وَلْيَحْكُمْ أَهْلُ ٱلْإِنجِيلِ بِمَآ أَنزَلَ ٱللَّهُ فِيهِ وَمَن لَّمْ يَحْكُم بِمَآ أَنزَلَ ٱللَّهُ فَأُو۟لَٰٓئِكَ هُمُ ٱلْفَٰسِقُونَ
Assamese Translation - Rafiqul Islam Habibur-Rahmanইঞ্জীলৰ অনুসাৰীসকলে সেই অনুসাৰেই ফয়চালা কৰা উচিত, যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে। কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।