فَهَزَمُوهُم بِإِذْنِ ٱللَّهِ وَقَتَلَ دَاوُۥدُ جَالُوتَ وَءَاتَىٰهُ ٱللَّهُ ٱلْمُلْكَ وَٱلْحِكْمَةَ وَعَلَّمَهُۥ مِمَّا يَشَآءُ وَلَوْلَا دَفْعُ ٱللَّهِ ٱلنَّاسَ بَعْضَهُم بِبَعْضٍ لَّفَسَدَتِ ٱلْأَرْضُ وَلَٰكِنَّ ٱللَّهَ ذُو فَضْلٍ عَلَى ٱلْعَٰلَمِينَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanএতেকে তেওঁলোকে আল্লাহৰ আদেশত সিহঁতক (কাফিৰসকলক) পৰাজিত কৰিলে আৰু দাঊদে জালুতক হত্যা কৰিলে। আল্লাহে তেওঁক ৰাজত্ব আৰু হিকমত দান কৰিলে লগতে তেওঁ যি ইচ্ছা কৰিলে সেইটোৱেই তেওঁক শিক্ষা দিলে; আৰু আল্লাহে যদি মানুহৰ এটা দলক আন এটা দলৰ দ্বাৰা প্ৰতিহত নকৰিলেহেঁতেন তেন্তে পৃথিৱী বিপৰ্যস্ত হৈ গ'লহেঁতেন। কিন্তু আল্লাহ সৃষ্টিজগতৰ প্ৰতি অনুগ্ৰহশীল।