caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Hadid الحديد

২৯ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ৯৪

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ سَبَّحَ لِلَّهِ مَا فِى ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَهُوَ ٱلْعَزِيزُ ٱلْحَكِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

See all translations of this verse →

لَهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ يُحْىِۦ وَيُمِيتُ وَهُوَ عَلَىٰ كُلِّ شَىْءٍ قَدِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডল আৰু পৃথিৱীৰ সৰ্বময় কৰ্তৃত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে; আৰু তেৱেঁই সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।

See all translations of this verse →

هُوَ ٱلْأَوَّلُ وَٱلْـَٔاخِرُ وَٱلظَّٰهِرُ وَٱلْبَاطِنُ وَهُوَ بِكُلِّ شَىْءٍ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আদি আৰু অন্ত; প্ৰকাশ্য (ওপৰত) আৰু গোপন (ওচৰত) আৰু তেৱেঁই সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

See all translations of this verse →

هُوَ ٱلَّذِى خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضَ فِى سِتَّةِ أَيَّامٍ ثُمَّ ٱسْتَوَىٰ عَلَى ٱلْعَرْشِ يَعْلَمُ مَا يَلِجُ فِى ٱلْأَرْضِ وَمَا يَخْرُجُ مِنْهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعْرُجُ فِيهَا وَهُوَ مَعَكُمْ أَيْنَ مَا كُنتُمْ وَٱللَّهُ بِمَا تَعْمَلُونَ بَصِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেওঁ সেই সকলোবোৰ জানে যিবোৰ ভূগৰ্ভত প্ৰৱেশ কৰে আৰু যিবোৰ ভূগৰ্ভৰ পৰা ওলায়, আৰু আকাশৰ পৰা যি অৱতীৰ্ণ হয় আৰু যি আকাশলৈ উঠি যায়; আৰু তোমালোক য’তেই নাথাকা কিয়-- তেওঁ তোমালোকৰ লগত আছে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা।

See all translations of this verse →

لَّهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَإِلَى ٱللَّهِ تُرْجَعُ ٱلْأُمُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাবৰ্তিত হয়।

See all translations of this verse →

يُولِجُ ٱلَّيْلَ فِى ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِى ٱلَّيْلِ وَهُوَ عَلِيمٌۢ بِذَاتِ ٱلصُّدُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰায়; আৰু তেৱেঁই অন্তৰৰ বিষয়সমূহ সম্পৰ্কে সম্যক অৱগত।

See all translations of this verse →

ءَامِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَأَنفِقُوا۟ مِمَّا جَعَلَكُم مُّسْتَخْلَفِينَ فِيهِ فَٱلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَأَنفَقُوا۟ لَهُمْ أَجْرٌ كَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰস্কাৰ।

See all translations of this verse →

وَمَا لَكُمْ لَا تُؤْمِنُونَ بِٱللَّهِ وَٱلرَّسُولُ يَدْعُوكُمْ لِتُؤْمِنُوا۟ بِرَبِّكُمْ وَقَدْ أَخَذَ مِيثَٰقَكُمْ إِن كُنتُم مُّؤْمِنِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস নকৰা কিয়? অথচ ৰাছুলে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিছে, আৰু আল্লাহেও তোমালোকৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছে, যদি তোমালোকে মুমিন হোৱা।

See all translations of this verse →

هُوَ ٱلَّذِى يُنَزِّلُ عَلَىٰ عَبْدِهِۦٓ ءَايَٰتٍۭ بَيِّنَٰتٍ لِّيُخْرِجَكُم مِّنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِ وَإِنَّ ٱللَّهَ بِكُمْ لَرَءُوفٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতেৱেঁই নিজ বান্দাৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰে, তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনাৰ বাবে; আৰু নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি কৰুণাময়, পৰম দয়ালু।

