ঘৰ › ছুৰাসমূহ › ছুৰা Al-Ankaboot
ছুৰা Al-Ankaboot العنكبوت
৬৯ আয়াত · মক্কা · অৱতৰণৰ ক্ৰম ৮৫
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ الٓمٓ
Assamese Translation - Rafiqul Islam Habibur-Rahman আলিফ-লাম-মীম।[1]
See all translations of this verse →
أَحَسِبَ ٱلنَّاسُ أَن يُتْرَكُوٓا۟ أَن يَقُولُوٓا۟ ءَامَنَّا وَهُمْ لَا يُفْتَنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman মানুহে ভাবিছে নেকি যে, ‘আমি ঈমান আনিছোঁ’ এই বুলি ক’লেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব?
See all translations of this verse →
وَلَقَدْ فَتَنَّا ٱلَّذِينَ مِن قَبْلِهِمْ فَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ صَدَقُوا۟ وَلَيَعْلَمَنَّ ٱلْكَٰذِبِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আমি সিহঁতৰ পূৰ্বৱৰ্তীসকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।
See all translations of this verse →
أَمْ حَسِبَ ٱلَّذِينَ يَعْمَلُونَ ٱلسَّيِّـَٔاتِ أَن يَسْبِقُونَا سَآءَ مَا يَحْكُمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে, সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!
See all translations of this verse →
مَن كَانَ يَرْجُوا۟ لِقَآءَ ٱللَّهِ فَإِنَّ أَجَلَ ٱللَّهِ لَـَٔاتٍ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে, আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
See all translations of this verse →
وَمَن جَٰهَدَ فَإِنَّمَا يُجَٰهِدُ لِنَفْسِهِۦٓ إِنَّ ٱللَّهَ لَغَنِىٌّ عَنِ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিয়ে প্ৰচেষ্টা চলায়, সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ পৰা অমুখাপেক্ষী।
See all translations of this verse →
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّـَٔاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ ٱلَّذِى كَانُوا۟ يَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল, নিশ্চয় আমি তাৰ প্ৰতিদান দিম।
See all translations of this verse →
وَوَصَّيْنَا ٱلْإِنسَٰنَ بِوَٰلِدَيْهِ حُسْنًا وَإِن جَٰهَدَاكَ لِتُشْرِكَ بِى مَا لَيْسَ لَكَ بِهِۦ عِلْمٌ فَلَا تُطِعْهُمَآ إِلَىَّ مَرْجِعُكُمْ فَأُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ। কিন্তু সিহঁতে যদি মোৰ লগত শ্বিৰ্ক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। (জানি থোৱা) মোৰ ওচৰতেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
See all translations of this verse →
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُدْخِلَنَّهُمْ فِى ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।
See all translations of this verse →
وَمِنَ ٱلنَّاسِ مَن يَقُولُ ءَامَنَّا بِٱللَّهِ فَإِذَآ أُوذِىَ فِى ٱللَّهِ جَعَلَ فِتْنَةَ ٱلنَّاسِ كَعَذَابِ ٱللَّهِ وَلَئِن جَآءَ نَصْرٌ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ أَوَلَيْسَ ٱللَّهُ بِأَعْلَمَ بِمَا فِى صُدُورِ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কয়, ‘আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ’, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয়, তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে। কিন্তু তোমাৰ প্ৰতিপালকৰ পৰা কোনো সহায় আহিলে সিহঁতে কয়, ‘নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ’, (তেন্তে কোৱাচোন) সৃষ্টিৰ অন্তঃকৰণত যি আছে, সেই বিষয়ে আল্লাহ সম্যক অৱগত নহয়নে?
