caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Mujaadila المجادلة

২২ আয়াত · মদিনা · অৱতৰণৰ ক্ৰম ১০৫

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ قَدْ سَمِعَ ٱللَّهُ قَوْلَ ٱلَّتِى تُجَٰدِلُكَ فِى زَوْجِهَا وَتَشْتَكِىٓ إِلَى ٱللَّهِ وَٱللَّهُ يَسْمَعُ تَحَاوُرَكُمَآ إِنَّ ٱللَّهَ سَمِيعٌۢ بَصِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahman(হে ৰাছুল!) আল্লাহে নিশ্চয় শুনিছে সেই নাৰীৰ কথা; যিয়ে তাইৰ স্বামীৰ বিষয়ে তোমাৰ লগত বাদানুবাদ কৰি আছিল আৰু আল্লাহৰ ওচৰত অভিযোগ কৰি আছিল। আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনিছে; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বদ্ৰষ্টা।

See all translations of this verse →

ٱلَّذِينَ يُظَٰهِرُونَ مِنكُم مِّن نِّسَآئِهِم مَّا هُنَّ أُمَّهَٰتِهِمْ إِنْ أُمَّهَٰتُهُمْ إِلَّا ٱلَّٰٓـِٔى وَلَدْنَهُمْ وَإِنَّهُمْ لَيَقُولُونَ مُنكَرًا مِّنَ ٱلْقَوْلِ وَزُورًا وَإِنَّ ٱللَّهَ لَعَفُوٌّ غَفُورٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, (সিহঁতে জানি থোৱা উচিত যে) সিহঁতৰ স্ত্ৰীসকল সিহঁতৰ মাক হৈ নাযায়, বৰং সিহঁতৰ মাতৃ হৈছে কেৱল সেইসকল তিৰোতা, যিসকলে সিহঁতক জন্ম দিছে; আৰু নিশ্চয় সিহঁতে অসংগত আৰু মিছা ভিত্তিহীন কথা কৈছে; নিশ্চয় আল্লাহ অধিক পাপ মোচনকাৰী আৰু বৰ ক্ষমাশীল।

See all translations of this verse →

وَٱلَّذِينَ يُظَٰهِرُونَ مِن نِّسَآئِهِمْ ثُمَّ يَعُودُونَ لِمَا قَالُوا۟ فَتَحْرِيرُ رَقَبَةٍ مِّن قَبْلِ أَن يَتَمَآسَّا ذَٰلِكُمْ تُوعَظُونَ بِهِۦ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে সিহঁতৰ স্ত্ৰীসকলৰ লগত যিহাৰ কৰে, আৰু পিছত নিজৰ উক্তি প্ৰত্যাহাৰ কৰে, তেন্তে (ইয়াৰ কাফফাৰা হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে এজন দাস মুক্ত কৰা, ইয়াৰ দ্বাৰা তোমালোকক উপদেশ দিয়া হৈছে; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।

See all translations of this verse →

فَمَن لَّمْ يَجِدْ فَصِيَامُ شَهْرَيْنِ مُتَتَابِعَيْنِ مِن قَبْلِ أَن يَتَمَآسَّا فَمَن لَّمْ يَسْتَطِعْ فَإِطْعَامُ سِتِّينَ مِسْكِينًا ذَٰلِكَ لِتُؤْمِنُوا۟ بِٱللَّهِ وَرَسُولِهِۦ وَتِلْكَ حُدُودُ ٱللَّهِ وَلِلْكَٰفِرِينَ عَذَابٌ أَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকিন্তু যিয়ে এইটো কৰিব নোৱাৰিব, তেন্তে (তাৰ প্ৰায়শ্চিত হৈছে) ইজনে সিজনক স্পৰ্শ কৰাৰ আগতে সি একেৰাহে দুমাহ ছিয়াম (ৰোজা) পালন কৰিব লাগিব; আৰু যিয়ে এইটোও কৰিবলৈ সক্ষম নহয়, সি ষাঠিজন মিছকীনক আহাৰ কৰাব লাগিব; এই বিধান এইকাৰণে যে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা। এইবোৰ হৈছে আল্লাহৰ নিৰ্ধাৰিত বিধান; আৰু অস্বীকাৰকাৰীসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।

