caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা At-Tawba التوبة

১২৯ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ১১৩

بَرَآءَةٌ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلَّذِينَ عَٰهَدتُّم مِّنَ ٱلْمُشْرِكِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেই সকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।

See all translations of this verse →

فَسِيحُوا۟ فِى ٱلْأَرْضِ أَرْبَعَةَ أَشْهُرٍ وَٱعْلَمُوٓا۟ أَنَّكُمْ غَيْرُ مُعْجِزِى ٱللَّهِ وَأَنَّ ٱللَّهَ مُخْزِى ٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে (হে মুশ্বৰিকসকল) তোমালোকে দেশত চাৰি মাহলৈকে (নিৰাপদে) বিচৰণ কৰা আৰু জানি থোৱা, তোমালোকে (কদাপিও) আল্লাহক হীনবল কৰিব নোৱাৰিবা, আৰু নিশ্চয় আল্লাহেই কাফিৰসকলক অপদস্থ কৰিব।

See all translations of this verse →

وَأَذَٰنٌ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلنَّاسِ يَوْمَ ٱلْحَجِّ ٱلْأَكْبَرِ أَنَّ ٱللَّهَ بَرِىٓءٌ مِّنَ ٱلْمُشْرِكِينَ وَرَسُولُهُۥ فَإِن تُبْتُمْ فَهُوَ خَيْرٌ لَّكُمْ وَإِن تَوَلَّيْتُمْ فَٱعْلَمُوٓا۟ أَنَّكُمْ غَيْرُ مُعْجِزِى ٱللَّهِ وَبَشِّرِ ٱلَّذِينَ كَفَرُوا۟ بِعَذَابٍ أَلِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমহান হজ্জৰ দিনা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা মানুহৰ প্ৰতি এইটো এটা ঘোষণা যে, নিশ্চয় আল্লাহৰ সৈতে মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই লগতে তেওঁৰ ৰাছুলৰো (কোনো সম্পৰ্ক) নাই। এতেকে তোমালোকে যদি তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে কল্যাণকৰ হ’ব আৰু যদি মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা যে, তোমালোকে (কদাপিও) আল্লাহক অক্ষম কৰিব নোৱাৰিবা। আৰু (হে নবী!) কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

See all translations of this verse →

إِلَّا ٱلَّذِينَ عَٰهَدتُّم مِّنَ ٱلْمُشْرِكِينَ ثُمَّ لَمْ يَنقُصُوكُمْ شَيْـًٔا وَلَمْ يُظَٰهِرُوا۟ عَلَيْكُمْ أَحَدًا فَأَتِمُّوٓا۟ إِلَيْهِمْ عَهْدَهُمْ إِلَىٰ مُدَّتِهِمْ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু মুশ্বৰিকসকলৰ মাজৰ যিসকলৰ সৈতে তোমালোকৰ চুক্তি আছে, এতেকে সিহঁতে তোমালোকৰ চুক্তি ৰক্ষাত কোনো ত্ৰুটিও কৰা নাই আৰু তোমালোকৰ বিৰুদ্ধে আনক সহায়ও কৰা নাই, তেন্তে তোমালোকে সিহঁতৰ লগত নিৰ্দিষ্ট ম্যাদ পৰ্যন্ত চুক্তি পালন কৰা; নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

See all translations of this verse →

فَإِذَا ٱنسَلَخَ ٱلْأَشْهُرُ ٱلْحُرُمُ فَٱقْتُلُوا۟ ٱلْمُشْرِكِينَ حَيْثُ وَجَدتُّمُوهُمْ وَخُذُوهُمْ وَٱحْصُرُوهُمْ وَٱقْعُدُوا۟ لَهُمْ كُلَّ مَرْصَدٍ فَإِن تَابُوا۟ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ فَخَلُّوا۟ سَبِيلَهُمْ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে নিষিদ্ধ মাহসমূহ অতিবাহিত হৈ যোৱাৰ পিছত তোমালোকে মুশ্বৰিকসকলক য’তেই পাবা হত্যা কৰিবা, সিহঁতক গ্ৰেপ্তাৰ কৰিবা, অৱৰোধ কৰিবা আৰু ঘাঁটিয়ে ঘাঁটিয়ে সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিবা। কিন্তু যদি সিহঁতে তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে তেন্তে সিহঁতৰ পথ এৰি দিবা; নিশ্চয় আল্লাহ অতিশয় ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

وَإِنْ أَحَدٌ مِّنَ ٱلْمُشْرِكِينَ ٱسْتَجَارَكَ فَأَجِرْهُ حَتَّىٰ يَسْمَعَ كَلَٰمَ ٱللَّهِ ثُمَّ أَبْلِغْهُ مَأْمَنَهُۥ ذَٰلِكَ بِأَنَّهُمْ قَوْمٌ لَّا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মুশ্বৰিকসকলৰ মাজৰ কোনোবাই যদি তোমাৰ ওচৰত আশ্ৰয় বিচাৰে তেন্তে তুমি তাক আশ্ৰয় দিয়া, যাতে সি আল্লাহৰ বাণী শুনিব পাৰে, তাৰ পিছত তাক নিৰাপদ স্থানলৈ পৌঁচাই দিবা; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নাজানে।

See all translations of this verse →

كَيْفَ يَكُونُ لِلْمُشْرِكِينَ عَهْدٌ عِندَ ٱللَّهِ وَعِندَ رَسُولِهِۦٓ إِلَّا ٱلَّذِينَ عَٰهَدتُّمْ عِندَ ٱلْمَسْجِدِ ٱلْحَرَامِ فَمَا ٱسْتَقَٰمُوا۟ لَكُمْ فَٱسْتَقِيمُوا۟ لَهُمْ إِنَّ ٱللَّهَ يُحِبُّ ٱلْمُتَّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ চুক্তি কেনেকৈ বলৱৎ থাকিব? কিন্তু যিসকলৰ সৈতে মছজিদুল হাৰামৰ সন্নিকটত তোমালোকে পাৰস্পাৰিক চুক্তিত আবদ্ধ হৈছিলা, যেতিয়ালৈকে সিহঁতে তোমালোকৰ চুক্তিত স্থিৰ থাকিব, তোমালোকেও সিহঁতৰ চুক্তিত স্থিৰ থাকিবা, নিশ্চয় আল্লাহে মুত্তাক্বীসকলক পছন্দ কৰে।

See all translations of this verse →

كَيْفَ وَإِن يَظْهَرُوا۟ عَلَيْكُمْ لَا يَرْقُبُوا۟ فِيكُمْ إِلًّا وَلَا ذِمَّةً يُرْضُونَكُم بِأَفْوَٰهِهِمْ وَتَأْبَىٰ قُلُوبُهُمْ وَأَكْثَرُهُمْ فَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকেনেকৈ চুক্তি বলৱৎ থাকিব? অথচ সিহঁতে যদি তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ কোনো মৰ্যাদা নিদিব; সিহঁতে কেৱল মুখেৰেহে তোমালোকক সন্তুষ্ট কৰে; কিন্তু সিহঁতৰ হৃদয়ে সেয়া অস্বীকাৰ কৰে; আৰু সিহঁতৰ অধিকাংশই হৈছে ফাছিক্ব।

See all translations of this verse →

ٱشْتَرَوْا۟ بِـَٔايَٰتِ ٱللَّهِ ثَمَنًا قَلِيلًا فَصَدُّوا۟ عَن سَبِيلِهِۦٓ إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহৰ আয়াতসমূহক তুচ্ছ মূল্যত বিক্ৰী কৰি দিছে ফলত সিহঁতে মানুহক তেওঁৰ পথৰ পৰা নিবৃত্ত কৰিছে, নিশ্চয় সিহঁতে যি কৰিছে সেয়া অতি নিকৃষ্ট!

See all translations of this verse →

لَا يَرْقُبُونَ فِى مُؤْمِنٍ إِلًّا وَلَا ذِمَّةً وَأُو۟لَٰٓئِكَ هُمُ ٱلْمُعْتَدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে কোনো মুমিনৰ সৈতে আত্মীয়তাৰ আৰু অঙ্গীকাৰৰ মৰ্যাদা ৰক্ষা নকৰে, আৰু সিহঁতেই হৈছে সীমালংঘনকাৰী।

See all translations of this verse →

فَإِن تَابُوا۟ وَأَقَامُوا۟ ٱلصَّلَوٰةَ وَءَاتَوُا۟ ٱلزَّكَوٰةَ فَإِخْوَٰنُكُمْ فِى ٱلدِّينِ وَنُفَصِّلُ ٱلْـَٔايَٰتِ لِقَوْمٍ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতে যদি তাওবা কৰে, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে, তেন্তে সিহঁত হ’ব তোমালোকৰ দ্বীনি ভাই; আৰু আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰোঁ।

See all translations of this verse →

وَإِن نَّكَثُوٓا۟ أَيْمَٰنَهُم مِّنۢ بَعْدِ عَهْدِهِمْ وَطَعَنُوا۟ فِى دِينِكُمْ فَقَٰتِلُوٓا۟ أَئِمَّةَ ٱلْكُفْرِ إِنَّهُمْ لَآ أَيْمَٰنَ لَهُمْ لَعَلَّهُمْ يَنتَهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি সিহঁতে সিহঁতৰ চুক্তিৰ পিছত নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰে আৰু তোমালোকৰ দ্বীন সম্পৰ্কে কটুক্তি কৰে, তেন্তে কুফৰৰ নেতাসকলৰ লগত যুদ্ধ কৰা; নিশ্চয় সিহঁত হৈছে এনেকুৱা লোক, যিসকলৰ কোনো প্ৰতিশ্ৰুতি (বা শপত) নাই; যাতে সিহঁতে বিৰত থাকে।

See all translations of this verse →

أَلَا تُقَٰتِلُونَ قَوْمًا نَّكَثُوٓا۟ أَيْمَٰنَهُمْ وَهَمُّوا۟ بِإِخْرَاجِ ٱلرَّسُولِ وَهُم بَدَءُوكُمْ أَوَّلَ مَرَّةٍ أَتَخْشَوْنَهُمْ فَٱللَّهُ أَحَقُّ أَن تَخْشَوْهُ إِن كُنتُم مُّؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে সেই সম্প্ৰদায়ৰ লগত যুদ্ধ নকৰিবানে, যিসকলে নিজৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে আৰু ৰাছুলক বহিষ্কাৰ কৰাৰ সংকল্প কৰিছে? আৰু সিহঁতেই প্ৰথমে তোমালোকৰ লগত (যুদ্ধ) আৰম্ভ কৰিছে। তোমালোকে সিহঁতক ভয় কৰা নেকি? আল্লাহক ভয় কৰাহে তোমালোকৰ বাবে বেছি সমীচীন, যদি তোমালোকে (প্ৰকৃত) মুমিন হোৱা।

See all translations of this verse →

قَٰتِلُوهُمْ يُعَذِّبْهُمُ ٱللَّهُ بِأَيْدِيكُمْ وَيُخْزِهِمْ وَيَنصُرْكُمْ عَلَيْهِمْ وَيَشْفِ صُدُورَ قَوْمٍ مُّؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা। তোমালোকৰ হাতেৰে আল্লাহে সিহঁতক শাস্তি দিব, সিহঁতক অপদস্থ কৰিব, সিহঁতৰ ওপৰত তোমালোকক জয়যুক্ত কৰিব আৰু মুমিন সম্প্ৰদায়ৰ অন্তৰসমূহক প্ৰশান্তি দান কৰিব,

