caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Faatir فاطر

৪৫ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৪৩

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ٱلْحَمْدُ لِلَّهِ فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ جَاعِلِ ٱلْمَلَٰٓئِكَةِ رُسُلًا أُو۟لِىٓ أَجْنِحَةٍ مَّثْنَىٰ وَثُلَٰثَ وَرُبَٰعَ يَزِيدُ فِى ٱلْخَلْقِ مَا يَشَآءُ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক বাণীবাহকৰূপে নিয়োগ কৰিছে, তেওঁলোক (ফিৰিস্তাসকল) হৈছে দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা কৰে বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

See all translations of this verse →

مَّا يَفْتَحِ ٱللَّهُ لِلنَّاسِ مِن رَّحْمَةٍ فَلَا مُمْسِكَ لَهَا وَمَا يُمْسِكْ فَلَا مُرْسِلَ لَهُۥ مِنۢ بَعْدِهِۦ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে মানুহৰ বাবে যি অনুগ্ৰহ মুকলি কৰি দিয়ে তাক ৰোধ কৰিবলৈ কোনো নাই, আনহাতে তেওঁ যিটোক ৰোধ কৰে সেইটোক মুকলি কৰিবলৈও কোনো নাই। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلنَّاسُ ٱذْكُرُوا۟ نِعْمَتَ ٱللَّهِ عَلَيْكُمْ هَلْ مِنْ خَٰلِقٍ غَيْرُ ٱللَّهِ يَرْزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلْأَرْضِ لَآ إِلَٰهَ إِلَّا هُوَ فَأَنَّىٰ تُؤْفَكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ! তোমালোকৰ প্ৰতি আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা আছে নেকি, যিয়ে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে তোমালোকক ক’লৈ ওভতাই নিয়া হৈছে?

See all translations of this verse →

وَإِن يُكَذِّبُوكَ فَقَدْ كُذِّبَتْ رُسُلٌ مِّن قَبْلِكَ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি ইহঁতে তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) তোমাৰ পূৰ্বেও ৰাছুলসকলক অবিশ্বাস কৰা হৈছিল। আল্লাহৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হ’ব।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلنَّاسُ إِنَّ وَعْدَ ٱللَّهِ حَقٌّ فَلَا تَغُرَّنَّكُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا وَلَا يَغُرَّنَّكُم بِٱللَّهِ ٱلْغَرُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ! নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য; সেয়ে পাৰ্থিৱ জীৱনে যেন তোমালোকক কেতিয়াও প্ৰতাৰিত কৰিব নোৱাৰে আৰু সেই প্ৰতাৰকেও (চয়তানেও) যেন তোমালোকক আল্লাহৰ বিষয়ে প্ৰতাৰণা কৰিব নোৱাৰে।

See all translations of this verse →

إِنَّ ٱلشَّيْطَٰنَ لَكُمْ عَدُوٌّ فَٱتَّخِذُوهُ عَدُوًّا إِنَّمَا يَدْعُوا۟ حِزْبَهُۥ لِيَكُونُوا۟ مِنْ أَصْحَٰبِ ٱلسَّعِيرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় চয়তান হৈছে তোমালোকৰ শত্ৰু; এতেকে তাক শত্ৰু বুলিয়েই মনত ৰাখিবা। সি তাৰ দলক এইকাৰণে আহ্বান কৰে যাতে সিহঁতে প্ৰজ্জলিত জুইৰ অধিবাসী হ’ব পাৰে।

See all translations of this verse →

ٱلَّذِينَ كَفَرُوا۟ لَهُمْ عَذَابٌ شَدِيدٌ وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَهُم مَّغْفِرَةٌ وَأَجْرٌ كَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে কঠিন শাস্তি; আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।