See all translations of this verse →

وَمَا لَكُمْ أَلَّا تُنفِقُوا۟ فِى سَبِيلِ ٱللَّهِ وَلِلَّهِ مِيرَٰثُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ لَا يَسْتَوِى مِنكُم مَّنْ أَنفَقَ مِن قَبْلِ ٱلْفَتْحِ وَقَٰتَلَ أُو۟لَٰٓئِكَ أَعْظَمُ دَرَجَةً مِّنَ ٱلَّذِينَ أَنفَقُوا۟ مِنۢ بَعْدُ وَقَٰتَلُوا۟ وَكُلًّا وَعَدَ ٱللَّهُ ٱلْحُسْنَىٰ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু তোমালোকৰ কি হ’ল, তোমালোকে আল্লাহৰ পথত খৰচ নকৰা কিয়? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ মীৰাছ কেৱল আল্লাহৰেই। তোমালোকৰ মাজত যিসকলে (মক্কা) বিজয়ৰ আগত দান কৰিছে আৰু যুদ্ধ কৰিছে, তেওঁলোক (আৰু পৰবৰ্তীসকল) সমান নহয়। তেওঁলোক সেইসকল লোকতকৈ মৰ্যাদাত শ্ৰেষ্ঠ যিসকলে পৰবৰ্তী সময়ত ব্যয় কৰিছে আৰু যুদ্ধ কৰিছে। কিন্তু আল্লাহে উভয়ৰ বাবেই কল্যাণৰ প্ৰতিশ্ৰুতি দিছে; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।

See all translations of this verse →

مَّن ذَا ٱلَّذِى يُقْرِضُ ٱللَّهَ قَرْضًا حَسَنًا فَيُضَٰعِفَهُۥ لَهُۥ وَلَهُۥٓ أَجْرٌ كَرِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএনেকুৱা কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ দিব? ফলত তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰি দিব আৰু তাৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।

See all translations of this verse →

يَوْمَ تَرَى ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ يَسْعَىٰ نُورُهُم بَيْنَ أَيْدِيهِمْ وَبِأَيْمَٰنِهِم بُشْرَىٰكُمُ ٱلْيَوْمَ جَنَّٰتٌ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ذَٰلِكَ هُوَ ٱلْفَوْزُ ٱلْعَظِيمُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা তুমি মুমিন নৰ-নাৰীসকলক দেখিবলৈ পাবা যে, তেওঁলোকৰ সন্মুখত আৰু সোঁফালে তেওঁলোকৰ নূৰ দৌৰি আছে। (কোৱা হ’ব) ‘আজি তোমালোকৰ বাবে সুসংবাদ হৈছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তোমালোক চিৰস্থায়ী হ’বা, এইটোৱেই হৈছে মহাসফলতা’।

See all translations of this verse →

يَوْمَ يَقُولُ ٱلْمُنَٰفِقُونَ وَٱلْمُنَٰفِقَٰتُ لِلَّذِينَ ءَامَنُوا۟ ٱنظُرُونَا نَقْتَبِسْ مِن نُّورِكُمْ قِيلَ ٱرْجِعُوا۟ وَرَآءَكُمْ فَٱلْتَمِسُوا۟ نُورًا فَضُرِبَ بَيْنَهُم بِسُورٍ لَّهُۥ بَابٌۢ بَاطِنُهُۥ فِيهِ ٱلرَّحْمَةُ وَظَٰهِرُهُۥ مِن قِبَلِهِ ٱلْعَذَابُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে ঈমান্দাৰসকলক ক’ব, ‘তোমালোকে আমাৰ বাবে অলপ অপেক্ষা কৰা, যাতে তোমালোকৰ নূৰৰ পৰা আমি অলপ গ্ৰহণ কৰিব পাৰোঁ’। কোৱা হ’ব, ‘তোমালোকে নিজৰ পিছফালে উভতি যোৱা আৰু নূৰৰ সন্ধান কৰাগৈ’। তাৰ পিছত উভয়ৰ মাজত স্থাপন হ’ব এটা প্ৰাচীৰ, য’ত এটা দুৱাৰ থাকিব, যাৰ ভিতৰ ভাগত থাকিব ৰহমত আৰু বাহিৰত থাকিব শাস্তি।

