وَلَا جُنَاحَ عَلَيْكُمْ فِيمَا عَرَّضْتُم بِهِۦ مِنْ خِطْبَةِ ٱلنِّسَآءِ أَوْ أَكْنَنتُمْ فِىٓ أَنفُسِكُمْ عَلِمَ ٱللَّهُ أَنَّكُمْ سَتَذْكُرُونَهُنَّ وَلَٰكِن لَّا تُوَاعِدُوهُنَّ سِرًّا إِلَّآ أَن تَقُولُوا۟ قَوْلًا مَّعْرُوفًا وَلَا تَعْزِمُوا۟ عُقْدَةَ ٱلنِّكَاحِ حَتَّىٰ يَبْلُغَ ٱلْكِتَٰبُ أَجَلَهُۥ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ يَعْلَمُ مَا فِىٓ أَنفُسِكُمْ فَٱحْذَرُوهُ وَٱعْلَمُوٓا۟ أَنَّ ٱللَّهَ غَفُورٌ حَلِيمٌ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যদি তোমালোকে আকাৰ-ইঙ্গিতত (সেইজনী) নাৰীক বিবাহৰ প্ৰস্তাৱ দিয়া অথবা অন্তৰতে গোপন ৰখা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব। আল্লাহে জানে যে, তোমালোকে সিহঁতৰ বিষয়ে নিশ্চয় আলোচনা কৰিবা; কিন্তু বিধি মুতাবিক কথা-বতৰাৰ বাহিৰে গোপনে সিহঁতৰ লগত কোনো প্ৰতিশ্ৰুতি নিদিবা; আৰু নিৰ্দিষ্ট কাল পূৰ্ণ নোহোৱালৈকে বিবাহ বন্ধনৰ সংকল্প নকৰিবা; আৰু জানি থোৱা, তোমালোকৰ অন্তৰত যি আছে সেয়া আল্লাহে জানে। এতেকে তেওঁক ভয় কৰা, আৰু জানি থোৱা, নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম সহনশীল।