See all translations of this verse →

أَفَمَن زُيِّنَ لَهُۥ سُوٓءُ عَمَلِهِۦ فَرَءَاهُ حَسَنًا فَإِنَّ ٱللَّهَ يُضِلُّ مَن يَشَآءُ وَيَهْدِى مَن يَشَآءُ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَٰتٍ إِنَّ ٱللَّهَ عَلِيمٌۢ بِمَا يَصْنَعُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাবে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাবে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা কৰে তাক হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।

See all translations of this verse →

وَٱللَّهُ ٱلَّذِىٓ أَرْسَلَ ٱلرِّيَٰحَ فَتُثِيرُ سَحَابًا فَسُقْنَٰهُ إِلَىٰ بَلَدٍ مَّيِّتٍ فَأَحْيَيْنَا بِهِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا كَذَٰلِكَ ٱلنُّشُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইজনেই আল্লাহ যিজনে বতাহ প্ৰেৰণ কৰি তাৰ দ্বাৰা মেঘমালা সঞ্চালিত কৰে। তাৰ পিছত আমি সেইটোক নিৰ্জীৱ ভূখণ্ডৰ ফালে পৰিচালিত কৰোঁ, ইয়াৰ পিছত আমি তাৰ দ্বাৰা মৃত ভূমিক আকৌ পুনৰ্জীৱিত কৰোঁ। এইদৰেই পুনৰ্জীৱন সংঘটিত হ’ব।

See all translations of this verse →

مَن كَانَ يُرِيدُ ٱلْعِزَّةَ فَلِلَّهِ ٱلْعِزَّةُ جَمِيعًا إِلَيْهِ يَصْعَدُ ٱلْكَلِمُ ٱلطَّيِّبُ وَٱلْعَمَلُ ٱلصَّٰلِحُ يَرْفَعُهُۥ وَٱلَّذِينَ يَمْكُرُونَ ٱلسَّيِّـَٔاتِ لَهُمْ عَذَابٌ شَدِيدٌ وَمَكْرُ أُو۟لَٰٓئِكَ هُوَ يَبُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি কোনোবাই সন্মান বিচাৰে (তেন্তে সি আল্লাহৰ ওচৰতেই বিচৰা উচিত) কিয়নো সকলো সন্মান-প্ৰতিপত্তিৰ মালিক কেৱল আল্লাহেই। তেওঁৰ ওচৰতেই সকলো ভাল কথা উত্থিত হয় আৰু তেৱেঁই নেক আমলক ওপৰলৈ উঠাই নিয়ে। পক্ষান্তৰে যিসকলে বেয়া কামৰ চক্ৰান্ত কৰে সিহঁতৰ বাবে আছে কঠিন শাস্তি আৰু সিহঁতৰ ষড়যন্ত্ৰ নিশ্চিতভাৱে ব্যৰ্থ হ’ব।

See all translations of this verse →

وَٱللَّهُ خَلَقَكُم مِّن تُرَابٍ ثُمَّ مِن نُّطْفَةٍ ثُمَّ جَعَلَكُمْ أَزْوَٰجًا وَمَا تَحْمِلُ مِنْ أُنثَىٰ وَلَا تَضَعُ إِلَّا بِعِلْمِهِۦ وَمَا يُعَمَّرُ مِن مُّعَمَّرٍ وَلَا يُنقَصُ مِنْ عُمُرِهِۦٓ إِلَّا فِى كِتَٰبٍ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে তোমালোকক সৃষ্টি কৰিছে মাটিৰ পৰা, তাৰ পিছত শুক্ৰবিন্দুৰ পৰা, তাৰ পিছতহে তোমালোকক যোৰা যোৰাকৈ বনাইছে। আল্লাহৰ অজ্ঞাতে কোনো নাৰীয়ে গৰ্ভ ধাৰণো নকৰে আৰু প্ৰসৱো নকৰে। কোনো দীৰ্ঘায়ু ব্যক্তিৰ আয়ু বৃদ্ধি কৰা নহয় আৰু তাৰ আয়ু হ্ৰাস কৰাও নহয়, কিন্তু সেয়া আছে এখন গ্ৰন্থত (লিপিবদ্ধ)। নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ।

