وَقَالَ رَجُلٌ مُّؤْمِنٌ مِّنْ ءَالِ فِرْعَوْنَ يَكْتُمُ إِيمَٰنَهُۥٓ أَتَقْتُلُونَ رَجُلًا أَن يَقُولَ رَبِّىَ ٱللَّهُ وَقَدْ جَآءَكُم بِٱلْبَيِّنَٰتِ مِن رَّبِّكُمْ وَإِن يَكُ كَٰذِبًا فَعَلَيْهِ كَذِبُهُۥ وَإِن يَكُ صَادِقًا يُصِبْكُم بَعْضُ ٱلَّذِى يَعِدُكُمْ إِنَّ ٱللَّهَ لَا يَهْدِى مَنْ هُوَ مُسْرِفٌ كَذَّابٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে যিজনে নিজৰ ঈমান গোপন ৰাখিছিল তেওঁ ক’লে, ‘তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবা নেকি যে, তেওঁ কয়, ‘মোৰ প্ৰতিপালক হৈছে কেৱল আল্লাহ’, অথচ তেওঁ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সুস্পষ্ট প্ৰমাণসহ তোমালোকৰ ওচৰলৈ আহিছে? তেওঁ যদি মিছলীয়া হয় তাৰ বাবে দায়ী তেওঁ নিজেই হ’ব, আৰু যদি তেওঁ সত্যবাদী হয় তেন্তে তেওঁ তোমালোকক যি প্ৰতিশ্ৰুতি দিছে, তাৰ পৰা কিছু পৰিমাণ হ’লেও তোমালোকৰ ওপৰত আপতিত হ’ব’। নিশ্চয় আল্লাহে সেই ব্যক্তিক হিদায়ত নকৰে, যিজন সীমালংঘনকাৰী, মিছলীয়া।