٓ ءَامَنَ يَٰقَوْمِ ٱتَّبِعُونِ أَهْدِكُمْ سَبِيلَ ٱلرَّشَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঈমান পোষণ কৰা ব্যক্তিজনে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে মোৰ অনুসৰণ কৰা, মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম।
See all translations of this verse →
يَٰقَوْمِ إِنَّمَا هَٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَا مَتَٰعٌ وَإِنَّ ٱلْـَٔاخِرَةَ هِىَ دَارُ ٱلْقَرَارِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ সম্প্ৰদায়! এই পাৰ্থিৱ জীৱন হৈছে কেৱল অস্থায়ী ভোগ-সামগ্ৰী। নিশ্চয় আখিৰাত, সেইটোহে হৈছে স্থায়ী আবাস।
See all translations of this verse →
مَنْ عَمِلَ سَيِّئَةً فَلَا يُجْزَىٰٓ إِلَّا مِثْلَهَا وَمَنْ عَمِلَ صَٰلِحًا مِّن ذَكَرٍ أَوْ أُنثَىٰ وَهُوَ مُؤْمِنٌ فَأُو۟لَٰٓئِكَ يَدْخُلُونَ ٱلْجَنَّةَ يُرْزَقُونَ فِيهَا بِغَيْرِ حِسَابٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘কোনোবাই অসৎকৰ্ম কৰিলে সি কেৱল তাৰ কৰ্ম অনুপাতেই শাস্তি পাব। আনহাতে পুৰুষ হওক বা নাৰী মুমিন হৈ যিয়ে সৎকৰ্ম কৰিব, তেওঁলোকেই জান্নাতত প্ৰৱেশ কৰিব, তাত তেওঁলোকক দিয়া হ’ব অগণন জীৱিকা।
See all translations of this verse →
وَيَٰقَوْمِ مَا لِىٓ أَدْعُوكُمْ إِلَى ٱلنَّجَوٰةِ وَتَدْعُونَنِىٓ إِلَى ٱلنَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘হে মোৰ সম্প্ৰদায়! কি হ’ল! মই তোমালোকক মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, আৰু তোমালোকে মোক অগ্নিৰ পিনে মাতি আছা!
See all translations of this verse →
تَدْعُونَنِى لِأَكْفُرَ بِٱللَّهِ وَأُشْرِكَ بِهِۦ مَا لَيْسَ لِى بِهِۦ عِلْمٌ وَأَنَا۠ أَدْعُوكُمْ إِلَى ٱلْعَزِيزِ ٱلْغَفَّٰرِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে মোক মাতি আছা যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ আৰু তেওঁৰ লগত শ্বিৰ্ক কৰোঁ, যি বিষয়ে মোৰ কোনো জ্ঞান নাই; অথচ মই তোমালোকক আহ্বান কৰি আছোঁ মহা পৰাক্ৰমশালী, পৰম ক্ষমাশীলৰ ফালে।
See all translations of this verse →
لَا جَرَمَ أَنَّمَا تَدْعُونَنِىٓ إِلَيْهِ لَيْسَ لَهُۥ دَعْوَةٌ فِى ٱلدُّنْيَا وَلَا فِى ٱلْـَٔاخِرَةِ وَأَنَّ مَرَدَّنَآ إِلَى ٱللَّهِ وَأَنَّ ٱلْمُسْرِفِينَ هُمْ أَصْحَٰبُ ٱلنَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এই বিষয়ত কোনো সন্দেহ নাই যে, তোমালোকে মোক যাৰ ফালে আহ্বান কৰি আছা, সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। প্ৰকৃততে আমাৰ প্ৰত্যাৱৰ্তন হ’ব কেৱল আল্লাহৰ পিনে আৰু নিশ্চয় সীমালংঘনকাৰী- বিলাক হৈছে অগ্নিৰ অধিবাসী।
See all translations of this verse →
فَسَتَذْكُرُونَ مَآ أَقُولُ لَكُمْ وَأُفَوِّضُ أَمْرِىٓ إِلَى ٱللَّهِ إِنَّ ٱللَّهَ بَصِيرٌۢ بِٱلْعِبَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে মই তোমালোকক যিবোৰ কথা কৈ আছোঁ, অনতিপলমে তোমালোকে সেইবোৰ কথা স্মৰণ কৰিবা; আৰু মই মোৰ (যাৱতীয়) বিষয় আল্লাহৰ ওচৰতেই সমৰ্পণ কৰিছোঁ। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি সৰ্বদ্ৰষ্টা’।
See all translations of this verse →
فَوَقَىٰهُ ٱللَّهُ سَيِّـَٔاتِ مَا مَكَرُوا۟ وَحَاقَ بِـَٔالِ فِرْعَوْنَ سُوٓءُ ٱلْعَذَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanফলত আল্লাহে তেওঁক সিহঁতৰ যড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰআউন গোষ্ঠীক কঠিন শাস্তিয়ে ঘেৰি পেলালে,