See all translations of this verse →

وَيُذْهِبْ غَيْظَ قُلُوبِهِمْ وَيَتُوبُ ٱللَّهُ عَلَىٰ مَن يَشَآءُ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তেৱেঁই তেওঁলোকৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাক ইচ্ছা কৰিব তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

أَمْ حَسِبْتُمْ أَن تُتْرَكُوا۟ وَلَمَّا يَعْلَمِ ٱللَّهُ ٱلَّذِينَ جَٰهَدُوا۟ مِنكُمْ وَلَمْ يَتَّخِذُوا۟ مِن دُونِ ٱللَّهِ وَلَا رَسُولِهِۦ وَلَا ٱلْمُؤْمِنِينَ وَلِيجَةً وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে এইটো ধাৰণা কৰিছা নেকি যে, তোমালোকক এনেই এৰি দিয়া হ’ব? অথচ আল্লাহে এতিয়াও প্ৰকাশ কৰা নাই যে, তোমালোকৰ মাজৰ কোনে জিহাদ কৰিছে আৰু কোনে আল্লাহ আৰু তেওঁৰ ৰাছুল লগতে মুমিনসকলৰ বাহিৰে আন কাকো অন্তৰঙ্গ বন্ধু হিচাপে গ্ৰহণ কৰা নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত।

See all translations of this verse →

مَا كَانَ لِلْمُشْرِكِينَ أَن يَعْمُرُوا۟ مَسَٰجِدَ ٱللَّهِ شَٰهِدِينَ عَلَىٰٓ أَنفُسِهِم بِٱلْكُفْرِ أُو۟لَٰٓئِكَ حَبِطَتْ أَعْمَٰلُهُمْ وَفِى ٱلنَّارِ هُمْ خَٰلِدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুশ্বৰিকসকলৰ কোনো অধিকাৰ নাই যে, সিহঁতে আল্লাহৰ মছজিদসমূহৰ তত্বাৱধায়ক হ’ব, যিহেতু সিহঁত নিজেই নিজৰ কুফুৰীৰ সাক্ষ্য দিছে। সিহঁতৰ সকলো আমল বিনষ্ট হৈছে আৰু সিহঁত জাহান্নামতেই স্থায়ীভাৱে অৱস্থান কৰিব।

See all translations of this verse →

إِنَّمَا يَعْمُرُ مَسَٰجِدَ ٱللَّهِ مَنْ ءَامَنَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَأَقَامَ ٱلصَّلَوٰةَ وَءَاتَى ٱلزَّكَوٰةَ وَلَمْ يَخْشَ إِلَّا ٱللَّهَ فَعَسَىٰٓ أُو۟لَٰٓئِكَ أَن يَكُونُوا۟ مِنَ ٱلْمُهْتَدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএকমাত্ৰ তেওঁলোকেই আল্লাহৰ মছজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা তত্বাৱধান ল'ব, যিসকলে ঈমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি, ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। এতেকে আশা কৰা যায় যে, তেওঁলোকেই হ’ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত।

See all translations of this verse →

أَجَعَلْتُمْ سِقَايَةَ ٱلْحَآجِّ وَعِمَارَةَ ٱلْمَسْجِدِ ٱلْحَرَامِ كَمَنْ ءَامَنَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَجَٰهَدَ فِى سَبِيلِ ٱللَّهِ لَا يَسْتَوُۥنَ عِندَ ٱللَّهِ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত সমান নহয়। আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।

See all translations of this verse →

ٱلَّذِينَ ءَامَنُوا۟ وَهَاجَرُوا۟ وَجَٰهَدُوا۟ فِى سَبِيلِ ٱللَّهِ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ أَعْظَمُ دَرَجَةً عِندَ ٱللَّهِ وَأُو۟لَٰٓئِكَ هُمُ ٱلْفَآئِزُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু নিজৰ সম্পদ আৰু নিজৰ জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোক হৈছে আল্লাহৰ ওচৰত শ্ৰেষ্ঠ মৰ্যাদাৰ অধিকাৰী, আৰু তেওঁলোকেই সাফল্যমণ্ডিত।

See all translations of this verse →

يُبَشِّرُهُمْ رَبُّهُم بِرَحْمَةٍ مِّنْهُ وَرِضْوَٰنٍ وَجَنَّٰتٍ لَّهُمْ فِيهَا نَعِيمٌ مُّقِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।

See all translations of this verse →

خَٰلِدِينَ فِيهَآ أَبَدًا إِنَّ ٱللَّهَ عِندَهُۥٓ أَجْرٌ عَظِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تَتَّخِذُوٓا۟ ءَابَآءَكُمْ وَإِخْوَٰنَكُمْ أَوْلِيَآءَ إِنِ ٱسْتَحَبُّوا۟ ٱلْكُفْرَ عَلَى ٱلْإِيمَٰنِ وَمَن يَتَوَلَّهُم مِّنكُمْ فَأُو۟لَٰٓئِكَ هُمُ ٱلظَّٰلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দই যদি ঈমানৰ মুকাবিলাত কুফুৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজৰ যিসকলে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই হৈছে যালিম।

See all translations of this verse →

قُلْ إِن كَانَ ءَابَآؤُكُمْ وَأَبْنَآؤُكُمْ وَإِخْوَٰنُكُمْ وَأَزْوَٰجُكُمْ وَعَشِيرَتُكُمْ وَأَمْوَٰلٌ ٱقْتَرَفْتُمُوهَا وَتِجَٰرَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسَٰكِنُ تَرْضَوْنَهَآ أَحَبَّ إِلَيْكُم مِّنَ ٱللَّهِ وَرَسُولِهِۦ وَجِهَادٍ فِى سَبِيلِهِۦ فَتَرَبَّصُوا۟ حَتَّىٰ يَأْتِىَ ٱللَّهُ بِأَمْرِهِۦ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَٰسِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

See all translations of this verse →

لَقَدْ نَصَرَكُمُ ٱللَّهُ فِى مَوَاطِنَ كَثِيرَةٍ وَيَوْمَ حُنَيْنٍ إِذْ أَعْجَبَتْكُمْ كَثْرَتُكُمْ فَلَمْ تُغْنِ عَنكُمْ شَيْـًٔا وَضَاقَتْ عَلَيْكُمُ ٱلْأَرْضُ بِمَا رَحُبَتْ ثُمَّ وَلَّيْتُم مُّدْبِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকৰ সংখ্যাগৰিষ্ঠতাই তোমালোকক উৎফুল্ল কৰিছিল, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।

See all translations of this verse →

ثُمَّ أَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلْمُؤْمِنِينَ وَأَنزَلَ جُنُودًا لَّمْ تَرَوْهَا وَعَذَّبَ ٱلَّذِينَ كَفَرُوا۟ وَذَٰلِكَ جَزَآءُ ٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিছিল আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিছিল যিটো তোমালোকে দেখা পোৱা নাছিলা, আৰু তেৱেঁই কাফিৰসকলক শাস্তি দিছিল, এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।

See all translations of this verse →

ثُمَّ يَتُوبُ ٱللَّهُ مِنۢ بَعْدِ ذَٰلِكَ عَلَىٰ مَن يَشَآءُ وَٱللَّهُ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّمَا ٱلْمُشْرِكُونَ نَجَسٌ فَلَا يَقْرَبُوا۟ ٱلْمَسْجِدَ ٱلْحَرَامَ بَعْدَ عَامِهِمْ هَٰذَا وَإِنْ خِفْتُمْ عَيْلَةً فَسَوْفَ يُغْنِيكُمُ ٱللَّهُ مِن فَضْلِهِۦٓ إِن شَآءَ إِنَّ ٱللَّهَ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ, গতিকে এই বছৰৰ পিছত সিহঁতে যাতে মছজিদুল হাৰামৰ নিকটৱৰ্তী নহয়; আৰু যদি তোমালোকে দৰিদ্ৰতাৰ আশংকা কৰা তেন্তে আল্লাহে ইচ্ছা কৰিলে তেওঁৰ নিজ অনুগ্ৰহত তোমালোকক অভাৱমুক্ত কৰিব। নিশ্চয় আল্লাহ মহাজ্ঞানী, প্ৰজ্ঞাময়।

See all translations of this verse →

قَٰتِلُوا۟ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱللَّهِ وَلَا بِٱلْيَوْمِ ٱلْـَٔاخِرِ وَلَا يُحَرِّمُونَ مَا حَرَّمَ ٱللَّهُ وَرَسُولُهُۥ وَلَا يَدِينُونَ دِينَ ٱلْحَقِّ مِنَ ٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ حَتَّىٰ يُعْطُوا۟ ٱلْجِزْيَةَ عَن يَدٍ وَهُمْ صَٰغِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে আৰু শেষ দিৱসৰ প্ৰতিও ঈমান পোষণ নকৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে যি হাৰাম কৰিছে তাক হাৰাম বুলি গণ্য নকৰে; আৰু সত্য দ্বীনৰ অনুসৰণ নকৰে; সিহঁতে নত হৈ নিজ হাতে জিযিয়া (কৰ) নিদিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা।

See all translations of this verse →

وَقَالَتِ ٱلْيَهُودُ عُزَيْرٌ ٱبْنُ ٱللَّهِ وَقَالَتِ ٱلنَّصَٰرَى ٱلْمَسِيحُ ٱبْنُ ٱللَّهِ ذَٰلِكَ قَوْلُهُم بِأَفْوَٰهِهِمْ يُضَٰهِـُٔونَ قَوْلَ ٱلَّذِينَ كَفَرُوا۟ مِن قَبْلُ قَٰتَلَهُمُ ٱللَّهُ أَنَّىٰ يُؤْفَكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইয়াহুদীসকলে কয়, ‘উযাইৰ হৈছে আল্লাহৰ পুত্ৰ’, আৰু খ্ৰীষ্টানসকলে কয়, ‘মছীহ হৈছে আল্লাহৰ পুত্ৰ’। এইটো হৈছে কেৱল সিহঁতৰ মুখৰ কথা। পূৰ্বে যিসকলে কুফুৰী কৰিছিল সিহঁতৰ দৰেই ইহঁতে কথা কয়। আল্লাহে ইহঁতক ধ্বংস কৰক। কোন পিনে ইহঁতক ওভতাই নিয়া হৈছে!

See all translations of this verse →

ٱتَّخَذُوٓا۟ أَحْبَارَهُمْ وَرُهْبَٰنَهُمْ أَرْبَابًا مِّن دُونِ ٱللَّهِ وَٱلْمَسِيحَ ٱبْنَ مَرْيَمَ وَمَآ أُمِرُوٓا۟ إِلَّا لِيَعْبُدُوٓا۟ إِلَٰهًا وَٰحِدًا لَّآ إِلَٰهَ إِلَّا هُوَ سُبْحَٰنَهُۥ عَمَّا يُشْرِكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহৰ বাহিৰে সিহঁতৰ পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলক সিহঁতৰ প্ৰভু বনাই লৈছে আৰু মাৰয়ামৰ পুত্ৰ মছীহকো। অথচ সিহঁতক এক ইলাহৰ ইবাদত কৰাৰ বাবেই আদেশ কৰা হৈছিল। যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। সিহঁতে যি অংশী স্থাপন কৰে তাৰ পৰা তেওঁ অতি পৱিত্ৰ!

