caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ৭০

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:70

وَذَرِ ٱلَّذِينَ ٱتَّخَذُوا۟ دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ ٱلْحَيَوٰةُ ٱلدُّنْيَا وَذَكِّرْ بِهِۦٓ أَن تُبْسَلَ نَفْسٌۢ بِمَا كَسَبَتْ لَيْسَ لَهَا مِن دُونِ ٱللَّهِ وَلِىٌّ وَلَا شَفِيعٌ وَإِن تَعْدِلْ كُلَّ عَدْلٍ لَّا يُؤْخَذْ مِنْهَآ أُو۟لَٰٓئِكَ ٱلَّذِينَ أُبْسِلُوا۟ بِمَا كَسَبُوا۟ لَهُمْ شَرَابٌ مِّنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌۢ بِمَا كَانُوا۟ يَكْفُرُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে, লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে সেই সময়ত কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু চুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। সিহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফুৰী কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ’ব অতি উত্তপ্ত পানী তথা বিহা হ’ব কষ্টদায়ক শাস্তি।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70