caseriqকোৰআনত অৰ্থভিত্তিক সন্ধান

ছুৰা Al-Maaida, আয়াত ২

মদিনা · অৱতৰণৰ ক্ৰম ১১২ · 5:2

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوا۟ لَا تُحِلُّوا۟ شَعَٰٓئِرَ ٱللَّهِ وَلَا ٱلشَّهْرَ ٱلْحَرَامَ وَلَا ٱلْهَدْىَ وَلَا ٱلْقَلَٰٓئِدَ وَلَآ ءَآمِّينَ ٱلْبَيْتَ ٱلْحَرَامَ يَبْتَغُونَ فَضْلًا مِّن رَّبِّهِمْ وَرِضْوَٰنًا وَإِذَا حَلَلْتُمْ فَٱصْطَادُوا۟ وَلَا يَجْرِمَنَّكُمْ شَنَـَٔانُ قَوْمٍ أَن صَدُّوكُمْ عَنِ ٱلْمَسْجِدِ ٱلْحَرَامِ أَن تَعْتَدُوا۟ وَتَعَاوَنُوا۟ عَلَى ٱلْبِرِّ وَٱلتَّقْوَىٰ وَلَا تَعَاوَنُوا۟ عَلَى ٱلْإِثْمِ وَٱلْعُدْوَٰنِ وَٱتَّقُوا۟ ٱللَّهَ إِنَّ ٱللَّهَ شَدِيدُ ٱلْعِقَابِ

Assamese Translation - Rafiqul Islam Habibur-Rahmanহে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা, আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Looking for a topic? Try the meaning search — your question is scanned across all 6,236 verses.
ভাষা — 70