See all translations of this verse →
وَلَيَعْلَمَنَّ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ وَلَيَعْلَمَنَّ ٱلْمُنَٰفِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোনে ঈমান আনিছে আৰু অৱশ্যে প্ৰকাশ কৰি দিব কোন মুনাফিক।
See all translations of this verse →
وَقَالَ ٱلَّذِينَ كَفَرُوا۟ لِلَّذِينَ ءَامَنُوا۟ ٱتَّبِعُوا۟ سَبِيلَنَا وَلْنَحْمِلْ خَطَٰيَٰكُمْ وَمَا هُم بِحَٰمِلِينَ مِنْ خَطَٰيَٰهُم مِّن شَىْءٍ إِنَّهُمْ لَكَٰذِبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু কাফিৰসকলে মুমিনসকলক কয়, "তোমালোকে আমাৰ পথ অনুসৰণ কৰা, আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম"। অথচ সিহঁতে সিহঁতৰ গুনাহৰ কোনো বোজাই বহন নকৰিব। নিশ্চয় সিহঁত হৈছে মিছলীয়া।
See all translations of this verse →
وَلَيَحْمِلُنَّ أَثْقَالَهُمْ وَأَثْقَالًا مَّعَ أَثْقَالِهِمْ وَلَيُسْـَٔلُنَّ يَوْمَ ٱلْقِيَٰمَةِ عَمَّا كَانُوا۟ يَفْتَرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ (পাপকৰ্মৰ) বোজা লগতে আৰু কিছুমান বোজা; আৰু সিহঁতে যি মিছা ৰটনা কৰিছিল সেই বিষয়ে সিহঁতক নিশ্চয় কিয়ামতৰ দিনা প্ৰশ্ন কৰা হ’ব।
See all translations of this verse →
وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِۦ فَلَبِثَ فِيهِمْ أَلْفَ سَنَةٍ إِلَّا خَمْسِينَ عَامًا فَأَخَذَهُمُ ٱلطُّوفَانُ وَهُمْ ظَٰلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমিয়েই নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁ সিহঁতৰ মাজত অৱস্থান কৰিছিল পঞ্চাশ বছৰ কম এহেজাৰ বছৰ। তাৰ পিছত মহা-প্লাৱনে সিহঁতক গ্ৰাস কৰিছিল, কাৰণ সিহঁত আছিল যালিম।
See all translations of this verse →
فَأَنجَيْنَٰهُ وَأَصْحَٰبَ ٱلسَّفِينَةِ وَجَعَلْنَٰهَآ ءَايَةً لِّلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টিজগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ।
See all translations of this verse →
وَإِبْرَٰهِيمَ إِذْ قَالَ لِقَوْمِهِ ٱعْبُدُوا۟ ٱللَّهَ وَٱتَّقُوهُ ذَٰلِكُمْ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু (স্মৰণ কৰা) ইব্ৰাহীমক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, তোমালোকে কেৱল আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰেই তাক্বৱা অৱলম্বন কৰা; এইটোৱেই তোমালোকৰ বাবে উত্তম যদি তোমালোকে জানিলাহেঁতেন!
See all translations of this verse →
إِنَّمَا تَعْبُدُونَ مِن دُونِ ٱللَّهِ أَوْثَٰنًا وَتَخْلُقُونَ إِفْكًا إِنَّ ٱلَّذِينَ تَعْبُدُونَ مِن دُونِ ٱللَّهِ لَا يَمْلِكُونَ لَكُمْ رِزْقًا فَٱبْتَغُوا۟ عِندَ ٱللَّهِ ٱلرِّزْقَ وَٱعْبُدُوهُ وَٱشْكُرُوا۟ لَهُۥٓ إِلَيْهِ تُرْجَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তোমালোকে আল্লাহক এৰি কেৱল মূৰ্তিপূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা। তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰি আছা সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়। সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতেই জীৱিকা বিচৰা আৰু তেওঁৰেই ইবাদত কৰা। তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা। তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।
See all translations of this verse →
وَإِن تُكَذِّبُوا۟ فَقَدْ كَذَّبَ أُمَمٌ مِّن قَبْلِكُمْ وَمَا عَلَى ٱلرَّسُولِ إِلَّا ٱلْبَلَٰغُ ٱلْمُبِينُ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তোমালোকে যদি অস্বীকাৰ কৰা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বৱৰ্তীসকলেও অস্বীকাৰ কৰিছিল। সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাছুলৰ গুৰু দায়িত্ব।
See all translations of this verse →
