caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Muhammad محمد

৩৮ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ৯৫

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ أَضَلَّ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা আনক নিবৃত্ত কৰিছে তেওঁ (আল্লাহে) সিহঁতৰ আমলসমূহক ব্যৰ্থ কৰি দিছে।

See all translations of this verse →

وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ وَءَامَنُوا۟ بِمَا نُزِّلَ عَلَىٰ مُحَمَّدٍ وَهُوَ ٱلْحَقُّ مِن رَّبِّهِمْ كَفَّرَ عَنْهُمْ سَيِّـَٔاتِهِمْ وَأَصْلَحَ بَالَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে লগতে মুহাম্মদৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত বিশ্বাস স্থাপন কৰিছে, আৰু এইখন হৈছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) সত্য, তেৱেঁই তেওঁলোকৰ বেয়া আমলসমূহ দূৰ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

See all translations of this verse →

ذَٰلِكَ بِأَنَّ ٱلَّذِينَ كَفَرُوا۟ ٱتَّبَعُوا۟ ٱلْبَٰطِلَ وَأَنَّ ٱلَّذِينَ ءَامَنُوا۟ ٱتَّبَعُوا۟ ٱلْحَقَّ مِن رَّبِّهِمْ كَذَٰلِكَ يَضْرِبُ ٱللَّهُ لِلنَّاسِ أَمْثَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, যিসকলে কুফৰী কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে আৰু যিসকলে ঈমান আনিছে তেওঁলোকে নিজ প্ৰতিপালকৰ প্ৰেৰিত সত্যৰ অনুসৰণ কৰিছে। এইদৰে আল্লাহে মানুহৰ বাবে সিহঁতৰ দৃষ্টান্তসমূহ উপস্থাপন কৰে।

See all translations of this verse →

فَإِذَا لَقِيتُمُ ٱلَّذِينَ كَفَرُوا۟ فَضَرْبَ ٱلرِّقَابِ حَتَّىٰٓ إِذَآ أَثْخَنتُمُوهُمْ فَشُدُّوا۟ ٱلْوَثَاقَ فَإِمَّا مَنًّۢا بَعْدُ وَإِمَّا فِدَآءً حَتَّىٰ تَضَعَ ٱلْحَرْبُ أَوْزَارَهَا ذَٰلِكَ وَلَوْ يَشَآءُ ٱللَّهُ لَٱنتَصَرَ مِنْهُمْ وَلَٰكِن لِّيَبْلُوَا۟ بَعْضَكُم بِبَعْضٍ وَٱلَّذِينَ قُتِلُوا۟ فِى سَبِيلِ ٱللَّهِ فَلَن يُضِلَّ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতকে যেতিয়া তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ ক্ষেত্ৰত মুকাবিলা কৰা তেতিয়া (সিহঁতৰ) ঘাৰত আঘাত কৰিবা, অৱশেষত যেতিয়া তোমালোকে সিহঁতক সম্পূৰ্ণৰূপে পৰ্যুদস্ত কৰিবা তেতিয়া সিহঁতক কটকটীয়াকৈ বান্ধি লবা; তাৰ পিছত হ’লে অনুকম্পা, নহ’লে মুক্তিপণ, যেতিয়ালৈকে (সিহঁতে) যুদ্ধৰ ভাৰ (অস্ত্ৰ-শস্ত্ৰ) নমাই নথয়। এইদৰেই, আল্লাহে ইচ্ছা কৰিলে সিহঁতৰ পৰা প্ৰতিশোধ লব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকৰ এজনক আনজনৰ দ্বাৰা পৰীক্ষা কৰিব বিচাৰে। যিসকলে আল্লাহৰ পথত নিহত হয় আল্লাহে তেওঁলোকৰ আমল কেতিয়াও বিনষ্ট হ’বলৈ নিদিয়ে।

See all translations of this verse →

سَيَهْدِيهِمْ وَيُصْلِحُ بَالَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅনতিপলমে আল্লাহে তেওঁলোকক পথনিৰ্দেশ কৰিব আৰু তেওঁলোকৰ অৱস্থাৰ সংশোধন কৰিব।