See all translations of this verse →

إِنَّ ٱلَّذِينَ يُحَآدُّونَ ٱللَّهَ وَرَسُولَهُۥ كُبِتُوا۟ كَمَا كُبِتَ ٱلَّذِينَ مِن قَبْلِهِمْ وَقَدْ أَنزَلْنَآ ءَايَٰتٍۭ بَيِّنَٰتٍ وَلِلْكَٰفِرِينَ عَذَابٌ مُّهِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি--

See all translations of this verse →

يَوْمَ يَبْعَثُهُمُ ٱللَّهُ جَمِيعًا فَيُنَبِّئُهُم بِمَا عَمِلُوٓا۟ أَحْصَىٰهُ ٱللَّهُ وَنَسُوهُ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍ شَهِيدٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুজ্জীৱিত কৰি উঠাব, তাৰ পিছত সিহঁতে যি আমল কৰিছিল সেয়া তেওঁ সিহঁতক জনাই দিব; আল্লাহে সেইবোৰ হিচাপ কৰি ৰাখিছে যদিও সিহঁতে পাহৰি গৈছে; আৰু আল্লাহ প্ৰতিটো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

See all translations of this verse →

أَلَمْ تَرَ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ مَا يَكُونُ مِن نَّجْوَىٰ ثَلَٰثَةٍ إِلَّا هُوَ رَابِعُهُمْ وَلَا خَمْسَةٍ إِلَّا هُوَ سَادِسُهُمْ وَلَآ أَدْنَىٰ مِن ذَٰلِكَ وَلَآ أَكْثَرَ إِلَّا هُوَ مَعَهُمْ أَيْنَ مَا كَانُوا۟ ثُمَّ يُنَبِّئُهُم بِمَا عَمِلُوا۟ يَوْمَ ٱلْقِيَٰمَةِ إِنَّ ٱللَّهَ بِكُلِّ شَىْءٍ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি লক্ষ্য কৰা নাইনে যে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলো আল্লাহে জানে? তিনিজন ব্যক্তিৰ মাজত এনেকুৱা কোনো গোপন পৰামৰ্শ নহয় য’ত চতুৰ্থজন হিচাপে তেওঁ নাথাকে, আৰু পাঁচজনৰ মাজতো নহয় য’ত ষষ্ঠজন হিচাপে তেওঁ নাথাকে। সিহঁত ইয়াতকৈ কম হওক বা বেছি, তেওঁ সিহঁতৰ লগতে আছে সিহঁত য’তেই নাথাকক কিয়। তাৰ পিছত ক্বিয়ামতৰ দিনা তেওঁ সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে জনাই দিব। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।

