يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ شَهَٰدَةُ بَيْنِكُمْ إِذَا حَضَرَ أَحَدَكُمُ ٱلْمَوْتُ حِينَ ٱلْوَصِيَّةِ ٱثْنَانِ ذَوَا عَدْلٍ مِّنكُمْ أَوْ ءَاخَرَانِ مِنْ غَيْرِكُمْ إِنْ أَنتُمْ ضَرَبْتُمْ فِى ٱلْأَرْضِ فَأَصَٰبَتْكُم مُّصِيبَةُ ٱلْمَوْتِ تَحْبِسُونَهُمَا مِنۢ بَعْدِ ٱلصَّلَوٰةِ فَيُقْسِمَانِ بِٱللَّهِ إِنِ ٱرْتَبْتُمْ لَا نَشْتَرِى بِهِۦ ثَمَنًا وَلَوْ كَانَ ذَا قُرْبَىٰ وَلَا نَكْتُمُ شَهَٰدَةَ ٱللَّهِ إِنَّآ إِذًا لَّمِنَ ٱلْـَٔاثِمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা হ'লেও দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ, (যদি আমি এনেকুৱা কৰোঁ তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হম’।