أَوَلَمْ يَرَوْا۟ كَيْفَ يُبْدِئُ ٱللَّهُ ٱلْخَلْقَ ثُمَّ يُعِيدُهُۥٓ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে লক্ষ্য কৰা নাইনে, আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান কৰে? তাৰ পিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব। নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।
See all translations of this verse →
قُلْ سِيرُوا۟ فِى ٱلْأَرْضِ فَٱنظُرُوا۟ كَيْفَ بَدَأَ ٱلْخَلْقَ ثُمَّ ٱللَّهُ يُنشِئُ ٱلنَّشْأَةَ ٱلْـَٔاخِرَةَ إِنَّ ٱللَّهَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা, তাৰ পিছত প্ৰত্যক্ষ কৰা, কেনেকৈ তেওঁ সৃষ্টি আৰম্ভ কৰিছে, তাৰ পিছত আল্লাহেই পুনৰবাৰ সৃষ্টি কৰিব’। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
See all translations of this verse →
يُعَذِّبُ مَن يَشَآءُ وَيَرْحَمُ مَن يَشَآءُ وَإِلَيْهِ تُقْلَبُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা কৰে অনুগ্ৰহ কৰে। তোমালোকক তেওঁৰ ওচৰতেই ওভতাই নিয়া হ’ব।
See all translations of this verse →
وَمَآ أَنتُم بِمُعْجِزِينَ فِى ٱلْأَرْضِ وَلَا فِى ٱلسَّمَآءِ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّ وَلَا نَصِيرٍ
Assamese Translation - Rafiqul Islam Habibur-Rahman তোমালোকে আল্লাহক পৃথিৱীত অথবা আকাশত ক'তো ব্যৰ্থ কৰিব নোৱাৰিবা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, আৰু কোনো সাহায্যকাৰীও নাই।
See all translations of this verse →
وَٱلَّذِينَ كَفَرُوا۟ بِـَٔايَٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُو۟لَٰٓئِكَ يَئِسُوا۟ مِن رَّحْمَتِى وَأُو۟لَٰٓئِكَ لَهُمْ عَذَابٌ أَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে, সিহঁতেই মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয়, আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
See all translations of this verse →
فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱقْتُلُوهُ أَوْ حَرِّقُوهُ فَأَنجَىٰهُ ٱللَّهُ مِنَ ٱلنَّارِ إِنَّ فِى ذَٰلِكَ لَـَٔايَٰتٍ لِّقَوْمٍ يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman উত্তৰত ইব্ৰাহীমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে, ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰ পিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
See all translations of this verse →
وَقَالَ إِنَّمَا ٱتَّخَذْتُم مِّن دُونِ ٱللَّهِ أَوْثَٰنًا مَّوَدَّةَ بَيْنِكُمْ فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا ثُمَّ يَوْمَ ٱلْقِيَٰمَةِ يَكْفُرُ بَعْضُكُم بِبَعْضٍ وَيَلْعَنُ بَعْضُكُم بَعْضًا وَمَأْوَىٰكُمُ ٱلنَّارُ وَمَا لَكُم مِّن نَّٰصِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ইব্ৰাহীমে আৰু ক’লে, ‘তোমালোকে দেখোন আল্লাহৰ পৰিবৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা, পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পাৰিক বন্ধুত্বৰ খাতিৰত। কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আবাস হ’ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব’।
See all translations of this verse →
فَـَٔامَنَ لَهُۥ لُوطٌ وَقَالَ إِنِّى مُهَاجِرٌ إِلَىٰ رَبِّىٓ إِنَّهُۥ هُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman তাৰ পিছত লূতে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহীমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
See all translations of this verse →
وَوَهَبْنَا لَهُۥٓ إِسْحَٰقَ وَيَعْقُوبَ وَجَعَلْنَا فِى ذُرِّيَّتِهِ ٱلنُّبُوَّةَ وَٱلْكِتَٰبَ وَءَاتَيْنَٰهُ أَجْرَهُۥ فِى ٱلدُّنْيَا وَإِنَّهُۥ فِى ٱلْـَٔاخِرَةِ لَمِنَ ٱلصَّٰلِحِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি ইব্ৰাহীমক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবূওৱত আৰু কিতাব। আমি তেওঁক পৃথিৱীতেই পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।