See all translations of this verse →

يُرِيدُونَ أَن يُطْفِـُٔوا۟ نُورَ ٱللَّهِ بِأَفْوَٰهِهِمْ وَيَأْبَى ٱللَّهُ إِلَّآ أَن يُتِمَّ نُورَهُۥ وَلَوْ كَرِهَ ٱلْكَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে নিজৰ মুখেৰে ফুঁ মাৰি আল্লাহৰ নূৰক নুমাই দিব বিচাৰে। কিন্তু আল্লাহে তেওঁৰ নূৰ পৰিপূৰ্ণ কৰাৰ বাহিৰে আন একো নিবিচাৰে। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰে।

See all translations of this verse →

هُوَ ٱلَّذِىٓ أَرْسَلَ رَسُولَهُۥ بِٱلْهُدَىٰ وَدِينِ ٱلْحَقِّ لِيُظْهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوْ كَرِهَ ٱلْمُشْرِكُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰিব পাৰে, যদিও মুশ্বৰিকসকলে এইটো অপছন্দ কৰে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِنَّ كَثِيرًا مِّنَ ٱلْأَحْبَارِ وَٱلرُّهْبَانِ لَيَأْكُلُونَ أَمْوَٰلَ ٱلنَّاسِ بِٱلْبَٰطِلِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَٱلَّذِينَ يَكْنِزُونَ ٱلذَّهَبَ وَٱلْفِضَّةَ وَلَا يُنفِقُونَهَا فِى سَبِيلِ ٱللَّهِ فَبَشِّرْهُم بِعَذَابٍ أَلِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজৰ বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে, তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।

See all translations of this verse →

يَوْمَ يُحْمَىٰ عَلَيْهَا فِى نَارِ جَهَنَّمَ فَتُكْوَىٰ بِهَا جِبَاهُهُمْ وَجُنُوبُهُمْ وَظُهُورُهُمْ هَٰذَا مَا كَنَزْتُمْ لِأَنفُسِكُمْ فَذُوقُوا۟ مَا كُنتُمْ تَكْنِزُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা সেইবোৰক জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, (লগতে কোৱা হ’ব), ‘এইবোৰেই হৈছে তোমালোকৰ সেইবোৰ সম্পদ যিবোৰক তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।

See all translations of this verse →

إِنَّ عِدَّةَ ٱلشُّهُورِ عِندَ ٱللَّهِ ٱثْنَا عَشَرَ شَهْرًا فِى كِتَٰبِ ٱللَّهِ يَوْمَ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ مِنْهَآ أَرْبَعَةٌ حُرُمٌ ذَٰلِكَ ٱلدِّينُ ٱلْقَيِّمُ فَلَا تَظْلِمُوا۟ فِيهِنَّ أَنفُسَكُمْ وَقَٰتِلُوا۟ ٱلْمُشْرِكِينَ كَآفَّةً كَمَا يُقَٰتِلُونَكُمْ كَآفَّةً وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَعَ ٱلْمُتَّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা হৈছে বাৰটা। তাৰে চাৰিটা মাহ হৈছে নিষিদ্ধ (পৱিত্ৰ বা সন্মানীয়), এইটোৱে হৈছে প্ৰতিষ্ঠিত দ্বীন। এতেকে এই মাহবোৰত তোমালোকে নিজৰ প্ৰতি যুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে যুদ্ধ কৰি থাকে; আৰু জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

See all translations of this verse →

إِنَّمَا ٱلنَّسِىٓءُ زِيَادَةٌ فِى ٱلْكُفْرِ يُضَلُّ بِهِ ٱلَّذِينَ كَفَرُوا۟ يُحِلُّونَهُۥ عَامًا وَيُحَرِّمُونَهُۥ عَامًا لِّيُوَاطِـُٔوا۟ عِدَّةَ مَا حَرَّمَ ٱللَّهُ فَيُحِلُّوا۟ مَا حَرَّمَ ٱللَّهُ زُيِّنَ لَهُمْ سُوٓءُ أَعْمَٰلِهِمْ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(এই মাহবোৰৰ পৱিত্ৰতাক) অন্য কোনো মাহলৈ পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে, যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ مَا لَكُمْ إِذَا قِيلَ لَكُمُ ٱنفِرُوا۟ فِى سَبِيلِ ٱللَّهِ ٱثَّاقَلْتُمْ إِلَى ٱلْأَرْضِ أَرَضِيتُم بِٱلْحَيَوٰةِ ٱلدُّنْيَا مِنَ ٱلْـَٔاخِرَةِ فَمَا مَتَٰعُ ٱلْحَيَوٰةِ ٱلدُّنْيَا فِى ٱلْـَٔاخِرَةِ إِلَّا قَلِيلٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমালোকৰ কি হ’ল, তোমালোকক যেতিয়া আল্লাহৰ পথত কোনো অভিযানত ওলাবলৈ কোৱা হয়, তেতিয়া কিয় তোমালোকে ভাৰাক্ৰান্ত হৈ মাটিক সাৱটি ধৰা? তোমালোকে আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱনত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ ভোগৰ উপকৰণ অতি নগণ্য।

See all translations of this verse →

إِلَّا تَنفِرُوا۟ يُعَذِّبْكُمْ عَذَابًا أَلِيمًا وَيَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ وَلَا تَضُرُّوهُ شَيْـًٔا وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমালোকে অভিযানলৈ ওলাই নোযোৱা, তেন্তে তেওঁ তোমালোকক যন্ত্ৰণাদায়ক শাস্তি প্ৰদান কৰিব আৰু অন্য এটা জাতিক তোমালোকৰ পৰিবৰ্তে প্ৰতিষ্ঠিত কৰিব আৰু তোমালোকে তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰিবা। কাৰণ আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

See all translations of this verse →

إِلَّا تَنصُرُوهُ فَقَدْ نَصَرَهُ ٱللَّهُ إِذْ أَخْرَجَهُ ٱلَّذِينَ كَفَرُوا۟ ثَانِىَ ٱثْنَيْنِ إِذْ هُمَا فِى ٱلْغَارِ إِذْ يَقُولُ لِصَٰحِبِهِۦ لَا تَحْزَنْ إِنَّ ٱللَّهَ مَعَنَا فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَيْهِ وَأَيَّدَهُۥ بِجُنُودٍ لَّمْ تَرَوْهَا وَجَعَلَ كَلِمَةَ ٱلَّذِينَ كَفَرُوا۟ ٱلسُّفْلَىٰ وَكَلِمَةُ ٱللَّهِ هِىَ ٱلْعُلْيَا وَٱللَّهُ عَزِيزٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমালোকে তেওঁক (আল্লাহৰ ৰাছুলক) সহায় নকৰা, তেন্তে আল্লাহেই (তেওঁক সহায় কৰিব যিদৰে তেওঁ) তেওঁক সহায় কৰিছিল যেতিয়া কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল আৰু তেওঁ আছিল দুজনৰ দ্বিতীয়জন, যেতিয়া তেওঁলোক উভয়ে গুহাৰ মাজত আছিল, তেতিয়া তেওঁ নিজৰ লগৰজনক কৈছিল, ‘বিষণ্ণ নহ’বা, আল্লাহ আছে আমাৰ লগত’। তাৰ পিছত আল্লাহে তেওঁৰ ওপৰত নিজৰ প্ৰশান্তি অৱতীৰ্ণ কৰিছিল আৰু তেওঁক শক্তিশালী কৰিছিল এনেকুৱা এটা সৈন্য বাহিনীৰ দ্বাৰা যিসকলক তোমালোকে দেখা পোৱা নাছিলা আৰু তেওঁ কাফিৰসকলৰ কথাক তল পেলাই দিছিল; আৰু আল্লাহৰ কথাই সমুন্নত আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

ٱنفِرُوا۟ خِفَافًا وَثِقَالًا وَجَٰهِدُوا۟ بِأَمْوَٰلِكُمْ وَأَنفُسِكُمْ فِى سَبِيلِ ٱللَّهِ ذَٰلِكُمْ خَيْرٌ لَّكُمْ إِن كُنتُمْ تَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে হৈছে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!

See all translations of this verse →

لَوْ كَانَ عَرَضًا قَرِيبًا وَسَفَرًا قَاصِدًا لَّٱتَّبَعُوكَ وَلَٰكِنۢ بَعُدَتْ عَلَيْهِمُ ٱلشُّقَّةُ وَسَيَحْلِفُونَ بِٱللَّهِ لَوِ ٱسْتَطَعْنَا لَخَرَجْنَا مَعَكُمْ يُهْلِكُونَ أَنفُسَهُمْ وَٱللَّهُ يَعْلَمُ إِنَّهُمْ لَكَٰذِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথক সুদীৰ্ঘ বুলি ভাবিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘আমাৰ সাধ্য থাকিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোঁহেঁতেন’। দৰাচলতে সিহঁতে (মিছা কথা কৈ) নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।

See all translations of this verse →

عَفَا ٱللَّهُ عَنكَ لِمَ أَذِنتَ لَهُمْ حَتَّىٰ يَتَبَيَّنَ لَكَ ٱلَّذِينَ صَدَقُوا۟ وَتَعْلَمَ ٱلْكَٰذِبِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেয়া তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেই কথা তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?

See all translations of this verse →

لَا يَسْتَـْٔذِنُكَ ٱلَّذِينَ يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ أَن يُجَٰهِدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ وَٱللَّهُ عَلِيمٌۢ بِٱلْمُتَّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ পৰা অনুমতি নিবিচাৰিব; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।

See all translations of this verse →

إِنَّمَا يَسْتَـْٔذِنُكَ ٱلَّذِينَ لَا يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَٱرْتَابَتْ قُلُوبُهُمْ فَهُمْ فِى رَيْبِهِمْ يَتَرَدَّدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজৰ সংশয়ত দ্বিধাগ্ৰস্ত।

See all translations of this verse →

وَلَوْ أَرَادُوا۟ ٱلْخُرُوجَ لَأَعَدُّوا۟ لَهُۥ عُدَّةً وَلَٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِيلَ ٱقْعُدُوا۟ مَعَ ٱلْقَٰعِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিছে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিছে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থাকা (অক্ষম) লোকসকলৰ সৈতে তোমালোকেও বহি থাকা’।

See all translations of this verse →

لَوْ خَرَجُوا۟ فِيكُم مَّا زَادُوكُمْ إِلَّا خَبَالًا وَلَأَوْضَعُوا۟ خِلَٰلَكُمْ يَبْغُونَكُمُ ٱلْفِتْنَةَ وَفِيكُمْ سَمَّٰعُونَ لَهُمْ وَٱللَّهُ عَلِيمٌۢ بِٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি সিহঁত তোমালোকৰ সৈতে ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন। লগতে তোমালোকৰ মাজত সিহঁতৰ কিছুমান অনুগত (গুপ্তচৰ) আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।

See all translations of this verse →

لَقَدِ ٱبْتَغَوُا۟ ٱلْفِتْنَةَ مِن قَبْلُ وَقَلَّبُوا۟ لَكَ ٱلْأُمُورَ حَتَّىٰ جَآءَ ٱلْحَقُّ وَظَهَرَ أَمْرُ ٱللَّهِ وَهُمْ كَٰرِهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহুতো কাম ওলট-পালট কৰিছিল, অৱশেষত সত্য সমাগত হ’ল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে ইয়াক অপছন্দ কৰিছিল।

See all translations of this verse →

وَمِنْهُم مَّن يَقُولُ ٱئْذَن لِّى وَلَا تَفْتِنِّىٓ أَلَا فِى ٱلْفِتْنَةِ سَقَطُوا۟ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌۢ بِٱلْكَٰفِرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কয়, ‘মোক (যুদ্ধত অংশ গ্ৰহণ নকৰিবলৈ) অনুমতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।

