caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Ahzaab, আয়াত ৩৭

মদিনা · অৱতৰণৰ ক্ৰম ৯০ · 33:37

وَإِذْ تَقُولُ لِلَّذِىٓ أَنْعَمَ ٱللَّهُ عَلَيْهِ وَأَنْعَمْتَ عَلَيْهِ أَمْسِكْ عَلَيْكَ زَوْجَكَ وَٱتَّقِ ٱللَّهَ وَتُخْفِى فِى نَفْسِكَ مَا ٱللَّهُ مُبْدِيهِ وَتَخْشَى ٱلنَّاسَ وَٱللَّهُ أَحَقُّ أَن تَخْشَىٰهُ فَلَمَّا قَضَىٰ زَيْدٌ مِّنْهَا وَطَرًا زَوَّجْنَٰكَهَا لِكَىْ لَا يَكُونَ عَلَى ٱلْمُؤْمِنِينَ حَرَجٌ فِىٓ أَزْوَٰجِ أَدْعِيَآئِهِمْ إِذَا قَضَوْا۟ مِنْهُنَّ وَطَرًا وَكَانَ أَمْرُ ٱللَّهِ مَفْعُولًا

Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু স্মৰণ কৰা, আল্লাহে যাক অনুগ্ৰহ কৰিছে আৰু তুমিও যাৰ প্ৰতি অনুগ্ৰহ কৰিছা, তুমি তাক কৈছিলা, তুমি তোমাৰ স্ত্ৰীৰ লগত সম্পৰ্ক বজায় ৰখা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। কিন্তু তুমি তোমাৰ অন্তৰত যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰি দিলে, তুমি মানুহক ভয় কৰিছিলা অথচ তুমি আল্লাহকহে বেছি ভয় কৰা উচিত আছিল। তাৰ পিছত যায়েদে যেতিয়া নিজৰ স্ত্ৰীৰ সৈতে বিবাহ-সম্পৰ্ক ছিন্ন কৰিলে (তালাক দিলে), তেতিয়া আমি তেওঁক (জয়নবক) তোমাৰ লগত বিয়া দিলোঁ, যাতে মুমিনসকলৰ তোলনীয়া পুত্ৰসকলে নিজৰ স্ত্ৰীক তালাক দিয়াৰ পিছত সিহঁতক (সেইসকল নাৰীক বিবাহৰ মাধ্যমত স্ত্ৰী হিচাপে গ্ৰহণ কৰিবলৈ) মুমিনসকলৰ কোনো সমস্যা নহয়। আল্লাহৰ আদেশ কাৰ্যকৰী হ’বই।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70