See all translations of this verse →
وَلُوطًا إِذْ قَالَ لِقَوْمِهِۦٓ إِنَّكُمْ لَتَأْتُونَ ٱلْفَٰحِشَةَ مَا سَبَقَكُم بِهَا مِنْ أَحَدٍ مِّنَ ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু স্মৰণ কৰা লূতৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা, যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাছিল’।
See all translations of this verse →
أَئِنَّكُمْ لَتَأْتُونَ ٱلرِّجَالَ وَتَقْطَعُونَ ٱلسَّبِيلَ وَتَأْتُونَ فِى نَادِيكُمُ ٱلْمُنكَرَ فَمَا كَانَ جَوَابَ قَوْمِهِۦٓ إِلَّآ أَن قَالُوا۟ ٱئْتِنَا بِعَذَابِ ٱللَّهِ إِن كُنتَ مِنَ ٱلصَّٰدِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘তোমালোকেই পুৰুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা (কাম তৃপ্তিৰ বাবে), আৰু তোমালোকেই বাটে-পথে ডকাইতি কৰা আৰু তোমালোকেই নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা’। উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এইটোৱে ক’লে যে, ‘তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যদি তুমি সত্যবাদী হোৱা’।
See all translations of this verse →
قَالَ رَبِّ ٱنصُرْنِى عَلَى ٱلْقَوْمِ ٱلْمُفْسِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! বিপৰ্যয় সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা’।
See all translations of this verse →
وَلَمَّا جَآءَتْ رُسُلُنَآ إِبْرَٰهِيمَ بِٱلْبُشْرَىٰ قَالُوٓا۟ إِنَّا مُهْلِكُوٓا۟ أَهْلِ هَٰذِهِ ٱلْقَرْيَةِ إِنَّ أَهْلَهَا كَانُوا۟ ظَٰلِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল সুসংবাদসহ ইব্ৰাহীমৰ ওচৰলৈ আহিল, তেওঁলোকে ক’লে, ‘নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম। নিশ্চয় ইয়াৰ অধিবাসীবিলাক যালিম’।
See all translations of this verse →
قَالَ إِنَّ فِيهَا لُوطًا قَالُوا۟ نَحْنُ أَعْلَمُ بِمَن فِيهَا لَنُنَجِّيَنَّهُۥ وَأَهْلَهُۥٓ إِلَّا ٱمْرَأَتَهُۥ كَانَتْ مِنَ ٱلْغَٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ইব্ৰাহীমে ক’লে, ‘নিশ্চয় এই জনপদৰ মাজত দেখোন লূতো আছে। তেওঁলোকে ক'লে, তাত কোন কোন আছে সেই কথা আমি ভালকৈয়ে জানো, নিশ্চয় আমি লূতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম, কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই হ’ব পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।
See all translations of this verse →
وَلَمَّآ أَن جَآءَتْ رُسُلُنَا لُوطًا سِىٓءَ بِهِمْ وَضَاقَ بِهِمْ ذَرْعًا وَقَالُوا۟ لَا تَخَفْ وَلَا تَحْزَنْ إِنَّا مُنَجُّوكَ وَأَهْلَكَ إِلَّا ٱمْرَأَتَكَ كَانَتْ مِنَ ٱلْغَٰبِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লূতৰ ওচৰলৈ আহিল, তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে ক’লে, ‘ভয় নকৰিব, চিন্তাও নকৰিব, নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম, কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে; তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত;
See all translations of this verse →
إِنَّا مُنزِلُونَ عَلَىٰٓ أَهْلِ هَٰذِهِ ٱلْقَرْيَةِ رِجْزًا مِّنَ ٱلسَّمَآءِ بِمَا كَانُوا۟ يَفْسُقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman ‘নিশ্চয় আমি এই জনপদবাসীৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম, কাৰণ সিহঁত মহাপাপত লিপ্ত হৈছে’।
See all translations of this verse →