See all translations of this verse →

يُنَادُونَهُمْ أَلَمْ نَكُن مَّعَكُمْ قَالُوا۟ بَلَىٰ وَلَٰكِنَّكُمْ فَتَنتُمْ أَنفُسَكُمْ وَتَرَبَّصْتُمْ وَٱرْتَبْتُمْ وَغَرَّتْكُمُ ٱلْأَمَانِىُّ حَتَّىٰ جَآءَ أَمْرُ ٱللَّهِ وَغَرَّكُم بِٱللَّهِ ٱلْغَرُورُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanমুনাফিকসকলে মুমিনসকলক মাতি ক’ব, ‘আমি তোমালোকৰ লগত নাছিলোঁনে? তেওঁলোকে ক’ব, ‘হয়, কিন্তু তোমালোকে নিজেই নিজক বিপদগ্ৰস্ত কৰিছা আৰু তোমালোকে প্ৰতীক্ষা কৰিছিলা আৰু সন্দেহ কৰিছিলা আৰু মিছা আকাংক্ষাই তোমালোকক প্ৰতাৰিত কৰি ৰাখিছিল, আৰু অৱশেষত আল্লাহৰ নিৰ্দেশ আহি গ’ল, আৰু (অন্তিম সময়লৈকে) মহাপ্ৰতাৰকে তোমালোকক আল্লাহ সম্পৰ্কে প্ৰতাৰিত কৰিছিল’।

See all translations of this verse →

فَٱلْيَوْمَ لَا يُؤْخَذُ مِنكُمْ فِدْيَةٌ وَلَا مِنَ ٱلَّذِينَ كَفَرُوا۟ مَأْوَىٰكُمُ ٱلنَّارُ هِىَ مَوْلَىٰكُمْ وَبِئْسَ ٱلْمَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahman‘এতেকে আজি তোমালোকৰ পৰা কোনো মুক্তিপণ গ্ৰহণ কৰা নহ’ব আৰু যিসকলে কুফৰী কৰিছিল সিহঁতৰ পৰাও নহয়। জাহান্নামেই হৈছে তোমালোকৰ আবাসস্থল, এইটোৱেই তোমালোকৰ উপযুক্ত স্থান; আৰু কিমান যে নিকৃষ্ট এই প্ৰত্যাবৰ্তনস্থল!

See all translations of this verse →

أَلَمْ يَأْنِ لِلَّذِينَ ءَامَنُوٓا۟ أَن تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ ٱللَّهِ وَمَا نَزَلَ مِنَ ٱلْحَقِّ وَلَا يَكُونُوا۟ كَٱلَّذِينَ أُوتُوا۟ ٱلْكِتَٰبَ مِن قَبْلُ فَطَالَ عَلَيْهِمُ ٱلْأَمَدُ فَقَسَتْ قُلُوبُهُمْ وَكَثِيرٌ مِّنْهُمْ فَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ ফলস্বৰূপে মুমিনসকলৰ অন্তৰ এতিয়াও কোমল (বিনীত) হোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যেন সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

See all translations of this verse →

ٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ يُحْىِ ٱلْأَرْضَ بَعْدَ مَوْتِهَا قَدْ بَيَّنَّا لَكُمُ ٱلْـَٔايَٰتِ لَعَلَّكُمْ تَعْقِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজানি থোৱা যে, আল্লাহেই ভূমিক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰে। আমি নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা।

See all translations of this verse →

إِنَّ ٱلْمُصَّدِّقِينَ وَٱلْمُصَّدِّقَٰتِ وَأَقْرَضُوا۟ ٱللَّهَ قَرْضًا حَسَنًا يُضَٰعَفُ لَهُمْ وَلَهُمْ أَجْرٌ كَرِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ বিনিময়ত) বহু গুণ বৃদ্ধি কৰি (প্ৰতিদান) দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰস্কাৰ।