See all translations of this verse →
ٱلنَّارُ يُعْرَضُونَ عَلَيْهَا غُدُوًّا وَعَشِيًّا وَيَوْمَ تَقُومُ ٱلسَّاعَةُ أَدْخِلُوٓا۟ ءَالَ فِرْعَوْنَ أَشَدَّ ٱلْعَذَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanপুৱা-গধূলি সিহঁতক অগ্নিত উপস্থিত কৰা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ’ব সেইদিনা (ফিৰিস্তাসকলক) কোৱা হ’ব, ‘ফিৰআউন গোষ্ঠীক কঠোৰ শাস্তিত নিক্ষেপ কৰা’।
See all translations of this verse →
وَإِذْ يَتَحَآجُّونَ فِى ٱلنَّارِ فَيَقُولُ ٱلضُّعَفَٰٓؤُا۟ لِلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنتُم مُّغْنُونَ عَنَّا نَصِيبًا مِّنَ ٱلنَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়া সিহঁতে জাহান্নামতগৈ পৰস্পৰে বিতৰ্কত লিপ্ত হ’ব, তেতিয়া দুৰ্বলসকলে অহংকাৰীবিলাকক ক’ব, ‘নিশ্চয় আমি তোমালোকৰ অনুসাৰী আছিলোঁ, এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে’?
See all translations of this verse →
قَالَ ٱلَّذِينَ ٱسْتَكْبَرُوٓا۟ إِنَّا كُلٌّ فِيهَآ إِنَّ ٱللَّهَ قَدْ حَكَمَ بَيْنَ ٱلْعِبَادِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅহংকাৰীবিলাকে ক’ব, ‘আমি সকলোৱে দেখোন ইয়াতেই আছোঁ, নিশ্চয় আল্লাহে বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে’।
See all translations of this verse →
وَقَالَ ٱلَّذِينَ فِى ٱلنَّارِ لِخَزَنَةِ جَهَنَّمَ ٱدْعُوا۟ رَبَّكُمْ يُخَفِّفْ عَنَّا يَوْمًا مِّنَ ٱلْعَذَابِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু জাহান্নামীবিলাকে জাহান্নামৰ প্ৰহৰীসকলক ক’ব, ‘আপোনালোকে (আমাৰ হৈ) আপোনালোকৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰকচোন, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ'লেও শাস্তি লাঘৱ কৰি দিয়ে’।
See all translations of this verse →
قَالُوٓا۟ أَوَلَمْ تَكُ تَأْتِيكُمْ رُسُلُكُم بِٱلْبَيِّنَٰتِ قَالُوا۟ بَلَىٰ قَالُوا۟ فَٱدْعُوا۟ وَمَا دُعَٰٓؤُا۟ ٱلْكَٰفِرِينَ إِلَّا فِى ضَلَٰلٍ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে ক'ব’, ‘তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহকাৰে তোমালোকৰ ৰাছুলসকল অহা নাছিলনে’? জাহান্নামীবিলাকে ক’ব, ‘হয় নিশ্চয় আহিছিল’। প্ৰহৰীসকলে ক’ব, ‘এতেকে তোমালোকেই প্ৰাৰ্থনা কৰা; আৰু কাফিৰসকলৰ প্ৰাৰ্থনা কেৱল নিষ্ফলহে হয়’।
See all translations of this verse →
إِنَّا لَنَنصُرُ رُسُلَنَا وَٱلَّذِينَ ءَامَنُوا۟ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَيَوْمَ يَقُومُ ٱلْأَشْهَٰدُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।
See all translations of this verse →
يَوْمَ لَا يَنفَعُ ٱلظَّٰلِمِينَ مَعْذِرَتُهُمْ وَلَهُمُ ٱللَّعْنَةُ وَلَهُمْ سُوٓءُ ٱلدَّارِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে অভিসম্পাত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
See all translations of this verse →
وَلَقَدْ ءَاتَيْنَا مُوسَى ٱلْهُدَىٰ وَأَوْرَثْنَا بَنِىٓ إِسْرَٰٓءِيلَ ٱلْكِتَٰبَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি মুছাক হিদায়ত দান কৰিছিলোঁ আৰু বনী ইছৰাঈলক কিতাবৰ উত্তৰাধিকাৰী কৰিছিলোঁ,
See all translations of this verse →
هُدًى وَذِكْرَىٰ لِأُو۟لِى ٱلْأَلْبَٰبِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanবোধশক্তিসম্পন্ন লোকসকলৰ বাবে পথনিৰ্দেশ আৰু উপদেশ হিচাপে।
