caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Baqara, আয়াত ২৫৮

মদিনা · অৱতৰণৰ ক্ৰম ৮৭ · 2:258

أَلَمْ تَرَ إِلَى ٱلَّذِى حَآجَّ إِبْرَٰهِـۧمَ فِى رَبِّهِۦٓ أَنْ ءَاتَىٰهُ ٱللَّهُ ٱلْمُلْكَ إِذْ قَالَ إِبْرَٰهِـۧمُ رَبِّىَ ٱلَّذِى يُحْىِۦ وَيُمِيتُ قَالَ أَنَا۠ أُحْىِۦ وَأُمِيتُ قَالَ إِبْرَٰهِـۧمُ فَإِنَّ ٱللَّهَ يَأْتِى بِٱلشَّمْسِ مِنَ ٱلْمَشْرِقِ فَأْتِ بِهَا مِنَ ٱلْمَغْرِبِ فَبُهِتَ ٱلَّذِى كَفَرَ وَٱللَّهُ لَا يَهْدِى ٱلْقَوْمَ ٱلظَّٰلِمِينَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanতুমি সেইজন ব্যক্তিৰ (নমৰূদৰ) কথা ভাৱি চোৱা নাইনে? যিয়ে ইব্ৰাহীমৰ লগত তেওঁৰ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছিল, যিহেতু আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল। যেতিয়া ইব্ৰাহীমে ক’লে, ‘তেওঁ হৈছে মোৰ প্ৰতিপালক, যিজনে জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে’, সি ক’লে, ‘ময়ো জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ’। ইব্ৰাহীমে ক’লে, ‘নিশ্চয় আল্লাহে সূৰ্যক পূৱৰ পৰা উদয় কৰে, তুমি ইয়াক পশ্চিমৰ পৰা উদয় কৰি দেখুওৱাচোন’। ফলত কাফিৰজন বুদ্ধিহীন হৈ পৰিল; আৰু আল্লাহ যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70