See all translations of this verse →

وَمَا يَسْتَوِى ٱلْبَحْرَانِ هَٰذَا عَذْبٌ فُرَاتٌ سَآئِغٌ شَرَابُهُۥ وَهَٰذَا مِلْحٌ أُجَاجٌ وَمِن كُلٍّ تَأْكُلُونَ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُونَ حِلْيَةً تَلْبَسُونَهَا وَتَرَى ٱلْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا۟ مِن فَضْلِهِۦ وَلَعَلَّكُمْ تَشْكُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু দুয়োখন সাগৰ সমান নহয়ঃ এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা। প্ৰতিখনৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। লগতে তোমালোকে তাত দেখিবলৈ পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰক, (যিবোৰত আৰোহণ কৰি) তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা, লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা।

See all translations of this verse →

يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ كُلٌّ يَجْرِى لِأَجَلٍ مُّسَمًّى ذَٰلِكُمُ ٱللَّهُ رَبُّكُمْ لَهُ ٱلْمُلْكُ وَٱلَّذِينَ تَدْعُونَ مِن دُونِهِۦ مَا يَمْلِكُونَ مِن قِطْمِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক প্ৰৱেশ কৰায় ৰাতিৰ মাজত, তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক কৰিছে নিয়মাধীন; প্ৰত্যেকটোৱে পৰিভ্ৰমণ কৰে এটা নিৰ্দিষ্ট সময়লৈকে। তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আধিপত্য তেওঁৰেই। তোমালোকে তেওঁৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা সিহঁতে খেজুৰ গুটিৰ ওপৰত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়।

See all translations of this verse →

إِن تَدْعُوهُمْ لَا يَسْمَعُوا۟ دُعَآءَكُمْ وَلَوْ سَمِعُوا۟ مَا ٱسْتَجَابُوا۟ لَكُمْ وَيَوْمَ ٱلْقِيَٰمَةِ يَكْفُرُونَ بِشِرْكِكُمْ وَلَا يُنَبِّئُكَ مِثْلُ خَبِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে সিহঁতক আহ্বান কৰিলে সিহঁতে তোমালোকৰ আহ্বান শুনা নাপায় আৰু শুনা পালেও তোমালোকৰ আহ্বানৰ কেতিয়াও সঁহাৰি দিব নোৱাৰে। তোমালোকে যে সিহঁতক অংশী কৰিছা সেয়া কিয়ামতৰ দিনা সিহঁতে অস্বীকাৰ কৰিব। সৰ্বজ্ঞ আল্লাহৰ দৰে কোনেও তোমাক অৱহিত কৰিব নোৱাৰে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلنَّاسُ أَنتُمُ ٱلْفُقَرَآءُ إِلَى ٱللَّهِ وَٱللَّهُ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।

See all translations of this verse →

إِن يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।

See all translations of this verse →

وَمَا ذَٰلِكَ عَلَى ٱللَّهِ بِعَزِيزٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইটো আল্লাহৰ বাবে একো টান কাম নহয়।