See all translations of this verse →

إِن تُصِبْكَ حَسَنَةٌ تَسُؤْهُمْ وَإِن تُصِبْكَ مُصِيبَةٌ يَقُولُوا۟ قَدْ أَخَذْنَآ أَمْرَنَا مِن قَبْلُ وَيَتَوَلَّوا۟ وَّهُمْ فَرِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি তোমাৰ কোনো মঙ্গল হয় তেন্তে এইটোৱে সিহঁতক কষ্ট দিয়ে, আৰু তোমাৰ বিপদ ঘটিলে সিহঁতে কয়, ‘আমি আগতেই আমাৰ নিজৰ বিষয়ে সতৰ্কতা অৱলম্বন কৰিছিলোঁ’, আৰু সিহঁতে উৎফুল্ল চিত্তে মুখ ঘূৰাই লয়।

See all translations of this verse →

قُل لَّن يُصِيبَنَآ إِلَّا مَا كَتَبَ ٱللَّهُ لَنَا هُوَ مَوْلَىٰنَا وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘আমাৰ লগত কেৱল সেইটোৱে ঘটিব যিটো আল্লাহে আমাৰ বাবে লিখি ৰাখিছে; তেৱেঁই আমাৰ অভিভাৱক; আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে নিৰ্ভৰ কৰা উচিত’।

See all translations of this verse →

قُلْ هَلْ تَرَبَّصُونَ بِنَآ إِلَّآ إِحْدَى ٱلْحُسْنَيَيْنِ وَنَحْنُ نَتَرَبَّصُ بِكُمْ أَن يُصِيبَكُمُ ٱللَّهُ بِعَذَابٍ مِّنْ عِندِهِۦٓ أَوْ بِأَيْدِينَا فَتَرَبَّصُوٓا۟ إِنَّا مَعَكُم مُّتَرَبِّصُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে কেৱল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা, আৰু আমি প্ৰতীক্ষা কৰি আছোঁ যে, আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব। এতেকে তোমালোকে প্ৰতীক্ষা কৰা, আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ’।

See all translations of this verse →

قُلْ أَنفِقُوا۟ طَوْعًا أَوْ كَرْهًا لَّن يُتَقَبَّلَ مِنكُمْ إِنَّكُمْ كُنتُمْ قَوْمًا فَٰسِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘তোমালোকে ইচ্ছাকৃতভাৱে দান কৰা অথবা অনিচ্ছাকৃতভাৱে, তোমালোকৰ পৰা সেই দান কেতিয়াও গ্ৰহণ কৰা নহ’ব, নিশ্চয় তোমালোক হৈছা ফাছিক্ব সম্প্ৰদায়’।

See all translations of this verse →

وَمَا مَنَعَهُمْ أَن تُقْبَلَ مِنْهُمْ نَفَقَٰتُهُمْ إِلَّآ أَنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَبِرَسُولِهِۦ وَلَا يَأْتُونَ ٱلصَّلَوٰةَ إِلَّا وَهُمْ كُسَالَىٰ وَلَا يُنفِقُونَ إِلَّا وَهُمْ كَٰرِهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ অৰ্থসাহায্য গ্ৰহণ কৰিবলৈ নিষেধ কৰা হৈছে এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে লগতে সিহঁতে ছালাতত উপস্থিত হয় কেৱল শৈথিল্যৰ সৈতে, আৰু দান কৰে কেৱল অনিচ্ছাকৃতভাৱে।

See all translations of this verse →

فَلَا تُعْجِبْكَ أَمْوَٰلُهُمْ وَلَآ أَوْلَٰدُهُمْ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُعَذِّبَهُم بِهَا فِى ٱلْحَيَوٰةِ ٱلدُّنْيَا وَتَزْهَقَ أَنفُسُهُمْ وَهُمْ كَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতৰ সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু কাফিৰ অৱস্থাতেই সিহঁতৰ আত্মাই দেহ ত্যাগ কৰিব।

See all translations of this verse →

وَيَحْلِفُونَ بِٱللَّهِ إِنَّهُمْ لَمِنكُمْ وَمَا هُم مِّنكُمْ وَلَٰكِنَّهُمْ قَوْمٌ يَفْرَقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতে আল্লাহৰ নামত শপত খাই কয় যে, সিহঁত তোমালোকৰেই অন্তৰ্ভুক্ত, অথচ সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত নহয়; প্ৰকৃততে সিহঁত হৈছে এটা ভীতু সম্প্ৰদায়।

See all translations of this verse →

لَوْ يَجِدُونَ مَلْجَـًٔا أَوْ مَغَٰرَٰتٍ أَوْ مُدَّخَلًا لَّوَلَّوْا۟ إِلَيْهِ وَهُمْ يَجْمَحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযদি সিহঁতে কোনো আশ্ৰয়স্থল নাইবা কোনো গিৰি-গুহা অথবা লুকাই থাকিবলৈ কোনো প্ৰৱেশস্থল পায় তেন্তে সিহঁতে সেইফালেই দ্ৰুত গতিত দৌৰি লুকাব।

See all translations of this verse →

وَمِنْهُم مَّن يَلْمِزُكَ فِى ٱلصَّدَقَٰتِ فَإِنْ أُعْطُوا۟ مِنْهَا رَضُوا۟ وَإِن لَّمْ يُعْطَوْا۟ مِنْهَآ إِذَا هُمْ يَسْخَطُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে, যিয়ে ছাদাক্বা বন্টন সম্পৰ্কে তোমাক দোষাৰোপ কৰে, এতেকে যদি সিহঁতক ইয়াৰ পৰা কিছু দিয়া হয় তেন্তে সিহঁত সন্তুষ্ট হয়, আৰু যদি ইয়াৰ পৰা কিবা দিয়া নহয় তেন্তে লগে লগে বিক্ষুব্ধ হয়।

See all translations of this verse →

وَلَوْ أَنَّهُمْ رَضُوا۟ مَآ ءَاتَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ وَقَالُوا۟ حَسْبُنَا ٱللَّهُ سَيُؤْتِينَا ٱللَّهُ مِن فَضْلِهِۦ وَرَسُولُهُۥٓ إِنَّآ إِلَى ٱللَّهِ رَٰغِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanভাল হ’লহেঁতেন আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতক যি প্ৰদান কৰিছে তাত যদি সিহঁতে সন্তুষ্ট থাকিলহেঁতেন আৰু যদি ক’লেহেঁতেন, ‘আল্লাহেই আমাৰ বাবে যথেষ্ট, অচিৰেই আল্লাহে আমাক তেওঁৰ নিজ অনুগ্ৰহেৰে প্ৰদান কৰিব আৰু তেওঁৰ ৰাছুলেও (দান কৰিব); নিশ্চয় আমি আল্লাহৰেই প্ৰতি অনুৰক্ত’।

See all translations of this verse →

إِنَّمَا ٱلصَّدَقَٰتُ لِلْفُقَرَآءِ وَٱلْمَسَٰكِينِ وَٱلْعَٰمِلِينَ عَلَيْهَا وَٱلْمُؤَلَّفَةِ قُلُوبُهُمْ وَفِى ٱلرِّقَابِ وَٱلْغَٰرِمِينَ وَفِى سَبِيلِ ٱللَّهِ وَٱبْنِ ٱلسَّبِيلِ فَرِيضَةً مِّنَ ٱللَّهِ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman(ফৰজ) ছাদাক্বা হৈছে কেৱল ফকীৰ, মিছকীন আৰু ছাদাক্বা আদায়ৰ কামত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে (বিপদগ্ৰস্ত) মুছাফিৰসকলৰ বাবে। এইটো হৈছে আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত (ফৰজ বিধান)। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

وَمِنْهُمُ ٱلَّذِينَ يُؤْذُونَ ٱلنَّبِىَّ وَيَقُولُونَ هُوَ أُذُنٌ قُلْ أُذُنُ خَيْرٍ لَّكُمْ يُؤْمِنُ بِٱللَّهِ وَيُؤْمِنُ لِلْمُؤْمِنِينَ وَرَحْمَةٌ لِّلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَٱلَّذِينَ يُؤْذُونَ رَسُولَ ٱللَّهِ لَهُمْ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁ দেখোন প্ৰত্যেক কথাতে কৰ্ণপাত কৰে’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেইটোৱে শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজৰ যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে তেওঁ হৈছে ৰহমত। যিসকলে আল্লাহৰ ৰাছুলক কষ্ট দিয়ে, সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

See all translations of this verse →

يَحْلِفُونَ بِٱللَّهِ لَكُمْ لِيُرْضُوكُمْ وَٱللَّهُ وَرَسُولُهُۥٓ أَحَقُّ أَن يُرْضُوهُ إِن كَانُوا۟ مُؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে তোমালোকক সন্তুষ্ট কৰিবলৈহে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত প্ৰকৃত মুমিন।

See all translations of this verse →

أَلَمْ يَعْلَمُوٓا۟ أَنَّهُۥ مَن يُحَادِدِ ٱللَّهَ وَرَسُولَهُۥ فَأَنَّ لَهُۥ نَارَ جَهَنَّمَ خَٰلِدًا فِيهَا ذَٰلِكَ ٱلْخِزْىُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই হৈছে চৰম লাঞ্ছনা।

See all translations of this verse →

يَحْذَرُ ٱلْمُنَٰفِقُونَ أَن تُنَزَّلَ عَلَيْهِمْ سُورَةٌ تُنَبِّئُهُم بِمَا فِى قُلُوبِهِمْ قُلِ ٱسْتَهْزِءُوٓا۟ إِنَّ ٱللَّهَ مُخْرِجٌ مَّا تَحْذَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুনাফিকসকলে (সদায়) আশংকা কৰে যে, জানোচা সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰি থাকা; তোমালোকে যিটো বিষয়ক ভয় কৰি আছা নিশ্চয় আল্লাহে সেইটো প্ৰকাশ কৰি দিব’।

See all translations of this verse →

وَلَئِن سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ قُلْ أَبِٱللَّهِ وَءَايَٰتِهِۦ وَرَسُولِهِۦ كُنتُمْ تَسْتَهْزِءُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি তুমি সিহঁতক সোধা তেন্তে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলোঁ’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহক লগতে তেওঁৰ ৰাছুলকেই বিদ্ৰূপ কৰিবলৈ পালানে’?