وَلَقَد تَّرَكْنَا مِنْهَآ ءَايَةًۢ بَيِّنَةً لِّقَوْمٍ يَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু নিশ্চয় আমি ইয়াত বোধশক্তি সম্পন্ন সম্প্ৰদায়ৰ বাবে এটা স্পষ্ট নিদৰ্শন ৰাখিছোঁ।
See all translations of this verse →
وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا فَقَالَ يَٰقَوْمِ ٱعْبُدُوا۟ ٱللَّهَ وَٱرْجُوا۟ ٱلْيَوْمَ ٱلْـَٔاخِرَ وَلَا تَعْثَوْا۟ فِى ٱلْأَرْضِ مُفْسِدِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি মাদিয়ানবাসীৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শ্বুআইবক। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
See all translations of this verse →
فَكَذَّبُوهُ فَأَخَذَتْهُمُ ٱلرَّجْفَةُ فَأَصْبَحُوا۟ فِى دَارِهِمْ جَٰثِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিলে; ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানু অৱস্থাত শেষ হৈ গ’ল।
See all translations of this verse →
وَعَادًا وَثَمُودَا۟ وَقَد تَّبَيَّنَ لَكُم مِّن مَّسَٰكِنِهِمْ وَزَيَّنَ لَهُمُ ٱلشَّيْطَٰنُ أَعْمَٰلَهُمْ فَصَدَّهُمْ عَنِ ٱلسَّبِيلِ وَكَانُوا۟ مُسْتَبْصِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আদ আৰু ছামূদক আমিয়ে ধ্বংস কৰিছিলোঁ, সিহঁতৰ ঘৰ-দুৱাৰৰ কিছুমান ধ্বংসাৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে। চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল আৰু সিহঁতক সৎপথ অৱলম্বনত বাধা দিছিল, যদিও সিহঁত আছিল অতি বিচক্ষণ।
See all translations of this verse →
وَقَٰرُونَ وَفِرْعَوْنَ وَهَٰمَٰنَ وَلَقَدْ جَآءَهُم مُّوسَىٰ بِٱلْبَيِّنَٰتِ فَٱسْتَكْبَرُوا۟ فِى ٱلْأَرْضِ وَمَا كَانُوا۟ سَٰبِقِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু আমি ধ্বংস কৰিছিলোঁ ক্বাৰূন, ফিৰআউন আৰু হামানক। নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শনসহ আহিছিল; তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল; কিন্তু সিহঁতে মোৰ শাস্তিৰ পৰা বাচিব পৰা নাছিল।
See all translations of this verse →
فَكُلًّا أَخَذْنَا بِذَنۢبِهِۦ فَمِنْهُم مَّنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًا وَمِنْهُم مَّنْ أَخَذَتْهُ ٱلصَّيْحَةُ وَمِنْهُم مَّنْ خَسَفْنَا بِهِ ٱلْأَرْضَ وَمِنْهُم مَّنْ أَغْرَقْنَا وَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এতেকে সিহঁতৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি সিহঁতক কৰায়ত্ত কৰিছিলোঁ। সিহঁতৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলোঁ শিলাবৃষ্টিসম্পন্ন প্ৰচণ্ড ধুমুহা, লগতে সিহঁতৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে, আৰু কিছুমানক পুতি পেলাইছিলোঁ ভূ-গৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিলোঁ। আল্লাহ এনেকুৱা নহয় যে, তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব, বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
See all translations of this verse →
مَثَلُ ٱلَّذِينَ ٱتَّخَذُوا۟ مِن دُونِ ٱللَّهِ أَوْلِيَآءَ كَمَثَلِ ٱلْعَنكَبُوتِ ٱتَّخَذَتْ بَيْتًا وَإِنَّ أَوْهَنَ ٱلْبُيُوتِ لَبَيْتُ ٱلْعَنكَبُوتِ لَوْ كَانُوا۟ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক হিচাপে গ্ৰহণ কৰে, সিহঁতৰ দৃষ্টান্ত মকৰাৰ নিচিনা, যিয়ে ঘৰ বনায়। নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰাৰ ঘৰ, হায়! যদি সিহঁতে জানিলেহেঁতেন।
See all translations of this verse →
إِنَّ ٱللَّهَ يَعْلَمُ مَا يَدْعُونَ مِن دُونِهِۦ مِن شَىْءٍ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman নিশ্চয় আল্লাহে সেইবোৰক জানে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে, তেওঁ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
See all translations of this verse →