See all translations of this verse →

وَٱلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦٓ أُو۟لَٰٓئِكَ هُمُ ٱلصِّدِّيقُونَ وَٱلشُّهَدَآءُ عِندَ رَبِّهِمْ لَهُمْ أَجْرُهُمْ وَنُورُهُمْ وَٱلَّذِينَ كَفَرُوا۟ وَكَذَّبُوا۟ بِـَٔايَٰتِنَآ أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلْجَحِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকেই নিজ প্ৰতিপালকৰ ওচৰত ছিদ্দীক্ব আৰু শ্বহীদ (বুলি বিবেচিত)। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰাপ্য পুৰস্কাৰ আৰু নূৰ; আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী।

See all translations of this verse →

ٱعْلَمُوٓا۟ أَنَّمَا ٱلْحَيَوٰةُ ٱلدُّنْيَا لَعِبٌ وَلَهْوٌ وَزِينَةٌ وَتَفَاخُرٌۢ بَيْنَكُمْ وَتَكَاثُرٌ فِى ٱلْأَمْوَٰلِ وَٱلْأَوْلَٰدِ كَمَثَلِ غَيْثٍ أَعْجَبَ ٱلْكُفَّارَ نَبَاتُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصْفَرًّا ثُمَّ يَكُونُ حُطَٰمًا وَفِى ٱلْـَٔاخِرَةِ عَذَابٌ شَدِيدٌ وَمَغْفِرَةٌ مِّنَ ٱللَّهِ وَرِضْوَٰنٌ وَمَا ٱلْحَيَوٰةُ ٱلدُّنْيَآ إِلَّا مَتَٰعُ ٱلْغُرُورِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanজানি থোৱা যে, নিশ্চয় পৃথিৱীৰ জীৱন খেল-ধেমালি, ক্ৰীড়া-কৌতুক, সৌন্দৰ্য, আৰু তোমালোকৰ পাৰস্পাৰিক গৌৰৱ-অহংকাৰ, ধন-সম্পদ আৰু সন্তান-সন্ততিত প্ৰাচুৰ্য লাভৰ প্ৰতিযোগিতাৰ বাহিৰে আন একো নহয়। ইয়াৰ উদাহৰণ হৈছে বৰষুণৰ দৰে, যাৰ দ্বাৰা উৎপন্ন শস্য-সম্ভাৰে কৃষকসকলক আনন্দিত কৰে, তাৰ পিছত (যেতিয়া) সেইবোৰ শুকাই যায়, তেতিয়া তুমি সেইবোৰক হালধীয়া বৰণত দেখিবলৈ পোৱা, অৱশেষত সেইবোৰ খেৰ-কুটাত পৰিণত হয়; আৰু আখিৰাতত আছে কঠিন শাস্তি আৰু আল্লাহৰ মাগফিৰাত তথা সন্তুষ্টি; আৰু পৃথিৱীৰ জীৱন প্ৰতাৰণাৰ বাহিৰে আন একো নহয়।

See all translations of this verse →

سَابِقُوٓا۟ إِلَىٰ مَغْفِرَةٍ مِّن رَّبِّكُمْ وَجَنَّةٍ عَرْضُهَا كَعَرْضِ ٱلسَّمَآءِ وَٱلْأَرْضِ أُعِدَّتْ لِلَّذِينَ ءَامَنُوا۟ بِٱللَّهِ وَرُسُلِهِۦ ذَٰلِكَ فَضْلُ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকে নিজ প্ৰতিপালকৰ ক্ষমা আৰু সেই জান্নাত লাভৰ প্ৰয়াসত প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা, যাৰ প্ৰশস্ততা আকাশ আৰু পৃথিৱীৰ প্ৰশস্ততাৰ দৰে, যিটো প্ৰস্তুত কৰা হৈছে সেইসকল লোকৰ বাবে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই এইটো প্ৰদান কৰে; আৰু আল্লাহ মহা অনুগ্ৰহশীল।