See all translations of this verse →

لَا تَعْتَذِرُوا۟ قَدْ كَفَرْتُم بَعْدَ إِيمَٰنِكُمْ إِن نَّعْفُ عَن طَآئِفَةٍ مِّنكُمْ نُعَذِّبْ طَآئِفَةًۢ بِأَنَّهُمْ كَانُوا۟ مُجْرِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘তোমালোকে এতিয়া ওজৰ-আপত্তি নকৰিবা। (কাৰণ) নিশ্চয় তোমালোকে ঈমান পোষণ কৰাৰ পিছত আকৌ কুফুৰী কৰিছা। আমি তোমালোকৰ মাজৰ কিছুমানক ক্ষমা কৰিলেও আন কিছুমানক শাস্তি প্ৰদান কৰিমেই—কাৰণ নিশ্চিতভাৱে সিহঁত হৈছে অপৰাধী’।

See all translations of this verse →

ٱلْمُنَٰفِقُونَ وَٱلْمُنَٰفِقَٰتُ بَعْضُهُم مِّنۢ بَعْضٍ يَأْمُرُونَ بِٱلْمُنكَرِ وَيَنْهَوْنَ عَنِ ٱلْمَعْرُوفِ وَيَقْبِضُونَ أَيْدِيَهُمْ نَسُوا۟ ٱللَّهَ فَنَسِيَهُمْ إِنَّ ٱلْمُنَٰفِقِينَ هُمُ ٱلْفَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুনাফিক পুৰুষ আৰু মুনাফিক নাৰীসকল ইজনে সিজনৰ অনুৰূপ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মৰ পৰা বিৰত ৰাখে, লগতে সিহঁতে (আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত) নিজৰ হাত সংকুচিত কৰি ৰাখে, দৰাচলতে সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল হৈছে ফাছিক্ব (অতি অবাধ্য)।

See all translations of this verse →

وَعَدَ ٱللَّهُ ٱلْمُنَٰفِقِينَ وَٱلْمُنَٰفِقَٰتِ وَٱلْكُفَّارَ نَارَ جَهَنَّمَ خَٰلِدِينَ فِيهَا هِىَ حَسْبُهُمْ وَلَعَنَهُمُ ٱللَّهُ وَلَهُمْ عَذَابٌ مُّقِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে মুনাফিক পুৰুষ, মুনাফিক নাৰী আৰু কাফিৰসকলক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;

See all translations of this verse →

كَٱلَّذِينَ مِن قَبْلِكُمْ كَانُوٓا۟ أَشَدَّ مِنكُمْ قُوَّةً وَأَكْثَرَ أَمْوَٰلًا وَأَوْلَٰدًا فَٱسْتَمْتَعُوا۟ بِخَلَٰقِهِمْ فَٱسْتَمْتَعْتُم بِخَلَٰقِكُمْ كَمَا ٱسْتَمْتَعَ ٱلَّذِينَ مِن قَبْلِكُم بِخَلَٰقِهِمْ وَخُضْتُمْ كَٱلَّذِى خَاضُوٓا۟ أُو۟لَٰٓئِكَ حَبِطَتْ أَعْمَٰلُهُمْ فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَأُو۟لَٰٓئِكَ هُمُ ٱلْخَٰسِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(তোমালোকেও) সিহঁতৰ দৰেই, যিসকল তোমালোকৰ পূৰ্বে আছিল, সিহঁত শক্তি-সামৰ্থত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ তথা সন্তান-সন্ততি আছিল তোমালোকতকৈও বেছি। এতেকে সিহঁতৰ ভাগ্যত যি আছিল সেইটো সিহঁতে ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেইটো উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে। তোমালোকেও সেইদৰেই অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ (নেক) আমলসমূহ পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।

See all translations of this verse →

أَلَمْ يَأْتِهِمْ نَبَأُ ٱلَّذِينَ مِن قَبْلِهِمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ وَقَوْمِ إِبْرَٰهِيمَ وَأَصْحَٰبِ مَدْيَنَ وَٱلْمُؤْتَفِكَٰتِ أَتَتْهُمْ رُسُلُهُم بِٱلْبَيِّنَٰتِ فَمَا كَانَ ٱللَّهُ لِيَظْلِمَهُمْ وَلَٰكِن كَانُوٓا۟ أَنفُسَهُمْ يَظْلِمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ ওচৰলৈ সিহঁতৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহ যেনে নূহ, আদ আৰু ছামূদ সম্প্ৰদায়, লগতে ইব্ৰাহীমৰ সম্প্ৰদায় আৰু মাদয়ানৰ অধিবাসীসকলৰ লগতে বিধ্বস্ত নগৰৰ অধিবাসীসকলৰ সংবাদ অহা নাইনে? সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ লৈ আহিছিল। এতেকে আল্লাহে সিহঁতৰ ওপৰত অন্যায় কৰা নাই বৰং সিহঁত নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।

See all translations of this verse →

وَٱلْمُؤْمِنُونَ وَٱلْمُؤْمِنَٰتُ بَعْضُهُمْ أَوْلِيَآءُ بَعْضٍ يَأْمُرُونَ بِٱلْمَعْرُوفِ وَيَنْهَوْنَ عَنِ ٱلْمُنكَرِ وَيُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤْتُونَ ٱلزَّكَوٰةَ وَيُطِيعُونَ ٱللَّهَ وَرَسُولَهُۥٓ أُو۟لَٰٓئِكَ سَيَرْحَمُهُمُ ٱللَّهُ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুমিন পুৰুষ আৰু মুমিনা নাৰী হৈছে ইজনে সিজনৰ অভিভাৱক, তেওঁলোকে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মৰ পৰা বাধা প্ৰদান কৰে, ছালাত কায়েম কৰে, যাকাত প্ৰদান কৰে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোকৰ ওপৰতেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

وَعَدَ ٱللَّهُ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ جَنَّٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا وَمَسَٰكِنَ طَيِّبَةً فِى جَنَّٰتِ عَدْنٍ وَرِضْوَٰنٌ مِّنَ ٱللَّهِ أَكْبَرُ ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতৰ প্ৰতিশ্ৰুতি দিছে—যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক স্থায়ী হ’ব; আৰু (প্ৰতিশ্ৰুতি দিছে) স্থায়ী জান্নাতসমূহত উত্তম বাসস্থানৰ, আৰু আল্লাহৰ সন্তুষ্টিয়েই হৈছে সৰ্বশ্ৰেষ্ঠ। এইটোৱেই হৈছে মহাসফলতা।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلنَّبِىُّ جَٰهِدِ ٱلْكُفَّارَ وَٱلْمُنَٰفِقِينَ وَٱغْلُظْ عَلَيْهِمْ وَمَأْوَىٰهُمْ جَهَنَّمُ وَبِئْسَ ٱلْمَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!

See all translations of this verse →

يَحْلِفُونَ بِٱللَّهِ مَا قَالُوا۟ وَلَقَدْ قَالُوا۟ كَلِمَةَ ٱلْكُفْرِ وَكَفَرُوا۟ بَعْدَ إِسْلَٰمِهِمْ وَهَمُّوا۟ بِمَا لَمْ يَنَالُوا۟ وَمَا نَقَمُوٓا۟ إِلَّآ أَنْ أَغْنَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ مِن فَضْلِهِۦ فَإِن يَتُوبُوا۟ يَكُ خَيْرًا لَّهُمْ وَإِن يَتَوَلَّوْا۟ يُعَذِّبْهُمُ ٱللَّهُ عَذَابًا أَلِيمًا فِى ٱلدُّنْيَا وَٱلْـَٔاخِرَةِ وَمَا لَهُمْ فِى ٱلْأَرْضِ مِن وَلِىٍّ وَلَا نَصِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে আল্লাহৰ শপত খাই কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফুৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফুৰী কৰিছে; সিহঁতে এনেকুৱা বিষয়ৰ সংকল্প কৰিছিল যিটো সিহঁতে কাৰ্যকৰী কৰিব পৰা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত তেওঁলোকক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ-মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে কল্যাণকৰ হ’ব, আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে আল্লাহে পৃথিৱী আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; ভূ-পৃষ্ঠত সিহঁতৰ কোনো অভিভাৱক নাই, আৰু কোনো সাহায্যকাৰীও নাই।

See all translations of this verse →

وَمِنْهُم مَّنْ عَٰهَدَ ٱللَّهَ لَئِنْ ءَاتَىٰنَا مِن فَضْلِهِۦ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ ٱلصَّٰلِحِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ কিছুমানে আল্লাহৰ ওচৰত অঙ্গীকাৰ কৰিছিল যে, ‘আল্লাহে নিজ কৃপাত আমাক দান কৰিলে আমি নিশ্চয় ছাদাক্বা কৰিম তথা সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত হম’।

See all translations of this verse →

فَلَمَّآ ءَاتَىٰهُم مِّن فَضْلِهِۦ بَخِلُوا۟ بِهِۦ وَتَوَلَّوا۟ وَّهُم مُّعْرِضُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতাৰ পিছত যেতিয়া তেওঁ সিহঁতক নিজ অনুগ্ৰহৰ পৰা দান কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে কৃপণতা কৰিলে আৰু বিমুখ হৈ উভতি গ'ল।

See all translations of this verse →

فَأَعْقَبَهُمْ نِفَاقًا فِى قُلُوبِهِمْ إِلَىٰ يَوْمِ يَلْقَوْنَهُۥ بِمَآ أَخْلَفُوا۟ ٱللَّهَ مَا وَعَدُوهُ وَبِمَا كَانُوا۟ يَكْذِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৰিণামস্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিৱসলৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব। কাৰণ সিহঁতে আল্লাহৰ সৈতে কৰা অঙ্গীকাৰ ভংগ কৰিছিল, লগতে মিছা কৈছিল।

See all translations of this verse →

أَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَعْلَمُ سِرَّهُمْ وَنَجْوَىٰهُمْ وَأَنَّ ٱللَّهَ عَلَّٰمُ ٱلْغُيُوبِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহে সিহঁতৰ অন্তৰৰ গোপন কথা আৰু সিহঁতৰ গোপন পৰামৰ্শৰ বিষয়ে জানে? আৰু নিশ্চয় আল্লাহ গায়েব সম্পৰ্কে সম্যক অৱগত।

See all translations of this verse →

ٱلَّذِينَ يَلْمِزُونَ ٱلْمُطَّوِّعِينَ مِنَ ٱلْمُؤْمِنِينَ فِى ٱلصَّدَقَٰتِ وَٱلَّذِينَ لَا يَجِدُونَ إِلَّا جُهْدَهُمْ فَيَسْخَرُونَ مِنْهُمْ سَخِرَ ٱللَّهُ مِنْهُمْ وَلَهُمْ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুমিনসকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

See all translations of this verse →

ٱسْتَغْفِرْ لَهُمْ أَوْ لَا تَسْتَغْفِرْ لَهُمْ إِن تَسْتَغْفِرْ لَهُمْ سَبْعِينَ مَرَّةً فَلَن يَغْفِرَ ٱللَّهُ لَهُمْ ذَٰلِكَ بِأَنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلْفَٰسِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা বা নকৰা একেই কথা; তুমি যদি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰা তথাপিও আল্লাহে সিহঁতক কেতিয়াও ক্ষমা নকৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

See all translations of this verse →

فَرِحَ ٱلْمُخَلَّفُونَ بِمَقْعَدِهِمْ خِلَٰفَ رَسُولِ ٱللَّهِ وَكَرِهُوٓا۟ أَن يُجَٰهِدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ فِى سَبِيلِ ٱللَّهِ وَقَالُوا۟ لَا تَنفِرُوا۟ فِى ٱلْحَرِّ قُلْ نَارُ جَهَنَّمَ أَشَدُّ حَرًّا لَّوْ كَانُوا۟ يَفْقَهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahman(তাবুকৰ অভিযানত) পিছত ৰৈ যোৱা লোকসকলে আল্লাহৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰি বহি থকাকে আনন্দবোধ কৰিলে আৰু সিহঁতৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰাক অপছন্দ কৰিলে। ইয়াৰ ওপৰিও সিহঁতে ক’লে, ‘গৰমৰ মাজত তোমালোকে অভিযানলৈ ওলাই নাযাবা’। কোৱা, ‘জাহান্নামৰ জুই ইয়াতকৈও বেছি উত্তপ্ত’, যদি সিহঁতে বুজিলেহেঁতেন!