وَتِلْكَ ٱلْأَمْثَٰلُ نَضْرِبُهَا لِلنَّاسِ وَمَا يَعْقِلُهَآ إِلَّا ٱلْعَٰلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ, কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়।
See all translations of this verse →
خَلَقَ ٱللَّهُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ بِٱلْحَقِّ إِنَّ فِى ذَٰلِكَ لَـَٔايَةً لِّلْمُؤْمِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহেই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে; নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন।
See all translations of this verse →
ٱتْلُ مَآ أُوحِىَ إِلَيْكَ مِنَ ٱلْكِتَٰبِ وَأَقِمِ ٱلصَّلَوٰةَ إِنَّ ٱلصَّلَوٰةَ تَنْهَىٰ عَنِ ٱلْفَحْشَآءِ وَٱلْمُنكَرِ وَلَذِكْرُ ٱللَّهِ أَكْبَرُ وَٱللَّهُ يَعْلَمُ مَا تَصْنَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman তোমাৰ প্ৰতি যি কিতাব অহী কৰা হৈছে, তাৰ পৰা তুমি তিলাৱত কৰা আৰু ছালাত কায়েম কৰা। নিশ্চয় ছালাতে অশ্লীল আৰু অসৎকৰ্মৰ পৰা বিৰত ৰাখে। আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ। তোমালোকে যি কৰা আল্লাহে সেয়া জানে।
See all translations of this verse →
وَلَا تُجَٰدِلُوٓا۟ أَهْلَ ٱلْكِتَٰبِ إِلَّا بِٱلَّتِى هِىَ أَحْسَنُ إِلَّا ٱلَّذِينَ ظَلَمُوا۟ مِنْهُمْ وَقُولُوٓا۟ ءَامَنَّا بِٱلَّذِىٓ أُنزِلَ إِلَيْنَا وَأُنزِلَ إِلَيْكُمْ وَإِلَٰهُنَا وَإِلَٰهُكُمْ وَٰحِدٌ وَنَحْنُ لَهُۥ مُسْلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, ‘আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ঈমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী’।
See all translations of this verse →
وَكَذَٰلِكَ أَنزَلْنَآ إِلَيْكَ ٱلْكِتَٰبَ فَٱلَّذِينَ ءَاتَيْنَٰهُمُ ٱلْكِتَٰبَ يُؤْمِنُونَ بِهِۦ وَمِنْ هَٰٓؤُلَآءِ مَن يُؤْمِنُ بِهِۦ وَمَا يَجْحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلْكَٰفِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইদৰেই আমি তোমাৰ প্ৰতিও কিতাব অৱতীৰ্ণ কৰিছোঁ, এতেকে যিসকলক আমি (পূৰ্বে) কিতাব প্ৰদান কৰিছিলোঁ তেওঁলোকেও ইয়াৰ প্ৰতি ঈমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
See all translations of this verse →
وَمَا كُنتَ تَتْلُوا۟ مِن قَبْلِهِۦ مِن كِتَٰبٍ وَلَا تَخُطُّهُۥ بِيَمِينِكَ إِذًا لَّٱرْتَابَ ٱلْمُبْطِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু তুমিতো ইয়াৰ পূৰ্বে কোনো কিতাব পঢ়া নাছিলা আৰু নিজ হাতে কোনো কিতাবো লিখা নাই যে, বাতিল পন্থীসকলে সন্দেহ পোষণ কৰিব।
See all translations of this verse →
بَلْ هُوَ ءَايَٰتٌۢ بَيِّنَٰتٌ فِى صُدُورِ ٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ وَمَا يَجْحَدُ بِـَٔايَٰتِنَآ إِلَّا ٱلظَّٰلِمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman বৰং যিসকলক জ্ঞান দান কৰা হৈছে প্ৰকৃততে তেওঁলোকৰ অন্তৰত এইখন হৈছে এটা স্পষ্ট নিদৰ্শন। কেৱল যালিমসকলেই আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰে।
See all translations of this verse →
وَقَالُوا۟ لَوْلَآ أُنزِلَ عَلَيْهِ ءَايَٰتٌ مِّن رَّبِّهِۦ قُلْ إِنَّمَا ٱلْـَٔايَٰتُ عِندَ ٱللَّهِ وَإِنَّمَآ أَنَا۠ نَذِيرٌ مُّبِينٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে আৰু কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন। মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে মাত্ৰ’।
See all translations of this verse →
أَوَلَمْ يَكْفِهِمْ أَنَّآ أَنزَلْنَا عَلَيْكَ ٱلْكِتَٰبَ يُتْلَىٰ عَلَيْهِمْ إِنَّ فِى ذَٰلِكَ لَرَحْمَةً وَذِكْرَىٰ لِقَوْمٍ يُؤْمِنُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে যে, আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছোঁ, যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়। নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে, যিসকলে ঈমান পোষণ কৰে।