See all translations of this verse →

وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ وَإِن تَدْعُ مُثْقَلَةٌ إِلَىٰ حِمْلِهَا لَا يُحْمَلْ مِنْهُ شَىْءٌ وَلَوْ كَانَ ذَا قُرْبَىٰٓ إِنَّمَا تُنذِرُ ٱلَّذِينَ يَخْشَوْنَ رَبَّهُم بِٱلْغَيْبِ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَمَن تَزَكَّىٰ فَإِنَّمَا يَتَزَكَّىٰ لِنَفْسِهِۦ وَإِلَى ٱللَّهِ ٱلْمَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কোনো বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব, আৰু কোনোবা ভাৰাক্ৰান্ত ব্যক্তিয়ে যদি তাৰ বোজা বহন কৰিবলৈ কাৰোবাক মাতে তথাপিও তাৰ বোজাৰ কোনো অংশই বহন কৰা নহ’ব, আনকি তাৰ নিকট আত্মীয় হ’লেও নকৰিব। তুমি কেৱল তেওঁলোককহে সতৰ্ক কৰিব পাৰিবা যিসকলে নিজ প্ৰতিপালকক নেদেখাকৈয়ে ভয় কৰে আৰু ছালাত কায়েম কৰে। যিয়ে নিজকে পৰিশুদ্ধি কৰে, তেওঁ নিজৰ কল্যাণৰ বাবেই পৰিশুদ্ধি কৰে। প্ৰত্যাৱৰ্তন কেৱল আল্লাহৰ ফালেই।

See all translations of this verse →

وَمَا يَسْتَوِى ٱلْأَعْمَىٰ وَٱلْبَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি কেতিয়াও সমান নহয়,

See all translations of this verse →

وَلَا ٱلظُّلُمَٰتُ وَلَا ٱلنُّورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅন্ধকাৰ আৰু পোহৰো সমান নহয়,

See all translations of this verse →

وَلَا ٱلظِّلُّ وَلَا ٱلْحَرُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanশীতল ছাঁ আৰু প্ৰখৰ ৰ’দো সমান নহয়,

See all translations of this verse →

وَمَا يَسْتَوِى ٱلْأَحْيَآءُ وَلَا ٱلْأَمْوَٰتُ إِنَّ ٱللَّهَ يُسْمِعُ مَن يَشَآءُ وَمَآ أَنتَ بِمُسْمِعٍ مَّن فِى ٱلْقُبُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।

See all translations of this verse →

إِنْ أَنتَ إِلَّا نَذِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি কেৱল এজন সতৰ্ককাৰীহে।

See all translations of this verse →

إِنَّآ أَرْسَلْنَٰكَ بِٱلْحَقِّ بَشِيرًا وَنَذِيرًا وَإِن مِّنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি তোমাক সত্য সহকাৰে প্ৰেৰণ কৰিছোঁ সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰলৈ সতৰ্ককাৰী অহা নাই।

See all translations of this verse →

وَإِن يُكَذِّبُوكَ فَقَدْ كَذَّبَ ٱلَّذِينَ مِن قَبْلِهِمْ جَآءَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ وَبِٱلزُّبُرِ وَبِٱلْكِتَٰبِ ٱلْمُنِيرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে যদি তোমাক অবিশ্বাস কৰে তেন্তে (জানি থোৱা) সিহঁতৰ পূৰ্বৱৰ্তীসকলেও অবিশ্বাস কৰিছিল, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে সুস্পষ্ট প্ৰমাণাদি তথা গ্ৰন্থাদি আৰু দীপ্তিমান কিতাব লৈ আহিছিল।

See all translations of this verse →

ثُمَّ أَخَذْتُ ٱلَّذِينَ كَفَرُوا۟ فَكَيْفَ كَانَ نَكِيرِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যিসকলে কুফৰী কৰিছিল আমি সিহঁতক শাস্তি বিহিছিলোঁ। এতেকে (চোৱা) কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান (শাস্তি)!

See all translations of this verse →

أَلَمْ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَخْرَجْنَا بِهِۦ ثَمَرَٰتٍ مُّخْتَلِفًا أَلْوَٰنُهَا وَمِنَ ٱلْجِبَالِ جُدَدٌۢ بِيضٌ وَحُمْرٌ مُّخْتَلِفٌ أَلْوَٰنُهَا وَغَرَابِيبُ سُودٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি দেখা নাইনে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত আমি তাৰ দ্বাৰা বিভিন্ন ৰঙৰ ফলমূল উৎপন্ন কৰোঁ। পাহাৰৰ মাজতো আছে বিভিন্ন বৰ্ণৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা।

