caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১৫১

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:151

قُلْ تَعَالَوْا۟ أَتْلُ مَا حَرَّمَ رَبُّكُمْ عَلَيْكُمْ أَلَّا تُشْرِكُوا۟ بِهِۦ شَيْـًٔا وَبِٱلْوَٰلِدَيْنِ إِحْسَٰنًا وَلَا تَقْتُلُوٓا۟ أَوْلَٰدَكُم مِّنْ إِمْلَٰقٍ نَّحْنُ نَرْزُقُكُمْ وَإِيَّاهُمْ وَلَا تَقْرَبُوا۟ ٱلْفَوَٰحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ وَلَا تَقْتُلُوا۟ ٱلنَّفْسَ ٱلَّتِى حَرَّمَ ٱللَّهُ إِلَّا بِٱلْحَقِّ ذَٰلِكُمْ وَصَّىٰكُم بِهِۦ لَعَلَّكُمْ تَعْقِلُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanকোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ। সেয়া হৈছে এই যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিছে যাতে তোমালোকে বুজিব পাৰা।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70