See all translations of this verse →
قُلْ كَفَىٰ بِٱللَّهِ بَيْنِى وَبَيْنَكُمْ شَهِيدًا يَعْلَمُ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَٱلَّذِينَ ءَامَنُوا۟ بِٱلْبَٰطِلِ وَكَفَرُوا۟ بِٱللَّهِ أُو۟لَٰٓئِكَ هُمُ ٱلْخَٰسِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কোৱা, ‘মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফৰী কৰে, সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত’।
See all translations of this verse →
وَيَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَلَوْلَآ أَجَلٌ مُّسَمًّى لَّجَآءَهُمُ ٱلْعَذَابُ وَلَيَأْتِيَنَّهُم بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। (জানি থোৱা) নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহতে উপলব্ধিও কৰিব নোৱাৰিব।
See all translations of this verse →
يَسْتَعْجِلُونَكَ بِٱلْعَذَابِ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব।
See all translations of this verse →
يَوْمَ يَغْشَىٰهُمُ ٱلْعَذَابُ مِن فَوْقِهِمْ وَمِن تَحْتِ أَرْجُلِهِمْ وَيَقُولُ ذُوقُوا۟ مَا كُنتُمْ تَعْمَلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সেইদিনা শাস্তিয়ে সিহঁতক সিহঁতৰ ওপৰৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব, আৰু তেওঁ ক’ব, ‘তোমালোকে যি কৰিছিলা তাৰ সোৱাদ গ্ৰহণ কৰা’।
See all translations of this verse →
يَٰعِبَادِىَ ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ أَرْضِى وَٰسِعَةٌ فَإِيَّٰىَ فَٱعْبُدُونِ
Assamese Translation - Rafiqul Islam Habibur-Rahman হে মোৰ মুমিন বান্দাসকল! নিশ্চয় মোৰ পৃথিৱীখন বহুত প্ৰশস্ত, এতেকে তোমালোকে কেৱল মোৰেই ইবাদত কৰা।
See all translations of this verse →
كُلُّ نَفْسٍ ذَآئِقَةُ ٱلْمَوْتِ ثُمَّ إِلَيْنَا تُرْجَعُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman প্ৰতিটো জীৱই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব, তাৰ পিছত তোমালোকে আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তিত হ’বা।
See all translations of this verse →
وَٱلَّذِينَ ءَامَنُوا۟ وَعَمِلُوا۟ ٱلصَّٰلِحَٰتِ لَنُبَوِّئَنَّهُم مِّنَ ٱلْجَنَّةِ غُرَفًا تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا نِعْمَ أَجْرُ ٱلْعَٰمِلِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আমি তেওঁলোকৰ বসবাসৰ বাবে জান্নাতত সুউচ্চ প্ৰাসাদ দান কৰিম, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হ’ব, আমলকাৰীসকলৰ বাবে এয়া কিমান যে উত্তম প্ৰতিদান!
See all translations of this verse →
ٱلَّذِينَ صَبَرُوا۟ وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman যিসকলে ধৈৰ্য্য ধাৰণ কৰে আৰু তেওঁলোকৰ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে।
See all translations of this verse →
وَكَأَيِّن مِّن دَآبَّةٍ لَّا تَحْمِلُ رِزْقَهَا ٱللَّهُ يَرْزُقُهَا وَإِيَّاكُمْ وَهُوَ ٱلسَّمِيعُ ٱلْعَلِيمُ
Assamese Translation - Rafiqul Islam Habibur-Rahman এনেকুৱা বহুতো জীৱ-জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো (দান কৰে), আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
See all translations of this verse →
وَلَئِن سَأَلْتَهُم مَّنْ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ وَسَخَّرَ ٱلشَّمْسَ وَٱلْقَمَرَ لَيَقُولُنَّ ٱللَّهُ فَأَنَّىٰ يُؤْفَكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে নিশ্চয় ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভতাই নিয়া হৈছে!