See all translations of this verse →
فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَسَبِّحْ بِحَمْدِ رَبِّكَ بِٱلْعَشِىِّ وَٱلْإِبْكَٰرِ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তুমি ধৈৰ্য্য ধাৰণ কৰা, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। লগতে তুমি তোমাৰ ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা আৰু পুৱা-গধূলি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা তথা মহিমা ঘোষণা কৰা।
See all translations of this verse →
إِنَّ ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ بِغَيْرِ سُلْطَٰنٍ أَتَىٰهُمْ إِن فِى صُدُورِهِمْ إِلَّا كِبْرٌ مَّا هُم بِبَٰلِغِيهِ فَٱسْتَعِذْ بِٱللَّهِ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلْبَصِيرُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে নিজৰ ওচৰত কোনো দলীল-প্ৰমাণ নথকা সত্বেও আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্কত লিপ্ত হয়, সিহঁতৰ অন্তৰত আছে কেৱল অহংকাৰ, সিহঁতে এই বিষয়ত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰিব। এতেকে তুমি কেৱল আল্লাহৰ ওচৰত আশ্ৰয় বিচৰা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।
See all translations of this verse →
لَخَلْقُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ أَكْبَرُ مِنْ خَلْقِ ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টি, মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়, কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে।
See all translations of this verse →
وَمَا يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَلَا ٱلْمُسِىٓءُ قَلِيلًا مَّا تَتَذَكَّرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanঅন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়, এইদৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, পক্ষান্তৰে যিসকলে অসৎকৰ্ম কৰিছে সিহঁতেও সমান নহয়। তোমালোকে অতি সামান্যহে উপদেশ গ্ৰহণ কৰা।
See all translations of this verse →
إِنَّ ٱلسَّاعَةَ لَـَٔاتِيَةٌ لَّا رَيْبَ فِيهَا وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই; কিন্তু অধিকাংশ লোকেই বিশ্বাস নকৰে।
See all translations of this verse →
وَقَالَ رَبُّكُمُ ٱدْعُونِىٓ أَسْتَجِبْ لَكُمْ إِنَّ ٱلَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِى سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
See all translations of this verse →
ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلَّيْلَ لِتَسْكُنُوا۟ فِيهِ وَٱلنَّهَارَ مُبْصِرًا إِنَّ ٱللَّهَ لَذُو فَضْلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكْثَرَ ٱلنَّاسِ لَا يَشْكُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহ, যিজনে তোমালোকৰ বাবে ৰাতিক সৃষ্টি কৰিছে যাতে তোমালোকে তাত বিশ্ৰাম কৰিব পাৰা, আৰু দিনক কৰিছে আলোকোজ্জ্বল। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ মানুহেই কৃতজ্ঞতা প্ৰকাশ নকৰে।
See all translations of this verse →
ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ خَٰلِقُ كُلِّ شَىْءٍ لَّآ إِلَٰهَ إِلَّا هُوَ فَأَنَّىٰ تُؤْفَكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক, সকলো বস্তুৰ স্ৰষ্টা; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভোতাই নিয়া হৈছে?
