caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Bayyina البينة

৮ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ১০০

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ لَمْ يَكُنِ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَٰبِ وَٱلْمُشْرِكِينَ مُنفَكِّينَ حَتَّىٰ تَأْتِيَهُمُ ٱلْبَيِّنَةُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে লগতে মুশ্বৰিকসকল, সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।

See all translations of this verse →

رَسُولٌ مِّنَ ٱللَّهِ يَتْلُوا۟ صُحُفًا مُّطَهَّرَةً

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,

See all translations of this verse →

فِيهَا كُتُبٌ قَيِّمَةٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanয’ত আছে সঠিক বিধিবদ্ধ বিধান।

See all translations of this verse →

وَمَا تَفَرَّقَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ إِلَّا مِنۢ بَعْدِ مَا جَآءَتْهُمُ ٱلْبَيِّنَةُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহাৰ পিছতো সিহঁতে বিভক্ত হৈছিল।

See all translations of this verse →

وَمَآ أُمِرُوٓا۟ إِلَّا لِيَعْبُدُوا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ حُنَفَآءَ وَيُقِيمُوا۟ ٱلصَّلَوٰةَ وَيُؤْتُوا۟ ٱلزَّكَوٰةَ وَذَٰلِكَ دِينُ ٱلْقَيِّمَةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে, লগতে যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।

See all translations of this verse →

إِنَّ ٱلَّذِينَ كَفَرُوا۟ مِنْ أَهْلِ ٱلْكِتَٰبِ وَٱلْمُشْرِكِينَ فِى نَارِ جَهَنَّمَ خَٰلِدِينَ فِيهَآ أُو۟لَٰٓئِكَ هُمْ شَرُّ ٱلْبَرِيَّةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে, সিহঁতে আৰু মুশ্বৰিকসকলে জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; ইহঁতেই হৈছে নিকৃষ্ট সৃষ্টি।

See all translations of this verse →

إِنَّ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ أُو۟لَٰٓئِكَ هُمْ خَيْرُ ٱلْبَرِيَّةِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।

See all translations of this verse →

جَزَآؤُهُمْ عِندَ رَبِّهِمْ جَنَّٰتُ عَدْنٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدًا رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ ذَٰلِكَ لِمَنْ خَشِىَ رَبَّهُۥ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰস্কাৰ হৈছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। এই (প্ৰতিদান) তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70