See all translations of this verse →

وَيُدْخِلُهُمُ ٱلْجَنَّةَ عَرَّفَهَا لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ পৰিচয় তেওঁ তেওঁলোকক জনাই দিছে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِن تَنصُرُوا۟ ٱللَّهَ يَنصُرْكُمْ وَيُثَبِّتْ أَقْدَامَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! যদি তোমালোকে আল্লাহক সহায় কৰা তেন্তে তেওঁ তোমালোকক সহায় কৰিব আৰু তোমালোকৰ ভৰি সুদৃঢ় ৰাখিব।

See all translations of this verse →

وَٱلَّذِينَ كَفَرُوا۟ فَتَعْسًا لَّهُمْ وَأَضَلَّ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে ধ্বংস আৰু তেওঁ সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে।

See all translations of this verse →

ذَٰلِكَ بِأَنَّهُمْ كَرِهُوا۟ مَآ أَنزَلَ ٱللَّهُ فَأَحْبَطَ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, সিহঁতে তাক অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।

See all translations of this verse →

أَفَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ دَمَّرَ ٱللَّهُ عَلَيْهِمْ وَلِلْكَٰفِرِينَ أَمْثَٰلُهَا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে সিহঁতে পৃথিৱীত ভ্ৰমণ কৰি চোৱা নাইনে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ পৰিণাম কি হৈছিল? আল্লাহে সিহঁতক ধ্বংস কৰিছে। কাফিৰসকলৰ বাবে আছে অনুৰূপ পৰিণাম।

See all translations of this verse →

ذَٰلِكَ بِأَنَّ ٱللَّهَ مَوْلَى ٱلَّذِينَ ءَامَنُوا۟ وَأَنَّ ٱلْكَٰفِرِينَ لَا مَوْلَىٰ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, নিশ্চয় আল্লাহ হৈছে মুমিনসকলৰ অভিভাৱক আৰু এই কথাও নিশ্চিত যে, কাফিৰসকলৰ কোনো অভিভাৱক নাই।

See all translations of this verse →

إِنَّ ٱللَّهَ يُدْخِلُ ٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ جَنَّٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ وَٱلَّذِينَ كَفَرُوا۟ يَتَمَتَّعُونَ وَيَأْكُلُونَ كَمَا تَأْكُلُ ٱلْأَنْعَٰمُ وَٱلنَّارُ مَثْوًى لَّهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিসকলে কুফৰী কৰিছে সিহঁতে ভোগ-বিলাসত মত্ত থাকে আৰু সেইদৰে আহাৰ কৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে; এতেকে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।

See all translations of this verse →

وَكَأَيِّن مِّن قَرْيَةٍ هِىَ أَشَدُّ قُوَّةً مِّن قَرْيَتِكَ ٱلَّتِىٓ أَخْرَجَتْكَ أَهْلَكْنَٰهُمْ فَلَا نَاصِرَ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমাৰ জনপদ যিটোৰ পৰা সিহঁতে তোমাক বহিষ্কাৰ কৰিছে, সেই জনপদৰ তুলনাত অধিক শক্তিশালী আৰু বহুতো জনপদ আছিল; যিবোৰক আমি ধ্বংস কৰিছোঁ, ফলত সিহঁতৰ কোনো সহায়কাৰী নাছিল।

See all translations of this verse →

أَفَمَن كَانَ عَلَىٰ بَيِّنَةٍ مِّن رَّبِّهِۦ كَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُم

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিজন ব্যক্তি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সুস্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছে, সেইজন ব্যক্তি তাৰ দৰে নেকি যাৰ ওচৰত নিজৰ বেয়া আমলসমূহক শোভনীয় কৰি দিয়া হৈছে, লগতে যিসকলে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰি আছে?

See all translations of this verse →

مَّثَلُ ٱلْجَنَّةِ ٱلَّتِى وُعِدَ ٱلْمُتَّقُونَ فِيهَآ أَنْهَٰرٌ مِّن مَّآءٍ غَيْرِ ءَاسِنٍ وَأَنْهَٰرٌ مِّن لَّبَنٍ لَّمْ يَتَغَيَّرْ طَعْمُهُۥ وَأَنْهَٰرٌ مِّنْ خَمْرٍ لَّذَّةٍ لِّلشَّٰرِبِينَ وَأَنْهَٰرٌ مِّنْ عَسَلٍ مُّصَفًّى وَلَهُمْ فِيهَا مِن كُلِّ ٱلثَّمَرَٰتِ وَمَغْفِرَةٌ مِّن رَّبِّهِمْ كَمَنْ هُوَ خَٰلِدٌ فِى ٱلنَّارِ وَسُقُوا۟ مَآءً حَمِيمًا فَقَطَّعَ أَمْعَآءَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে এনেকুৱা, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে সেৱনকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ, লগতে তাত তেওঁলোকৰ বাবে থাকিব প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকলে জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।