See all translations of this verse →

فَلْيَضْحَكُوا۟ قَلِيلًا وَلْيَبْكُوا۟ كَثِيرًا جَزَآءًۢ بِمَا كَانُوا۟ يَكْسِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanদৰাচলতে সিহঁতে যি অৰ্জন কৰিছে তাৰ প্ৰতিফল হিচাপে সিহঁতে কমকৈ হঁহা উচিত আৰু বেছিকৈ কান্দা উচিত।

See all translations of this verse →

فَإِن رَّجَعَكَ ٱللَّهُ إِلَىٰ طَآئِفَةٍ مِّنْهُمْ فَٱسْتَـْٔذَنُوكَ لِلْخُرُوجِ فَقُل لَّن تَخْرُجُوا۟ مَعِىَ أَبَدًا وَلَن تُقَٰتِلُوا۟ مَعِىَ عَدُوًّا إِنَّكُمْ رَضِيتُم بِٱلْقُعُودِ أَوَّلَ مَرَّةٍ فَٱقْعُدُوا۟ مَعَ ٱلْخَٰلِفِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যদি আল্লাহে তোমাক (মাদীনালৈ) সিহঁতৰ কোনো দলৰ ওচৰত ঘূৰাই আনে আৰু সিহঁতে (কোনো অভিযানত) ওলাবলৈ তোমাৰ ওচৰত অনুমতি বিচাৰে, তেতিয়া তুমি (সিহঁতক) ক’বা, ‘তোমালোকে মোৰ লগত কেতিয়াও ওলাব নোৱাৰা আৰু তোমালোকে মোৰ সংগী হৈও কেতিয়াও শত্ৰুৰ লগত যুদ্ধ কৰিব নোৱাৰিবা। তোমালোকে প্ৰথমেই বহি থকাক পছন্দ কৰিছিলা; সেয়ে তোমালোকে পিছত ৰৈ যোৱাবিলাকৰ লগত বহি থাকা’।

See all translations of this verse →

وَلَا تُصَلِّ عَلَىٰٓ أَحَدٍ مِّنْهُم مَّاتَ أَبَدًا وَلَا تَقُمْ عَلَىٰ قَبْرِهِۦٓ إِنَّهُمْ كَفَرُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَمَاتُوا۟ وَهُمْ فَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সিহঁতৰ মাজৰ কাৰোবাৰ মৃত্যু হ’লেও তুমি কেতিয়াও তাৰ জানাযাৰ ছালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাতেই সিহঁতৰ মৃত্যু হৈছে।

See all translations of this verse →

وَلَا تُعْجِبْكَ أَمْوَٰلُهُمْ وَأَوْلَٰدُهُمْ إِنَّمَا يُرِيدُ ٱللَّهُ أَن يُعَذِّبَهُم بِهَا فِى ٱلدُّنْيَا وَتَزْهَقَ أَنفُسُهُمْ وَهُمْ كَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে যাতে তোমাক বিমুগ্ধ নকৰে, আল্লাহে এইবোৰৰ দ্বাৰাই সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি দিব বিচাৰে; আৰু সিহঁতৰ আত্মাই কাফিৰ অৱস্থাতেই দেহ ত্যাগ কৰিব।

See all translations of this verse →

وَإِذَآ أُنزِلَتْ سُورَةٌ أَنْ ءَامِنُوا۟ بِٱللَّهِ وَجَٰهِدُوا۟ مَعَ رَسُولِهِ ٱسْتَـْٔذَنَكَ أُو۟لُوا۟ ٱلطَّوْلِ مِنْهُمْ وَقَالُوا۟ ذَرْنَا نَكُن مَّعَ ٱلْقَٰعِدِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু ৰাছুলৰ সংগী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজৰ যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰলৈ আহি অনুমতি বিচাৰি কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।

See all translations of this verse →

رَضُوا۟ بِأَن يَكُونُوا۟ مَعَ ٱلْخَوَالِفِ وَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।

See all translations of this verse →

لَٰكِنِ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُوا۟ مَعَهُۥ جَٰهَدُوا۟ بِأَمْوَٰلِهِمْ وَأَنفُسِهِمْ وَأُو۟لَٰٓئِكَ لَهُمُ ٱلْخَيْرَٰتُ وَأُو۟لَٰٓئِكَ هُمُ ٱلْمُفْلِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজৰ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।

See all translations of this verse →

أَعَدَّ ٱللَّهُ لَهُمْ جَنَّٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে তেওঁলোকৰ বাবে জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ তলত প্ৰবাহিত আছে নদীসমূহ, তেওঁলোকে তাত (সেই জান্নাতত) চিৰকাল থাকিব; এইটোৱেই হৈছে মহাসফলতা।

See all translations of this verse →

وَجَآءَ ٱلْمُعَذِّرُونَ مِنَ ٱلْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ ٱلَّذِينَ كَذَبُوا۟ ٱللَّهَ وَرَسُولَهُۥ سَيُصِيبُ ٱلَّذِينَ كَفَرُوا۟ مِنْهُمْ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।

See all translations of this verse →

لَّيْسَ عَلَى ٱلضُّعَفَآءِ وَلَا عَلَى ٱلْمَرْضَىٰ وَلَا عَلَى ٱلَّذِينَ لَا يَجِدُونَ مَا يُنفِقُونَ حَرَجٌ إِذَا نَصَحُوا۟ لِلَّهِ وَرَسُولِهِۦ مَا عَلَى ٱلْمُحْسِنِينَ مِن سَبِيلٍ وَٱللَّهُ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোনো দোষ নাই দুৰ্বলসকলৰ, অসুস্থসকলৰ আৰু যিসকল অৰ্থ ব্যয় কৰিবলৈ অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

وَلَا عَلَى ٱلَّذِينَ إِذَا مَآ أَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَآ أَجِدُ مَآ أَحْمِلُكُمْ عَلَيْهِ تَوَلَّوا۟ وَّأَعْيُنُهُمْ تَفِيضُ مِنَ ٱلدَّمْعِ حَزَنًا أَلَّا يَجِدُوا۟ مَا يُنفِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেইসকল লোকৰো কোনো দোষ নাই, যিসকলে তোমাৰ ওচৰলৈ বাহন পোৱাৰ আশাত আহিছিল, তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; তেতিয়া তেওঁলোকে বাধ্য হৈ চকুলো টুকি উভতি গৈছিল এই দুখত যে, তেওঁলোকৰ ওচৰত ব্যয় কৰিব পৰা একো নাই।

See all translations of this verse →

إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَسْتَـْٔذِنُونَكَ وَهُمْ أَغْنِيَآءُ رَضُوا۟ بِأَن يَكُونُوا۟ مَعَ ٱلْخَوَالِفِ وَطَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু যিসকল লোকে অভাৱমুক্ত হৈও (যুদ্ধত নোযোৱাৰ) অনুমতি বিচাৰিছিল, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল। সেয়ে আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে জ্ঞান লাভ কৰিব নোৱাৰে।

See all translations of this verse →

يَعْتَذِرُونَ إِلَيْكُمْ إِذَا رَجَعْتُمْ إِلَيْهِمْ قُل لَّا تَعْتَذِرُوا۟ لَن نُّؤْمِنَ لَكُمْ قَدْ نَبَّأَنَا ٱللَّهُ مِنْ أَخْبَارِكُمْ وَسَيَرَى ٱللَّهُ عَمَلَكُمْ وَرَسُولُهُۥ ثُمَّ تُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلْغَيْبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযেতিয়া তোমালোকে সিহঁতৰ ওচৰলৈ উভতি যাবা, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু (ভৱিষ্যতেও) আল্লাহে তোমালোকৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে অৱগত মহাজ্ঞানীৰ ওচৰলৈকে ওভতাই নিয়া হ’ব, তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।

See all translations of this verse →

سَيَحْلِفُونَ بِٱللَّهِ لَكُمْ إِذَا ٱنقَلَبْتُمْ إِلَيْهِمْ لِتُعْرِضُوا۟ عَنْهُمْ فَأَعْرِضُوا۟ عَنْهُمْ إِنَّهُمْ رِجْسٌ وَمَأْوَىٰهُمْ جَهَنَّمُ جَزَآءًۢ بِمَا كَانُوا۟ يَكْسِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে যেতিয়া সিহঁতৰ ওচৰলৈ উভতি যাবা, অচিৰেই সিহঁতে তোমালোকৰ সন্মুখত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই হৈছে সিহঁতৰ আবাসস্থল।

See all translations of this verse →

يَحْلِفُونَ لَكُمْ لِتَرْضَوْا۟ عَنْهُمْ فَإِن تَرْضَوْا۟ عَنْهُمْ فَإِنَّ ٱللَّهَ لَا يَرْضَىٰ عَنِ ٱلْقَوْمِ ٱلْفَٰسِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে তোমালোকৰ সন্মুখত শপত কৰিব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।

See all translations of this verse →

ٱلْأَعْرَابُ أَشَدُّ كُفْرًا وَنِفَاقًا وَأَجْدَرُ أَلَّا يَعْلَمُوا۟ حُدُودَ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ رَسُولِهِۦ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআ’ৰাব বা মৰুবাসীসকল কুফুৰী আৰু নিফাক্বত দৃঢ়তৰ; আৰু আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত যি অৱতীৰ্ণ কৰিছে, তাৰ সীমাৰেখা সম্পৰ্কে অজ্ঞ থকাৰ সিহঁতে অধিক উপযুক্ত; আৰু (জানি থোৱা) আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

وَمِنَ ٱلْأَعْرَابِ مَن يَتَّخِذُ مَا يُنفِقُ مَغْرَمًا وَيَتَرَبَّصُ بِكُمُ ٱلدَّوَآئِرَ عَلَيْهِمْ دَآئِرَةُ ٱلسَّوْءِ وَٱللَّهُ سَمِيعٌ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মৰুবাসীসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে আল্লাহৰ পথত ব্যয় কৰা দানক জৰিমনা বুলি গণ্য কৰে, লগতে তোমালোকৰ প্ৰতি (কালৰ) আৱৰ্তন (দুঃসময়)ৰ প্ৰতীক্ষা কৰে। সিহঁতৰ ওপৰতেই হওক নিকৃষ্ট বিপৰ্যয়; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

See all translations of this verse →

وَمِنَ ٱلْأَعْرَابِ مَن يُؤْمِنُ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ وَيَتَّخِذُ مَا يُنفِقُ قُرُبَٰتٍ عِندَ ٱللَّهِ وَصَلَوَٰتِ ٱلرَّسُولِ أَلَآ إِنَّهَا قُرْبَةٌ لَّهُمْ سَيُدْخِلُهُمُ ٱللَّهُ فِى رَحْمَتِهِۦٓ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মৰুবাসীসকলৰ মাজত এনেকুৱা ব্যক্তিও আছে যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে লগতে যি ব্যয় কৰে তাক আল্লাহৰ সান্নিধ্য আৰু ৰাছুলৰ দুআ লাভৰ উপায় বুলি গণ্য কৰে। জানি থোৱা, নিঃসন্দেহে তেওঁলোকৰ এই দান হৈছে (আল্লাহৰ) সান্নিধ্য লাভৰ উপায়; অচিৰেই আল্লাহে তেওঁলোকক নিজৰ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