See all translations of this verse →

أَلَمْ تَرَ إِلَى ٱلَّذِينَ نُهُوا۟ عَنِ ٱلنَّجْوَىٰ ثُمَّ يَعُودُونَ لِمَا نُهُوا۟ عَنْهُ وَيَتَنَٰجَوْنَ بِٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَمَعْصِيَتِ ٱلرَّسُولِ وَإِذَا جَآءُوكَ حَيَّوْكَ بِمَا لَمْ يُحَيِّكَ بِهِ ٱللَّهُ وَيَقُولُونَ فِىٓ أَنفُسِهِمْ لَوْلَا يُعَذِّبُنَا ٱللَّهُ بِمَا نَقُولُ حَسْبُهُمْ جَهَنَّمُ يَصْلَوْنَهَا فَبِئْسَ ٱلْمَصِيرُ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতক লক্ষ্য কৰা নাইনে, যিসকলক গোপন পৰামৰ্শ কৰিবলৈ নিষেধ কৰা হৈছিল? তাৰ পিছতো সিহঁতে সেইটোকে পুনৰাবৃত্তি কৰিলে যিটো কৰিবলৈ সিহঁতক নিষেধ কৰা হৈছিল; আৰু সিহঁতে দুষ্কাৰ্য, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণৰ বাবে গোপন পৰামৰ্শ কৰে। সিহঁতে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে তোমাক এনে কথাৰ দ্বাৰা অভিবাদন জনায় যিটোৰ দ্বাৰা আল্লাহে তোমাক অভিবাদন জনোৱা নাই। সিহঁতে মনে মনে কয়, ‘আমি যি কওঁ তাৰ বাবে আল্লাহে আমাক কিয় শাস্তি নিদিয়ে’? জাহান্নামেই সিহঁতৰ বাবে যথেষ্ট, য’ত সিহঁতে প্ৰৱেশ কৰিব, আৰু কিমান যে নিকৃষ্ট সেই গন্তব্যস্থল!

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا تَنَٰجَيْتُمْ فَلَا تَتَنَٰجَوْا۟ بِٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَمَعْصِيَتِ ٱلرَّسُولِ وَتَنَٰجَوْا۟ بِٱلْبِرِّ وَٱلتَّقْوَىٰ وَٱتَّقُوا۟ ٱللَّهَ ٱلَّذِىٓ إِلَيْهِ تُحْشَرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে ঈমান্দাৰসকল! তোমালোকে যেতিয়া গোপনে পৰামৰ্শ কৰিবা তেতিয়া যাতে তোমালোকে গুনাহ, সীমালংঘন আৰু ৰাছুলৰ বিৰুদ্ধাচাৰণ সম্পৰ্কে গোপন পৰামৰ্শ নকৰা। বৰং তোমালোকে সৎকৰ্ম আৰু তাক্বৱা অৱলম্বনৰ বিষয়ে গোপন পৰামৰ্শ কৰিবা, লগতে আল্লাহক ভয় কৰা, যাৰ ওচৰত তোমালোকক সমবেত কৰা হ’ব।

See all translations of this verse →

إِنَّمَا ٱلنَّجْوَىٰ مِنَ ٱلشَّيْطَٰنِ لِيَحْزُنَ ٱلَّذِينَ ءَامَنُوا۟ وَلَيْسَ بِضَآرِّهِمْ شَيْـًٔا إِلَّا بِإِذْنِ ٱللَّهِ وَعَلَى ٱللَّهِ فَلْيَتَوَكَّلِ ٱلْمُؤْمِنُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanগোপন পৰামৰ্শ কেৱল চয়তানৰ প্ৰৰোচনাতহে হয়, যাতে মুমিনসকলে কষ্ট পায়। কিন্তু আল্লাহৰ অনুমতি অবিহনে চয়তানে তেওঁলোকৰ সামান্যতম ক্ষতি সাধন কৰিবলৈও সক্ষম নহয়। এতেকে মুমিনসকলে কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا قِيلَ لَكُمْ تَفَسَّحُوا۟ فِى ٱلْمَجَٰلِسِ فَٱفْسَحُوا۟ يَفْسَحِ ٱللَّهُ لَكُمْ وَإِذَا قِيلَ ٱنشُزُوا۟ فَٱنشُزُوا۟ يَرْفَعِ ٱللَّهُ ٱلَّذِينَ ءَامَنُوا۟ مِنكُمْ وَٱلَّذِينَ أُوتُوا۟ ٱلْعِلْمَ دَرَجَٰتٍ وَٱللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহেও তোমালোকক প্ৰশস্ততা দান কৰিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।