See all translations of this verse →

وَمِنَ ٱلنَّاسِ وَٱلدَّوَآبِّ وَٱلْأَنْعَٰمِ مُخْتَلِفٌ أَلْوَٰنُهُۥ كَذَٰلِكَ إِنَّمَا يَخْشَى ٱللَّهَ مِنْ عِبَادِهِ ٱلْعُلَمَٰٓؤُا۟ إِنَّ ٱللَّهَ عَزِيزٌ غَفُورٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু এইদৰে মানুহৰ মাজত, বিচৰণশীল প্ৰাণী আৰু চতুষ্পদ জন্তুৰ মাজতো আছে নানা বৰ্ণ। আল্লাহক কেৱল তেওঁৰ জ্ঞানী বান্দাসকলেই ভয় কৰে। নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, পৰম ক্ষমাশীল।

See all translations of this verse →

إِنَّ ٱلَّذِينَ يَتْلُونَ كِتَٰبَ ٱللَّهِ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَأَنفَقُوا۟ مِمَّا رَزَقْنَٰهُمْ سِرًّا وَعَلَانِيَةً يَرْجُونَ تِجَٰرَةً لَّن تَبُورَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে আল্লাহৰ কিতাব তিলাৱত কৰে আৰু ছালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যৰূপে দান-খয়ৰাত কৰে, তেওঁলোকেই আশা কৰে এনেকুৱা ব্যৱসায়ৰ, যিটো কেতিয়াও ধ্বংস নহয়।

See all translations of this verse →

لِيُوَفِّيَهُمْ أُجُورَهُمْ وَيَزِيدَهُم مِّن فَضْلِهِۦٓ إِنَّهُۥ غَفُورٌ شَكُورٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ পূৰ্ণ প্ৰতিফল দান কৰে আৰু নিজ অনুগ্ৰহত আৰু বঢ়াই দিয়ে। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, মহাগুণগ্ৰাহী।

See all translations of this verse →

وَٱلَّذِىٓ أَوْحَيْنَآ إِلَيْكَ مِنَ ٱلْكِتَٰبِ هُوَ ٱلْحَقُّ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ إِنَّ ٱللَّهَ بِعِبَادِهِۦ لَخَبِيرٌۢ بَصِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি কিতাবৰ পৰা তোমাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছোঁ সেয়া সত্য, ইয়াৰ পূৰ্বে যিবোৰ (গ্ৰন্থ) দিয়া হৈছিল, এইখন হৈছে সেইবোৰৰ সমৰ্থক। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক অৱহিত, স্ৰৰ্বদ্ৰষ্টা।

See all translations of this verse →

ثُمَّ أَوْرَثْنَا ٱلْكِتَٰبَ ٱلَّذِينَ ٱصْطَفَيْنَا مِنْ عِبَادِنَا فَمِنْهُمْ ظَالِمٌ لِّنَفْسِهِۦ وَمِنْهُم مُّقْتَصِدٌ وَمِنْهُمْ سَابِقٌۢ بِٱلْخَيْرَٰتِ بِإِذْنِ ٱللَّهِ ذَٰلِكَ هُوَ ٱلْفَضْلُ ٱلْكَبِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আমি কিতাবৰ অধিকাৰী কৰিলোঁ তেওঁলোকক, যিসকলক আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা মনোনীত কৰিছোঁ; কিন্তু সিহঁতৰ মাজৰ কিছুমান আছিল নিজৰ প্ৰতি অত্যাচাৰী, কিছুমান মধ্যমপন্থী আৰু কিছুমান আছিল আল্লাহৰ ইচ্ছাত কল্যাণৰ কামত অগ্ৰগামী। এইটোৱেই হৈছে মহা অনুগ্ৰহ।