See all translations of this verse →
كَذَٰلِكَ يُؤْفَكُ ٱلَّذِينَ كَانُوا۟ بِـَٔايَٰتِ ٱللَّهِ يَجْحَدُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএইদৰেই ওভতাই নিয়া হয় সেইসকল লোকক, যিসকলে আল্লাহৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰে।
See all translations of this verse →
ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ قَرَارًا وَٱلسَّمَآءَ بِنَآءً وَصَوَّرَكُمْ فَأَحْسَنَ صُوَرَكُمْ وَرَزَقَكُم مِّنَ ٱلطَّيِّبَٰتِ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ فَتَبَارَكَ ٱللَّهُ رَبُّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহেই তোমালোকৰ বাবে পৃথিৱীক স্থিতিশীল কৰিছে আৰু আকাশখনক কৰি দিছে চাদ আৰু তেৱেঁই তোমালোকৰ আকৃতি গঠন কৰিছে, তাৰ পিছত তোমালোকৰ আকৃতিক সুন্দৰ ৰূপ দিছে, লগতে তোমালোকক পৱিত্ৰ বস্তুৰ পৰা জীৱিকা দান কৰিছে। তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক। এতেকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহ কিমান যে বৰকতময়!
See all translations of this verse →
هُوَ ٱلْحَىُّ لَآ إِلَٰهَ إِلَّا هُوَ فَٱدْعُوهُ مُخْلِصِينَ لَهُ ٱلدِّينَ ٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ চিৰঞ্জীৱ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকে তেওঁৰ আনুগত্যত একনিষ্ঠ হৈ কেৱল তেওঁকেই প্ৰাৰ্থনা কৰা। সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।
See all translations of this verse →
قُلْ إِنِّى نُهِيتُ أَنْ أَعْبُدَ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ لَمَّا جَآءَنِىَ ٱلْبَيِّنَٰتُ مِن رَّبِّى وَأُمِرْتُ أَنْ أُسْلِمَ لِرَبِّ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণাদি আহিছে। মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছোঁ।
See all translations of this verse →
هُوَ ٱلَّذِى خَلَقَكُم مِّن تُرَابٍ ثُمَّ مِن نُّطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ يُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوٓا۟ أَشُدَّكُمْ ثُمَّ لِتَكُونُوا۟ شُيُوخًا وَمِنكُم مَّن يُتَوَفَّىٰ مِن قَبْلُ وَلِتَبْلُغُوٓا۟ أَجَلًا مُّسَمًّى وَلَعَلَّكُمْ تَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছে, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছত আলাকা (ৰক্তপিণ্ড)ৰ পৰা, তাৰ পিছতহে তোমালোকক উলিয়াই আনে নৱজাত শিশুৰূপে, যাতে তোমালোকে যৌৱনত উপনীত হোৱা, তাৰ পিছত যাতে তোমালোকে বৃদ্ধ হোৱা। তোমালোকৰ কিছুমানক ইয়াৰ পূৰ্বেই মৃত্যু ঘটোৱা হয়, যাতে তোমালোকে নিৰ্ধাৰিত সময়ত উপনীত হোৱা আৰু তোমালোকে যাতে বুজিব পাৰা।
See all translations of this verse →
هُوَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ فَإِذَا قَضَىٰٓ أَمْرًا فَإِنَّمَا يَقُولُ لَهُۥ كُن فَيَكُونُ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়, আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ স্থিৰ কৰে তেতিয়া ইয়াৰ বাবে তেওঁ কেৱল কয় ‘হ’, সেইটো তৎক্ষণাত হৈ যায়।
See all translations of this verse →
أَلَمْ تَرَ إِلَى ٱلَّذِينَ يُجَٰدِلُونَ فِىٓ ءَايَٰتِ ٱللَّهِ أَنَّىٰ يُصْرَفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ নিদৰ্শনাৱলী সম্পৰ্কে বিতৰ্ক কৰে? সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে?