وَٱلسَّٰبِقُونَ ٱلْأَوَّلُونَ مِنَ ٱلْمُهَٰجِرِينَ وَٱلْأَنصَارِ وَٱلَّذِينَ ٱتَّبَعُوهُم بِإِحْسَٰنٍ رَّضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ وَأَعَدَّ لَهُمْ جَنَّٰتٍ تَجْرِى تَحْتَهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدًا ذَٰلِكَ ٱلْفَوْزُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুহাজিৰ আৰু আনছাৰসকলৰ মাজত যিসকল (ঈমান পোষণ কৰাৰ ক্ষেত্ৰত) প্ৰথম অগ্ৰগামী, লগতে যিসকলে ইহছানৰ সৈতে তেওঁলোকক অনুসৰণ কৰে, আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে। আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰস্থায়ী হ’ব। এইটোৱে হৈছে মহাসফলতা।

See all translations of this verse →

وَمِمَّنْ حَوْلَكُم مِّنَ ٱلْأَعْرَابِ مُنَٰفِقُونَ وَمِنْ أَهْلِ ٱلْمَدِينَةِ مَرَدُوا۟ عَلَى ٱلنِّفَاقِ لَا تَعْلَمُهُمْ نَحْنُ نَعْلَمُهُمْ سَنُعَذِّبُهُم مَّرَّتَيْنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমৰুবাসীসকলৰ মাজৰ যিসকলে তোমালোকৰ ওচৰে পাঁজৰে আছে সিহঁতৰ কিছুমান হৈছে মুনাফিক, লগতে মদীনাবাসীৰ মাজতো আছে (কিছুমান মুনাফিক), সিহঁতে নিফাক্বৰ চৰম সীমাত উপনীত হৈছে। তুমি সিহঁতক নাজানা; কিন্তু আমি সিহঁতক চিনি পাওঁ। অনতিপলমে আমি সিহঁতক দুবাৰ শাস্তি প্ৰদান কৰিম তাৰ পিছত সিহঁতক মহাশাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।

See all translations of this verse →

وَءَاخَرُونَ ٱعْتَرَفُوا۟ بِذُنُوبِهِمْ خَلَطُوا۟ عَمَلًا صَٰلِحًا وَءَاخَرَ سَيِّئًا عَسَى ٱللَّهُ أَن يَتُوبَ عَلَيْهِمْ إِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আন কিছুমান লোকে নিজৰ অপৰাধ নিজে স্বীকাৰ কৰিছে, সিহঁতে এটা সৎকৰ্মৰ লগত আন এটা অসৎকৰ্মৰ মিশ্ৰণ ঘটাইছে; সম্ভৱতঃ আল্লাহে সিহঁতক ক্ষমা কৰিব, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

خُذْ مِنْ أَمْوَٰلِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّيهِم بِهَا وَصَلِّ عَلَيْهِمْ إِنَّ صَلَوٰتَكَ سَكَنٌ لَّهُمْ وَٱللَّهُ سَمِيعٌ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিবা আৰু পৰিশোধিত কৰিবা। লগতে তুমি সিহঁতৰ বাবে দুআ কৰা। নিঃসন্দেহে তোমাৰ দুআ হৈছে সিহঁতৰ বাবে প্ৰশান্তিকৰ; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

See all translations of this verse →

أَلَمْ يَعْلَمُوٓا۟ أَنَّ ٱللَّهَ هُوَ يَقْبَلُ ٱلتَّوْبَةَ عَنْ عِبَادِهِۦ وَيَأْخُذُ ٱلصَّدَقَٰتِ وَأَنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে নাজানে নেকি যে, নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ তাওবা কবুল কৰে আৰু চাদাক্বাহ গ্ৰহণ কৰে? আৰু নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

See all translations of this verse →

وَقُلِ ٱعْمَلُوا۟ فَسَيَرَى ٱللَّهُ عَمَلَكُمْ وَرَسُولُهُۥ وَٱلْمُؤْمِنُونَ وَسَتُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلْغَيْبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمْ تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু কোৱা, ‘তোমালোকে আমল কৰা, আল্লাহে তোমালোকৰ আমল দেখিব আৰু তেওঁৰ ৰাছুলেও আৰু মুমিনসকলেও (দেখিব)। অনতিপলমে তোমালোকক ওভতাই নিয়া হ’ব অদৃশ্য আৰু প্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ সত্ত্বা (আল্লাহ)ৰ ওচৰলৈ; অৱশেষত তেৱেঁই তোমালোকক জনাই দিব তোমালোকে কি কৰিছিলা’।

See all translations of this verse →

وَءَاخَرُونَ مُرْجَوْنَ لِأَمْرِ ٱللَّهِ إِمَّا يُعَذِّبُهُمْ وَإِمَّا يَتُوبُ عَلَيْهِمْ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আন কিছুমান লোকৰ বিষয়ে সিদ্ধান্ত আল্লাহৰ আদেশৰ অপেক্ষাত পিছুৱাই দিয়া হ’ল --- তেৱেঁই সিহঁতক শাস্তি দিব নহ’লে ক্ষমা কৰিব। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

وَٱلَّذِينَ ٱتَّخَذُوا۟ مَسْجِدًا ضِرَارًا وَكُفْرًا وَتَفْرِيقًۢا بَيْنَ ٱلْمُؤْمِنِينَ وَإِرْصَادًا لِّمَنْ حَارَبَ ٱللَّهَ وَرَسُولَهُۥ مِن قَبْلُ وَلَيَحْلِفُنَّ إِنْ أَرَدْنَآ إِلَّا ٱلْحُسْنَىٰ وَٱللَّهُ يَشْهَدُ إِنَّهُمْ لَكَٰذِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু (কিছুমান আছে) যিসকলে ক্ষতিসাধন কৰাৰ উদ্দেশ্যে, কুফুৰী কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ উদ্দেশ্যে, লগতে ইতিপূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যিসকলে যুদ্ধ কৰিছিল সিহঁতৰ গোপন ঘাঁটি হিচাপে ব্যৱহাৰৰ উদ্দেশ্যে (এখন নতুন) মছজিদ নিৰ্মাণ কৰিছে । সিহঁতে নিশ্চয় শপত খাই ক’ব, ‘আমি কেৱল কল্যাণহে কামনা কৰিছিলোঁ’; আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিঃসন্দেহে সিহঁত মিছলীয়া।

See all translations of this verse →

لَا تَقُمْ فِيهِ أَبَدًا لَّمَسْجِدٌ أُسِّسَ عَلَى ٱلتَّقْوَىٰ مِنْ أَوَّلِ يَوْمٍ أَحَقُّ أَن تَقُومَ فِيهِ فِيهِ رِجَالٌ يُحِبُّونَ أَن يَتَطَهَّرُوا۟ وَٱللَّهُ يُحِبُّ ٱلْمُطَّهِّرِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি তাত কেতিয়াও (ছালাতৰ বাবে) থিয় নহ’বা; (আনহাতে) যি মছজিদৰ ভিত্তি প্ৰথম দিনাৰ পৰাই স্থাপিত হৈছে তাক্বৱাৰ ওপৰত, সেইখনতহে ছালাতৰ বাবে থিয় হোৱা তোমাৰ বাবে বেছি উপযুক্ত। তাত এনেকুৱা লোক আছে যিসকলে উত্তমৰূপে পৱিত্ৰতা অৰ্জন কৰিবলৈ ভালপায়, আৰু পৱিত্ৰতা অৰ্জনকাৰীসকলক আল্লাহে ভালপায়।

See all translations of this verse →

أَفَمَنْ أَسَّسَ بُنْيَٰنَهُۥ عَلَىٰ تَقْوَىٰ مِنَ ٱللَّهِ وَرِضْوَٰنٍ خَيْرٌ أَم مَّنْ أَسَّسَ بُنْيَٰنَهُۥ عَلَىٰ شَفَا جُرُفٍ هَارٍ فَٱنْهَارَ بِهِۦ فِى نَارِ جَهَنَّمَ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে যি ব্যক্তিয়ে তাৰ ঘৰৰ ভিত্তি আল্লাহৰ তাক্বৱা আৰু সন্তুষ্টিৰ ওপৰত স্থাপন কৰিছে সি উত্তম নে সেই ব্যক্তি উত্তম যিয়ে তাৰ ঘৰৰ ভিত্তি স্থাপন কৰিছে খহি পৰিব ধৰা গৰাৰ কাষত? ফলত ই তাকলৈ জাহান্নামৰ অগ্নিত খহি পৰিল; আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

See all translations of this verse →

لَا يَزَالُ بُنْيَٰنُهُمُ ٱلَّذِى بَنَوْا۟ رِيبَةً فِى قُلُوبِهِمْ إِلَّآ أَن تَقَطَّعَ قُلُوبُهُمْ وَٱللَّهُ عَلِيمٌ حَكِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতৰ নিৰ্মিত গৃহ, সিহঁতৰ অন্তৰত সদায় সন্দেহৰ কাৰণ হৈ থাকিব, যেতিয়ালৈকে সিহঁতৰ অন্তৰ ছিন্ন-বিছিন্ন হৈ নাযায়। আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

See all translations of this verse →

إِنَّ ٱللَّهَ ٱشْتَرَىٰ مِنَ ٱلْمُؤْمِنِينَ أَنفُسَهُمْ وَأَمْوَٰلَهُم بِأَنَّ لَهُمُ ٱلْجَنَّةَ يُقَٰتِلُونَ فِى سَبِيلِ ٱللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ وَعْدًا عَلَيْهِ حَقًّا فِى ٱلتَّوْرَىٰةِ وَٱلْإِنجِيلِ وَٱلْقُرْءَانِ وَمَنْ أَوْفَىٰ بِعَهْدِهِۦ مِنَ ٱللَّهِ فَٱسْتَبْشِرُوا۟ بِبَيْعِكُمُ ٱلَّذِى بَايَعْتُم بِهِۦ وَذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহে মুমিনসকলৰ পৰা তেওঁলোকৰ জীৱন আৰু সম্পদ জান্নাতৰ বিনিময়ত কিনি লৈছে। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, ফলত তেওঁলোকে (শত্ৰুক) হত্যা কৰে আৰু নিজেও নিহত হয়। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সত্য প্ৰতিশ্ৰুতি আছে; প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে সুসংবাদ গ্ৰহণ কৰা; কিয়নো এইটোৱেই হৈছে মহাসফলতা।

See all translations of this verse →

ٱلتَّٰٓئِبُونَ ٱلْعَٰبِدُونَ ٱلْحَٰمِدُونَ ٱلسَّٰٓئِحُونَ ٱلرَّٰكِعُونَ ٱلسَّٰجِدُونَ ٱلْـَٔامِرُونَ بِٱلْمَعْرُوفِ وَٱلنَّاهُونَ عَنِ ٱلْمُنكَرِ وَٱلْحَٰفِظُونَ لِحُدُودِ ٱللَّهِ وَبَشِّرِ ٱلْمُؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোক হৈছে তাওবাকাৰী, ইবাদতকাৰী, আল্লাহৰ প্ৰশংসাকাৰী, ছিয়াম পালনকাৰী, ৰুকুকাৰী, ছাজদাকাৰী, সৎকৰ্মৰ আদেশদাতা, অসৎকৰ্মৰ নিষেধকাৰী আৰু আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা সংৰক্ষণকাৰী, আৰু তুমি মুমিনসকলক শুভ সংবাদ দিয়া।

See all translations of this verse →

مَا كَانَ لِلنَّبِىِّ وَٱلَّذِينَ ءَامَنُوٓا۟ أَن يَسْتَغْفِرُوا۟ لِلْمُشْرِكِينَ وَلَوْ كَانُوٓا۟ أُو۟لِى قُرْبَىٰ مِنۢ بَعْدِ مَا تَبَيَّنَ لَهُمْ أَنَّهُمْ أَصْحَٰبُ ٱلْجَحِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনবী আৰু যিসকলে ঈমান আনিছে তেওঁলোকৰ বাবে উচিত নহয় মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, যদিও সিহঁত নিকটাত্মীয় নহওক কিয়, যেতিয়া এই কথা সুস্পষ্ট হৈ গৈছে যে, নিশ্চয় সিহঁত প্ৰজ্বলিত অগ্নিৰ অধিবাসী।