See all translations of this verse →

جَنَّٰتُ عَدْنٍ يَدْخُلُونَهَا يُحَلَّوْنَ فِيهَا مِنْ أَسَاوِرَ مِن ذَهَبٍ وَلُؤْلُؤًا وَلِبَاسُهُمْ فِيهَا حَرِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanচিৰস্থায়ী জান্নাত, য’ত তেওঁলোকে প্ৰৱেশ কৰিব। তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ অলংকাৰেৰে অলংকৃত কৰা হ’ব আৰু তাত তেওঁলোকৰ পোচাক হ’ব খাঁটি ৰেচমৰ।

See all translations of this verse →

وَقَالُوا۟ ٱلْحَمْدُ لِلَّهِ ٱلَّذِىٓ أَذْهَبَ عَنَّا ٱلْحَزَنَ إِنَّ رَبَّنَا لَغَفُورٌ شَكُورٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেওঁলোকে ক’ব, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, যিজনে আমাৰ দুখ-চিন্তা দূৰীভূত কৰিছে। নিশ্চয় আমাৰ প্ৰতিপালক পৰম ক্ষমাশীল, অসীম গুণগ্ৰাহী;

See all translations of this verse →

ٱلَّذِىٓ أَحَلَّنَا دَارَ ٱلْمُقَامَةِ مِن فَضْلِهِۦ لَا يَمَسُّنَا فِيهَا نَصَبٌ وَلَا يَمَسُّنَا فِيهَا لُغُوبٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘যিজনে নিজ অনুগ্ৰহত আমাক স্থায়ী আবাসত প্ৰৱেশ কৰাইছে, য’ত আমাক কোনো বিষাদে স্পৰ্শ নকৰে আৰু কোনো ক্লান্তিয়েও স্পৰ্শ নকৰে’।

See all translations of this verse →

وَٱلَّذِينَ كَفَرُوا۟ لَهُمْ نَارُ جَهَنَّمَ لَا يُقْضَىٰ عَلَيْهِمْ فَيَمُوتُوا۟ وَلَا يُخَفَّفُ عَنْهُم مِّنْ عَذَابِهَا كَذَٰلِكَ نَجْزِى كُلَّ كَفُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে জাহান্নামৰ জুই। সিহঁতৰ প্ৰতি এনে কোনো ফয়চালা দিয়া নহ’ব, যাৰ ফলত সিহঁতে মৃত্যুবৰণ কৰিব, লগতে সিহঁতৰ পৰা জাহান্নামৰ শাস্তিও লাঘৱ কৰা নহ’ব। এইদৰেই আমি প্ৰত্যেক অকৃতজ্ঞক শাস্তি দিওঁ।

See all translations of this verse →

وَهُمْ يَصْطَرِخُونَ فِيهَا رَبَّنَآ أَخْرِجْنَا نَعْمَلْ صَٰلِحًا غَيْرَ ٱلَّذِى كُنَّا نَعْمَلُ أَوَلَمْ نُعَمِّرْكُم مَّا يَتَذَكَّرُ فِيهِ مَن تَذَكَّرَ وَجَآءَكُمُ ٱلنَّذِيرُ فَذُوقُوا۟ فَمَا لِلظَّٰلِمِينَ مِن نَّصِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তাত সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক (ইয়াৰ পৰা) উলিয়াই নিয়া, আমি যি কৰিছিলোঁ তাৰ পৰিবৰ্তে সৎকৰ্ম কৰিম’। আল্লাহে ক’ব, ‘আমি তোমালোকক ইমানখিনি দীৰ্ঘায়ু কৰা নাছিলোঁনে যে, তেতিয়া কোনোবাই উপদেশ গ্ৰহণ কৰিব বিচাৰিলে উপদেশ গ্ৰহণ কৰিব পাৰিলেহেঁতেন, আৰু তোমালোকৰ ওচৰত সতৰ্ককাৰীও আহিছিল। এতেকে তোমালোকে শাস্তিৰ সোৱাদ লোৱা, কাৰণ যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই’।