See all translations of this verse →

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓا۟ إِذَا نَٰجَيْتُمُ ٱلرَّسُولَ فَقَدِّمُوا۟ بَيْنَ يَدَىْ نَجْوَىٰكُمْ صَدَقَةً ذَٰلِكَ خَيْرٌ لَّكُمْ وَأَطْهَرُ فَإِن لَّمْ تَجِدُوا۟ فَإِنَّ ٱللَّهَ غَفُورٌ رَّحِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকে যেতিয়া ৰাছুলৰ সৈতে অকলশৰীয়াকৈ কথা ক’ব বিচৰা, তেতিয়া তোমালোকে এনে কথা কোৱাৰ আগতে চাদাক্বা প্ৰদান কৰিবা, এইটোৱে তোমালোকৰ বাবে শ্ৰেয় আৰু পৰিশোধক; কিন্তু যদি তোমালোকে সক্ষম নোহোৱা তেন্তে নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, অতি দয়ালু।

See all translations of this verse →

ءَأَشْفَقْتُمْ أَن تُقَدِّمُوا۟ بَيْنَ يَدَىْ نَجْوَىٰكُمْ صَدَقَٰتٍ فَإِذْ لَمْ تَفْعَلُوا۟ وَتَابَ ٱللَّهُ عَلَيْكُمْ فَأَقِيمُوا۟ ٱلصَّلَوٰةَ وَءَاتُوا۟ ٱلزَّكَوٰةَ وَأَطِيعُوا۟ ٱللَّهَ وَرَسُولَهُۥ وَٱللَّهُ خَبِيرٌۢ بِمَا تَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanঅকলশৰীয়াকৈ পৰামৰ্শ কৰাৰ আগতে চাদাক্বা দিব লাগিব বুলি তোমালোকে ভয় পালা নেকি? যিহেতু তোমালোকে এইটো কৰিব নোৱাৰিলা, আৰু আল্লাহেও তোমালোকক ক্ষমা কৰি দিলে, তেন্তে তোমালোকে ছালাত কায়েম কৰা আৰু যাকাত প্ৰদান কৰা, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। তোমালোকে যি কৰা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত।

See all translations of this verse →

أَلَمْ تَرَ إِلَى ٱلَّذِينَ تَوَلَّوْا۟ قَوْمًا غَضِبَ ٱللَّهُ عَلَيْهِم مَّا هُم مِّنكُمْ وَلَا مِنْهُمْ وَيَحْلِفُونَ عَلَى ٱلْكَذِبِ وَهُمْ يَعْلَمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে, যিসকলে এনেকুৱা সম্প্ৰদায়ৰ লগত বন্ধুত্ব কৰে যিসকলৰ ওপৰত আল্লাহ ক্ৰোধান্বিত হৈছে? সিহঁত (অৰ্থাৎ মুনাফিকসকল) তোমালোকৰো দলভুক্ত নহয় আৰু সিহঁতৰো দলভুক্ত নহয়; আৰু সিহঁতে জানি বুজি মিছা শপত খায়।

See all translations of this verse →

أَعَدَّ ٱللَّهُ لَهُمْ عَذَابًا شَدِيدًا إِنَّهُمْ سَآءَ مَا كَانُوا۟ يَعْمَلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে কঠোৰ শাস্তি। নিশ্চয় সিহঁতে যি কৰে সেয়া কিমান যে গৰ্হিত!

See all translations of this verse →

ٱتَّخَذُوٓا۟ أَيْمَٰنَهُمْ جُنَّةً فَصَدُّوا۟ عَن سَبِيلِ ٱللَّهِ فَلَهُمْ عَذَابٌ مُّهِينٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanসিহঁতে নিজৰ শপতবোৰক ঢাল হিচাপে গ্ৰহণ কৰিছে, তাৰ পিছত সিহঁতে আল্লাহৰ পথত বাধা প্ৰদান কৰিছে। ফলত সিহঁতৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি।