See all translations of this verse →

مَآ أَصَابَ مِن مُّصِيبَةٍ فِى ٱلْأَرْضِ وَلَا فِىٓ أَنفُسِكُمْ إِلَّا فِى كِتَٰبٍ مِّن قَبْلِ أَن نَّبْرَأَهَآ إِنَّ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanপৃথিৱীত আৰু ব্যক্তিগতভাৱে তোমালোকৰ ওপৰত আপতিত হোৱা এনে কোনো বিপৰ্যয় নাই যিটো সংঘটিত হোৱাৰ আগতে আমি তাক এখন কিতাবত লিপিবদ্ধ কৰি ৰখা নাই। নিশ্চয় আল্লাহৰ পক্ষে এয়া অতি সহজ।

See all translations of this verse →

لِّكَيْلَا تَأْسَوْا۟ عَلَىٰ مَا فَاتَكُمْ وَلَا تَفْرَحُوا۟ بِمَآ ءَاتَىٰكُمْ وَٱللَّهُ لَا يُحِبُّ كُلَّ مُخْتَالٍ فَخُورٍ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএইটো এইকাৰণে যে, যাতে তোমালোকে যি হেৰাইছা তাৰ প্ৰতি পৰিতাপ নকৰা আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ বাবে উৎফুল্লিত নোহোৱা। কাৰণ আল্লাহে গৌৰৱকাৰী তথা অহংকাৰী ব্যক্তিক পছন্দ নকৰে।

See all translations of this verse →

ٱلَّذِينَ يَبْخَلُونَ وَيَأْمُرُونَ ٱلنَّاسَ بِٱلْبُخْلِ وَمَن يَتَوَلَّ فَإِنَّ ٱللَّهَ هُوَ ٱلْغَنِىُّ ٱلْحَمِيدُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিসকলে কৃপণতা কৰে আৰু মানুহক কৃপণতাৰ নিৰ্দেশ দিয়ে, আৰু যিয়ে মুখ ঘূৰাই লয় (সি জানি লোৱা উচিত) নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।

See all translations of this verse →

لَقَدْ أَرْسَلْنَا رُسُلَنَا بِٱلْبَيِّنَٰتِ وَأَنزَلْنَا مَعَهُمُ ٱلْكِتَٰبَ وَٱلْمِيزَانَ لِيَقُومَ ٱلنَّاسُ بِٱلْقِسْطِ وَأَنزَلْنَا ٱلْحَدِيدَ فِيهِ بَأْسٌ شَدِيدٌ وَمَنَٰفِعُ لِلنَّاسِ وَلِيَعْلَمَ ٱللَّهُ مَن يَنصُرُهُۥ وَرُسُلَهُۥ بِٱلْغَيْبِ إِنَّ ٱللَّهَ قَوِىٌّ عَزِيزٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট প্ৰমাণ সহকাৰে প্ৰেৰণ কৰিছোঁ, আৰু তেওঁলোকৰ লগত দিছোঁ কিতাব আৰু ন্যায়ৰ মানদণ্ড, যাতে মানুহে সুবিচাৰ প্ৰতিষ্ঠা কৰিব পাৰে। আমি আৰু অৱতীৰ্ণ কৰিছোঁ লোহা, য’ত আছে প্ৰচণ্ড শক্তি আৰু মানুহৰ বাবে আছে বহুবিধ কল্যাণ। এয়া এইকাৰণে যে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে গায়েব অৱস্থাত তেওঁক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। নিশ্চয় আল্লাহ মহাশক্তিমান, পৰাক্ৰমশালী।

See all translations of this verse →

وَلَقَدْ أَرْسَلْنَا نُوحًا وَإِبْرَٰهِيمَ وَجَعَلْنَا فِى ذُرِّيَّتِهِمَا ٱلنُّبُوَّةَ وَٱلْكِتَٰبَ فَمِنْهُم مُّهْتَدٍ وَكَثِيرٌ مِّنْهُمْ فَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু নিশ্চয় আমি নূহ আৰু ইব্ৰাহীমক ৰাছুলৰূপে প্ৰেৰণ কৰিছিলোঁ আৰু আমি তেওঁলোকৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবুওৱাত আৰু কিতাব। কিন্তু সিহঁতৰ কিছুমানেহে সৎপথ অৱলম্বন কৰিছিল আৰু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