See all translations of this verse →

وَمِنْهُم مَّن يَسْتَمِعُ إِلَيْكَ حَتَّىٰٓ إِذَا خَرَجُوا۟ مِنْ عِندِكَ قَالُوا۟ لِلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ مَاذَا قَالَ ءَانِفًا أُو۟لَٰٓئِكَ ٱلَّذِينَ طَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ وَٱتَّبَعُوٓا۟ أَهْوَآءَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা মনোযোগ সহকাৰে শুনে, অৱশেষত তোমাৰ ওচৰৰ পৰা ওলাই গৈ তেওঁলোকক সোধে যিসকলক জ্ঞান দান কৰা হৈছে, ‘এই মাত্ৰ তেওঁ কি ক’লে’? ইহঁতেই হৈছে সেইসকল লোক, যিসকলৰ অন্তৰসমূহত আল্লাহে মোহৰ মাৰি দিছে আৰু সিহঁতে নিজৰ কামনা-বাসনাৰ অনুসৰণ কৰিছে।

See all translations of this verse →

وَٱلَّذِينَ ٱهْتَدَوْا۟ زَادَهُمْ هُدًى وَءَاتَىٰهُمْ تَقْوَىٰهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে হিদায়ত প্ৰাপ্ত হৈছে, আল্লাহে তেওঁলোকৰ হিদায়ত আৰু অধিক বৃদ্ধি কৰি দিয়ে, লগতে তেওঁলোকক তেওঁলোকৰ তাক্বৱা প্ৰদান কৰে।

See all translations of this verse →

فَهَلْ يَنظُرُونَ إِلَّا ٱلسَّاعَةَ أَن تَأْتِيَهُم بَغْتَةً فَقَدْ جَآءَ أَشْرَاطُهَا فَأَنَّىٰ لَهُمْ إِذَا جَآءَتْهُمْ ذِكْرَىٰهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ আকস্মিকভাৱে আহি পৰক? কিয়ামতৰ লক্ষণসমূহ কিন্তু আহিয়ে পৰিছে! এতেকে কিয়ামত আহিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!

See all translations of this verse →

فَٱعْلَمْ أَنَّهُۥ لَآ إِلَٰهَ إِلَّا ٱللَّهُ وَٱسْتَغْفِرْ لِذَنۢبِكَ وَلِلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ وَٱللَّهُ يَعْلَمُ مُتَقَلَّبَكُمْ وَمَثْوَىٰكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanগতিকে জানি থোৱা! আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। লগতে ক্ষমা প্ৰাৰ্থনা কৰা নিজৰ আৰু মুমিন নৰ-নাৰীসকলৰ ভুল-ত্ৰুটিৰ বাবে। আল্লাহে তোমালোকৰ গতিবিধি আৰু অৱস্থান সম্পৰ্কে অৱগত।

See all translations of this verse →

وَيَقُولُ ٱلَّذِينَ ءَامَنُوا۟ لَوْلَا نُزِّلَتْ سُورَةٌ فَإِذَآ أُنزِلَتْ سُورَةٌ مُّحْكَمَةٌ وَذُكِرَ فِيهَا ٱلْقِتَالُ رَأَيْتَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ يَنظُرُونَ إِلَيْكَ نَظَرَ ٱلْمَغْشِىِّ عَلَيْهِ مِنَ ٱلْمَوْتِ فَأَوْلَىٰ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----

See all translations of this verse →

طَاعَةٌ وَقَوْلٌ مَّعْرُوفٌ فَإِذَا عَزَمَ ٱلْأَمْرُ فَلَوْ صَدَقُوا۟ ٱللَّهَ لَكَانَ خَيْرًا لَّهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে চূড়ান্ত সিদ্ধান্ত হোৱাৰ পিছত সিহঁতে যদি আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে নিশ্চয় সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।

See all translations of this verse →

فَهَلْ عَسَيْتُمْ إِن تَوَلَّيْتُمْ أَن تُفْسِدُوا۟ فِى ٱلْأَرْضِ وَتُقَطِّعُوٓا۟ أَرْحَامَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanক্ষমতাত অধিষ্ঠিত হ’লে সম্ভৱতঃ তোমালোকে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবা আৰু আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰিবা?