See all translations of this verse →

إِنَّ ٱللَّهَ عَٰلِمُ غَيْبِ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ إِنَّهُۥ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহ আকাশসমূহ আৰু পৃথিৱীৰ গায়েব সম্পৰ্কে অৱগত। নিশ্চয় অন্তৰত যি আছে সেই বিষয়েও তেওঁ সম্যক পৰিজ্ঞাত।

See all translations of this verse →

هُوَ ٱلَّذِى جَعَلَكُمْ خَلَٰٓئِفَ فِى ٱلْأَرْضِ فَمَن كَفَرَ فَعَلَيْهِ كُفْرُهُۥ وَلَا يَزِيدُ ٱلْكَٰفِرِينَ كُفْرُهُمْ عِندَ رَبِّهِمْ إِلَّا مَقْتًا وَلَا يَزِيدُ ٱلْكَٰفِرِينَ كُفْرُهُمْ إِلَّا خَسَارًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিছে। এতেকে কোনোবাই কুফৰী কৰিলে তাৰ কুফৰীৰ বাবে সি নিজেই দায়ী হ’ব। কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধহে বৃদ্ধি কৰে আৰু কাফিৰসকলৰ কুফৰীয়ে কেৱল সিহঁতৰেই ক্ষতি বৃদ্ধি কৰে।

See all translations of this verse →

قُلْ أَرَءَيْتُمْ شُرَكَآءَكُمُ ٱلَّذِينَ تَدْعُونَ مِن دُونِ ٱللَّهِ أَرُونِى مَاذَا خَلَقُوا۟ مِنَ ٱلْأَرْضِ أَمْ لَهُمْ شِرْكٌ فِى ٱلسَّمَٰوَٰتِ أَمْ ءَاتَيْنَٰهُمْ كِتَٰبًا فَهُمْ عَلَىٰ بَيِّنَتٍ مِّنْهُ بَلْ إِن يَعِدُ ٱلظَّٰلِمُونَ بَعْضُهُم بَعْضًا إِلَّا غُرُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে আল্লাহৰ পৰিবৰ্তে যিবোৰক আহ্বান কৰা, সেই অংশীবিলাকৰ কথা কেতিয়াবা ভাবি চাইছানে? সিহঁতে পৃথিৱীত কিবা সৃষ্টি কৰিছে যদি মোক দেখুৱাচোন; অথবা আকাশসমূহৰ সৃষ্টিত সিহঁতৰ কোনো অংশ আছেনে বাৰু? নাইবা আমি সিহঁতক এনে কোনো কিতাব দিছোঁ নেকি যাৰ প্ৰমাণৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰে’? বৰং যালিমসকলে ইজনে সিজনক প্ৰতাৰণাৰ বাহিৰে আন একো প্ৰতিশ্ৰুতি নিদিয়ে।

See all translations of this verse →

إِنَّ ٱللَّهَ يُمْسِكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ أَن تَزُولَا وَلَئِن زَالَتَآ إِنْ أَمْسَكَهُمَا مِنْ أَحَدٍ مِّنۢ بَعْدِهِۦٓ إِنَّهُۥ كَانَ حَلِيمًا غَفُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহেই আকাশসমূহ আৰু পৃথিৱীক ধৰি আছে, যাতে স্থানচ্যুত নহয়। যদি এইবোৰ স্থানচ্যুত হয় তেন্তে তেওঁৰ বাহিৰে আন কোনো নাই যিয়ে সেইবোৰক ধৰি ৰাখিব পাৰিব। নিশ্চয় তেওঁ অতি সহনশীল, অসীম ক্ষমাপৰায়ণ।

