caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ১২৮

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:128

وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا يَٰمَعْشَرَ ٱلْجِنِّ قَدِ ٱسْتَكْثَرْتُم مِّنَ ٱلْإِنسِ وَقَالَ أَوْلِيَآؤُهُم مِّنَ ٱلْإِنسِ رَبَّنَا ٱسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَبَلَغْنَآ أَجَلَنَا ٱلَّذِىٓ أَجَّلْتَ لَنَا قَالَ ٱلنَّارُ مَثْوَىٰكُمْ خَٰلِدِينَ فِيهَآ إِلَّا مَا شَآءَ ٱللَّهُ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব (আৰু ক’ব), ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ’। আল্লাহে ক’ব, ‘জাহান্নামেই হৈছে তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70