See all translations of this verse →

أُو۟لَٰٓئِكَ ٱلَّذِينَ لَعَنَهُمُ ٱللَّهُ فَأَصَمَّهُمْ وَأَعْمَىٰٓ أَبْصَٰرَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইহঁতকেই আল্লাহে লানত কৰিছে, ফলত তেওঁ সিহঁতক বধিৰ কৰি দিছে আৰু সিহঁতৰ দৃষ্টিসমূহক অন্ধ কৰি দিছে।

See all translations of this verse →

أَفَلَا يَتَدَبَّرُونَ ٱلْقُرْءَانَ أَمْ عَلَىٰ قُلُوبٍ أَقْفَالُهَآ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেন্তে সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে?

See all translations of this verse →

إِنَّ ٱلَّذِينَ ٱرْتَدُّوا۟ عَلَىٰٓ أَدْبَٰرِهِم مِّنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَى ٱلشَّيْطَٰنُ سَوَّلَ لَهُمْ وَأَمْلَىٰ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে নিজৰ ওচৰত সৎপথ স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা পৃষ্ঠপ্ৰদৰ্শন কৰে, চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দেখুৱায় আৰু সিহঁতক মিছা আশা দিয়ে।

See all translations of this verse →

ذَٰلِكَ بِأَنَّهُمْ قَالُوا۟ لِلَّذِينَ كَرِهُوا۟ مَا نَزَّلَ ٱللَّهُ سَنُطِيعُكُمْ فِى بَعْضِ ٱلْأَمْرِ وَٱللَّهُ يَعْلَمُ إِسْرَارَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, আল্লাহে যি অৱতীৰ্ণ কৰিছে, তাক যিসকলে অপছন্দ কৰে সিহঁতক ইহঁতে কয়, ‘অনতিপলমে আমিও কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম’। কিন্তু আল্লাহে সিহঁতৰ গোপন অভিসন্ধিসমূহ জানে।

See all translations of this verse →

فَكَيْفَ إِذَا تَوَفَّتْهُمُ ٱلْمَلَٰٓئِكَةُ يَضْرِبُونَ وُجُوهَهُمْ وَأَدْبَٰرَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সেই সময়ত সিহঁতৰ কি দশা হ’ব! যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত মৰিয়াই মৰিয়াই প্ৰাণ হৰণ কৰিব!

See all translations of this verse →

ذَٰلِكَ بِأَنَّهُمُ ٱتَّبَعُوا۟ مَآ أَسْخَطَ ٱللَّهَ وَكَرِهُوا۟ رِضْوَٰنَهُۥ فَأَحْبَطَ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, সিহঁতে এনে কিছুমান বিষয়ৰ অনুসৰণ কৰিছে যিবোৰে আল্লাহক অসন্তুষ্ট কৰিছে, লগতে সিহঁতে তেওঁৰ সন্তুষ্টিক অপছন্দ কৰিছে, সেয়ে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিছে।

See all translations of this verse →

أَمْ حَسِبَ ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ أَن لَّن يُخْرِجَ ٱللَّهُ أَضْغَٰنَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাবে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?

See all translations of this verse →

وَلَوْ نَشَآءُ لَأَرَيْنَٰكَهُمْ فَلَعَرَفْتَهُم بِسِيمَٰهُمْ وَلَتَعْرِفَنَّهُمْ فِى لَحْنِ ٱلْقَوْلِ وَٱللَّهُ يَعْلَمُ أَعْمَٰلَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোঁহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু নিশ্চয় তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।

See all translations of this verse →

وَلَنَبْلُوَنَّكُمْ حَتَّىٰ نَعْلَمَ ٱلْمُجَٰهِدِينَ مِنكُمْ وَٱلصَّٰبِرِينَ وَنَبْلُوَا۟ أَخْبَارَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি নিশ্চয় তোমালোকক পৰীক্ষা কৰিম এই কথা প্ৰকাশ নকৰালৈকে যে, তোমালোকৰ মাজত মুজাহিদ আৰু ধৈৰ্য্যশীল লোক কোনসকল, আৰু আমিয়েই তোমালোকৰ কৰ্মকাণ্ড পৰীক্ষা কৰোঁ।