See all translations of this verse →
ٱلَّذِينَ كَذَّبُوا۟ بِٱلْكِتَٰبِ وَبِمَآ أَرْسَلْنَا بِهِۦ رُسُلَنَا فَسَوْفَ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কিতাবক আৰু আমাৰ ৰাছুলসকলে যি লৈ প্ৰেৰিত হৈছে তাক অস্বীকাৰ কৰে, এতেকে সিহঁতে শীঘ্ৰেই জানিবলৈ পাব,
See all translations of this verse →
إِذِ ٱلْأَغْلَٰلُ فِىٓ أَعْنَٰقِهِمْ وَٱلسَّلَٰسِلُ يُسْحَبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া সিহঁতৰ ডিঙিত গলাবদ্ধ আৰু শিকলি থাকিব, আৰু সিহঁতক টানি লৈ যোৱা হ’ব,
See all translations of this verse →
فِى ٱلْحَمِيمِ ثُمَّ فِى ٱلنَّارِ يُسْجَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanউতলা পানীৰ মাজত, তাৰ পিছত সিহঁতক জ্বলোৱা হ'ব অগ্নিৰ মাজত।
See all translations of this verse →
ثُمَّ قِيلَ لَهُمْ أَيْنَ مَا كُنتُمْ تُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত সিহঁতক কোৱা হ’ব, ‘ক'ত সিহঁত, যিসকলক তোমালোকে অংশীদাৰ স্থাপন কৰিছিলা,
See all translations of this verse →
مِن دُونِ ٱللَّهِ قَالُوا۟ ضَلُّوا۟ عَنَّا بَل لَّمْ نَكُن نَّدْعُوا۟ مِن قَبْلُ شَيْـًٔا كَذَٰلِكَ يُضِلُّ ٱللَّهُ ٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ বাহিৰে’? সিহঁতে ক’ব, ‘সিহঁত দেখোন আমাৰ পৰা (আজি) আঁতৰি গৈছে; বৰং ইতিপূৰ্বে আমি কাকো আহ্বানে কৰা নাছিলোঁ’। এইদৰেই আল্লাহে কাফিৰসকলক বিভ্ৰান্ত কৰে।
See all translations of this verse →
ذَٰلِكُم بِمَا كُنتُمْ تَفْرَحُونَ فِى ٱلْأَرْضِ بِغَيْرِ ٱلْحَقِّ وَبِمَا كُنتُمْ تَمْرَحُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএয়া এইকাৰণে যে, তোমালোকে পৃথিৱীত অযথা উল্লাস কৰিছিলা আৰু এই কাৰণেও যে, তোমালোকে অহংকাৰ কৰিছিলা।
See all translations of this verse →
ٱدْخُلُوٓا۟ أَبْوَٰبَ جَهَنَّمَ خَٰلِدِينَ فِيهَا فَبِئْسَ مَثْوَى ٱلْمُتَكَبِّرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে জাহান্নামত স্থায়ীভাৱে অৱস্থান কৰিবলৈ ইয়াৰ বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰা, এতেকে (চোৱাচোন!) কিমান যে নিকৃষ্ট অহংকাৰী বিলাকৰ আবাসস্থল!
See all translations of this verse →
فَٱصْبِرْ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ فَإِمَّا نُرِيَنَّكَ بَعْضَ ٱلَّذِى نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا يُرْجَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে তুমি ধৈৰ্য্য ধাৰণ কৰা। নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। আমি সিহঁতক যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ তাৰে অলপ যদি মই তোমাক দেখুৱাই দিওঁ অথবা (তাৰ পূৰ্বেই যদি) তোমাৰ মৃত্যু ঘটাওঁ, তথাপিও দেখোন সিহঁতে মোৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’ব।
See all translations of this verse →
وَلَقَدْ أَرْسَلْنَا رُسُلًا مِّن قَبْلِكَ مِنْهُم مَّن قَصَصْنَا عَلَيْكَ وَمِنْهُم مَّن لَّمْ نَقْصُصْ عَلَيْكَ وَمَا كَانَ لِرَسُولٍ أَن يَأْتِىَ بِـَٔايَةٍ إِلَّا بِإِذْنِ ٱللَّهِ فَإِذَا جَآءَ أَمْرُ ٱللَّهِ قُضِىَ بِٱلْحَقِّ وَخَسِرَ هُنَالِكَ ٱلْمُبْطِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমাৰ পূৰ্বেও বহুতো ৰাছুল প্ৰেৰণ কৰিছোঁ। আমি তেওঁলোকৰ কিছুমানৰ বৰ্ণনা তোমাৰ ওচৰত কৰিছোঁ আৰু কিছুমানৰ বৰ্ণনা কৰা নাই। আল্লাহৰ অনুমতি অবিহনে কোনো নিৰ্দশন লৈ অহাটো কোনো ৰাছুলৰ পক্ষে সম্ভৱ নহয়। এতেকে যেতিয়া আল্লাহৰ আদেশ আহিব তেতিয়া ন্যায় সংগতভাৱে ফয়চালা হৈ যাব। তেতিয়া বাতিলপন্থীবিলাক ক্ষতিগ্ৰস্ত হ’ব।