See all translations of this verse →
ٱللَّهُ يَبْسُطُ ٱلرِّزْقَ لِمَن يَشَآءُ مِنْ عِبَادِهِۦ وَيَقْدِرُ لَهُۥٓ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahman আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
See all translations of this verse →
وَلَئِن سَأَلْتَهُم مَّن نَّزَّلَ مِنَ ٱلسَّمَآءِ مَآءً فَأَحْيَا بِهِ ٱلْأَرْضَ مِنۢ بَعْدِ مَوْتِهَا لَيَقُولُنَّ ٱللَّهُ قُلِ ٱلْحَمْدُ لِلَّهِ بَلْ أَكْثَرُهُمْ لَا يَعْقِلُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃত ভূমিক সঞ্জীৱিত কৰে’? সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। কোৱা, ‘সকলো প্ৰশংসা আল্লাহৰেই’। কিন্তু সিহঁতৰ সৰহভাগেই এইটো অনুধাৱন নকৰে।
See all translations of this verse →
وَمَا هَٰذِهِ ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا لَهْوٌ وَلَعِبٌ وَإِنَّ ٱلدَّارَ ٱلْـَٔاخِرَةَ لَهِىَ ٱلْحَيَوَانُ لَوْ كَانُوا۟ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এই পাৰ্থিৱ জীৱন খেল-ধেমালিৰ বাহিৰে আন একো নহয়। আখিৰাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন, যদি সিহঁতে জানিলেহেঁতেন!
See all translations of this verse →
فَإِذَا رَكِبُوا۟ فِى ٱلْفُلْكِ دَعَوُا۟ ٱللَّهَ مُخْلِصِينَ لَهُ ٱلدِّينَ فَلَمَّا نَجَّىٰهُمْ إِلَى ٱلْبَرِّ إِذَا هُمْ يُشْرِكُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman কিন্তু সিহঁতে যেতিয়া নৌযানত আৰোহণ কৰে, তেতিয়া সিহঁতে বিশুদ্ধচিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকেই আহ্বান কৰে। তাৰ পিছত তেওঁ যেতিয়া সিহঁতক উদ্ধাৰ কৰি স্থলত আনে, তেতিয়া সিহঁতে শ্বিৰ্কত লিপ্ত হয়;
See all translations of this verse →
لِيَكْفُرُوا۟ بِمَآ ءَاتَيْنَٰهُمْ وَلِيَتَمَتَّعُوا۟ فَسَوْفَ يَعْلَمُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman এই কাৰণে যে, যাতে আমি সিহঁতক যি প্ৰদান কৰিছোঁ, সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ-বিলাসত মত্ত থাকিব পাৰে; এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব (ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে)।
See all translations of this verse →
أَوَلَمْ يَرَوْا۟ أَنَّا جَعَلْنَا حَرَمًا ءَامِنًا وَيُتَخَطَّفُ ٱلنَّاسُ مِنْ حَوْلِهِمْ أَفَبِٱلْبَٰطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ ٱللَّهِ يَكْفُرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahman সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি (মক্কাৰ) হাৰামক নিৰাপদ কৰিছোঁ, অথচ ইয়াৰ চাৰিওফালে থকা মানুহবোৰ অপহৰণৰ চিকাৰ হয়। তথাপিও সিহঁতে বাতিলক বিশ্বাস কৰিবনে, আৰু আল্লাহৰ নিয়ামতক অস্বীকাৰ কৰিবনে?
See all translations of this verse →
وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ كَذَّبَ بِٱلْحَقِّ لَمَّا جَآءَهُۥٓ أَلَيْسَ فِى جَهَنَّمَ مَثْوًى لِّلْكَٰفِرِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যি ব্যক্তিয়ে আল্লাহৰ ওপৰত মিছা ৰচনা কৰে অথবা তেওঁৰ তৰফৰ পৰা সত্য অহাৰ পিছতো তাক অস্বীকাৰ কৰে, সেইজনতকৈ অধিক যালিম আৰু কোন হ’ব পাৰে? জাহান্নামৰ মাজতেই কাফিৰসকলৰ আবাসস্থল নহয়নে বাৰু?
See all translations of this verse →
وَٱلَّذِينَ جَٰهَدُوا۟ فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا وَإِنَّ ٱللَّهَ لَمَعَ ٱلْمُحْسِنِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahman আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।
See all translations of this verse →
← ছুৰা Al-Qasas
ছুৰা Ar-Room →
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
→
Arabic text and translations via Tanzil and QuranEnc — verbatim, unmodified · Translations belong to their translators and are not the Qur'an itself
This is a research aid, not a source of religious rulings.