See all translations of this verse →

ثُمَّ قَفَّيْنَا عَلَىٰٓ ءَاثَٰرِهِم بِرُسُلِنَا وَقَفَّيْنَا بِعِيسَى ٱبْنِ مَرْيَمَ وَءَاتَيْنَٰهُ ٱلْإِنجِيلَ وَجَعَلْنَا فِى قُلُوبِ ٱلَّذِينَ ٱتَّبَعُوهُ رَأْفَةً وَرَحْمَةً وَرَهْبَانِيَّةً ٱبْتَدَعُوهَا مَا كَتَبْنَٰهَا عَلَيْهِمْ إِلَّا ٱبْتِغَآءَ رِضْوَٰنِ ٱللَّهِ فَمَا رَعَوْهَا حَقَّ رِعَايَتِهَا فَـَٔاتَيْنَا ٱلَّذِينَ ءَامَنُوا۟ مِنْهُمْ أَجْرَهُمْ وَكَثِيرٌ مِّنْهُمْ فَٰسِقُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanইয়াৰ পিছত আমি তেওঁলোকৰ অনুগামী হিচাপে আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলোঁ আৰু মাৰয়াম পুত্ৰ ঈছাকো অনুগামী কৰিছিলোঁ, আৰু তেওঁক আমি দিছিলোঁ ইঞ্জিল আৰু তেওঁৰ অনুসাৰীসকলৰ অন্তৰত দিছিলোঁ কৰুণা আৰু দয়া; আৰু বৈৰাগ্যবাদ—এইটো সিহঁতে নিজেই আল্লাহৰ সন্তুষ্টিৰ বাবে প্ৰৱৰ্তন কৰিছিল। আমি এইটো সিহঁতৰ ওপৰত লিপিবদ্ধ কৰা নাছিলোঁ; অথচ এইটোও সিহঁতে যথাযথভাৱে পালন কৰা নাই। কিন্তু সিহঁতৰ মাজত যিসকলে ঈমান আনিছিল, সিহঁতক আমি সিহঁতৰ পুৰস্কাৰ প্ৰদান কৰিছিলোঁ; কিন্তু সিহঁতৰ অধিকাংশই আছিল ফাছিক্ব।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ ٱتَّقُوا۟ ٱللَّهَ وَءَامِنُوا۟ بِرَسُولِهِۦ يُؤْتِكُمْ كِفْلَيْنِ مِن رَّحْمَتِهِۦ وَيَجْعَل لَّكُمْ نُورًا تَمْشُونَ بِهِۦ وَيَغْفِرْ لَكُمْ وَٱللَّهُ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। তেওঁ নিজ অনুগ্ৰহত তোমালোকক দ্বিগুণ পুৰস্কাৰ প্ৰদান কৰিব আৰু তেওঁ তোমালোকক প্ৰদান কৰিব নূৰ, যাৰ সহায়ত তোমালোকে চলিব পাৰিবা আৰু তেওঁ তোমালোকক ক্ষমা কৰিব; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

See all translations of this verse →

لِّئَلَّا يَعْلَمَ أَهْلُ ٱلْكِتَٰبِ أَلَّا يَقْدِرُونَ عَلَىٰ شَىْءٍ مِّن فَضْلِ ٱللَّهِ وَأَنَّ ٱلْفَضْلَ بِيَدِ ٱللَّهِ يُؤْتِيهِ مَن يَشَآءُ وَٱللَّهُ ذُو ٱلْفَضْلِ ٱلْعَظِيمِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanএয়া এইবাবেই যে, যাতে আহলে কিতাবসকলে জানিব পাৰে যে, আল্লাহৰ সামান্যতম অনুগ্ৰহতো সিহঁতৰ কোনো অধিকাৰ নাই; আৰু নিশ্চয় অনুগ্ৰহ আল্লাহৰেই হাতত, তেওঁ যাক ইচ্ছা কৰে তাকহে প্ৰদান কৰে, আৰু আল্লাহ মহা অনুগ্ৰহশীল।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70