See all translations of this verse →
ٱللَّهُ ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَنْعَٰمَ لِتَرْكَبُوا۟ مِنْهَا وَمِنْهَا تَأْكُلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আল্লাহ, যিজনে তোমালোকৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যাতে তোমালোকে সেইবোৰৰ কিছুমানৰ ওপৰত আৰোহণ কৰিব পাৰা আৰু কিছুমানক ভক্ষণ কৰিব পাৰা।
See all translations of this verse →
وَلَكُمْ فِيهَا مَنَٰفِعُ وَلِتَبْلُغُوا۟ عَلَيْهَا حَاجَةً فِى صُدُورِكُمْ وَعَلَيْهَا وَعَلَى ٱلْفُلْكِ تُحْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰ, যাতে তোমালোকে নিজৰ অন্তৰত যি প্ৰয়োজন অনুভৱ কৰা, সেইবোৰৰ দ্বাৰা সেয়া পূৰণ কৰিব পাৰা। লগতে সেইবোৰৰ ওপৰত আৰু নৌযানৰ ওপৰত তোমালোকক বহন কৰা হয়।
See all translations of this verse →
وَيُرِيكُمْ ءَايَٰتِهِۦ فَأَىَّ ءَايَٰتِ ٱللَّهِ تُنكِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱাই থাকে। এতেকে তোমালোকে আল্লাহৰ কোনটো কোনটো নিদৰ্শনক অস্বীকাৰ কৰিবা?
See all translations of this verse →
أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ كَانُوٓا۟ أَكْثَرَ مِنْهُمْ وَأَشَدَّ قُوَّةً وَءَاثَارًا فِى ٱلْأَرْضِ فَمَآ أَغْنَىٰ عَنْهُم مَّا كَانُوا۟ يَكْسِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাই নেকি, তেতিয়াহে সিহঁতে দেখা পালেহেঁতেন সিহঁতৰ পূৰ্বৱৰ্তী বিলাকৰ পৰিণাম কি হৈছিল? সিহঁতে পৃথিৱীত ইহঁততকৈও সংখ্যাগৰিষ্ঠ আছিল লগতে শক্তি আৰু কীৰ্তিত আছিল অতি প্ৰবল। তথাপিও সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল।
See all translations of this verse →
فَلَمَّا جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَرِحُوا۟ بِمَا عِندَهُم مِّنَ ٱلْعِلْمِ وَحَاقَ بِهِم مَّا كَانُوا۟ بِهِۦ يَسْتَهْزِءُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ ওচৰলৈ যেতিয়া সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি লৈ উপস্থিত হৈছিল, তেতিয়া সিহঁতে (সেইবোৰক অৱজ্ঞা কৰি) নিজৰ ওচৰত থকা জ্ঞানকে প্ৰাধান্য দি আনন্দিত হৈছিল। ফলত সিহঁতে যিটোক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল সেইটোৱেই সিহঁতক পৰিবেষ্টন কৰিছিল।
See all translations of this verse →
فَلَمَّا رَأَوْا۟ بَأْسَنَا قَالُوٓا۟ ءَامَنَّا بِٱللَّهِ وَحْدَهُۥ وَكَفَرْنَا بِمَا كُنَّا بِهِۦ مُشْرِكِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পাইছিল তেতিয়া কৈছিল, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলোঁ আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলোঁ সেইবোৰক প্ৰত্যাখ্যান কৰিলোঁ’।
See all translations of this verse →
فَلَمْ يَكُ يَنفَعُهُمْ إِيمَٰنُهُمْ لَمَّا رَأَوْا۟ بَأْسَنَا سُنَّتَ ٱللَّهِ ٱلَّتِى قَدْ خَلَتْ فِى عِبَادِهِۦ وَخَسِرَ هُنَالِكَ ٱلْكَٰفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত অহা নাছিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে। ফলত কাফিৰসকল ক্ষতিগ্ৰস্ত হ’ল।
See all translations of this verse →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→