See all translations of this verse →

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ وَشَآقُّوا۟ ٱلرَّسُولَ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُمُ ٱلْهُدَىٰ لَن يَضُرُّوا۟ ٱللَّهَ شَيْـًٔا وَسَيُحْبِطُ أَعْمَٰلَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে কুফৰী কৰিছে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰিছে লগতে সিহঁতৰ ওচৰত হিদায়ত সুস্পষ্ট হোৱাৰ পিছতো ৰাছুলৰ বিৰোধিতা কৰিছে, সিহঁতে কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব। অতিশীঘ্ৰে তেওঁ সিহঁতৰ আমলসমূহক নিষ্ফল কৰি দিব।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ أَطِيعُوا۟ ٱللَّهَ وَأَطِيعُوا۟ ٱلرَّسُولَ وَلَا تُبْطِلُوٓا۟ أَعْمَٰلَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা, আৰু তোমালোকে নিজৰ আমলসমূহক বিনষ্ট নকৰিবা।

See all translations of this verse →

إِنَّ ٱلَّذِينَ كَفَرُوا۟ وَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ ثُمَّ مَاتُوا۟ وَهُمْ كُفَّارٌ فَلَن يَغْفِرَ ٱللَّهُ لَهُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে কুফৰী কৰিছে আৰু আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিছে, তাৰ পিছত কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰিব।

See all translations of this verse →

فَلَا تَهِنُوا۟ وَتَدْعُوٓا۟ إِلَى ٱلسَّلْمِ وَأَنتُمُ ٱلْأَعْلَوْنَ وَٱللَّهُ مَعَكُمْ وَلَن يَتِرَكُمْ أَعْمَٰلَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তোমালোকে মনোবল নেহেৰুৱাবা আৰু সন্ধিৰ প্ৰস্তাবো নিদিবা, তোমালোকেই প্ৰবল, কাৰণ তোমালোকৰ লগত (সহায়ক হিচাপে) আল্লাহ আছে, আৰু তেওঁ তোমালোকৰ কৰ্মফল কেতিয়াও ক্ষুণ্ণ নকৰিব।

See all translations of this verse →

إِنَّمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا لَعِبٌ وَلَهْوٌ وَإِن تُؤْمِنُوا۟ وَتَتَّقُوا۟ يُؤْتِكُمْ أُجُورَكُمْ وَلَا يَسْـَٔلْكُمْ أَمْوَٰلَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপাৰ্থিৱ জীৱন হৈছে কেৱল খেল-ধেমালি আৰু অৰ্থহীন কথা-বতৰাহে। যদি তোমালোকে ঈমান পোষণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পুৰস্কাৰ প্ৰদান কৰিব। তেওঁ তোমালোকৰ ধন-সম্পদ নিবিচাৰে।

See all translations of this verse →

إِن يَسْـَٔلْكُمُوهَا فَيُحْفِكُمْ تَبْخَلُوا۟ وَيُخْرِجْ أَضْغَٰنَكُمْ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তেওঁ তোমালোকৰ ওচৰত সেয়া (ধন-সম্পদ) বিচাৰে, লগতে যদি তেওঁ তোমালোকৰ ওপৰত প্ৰবল চাপ দিয়ে তেন্তে তোমালোকে কৃপণালিহে কৰিবা আৰু তেওঁ তেতিয়া তোমালোকৰ বিদ্বেষভাৱ প্ৰকাশ কৰি দিব।

See all translations of this verse →

هَٰٓأَنتُمْ هَٰٓؤُلَآءِ تُدْعَوْنَ لِتُنفِقُوا۟ فِى سَبِيلِ ٱللَّهِ فَمِنكُم مَّن يَبْخَلُ وَمَن يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَن نَّفْسِهِۦ وَٱللَّهُ ٱلْغَنِىُّ وَأَنتُمُ ٱلْفُقَرَآءُ وَإِن تَتَوَلَّوْا۟ يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوٓا۟ أَمْثَٰلَكُم

Assamese Translation - Rafiqul Islam Habibur-Rahmanচোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে বেলেগ এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70