وَأَنزَلْنَآ إِلَيْكَ ٱلْكِتَٰبَ بِٱلْحَقِّ مُصَدِّقًا لِّمَا بَيْنَ يَدَيْهِ مِنَ ٱلْكِتَٰبِ وَمُهَيْمِنًا عَلَيْهِ فَٱحْكُم بَيْنَهُم بِمَآ أَنزَلَ ٱللَّهُ وَلَا تَتَّبِعْ أَهْوَآءَهُمْ عَمَّا جَآءَكَ مِنَ ٱلْحَقِّ لِكُلٍّ جَعَلْنَا مِنكُمْ شِرْعَةً وَمِنْهَاجًا وَلَوْ شَآءَ ٱللَّهُ لَجَعَلَكُمْ أُمَّةً وَٰحِدَةً وَلَٰكِن لِّيَبْلُوَكُمْ فِى مَآ ءَاتَىٰكُمْ فَٱسْتَبِقُوا۟ ٱلْخَيْرَٰتِ إِلَى ٱللَّهِ مَرْجِعُكُمْ جَمِيعًا فَيُنَبِّئُكُم بِمَا كُنتُمْ فِيهِ تَخْتَلِفُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanআৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।