وَمَنْ أَظْلَمُ مِمَّنِ ٱفْتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوْ قَالَ أُوحِىَ إِلَىَّ وَلَمْ يُوحَ إِلَيْهِ شَىْءٌ وَمَن قَالَ سَأُنزِلُ مِثْلَ مَآ أَنزَلَ ٱللَّهُ وَلَوْ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ فِى غَمَرَٰتِ ٱلْمَوْتِ وَٱلْمَلَٰٓئِكَةُ بَاسِطُوٓا۟ أَيْدِيهِمْ أَخْرِجُوٓا۟ أَنفُسَكُمُ ٱلْيَوْمَ تُجْزَوْنَ عَذَابَ ٱلْهُونِ بِمَا كُنتُمْ تَقُولُونَ عَلَى ٱللَّهِ غَيْرَ ٱلْحَقِّ وَكُنتُمْ عَنْ ءَايَٰتِهِۦ تَسْتَكْبِرُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰলৈ অহী আহে’, অথচ তাৰ ওচৰলৈ একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা’।