See all translations of this verse →

وَأَقْسَمُوا۟ بِٱللَّهِ جَهْدَ أَيْمَٰنِهِمْ لَئِن جَآءَهُمْ نَذِيرٌ لَّيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى ٱلْأُمَمِ فَلَمَّا جَآءَهُمْ نَذِيرٌ مَّا زَادَهُمْ إِلَّا نُفُورًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰলৈ সতৰ্ককাৰী আহিল, তেতিয়া সেয়া কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে,

See all translations of this verse →

ٱسْتِكْبَارًا فِى ٱلْأَرْضِ وَمَكْرَ ٱلسَّيِّئِ وَلَا يَحِيقُ ٱلْمَكْرُ ٱلسَّيِّئُ إِلَّا بِأَهْلِهِۦ فَهَلْ يَنظُرُونَ إِلَّا سُنَّتَ ٱلْأَوَّلِينَ فَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَبْدِيلًا وَلَن تَجِدَ لِسُنَّتِ ٱللَّهِ تَحْوِيلًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৃথিৱীত ঔদ্ধত্য প্ৰকাশ আৰু কূটকৌশল অৱলম্বনৰ কাৰণে। অথচ কূটকৌশলে কেৱল তাৰ উদ্যোক্তাসকলকহে পৰিবেষ্টন কৰিব। তেন্তে সিহঁতে পূৰ্বৱৰ্তীবিলাকৰ (দৰে আল্লাহৰ) বিধানৰ অপেক্ষা কৰি আছে নেকি? কিন্তু তুমি আল্লাহৰ পদ্ধতিত কেতিয়াও কোনো পৰিবৰ্তন নাপাবা আৰু আল্লাহৰ পদ্ধতিৰ কোনো ব্যতিক্ৰমো দেখিবলৈ নাপাবা।

See all translations of this verse →

أَوَلَمْ يَسِيرُوا۟ فِى ٱلْأَرْضِ فَيَنظُرُوا۟ كَيْفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبْلِهِمْ وَكَانُوٓا۟ أَشَدَّ مِنْهُمْ قُوَّةً وَمَا كَانَ ٱللَّهُ لِيُعْجِزَهُۥ مِن شَىْءٍ فِى ٱلسَّمَٰوَٰتِ وَلَا فِى ٱلْأَرْضِ إِنَّهُۥ كَانَ عَلِيمًا قَدِيرًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইহঁতে পৃথিৱীত পৰিভ্ৰমণ কৰা নাইনে, তেতিয়াহে ইহঁতে দেখিব পাৰিলেহেঁতেন যে, ইহঁতৰ পূৰ্বৱৰ্তীবিলাকৰ কি পৰিণাম হৈছিল। অথচ সিহঁত আছিল ইহঁততকৈও অধিক শক্তিশালী। আল্লাহ এনেকুৱা নহয় যে, আকাশসমূহ আৰু পৃথিৱীৰ কোনোবাই তেওঁক অক্ষম কৰিব পাৰিব। নিশ্চয় তেওঁ সৰ্বজ্ঞ, সৰ্বশক্তিমান।

See all translations of this verse →

وَلَوْ يُؤَاخِذُ ٱللَّهُ ٱلنَّاسَ بِمَا كَسَبُوا۟ مَا تَرَكَ عَلَىٰ ظَهْرِهَا مِن دَآبَّةٍ وَلَٰكِن يُؤَخِّرُهُمْ إِلَىٰٓ أَجَلٍ مُّسَمًّى فَإِذَا جَآءَ أَجَلُهُمْ فَإِنَّ ٱللَّهَ كَانَ بِعِبَادِهِۦ بَصِيرًۢا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহে যদি মানুহক সিহঁতৰ কৃতকৰ্মৰ বাবে কৰায়ত্ত কৰিলেহেঁতেন, তেন্তে ভূ-পৃষ্ঠত কোনো প্ৰাণীকেই তেওঁ ৰেহাই নিদিলেহেঁতেন, কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব, (তেতিয়াহে তেওঁ সিহঁতক কৰায়ত্ত কৰিব) নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70