See all translations of this verse →

وَمَا كَانَ ٱسْتِغْفَارُ إِبْرَٰهِيمَ لِأَبِيهِ إِلَّا عَن مَّوْعِدَةٍ وَعَدَهَآ إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُۥٓ أَنَّهُۥ عَدُوٌّ لِّلَّهِ تَبَرَّأَ مِنْهُ إِنَّ إِبْرَٰهِيمَ لَأَوَّٰهٌ حَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, তেওঁ (ৰ পিতা হৈছে) আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।

See all translations of this verse →

وَمَا كَانَ ٱللَّهُ لِيُضِلَّ قَوْمًۢا بَعْدَ إِذْ هَدَىٰهُمْ حَتَّىٰ يُبَيِّنَ لَهُم مَّا يَتَّقُونَ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।

See all translations of this verse →

إِنَّ ٱللَّهَ لَهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ يُحْىِۦ وَيُمِيتُ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِىٍّ وَلَا نَصِيرٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।

See all translations of this verse →

لَّقَد تَّابَ ٱللَّهُ عَلَى ٱلنَّبِىِّ وَٱلْمُهَٰجِرِينَ وَٱلْأَنصَارِ ٱلَّذِينَ ٱتَّبَعُوهُ فِى سَاعَةِ ٱلْعُسْرَةِ مِنۢ بَعْدِ مَا كَادَ يَزِيغُ قُلُوبُ فَرِيقٍ مِّنْهُمْ ثُمَّ تَابَ عَلَيْهِمْ إِنَّهُۥ بِهِمْ رَءُوفٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আল্লাহে নবীৰ, মুহাজিৰ আৰু আনছাৰসকলৰ তাওবা কবুল কৰিছে, যিসকলে সংকটময় মুহূৰ্তত তেওঁৰ অনুসৰণ কৰিছিল– আনকি তেওঁলোকৰ মাজৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হৈছিল। তাৰ পিছত আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰিছে; নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।

See all translations of this verse →

وَعَلَى ٱلثَّلَٰثَةِ ٱلَّذِينَ خُلِّفُوا۟ حَتَّىٰٓ إِذَا ضَاقَتْ عَلَيْهِمُ ٱلْأَرْضُ بِمَا رَحُبَتْ وَضَاقَتْ عَلَيْهِمْ أَنفُسُهُمْ وَظَنُّوٓا۟ أَن لَّا مَلْجَأَ مِنَ ٱللَّهِ إِلَّآ إِلَيْهِ ثُمَّ تَابَ عَلَيْهِمْ لِيَتُوبُوٓا۟ إِنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেই তিনিজন ব্যক্তিৰো তেওঁ তাওবা কবুল কৰিলে, যিসকলৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু তেওঁলোকৰ জীৱন তেওঁলোকৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু তেওঁলোকে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ তেওঁলোকৰ তাওবা কবুল কৰিলে যাতে তেওঁলোকে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَكُونُوا۟ مَعَ ٱلصَّٰدِقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সংগী হোৱা।

See all translations of this verse →

مَا كَانَ لِأَهْلِ ٱلْمَدِينَةِ وَمَنْ حَوْلَهُم مِّنَ ٱلْأَعْرَابِ أَن يَتَخَلَّفُوا۟ عَن رَّسُولِ ٱللَّهِ وَلَا يَرْغَبُوا۟ بِأَنفُسِهِمْ عَن نَّفْسِهِۦ ذَٰلِكَ بِأَنَّهُمْ لَا يُصِيبُهُمْ ظَمَأٌ وَلَا نَصَبٌ وَلَا مَخْمَصَةٌ فِى سَبِيلِ ٱللَّهِ وَلَا يَطَـُٔونَ مَوْطِئًا يَغِيظُ ٱلْكُفَّارَ وَلَا يَنَالُونَ مِنْ عَدُوٍّ نَّيْلًا إِلَّا كُتِبَ لَهُم بِهِۦ عَمَلٌ صَٰلِحٌ إِنَّ ٱللَّهَ لَا يُضِيعُ أَجْرَ ٱلْمُحْسِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ ৰাছুলৰ লগত যোৱাৰ পৰা বিৰত থাকি পিছত ৰৈ যোৱা আৰু ৰাছুলৰ জীৱনতকৈ নিজৰ জীৱনক বেছি গুৰুত্ব দিয়াটো মদীনাবাসী আৰু তেওঁলোকৰ ওচৰে-পাঁজৰে থকা মৰুবাসীসকলৰ বাবে উচিত নহয়; কাৰণ আল্লাহৰ পথত তেওঁলোকৰ যি তৃষ্ণা, ক্লান্তি আৰু ভোক লাগে আৰু কাফিৰসকলৰ ক্ৰোধ উদ্ৰেক কৰা ঠাইত গমণ কৰা তেওঁলোকৰ প্ৰতিটো পদক্ষেপ যিটোৱে শত্ৰুসকলক কোনো কষ্ট প্ৰদান কৰে, সেইবোৰ তেওঁলোকৰ বাবে সৎকৰ্মৰূপে লিপিবদ্ধ কৰা হয়। নিশ্চয় আল্লাহ মুহছিনসকলৰ কৰ্মৰ প্ৰতিফল বিনষ্ট নকৰে।

See all translations of this verse →

وَلَا يُنفِقُونَ نَفَقَةً صَغِيرَةً وَلَا كَبِيرَةً وَلَا يَقْطَعُونَ وَادِيًا إِلَّا كُتِبَ لَهُمْ لِيَجْزِيَهُمُ ٱللَّهُ أَحْسَنَ مَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেওঁলোকে সৰু-ডাঙৰ যিটোৱে ব্যয় নকৰক কিয় আৰু যিকোনো উপত্যকাই অতিক্ৰম নকৰক কিয় সেইটোৱে তেওঁলোকৰ বাবে লিপিবদ্ধ কৰি থোৱা হয় – যাতে আল্লাহে তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উৎকৃষ্ট পুৰস্কাৰ প্ৰদান কৰিব পাৰে।

See all translations of this verse →

وَمَا كَانَ ٱلْمُؤْمِنُونَ لِيَنفِرُوا۟ كَآفَّةً فَلَوْلَا نَفَرَ مِن كُلِّ فِرْقَةٍ مِّنْهُمْ طَآئِفَةٌ لِّيَتَفَقَّهُوا۟ فِى ٱلدِّينِ وَلِيُنذِرُوا۟ قَوْمَهُمْ إِذَا رَجَعُوٓا۟ إِلَيْهِمْ لَعَلَّهُمْ يَحْذَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু মুমিনসকলে সকলোৱে একেলগে অভিযানত ওলোৱা উচিত নহয়। এতেকে তেওঁলোকৰ প্ৰত্যেক দলৰ পৰা একাংশই কিয় নোলায়, যাতে তেওঁলোকে দ্বীনৰ গভীৰ জ্ঞান অৰ্জন কৰিব পাৰে, আৰু যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিব তেতিয়া তেওঁলোকক ভীতিপ্ৰদৰ্শন কৰিব পাৰে, যাতে তেওঁলোকো সতৰ্ক হ’ব পাৰে।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ قَٰتِلُوا۟ ٱلَّذِينَ يَلُونَكُم مِّنَ ٱلْكُفَّارِ وَلْيَجِدُوا۟ فِيكُمْ غِلْظَةً وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ مَعَ ٱلْمُتَّقِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমালোকৰ ওচৰে-পাঁজৰে থকা কাফিৰসকলৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু সিহঁতে যেন তোমালোকৰ মাজত কঠোৰতা দেখিবলৈ পায়। জানি থোৱা, নিশ্চয় আল্লাহ মুত্তাক্বীসকলৰ লগত আছে।

See all translations of this verse →

وَإِذَا مَآ أُنزِلَتْ سُورَةٌ فَمِنْهُم مَّن يَقُولُ أَيُّكُمْ زَادَتْهُ هَٰذِهِۦٓ إِيمَٰنًا فَأَمَّا ٱلَّذِينَ ءَامَنُوا۟ فَزَادَتْهُمْ إِيمَٰنًا وَهُمْ يَسْتَبْشِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এই ছুৰাই তোমালোকৰ মাজৰ কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে (কোৱা) যিসকলে ঈমান আনিছে (এই ছুৰাই) তেওঁলোকৰেই ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।

See all translations of this verse →

وَأَمَّا ٱلَّذِينَ فِى قُلُوبِهِم مَّرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا۟ وَهُمْ كَٰفِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআনহাতে যিসকলৰ অন্তৰত ব্যাধি আছে, এই ছুৰাই সিহঁতৰ কলুষৰ লগত অধিক কলুষ বৃদ্ধি কৰিছে; আৰু সিহঁতে কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰে।

See all translations of this verse →

أَوَلَا يَرَوْنَ أَنَّهُمْ يُفْتَنُونَ فِى كُلِّ عَامٍ مَّرَّةً أَوْ مَرَّتَيْنِ ثُمَّ لَا يَتُوبُونَ وَلَا هُمْ يَذَّكَّرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে দেখা নাপায়নে যে, সিহঁতক প্ৰতি বছৰে এবাৰ বা দুবাৰকৈ বিপৰ্যস্ত কৰা হয়? ইয়াৰ পিছতো কিয় সিহঁতে তাওবা নকৰে আৰু উপদেশ গ্ৰহণ নকৰে।

See all translations of this verse →

وَإِذَا مَآ أُنزِلَتْ سُورَةٌ نَّظَرَ بَعْضُهُمْ إِلَىٰ بَعْضٍ هَلْ يَرَىٰكُم مِّنْ أَحَدٍ ثُمَّ ٱنصَرَفُوا۟ صَرَفَ ٱللَّهُ قُلُوبَهُم بِأَنَّهُمْ قَوْمٌ لَّا يَفْقَهُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে ইজনে সিজনৰ প্ৰতি দৃষ্টিপাত কৰি কয়, ‘তোমালোকক কোনোবাই লক্ষ্য কৰা নাইতো’? তাৰ পিছত সিহঁত আঁতৰি যায়। আল্লাহে সিহঁতৰ হৃদয়ক সত্যবিমুখ কৰি দিছে; কাৰণ সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।

See all translations of this verse →

لَقَدْ جَآءَكُمْ رَسُولٌ مِّنْ أَنفُسِكُمْ عَزِيزٌ عَلَيْهِ مَا عَنِتُّمْ حَرِيصٌ عَلَيْكُم بِٱلْمُؤْمِنِينَ رَءُوفٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল আহিছে, তোমালোকৰ যি দুখ-কষ্ট হয় তেওঁ তাৰ বাবে বৰ মনোকষ্ট পায়। তেওঁ তোমালোকৰ হিতাকাংক্ষী, মুমিনসকলৰ প্ৰতি তেওঁ কৰুণাশীল আৰু অতি দয়ালু।

See all translations of this verse →

فَإِن تَوَلَّوْا۟ فَقُلْ حَسْبِىَ ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَهُوَ رَبُّ ٱلْعَرْشِ ٱلْعَظِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছোঁ আৰু তেৱেঁই হৈছে মহা আৰছৰ প্ৰতিপালক’।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70