caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-An'aam, আয়াত ৯৪

মক্কা · অৱতৰণৰ ক্ৰম ৫৫ · 6:94

وَلَقَدْ جِئْتُمُونَا فُرَٰدَىٰ كَمَا خَلَقْنَٰكُمْ أَوَّلَ مَرَّةٍ وَتَرَكْتُم مَّا خَوَّلْنَٰكُمْ وَرَآءَ ظُهُورِكُمْ وَمَا نَرَىٰ مَعَكُمْ شُفَعَآءَكُمُ ٱلَّذِينَ زَعَمْتُمْ أَنَّهُمْ فِيكُمْ شُرَكَٰٓؤُا۟ لَقَد تَّقَطَّعَ بَيْنَكُمْ وَضَلَّ عَنكُم مَّا كُنتُمْ تَزْعُمُونَ

Assamese Translation - Rafiqul Islam Habibur-Rahmanনিশ্চয় (আজি) তোমালোকে আমাৰ ওচৰলৈ নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক (আল্লাহৰ সৈতে) অংশী বুলি ভাৱিছিলা, সেই চুপাৰিছকাৰী বিলাকো দেখোন (আজি) তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70