See all translations of this verse →

لَّن تُغْنِىَ عَنْهُمْ أَمْوَٰلُهُمْ وَلَآ أَوْلَٰدُهُم مِّنَ ٱللَّهِ شَيْـًٔا أُو۟لَٰٓئِكَ أَصْحَٰبُ ٱلنَّارِ هُمْ فِيهَا خَٰلِدُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহৰ শাস্তিৰ বিপৰীতে সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি সিহঁতৰ কোনো কামত নাহিব; সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁতে চিৰকাল থাকিব।

See all translations of this verse →

يَوْمَ يَبْعَثُهُمُ ٱللَّهُ جَمِيعًا فَيَحْلِفُونَ لَهُۥ كَمَا يَحْلِفُونَ لَكُمْ وَيَحْسَبُونَ أَنَّهُمْ عَلَىٰ شَىْءٍ أَلَآ إِنَّهُمْ هُمُ ٱلْكَٰذِبُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanযিদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত কৰিব, সেইদিনা সিহঁতে আল্লাহৰ ওচৰত এনেকুৱা শপত কৰিব যেনেকুৱা শপত সিহঁতে তোমালোকৰ ওচৰত কৰে, আৰু সিহঁতে ধাৰণা কৰিব যে, সিহঁত ভাল কিবা এটাৰ ওপৰত প্ৰতিষ্ঠিত আছে। সাৱধান! নিশ্চয় সিহঁতেই হৈছে প্ৰকৃত মিছলীয়া।

See all translations of this verse →

ٱسْتَحْوَذَ عَلَيْهِمُ ٱلشَّيْطَٰنُ فَأَنسَىٰهُمْ ذِكْرَ ٱللَّهِ أُو۟لَٰٓئِكَ حِزْبُ ٱلشَّيْطَٰنِ أَلَآ إِنَّ حِزْبَ ٱلشَّيْطَٰنِ هُمُ ٱلْخَٰسِرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanচয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই হৈছে চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই হৈছে ক্ষতিগ্ৰস্ত।

See all translations of this verse →

إِنَّ ٱلَّذِينَ يُحَآدُّونَ ٱللَّهَ وَرَسُولَهُۥٓ أُو۟لَٰٓئِكَ فِى ٱلْأَذَلِّينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।

See all translations of this verse →

كَتَبَ ٱللَّهُ لَأَغْلِبَنَّ أَنَا۠ وَرُسُلِىٓ إِنَّ ٱللَّهَ قَوِىٌّ عَزِيزٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহে লিখি ৰাখিছে যে, ‘মই আৰু মোৰ ৰাছুলসকলেই নিশ্চিতভাৱে বিজয়ী হ’ম’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।

See all translations of this verse →

لَّا تَجِدُ قَوْمًا يُؤْمِنُونَ بِٱللَّهِ وَٱلْيَوْمِ ٱلْـَٔاخِرِ يُوَآدُّونَ مَنْ حَآدَّ ٱللَّهَ وَرَسُولَهُۥ وَلَوْ كَانُوٓا۟ ءَابَآءَهُمْ أَوْ أَبْنَآءَهُمْ أَوْ إِخْوَٰنَهُمْ أَوْ عَشِيرَتَهُمْ أُو۟لَٰٓئِكَ كَتَبَ فِى قُلُوبِهِمُ ٱلْإِيمَٰنَ وَأَيَّدَهُم بِرُوحٍ مِّنْهُ وَيُدْخِلُهُمْ جَنَّٰتٍ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا رَضِىَ ٱللَّهُ عَنْهُمْ وَرَضُوا۟ عَنْهُ أُو۟لَٰٓئِكَ حِزْبُ ٱللَّهِ أَلَآ إِنَّ حِزْبَ ٱللَّهِ هُمُ ٱلْمُفْلِحُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি বিচাৰি নাপাবা, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক বিৰুদ্ধাচাৰণ কৰা লোকক ভাল পায়--- যদিও সিহঁত তেওঁলোকৰ পিতা বা পুত্ৰ অথবা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনেকুৱা জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। তেওঁলোকেই হৈছে আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।

See all translations of this verse →

Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70