caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ৭১

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:71

قُلْ أَنَدْعُوا۟ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰٓ أَعْقَابِنَا بَعْدَ إِذْ هَدَىٰنَا ٱللَّهُ كَٱلَّذِى ٱسْتَهْوَتْهُ ٱلشَّيَٰطِينُ فِى ٱلْأَرْضِ حَيْرَانَ لَهُۥٓ أَصْحَٰبٌ يَدْعُونَهُۥٓ إِلَى ٱلْهُدَى ٱئْتِنَا قُلْ إِنَّ هُدَى ٱللَّهِ هُوَ ٱلْهُدَىٰ وَأُمِرْنَا لِنُسْلِمَ لِرَبِّ ٱلْعَٰلَمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে, যাক চয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই উৱাদিহ নোপোৱা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়া হৈছে’।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70